ফটাঢোল

নাস্তিকৰ ভূত – বিপ্লৱ বৰা

’পাছ কৰ বে৷ মণিপুৰী হয়৷ যধে মধে টানিবি, নগেনদা টাইপ কিচ্ছা বনি যাবি৷ ’ ডক্টৰ নিচাৰ ৱেডাৰ ফ’ৰকাষ্টিং শুনি লগে লগে বাবাডাললৈ মুখ মেলি চাই থকা গুটিলৈ সেইডাল পাছ কৰি দিলো৷ গুটিয়ে বাবাডাল দুই হাতৰ মুঠিত লৈ ওপৰলৈ মূৰ কৰি সেৱা এভাগ জনাই আপোনমনে সেইডাল হুঁপাত লাগিল৷

ফ্লেচবেক: #নগেনদাৰ_AK47

(আমি তেতিয়া হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত৷ সেইবাৰ শিৱৰাত্ৰিত ডিগ্ৰী থাৰ্ড ইয়েৰৰ ছাত্ৰ নগেনদাই সভক্তিৰে এনেকৈয়ে ঘোঁটা খালে, পাৰফৰমেন্স দেখি প্ৰসন্ন হৈ খোদ শিৱবাবা চাগে নিজেই আহি নগেনদাক লম্ভিলে৷ আৰু নগেনদাই হোষ্টেলৰ বাকীবোৰক যাকে মুখৰ আগত পাই তাকে লম্ভিবলৈ ল’লে৷ মানে ঘোঁটা খাই নগেনদা ইনষ্টেণ্ট এজন প্ৰভাৱশালী মন্ত্ৰীৰ খাচম্-খাছ মানুহ হৈ পৰিল আৰু নগেনদাৰ স্বৰচিত কবিতাৰ আবৃত্তি নুশুনিলেই বাকী আকখা ইন্দিয়া এ.কে. 47 ৰ গুলীত চল্লি-চল্লি হ’বলৈ ৰেডী থাকিব লগীয়া হ’ল৷ নগেনদাৰ ৰুমমেটকেইটাই নগেনদাক ফুচুলাই ফুচুলাই তিনিদিনমান অহৰহ নেমুপানী, তেতেলি পানী, টেঙা মৰ্টনৰ চাপ্লাই নগেনৰ পেটলৈ পঠাইহে নগেনদাক লম্ভাজনক পুনৰ AK 47 সহ কৈলাসলৈ ঘূৰাই পঠাইছিল৷ )

ডক্টৰ নিচা মানে প্ৰৱাল, মোৰ সহপাঠী৷ নিচাত পাৰ্গত কাৰণে গোটেই কলেজৰেই ভকতসমাজৰ এজন গণ্যমান্য সূত্ৰধাৰ৷ বাবা বুলিলে প্ৰৱাল আমাৰ আনদিচপুটেড লীডাৰ৷ লোকেল, মণিপুৰী, ত্ৰিপুৰী, চিমলা, কোনবিধ প্ৰসাদত কি পৰিমাণে শিলিখা গুড়ি, জেষ্ঠমধু দি কেইটা টান মাৰিলে কৈলাসৰ শৃংগ পাব পাৰি, আৰু সুকলমে ঘূৰি আহিব পাৰি, অকল প্ৰৱালেহে জানে৷ প্ৰৱালে আঁকি দিয়া ৰেড লাইন যিয়েই ক্ৰছ কৰিছে, সিয়েই উদাহৰণ বনি গৈছে৷ মুঠতে বাবাৰ নিচা যদি এটা বিষয় হয়, প্ৰৱাল সেই বিষয়ত ডক্টৰ উপাধিৰ বাবে পাৰফেক্ট ষ্টুডেণ্ট৷ তাত সন্দেহ কৰাৰ সাহস বাঘা বাঘা চকুচৰহাকেইটাইয়ো কৰা নাই৷

এই অধমে লাডু খাইছো, লোকেলবিধ একটান, দুইটান কেতিয়াবা ক’ৰবাত প্ৰেষ্টিজ্ মেইনটেইন কৰাৰ স্বাৰ্থত টানি দিছো যদিও মণিপুৰী সেইদিনাহে প্ৰথম চুইছিলো৷ বিদ্যা শপত৷

সেইকেইদিন হোষ্টেল প্ৰায় নিমাওমাও৷ আমি হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ বিজ্ঞানৰ ছাত্ৰকেইটা প্ৰেকটিকেলৰ পৰীক্ষা আৰম্ভ হোৱালৈ ৰৈ আছো৷ থিয়’ৰী শেষ৷ লগৰ আৰ্টছৰমখা পৰীক্ষা শেষ কৰি ঘৰাঘৰি গ’ল৷ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰখিনিৰো এটাও নাই৷ পৰীক্ষা দি সব ফুৎ৷ স্নাতক মহলাৰো একাংশ ষ্টাডি লীভ লৈ ঘৰত আছেগৈ৷ সেয়ে হোষ্টেলৰ কোনো এটা ৰুমতেই এতিয়া চাৰিটাকৈ প্ৰাণী নাই৷ কেইটামান ৰুমততো এটাও নাই৷ মুঠতে প্ৰসাদকণ ধৰিবলৈ ঠাইৰ আকাল নাই, চুপাৰৰ হাতত ধৰা পৰাৰো চান্স অলম’ষ্ট নীল৷ সন্ধিয়াতে গম পালো ডক্টৰ নিচাৰ হাতত ক’ৰবাৰ পৰা মণিপুৰীবিধ আহি পৰিছে বুলি৷ মনতে বোলো হোষ্টেল এৰিবৰে হ’লহি, যোৱাৰ আগতে মণিপুৰীবিধো ট্ৰাই এটা দি যাওঁ৷ আৰু ৰাতি ভাত খাই উঠি আমি পাঁচ ভকত – ড. নিচা, গুটি, থুইপাছ, চিনটেক্স আৰু মই- পূজাত ব্যস্ত হ’লো৷ মানে বাবাৰ প্ৰসাদ ইখন মুখৰ পৰা সিখন মুখলৈ ৰাউণ্ডত ঘূৰিবলৈ ললে৷

’আবে, হোষ্টেলত এইকেইদিন একো জমা নাই বে৷ মই কথা এটা ভাৱিছো৷ চা, যোৱাবাৰ আমাৰ এনুৱেলৰ টাইমত কি থ্ৰীল আছিল৷ ভূত ওলাইছিল৷ জমি আছিল নে নাই ক? এইবাৰো এটা উলিয়াই দিওঁ আহ৷ ’ চিনটেক্সে ক’লে৷ চিনটেক্সে খোৱাৰ বাদে কিবা বেলেগ ভাৱিছো বুলি ক’লে ভয় খাব লগা কথা৷ চিনটেক্সৰ উৰ্বৰ চিন্তাৰ বজ্ৰপাত পৰি কিমান খাণ্ডৱ দাহ হৈ গ’ল, ভগৱানেহে জানে৷ সেয়ে আটাইকেইটাই তাৰ মুখলৈ ভালকৈ চালো৷ বাবা খালে মানুহৰ চকু সৰু হোৱাহে দেখিছিলো, কিন্তু সেইসময়ত তাৰ চকু অমৰাগুটিৰ সমান মস্তকৈ মেল খাই আছিল৷

চিনটেক্স মানে, সন্দীপ পেটুৱা৷ খাদ্যমন্ত্ৰী সন্দীপে এটা চিনটেক্স পানী টেংকিৰ সমানেই পেটত খাদ্য ধাৰণ কৰিব পাৰে বুলি হোষ্টেলৰ ৰান্ধনী কেইজনে বাজী মাৰি কয়৷ আন কাৰোৱেই সি এবাৰত কিমান খাব পাৰে, ডিটেইল আইডিয়া নাই৷

ফ্লেচবেক: – #ভুতৰ_পজিটিভ_কণ্ট্ৰিবিউচন

(হয়, ফাৰ্ষ্ট ইয়েৰৰ বাৰ্ষিক পৰীক্ষাৰ সময়ত হোষ্টেলত ভূত ওলাইছিল আৰু বহুতকে লটিঘটি কৰিছিল৷ ভূতৰ কবলত পৰি যাতে কোনো দুৰ্ঘটনা নহয়, সেয়ে আমি ফাৰ্ষ্ট ইয়েৰখিনি ৰাতি ভাত খাই চিধাই নিজ নিজ ৰুমত সোমাই থকাৰ হিটলাৰী সান্ধ্য আইন জাৰী হৈ গৈছিল৷ সেই আখ্যান এতিয়া এৰিলো বাৰু৷ কিন্তু ৰুমতে সোমাই থাকি, ভূতৰ ভয় পাহৰিবলৈ পঢ়া-শুনালৈ মন দাইভাৰ্ট কৰাত আমাৰ জুনিয়ৰবোৰৰ ৰিজাল্টত পজিটিভ এফেক্ট পৰিছিল বুলি ভূত বিশ্বাস কৰা ৰাইজৰ বহুতেই ক’য়৷ ভূতৰ এনেকুৱাও চাইড এফেক্ট থাকিব পাৰে বুলি আগতে কেতিয়াও সপোনতো ভৱা নাছিলো৷)

চিনটেক্সৰ প্ৰস্তাৱৰ ওপৰত চিন্তাচৰ্চা চলিল৷ শেষত সিদ্ধান্ত হ’ল যে ভূতকাইলৈকে ওলাব আৰু থুইপাছৰ ৰুমমেট ৰঙাদাক যদি ভূত দেখাই দিব পাৰো, তেন্তে মিছন ফাটাফাটি, এশৰ ভিতৰত পুৰা এশ৷ ৰঙাদাক ভূতে কেনেকৈ গেৰিলা এটেক দিব, তাৰ প্লেনো গৃহীত কৰি নিজৰ নিজৰ বিছনা পাওঁ মানে নিশা দুইমান বাজিল সেইদিনা৷

ৰঙাদা মানে প্ৰাঞ্জলদা৷ ৰসায়ন বিজ্ঞান, স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰ৷ মাওবাদ, লাল চালাম, বুৰ্জোৱা সভ্যতা আদিবোৰ প্ৰাঞ্জলদাৰ মুখত অহৰহ আখৈ ফুটাদি ফুটিয়েই থাকে বাবে ৰাইজে প্ৰাঞ্জলদাৰ নামেই ৰাখি দিলে- ৰঙা, মানে লাল, ৰেড৷ ৰঙাদা দুৰ্ঘোৰ নাস্তিকো৷ ভগৱান, ভূত, এইবোৰৰ ৰঙাদাৰ লগত কোনো খেলেই নাই৷ টাইকোৱান্দতো ইয়েল্ল’ নে ব্ৰাউন কিবা এপাত বেল্টো ৰঙাদাই লৈ থৈছিল বোলে৷

মুঠতে ৰঙাদা এজন ওৱান মেন ৰেড আৰ্মী৷

পিছদিনা হোষ্টেলত বাতৰি ওলাল চিনটেক্সক ঠেকেৰাজোপাৰ তলত মুত্ৰদান কৰি থাকোতে পুৱতি নিশা কোনোবাই, মানে ভূতে, কাণতলীয়া দুটা সোধালে৷ সেই যি আৰম্ভ হ’ল হ’লেই আৰু৷ আমাৰ পাঁচটাক সলাই সলাই সন্ধিয়া নমাৰ লগে লগে নিয়মিত ভূতে পাবলৈ ললে৷ বিভিন্ন ইস্তাহাৰ, বিজ্ঞপ্তিৰ জোৰত এতিয়াৰ ’মোডি ৱেভ’ মাফিক ’ভূত ৱেভছেকেণ্ডাৰী এটা এসপ্তাহৰ ভিতৰত খাৰা হৈ গ’ল৷ আগৰ বছৰৰ কাহিনীবোৰ ৰাইজৰ আকৌ মনত পৰিল৷ সন্ধিয়া নমাৰ লগে লগে ৰাইজ কমকৈ ওলোৱা-সোমোৱা কৰি পঢ়া শুনা বেছিকৈ কৰিবলৈ ভাল পোৱা হ’ল৷ মুঠতে আজিকালিৰ নিউজ চেনেলবোৰত কোৱাৰ দৰে এটা ’চেপা উত্তেজনা’ বিৰাজমান হ’ল৷ আজি বা কাক পাই, কাক চৰিয়ায়!! সমানে সমানে ৰাইজৰ পৰীক্ষাও চলি থাকিল৷ ৰাইজৰ পৰীক্ষাবোৰত এইবাৰৰ ভূত ৱেভৰ প্ৰভাৱ পিছত কেতিয়াবা লিখিম বাৰু৷

এদিন আকাংক্ষিত অমাৱস্যাৰ নিশাটো আহিল৷ থুইপাছে সেইদিনা ৰাতি গুটিৰ লগত বায়’লজিৰ প্ৰেকটিকেল পৰীক্ষাৰ বাবে কম্বাইন ষ্টাডি কৰিব৷ ৰঙাদা ৰুমত অকলে থাকিব লগা স্থিতি৷ তাতে ৰঙাদাহঁতৰ ৰুমটোৰ পৰা এইফালে পাঁচটা ৰুম খালী৷ কোনো নাই৷ ৰঙাদাই ভয় কৰে যদি বেলেগ ক’ৰবাত গৈ শুব লাগিব৷ কিন্তু ৰঙাদাই দেখোন ভূত নামানেই, নাস্তিক মানুহ৷ তেন্তে ভয় কিহৰ বুলিও ৰাইজে বু বু বা বা কৰিবলৈ আৰম্ভ কৰি দিলে৷ ৰঙাদা অকলে ৰাতি থাকিব পাৰিবনে নাই, এই প্ৰসংগত ডাইনিং হ’লত হোৱা মিশ্ৰিত প্ৰতিক্ৰিয়া স্বচক্ষে দেখিও ৰঙাদাই কিন্তু সেইদিনা আচৰিত ধৰণে তেওঁৰ ’কিক’ত কেতিয়া কোন কেনেকৈ বেহুচ হৈছিল জনাবলৈ এৰি মাজে মাজে এটা দুটা হাঁহি মাৰি মনে মনে চাইহে থাকিল৷

ৰাতি এক বজাত ৰঙাদাৰ ৰুমৰ দুৱাৰত টোকৰ পৰিল৷ কোনো সাৰসুৰ শুনিবলৈ পোৱা ন’গল৷ দুই-তিনি মিনিটৰ মূৰে মূৰে দুৱাৰত টোকৰ পৰি থাকিল৷ এসময়ত ৰঙাদাৰ টেবুল লাইটটো জ্বলি উঠিল৷ আৰু দুৱাৰৰ ফুটাৰে দেখা গ’ল ৰঙাদা বিছনাত বহি নিজৰ কাণ দুখনত ধৰি কিবা কিবি (হনুমান চালিচা??) বিৰবিৰাই আছে আৰু মাজে মাজে নামাজ পঢ়িলে মাথা মাটিত লগোৱাৰ নিচিনাকৈ বিছনাত নিজৰ মূৰতো লগায়ো দিয়ে৷ ৰঙাদাই ভয়ত চাগে সেইদিনা ঈশ্বৰ, আল্লা, দুয়োকে মাতিছিল৷ ৰঙাদাহঁতৰ এখন খিৰিকী বাহিৰৰ পৰা হেঁচুকি দিলেই খোল খাই পৰে৷ সেইখন লাহেকৈ অলপমান মেলি ভূতৰ হাত হিচাপে প্ৰস্তুত কৰা ক’লা ৰং সনা ক্ৰিকেটৰ গ্ল’ভছ এপাত মাৰি এডালদি অলপ ভৰাই দিওঁতেই ৰঙাদাৰ হোষ্টেল প্ৰসিদ্ধ ৰামপুৰী খুকুৰীখন মোৰ নাকৰ এক ইন্সিমানহে আঁতৰদি উৰি গৈ আন এটা কোঠাৰ ৱালত লাগি চিটিকি জাৱৰ পেলোৱা টিন এটাত পৰি নিশাৰ নীৰৱতা ভাঙি পেলালে৷

আমি ভূত সন্মিলনী লগে লগে তাৰ পৰা পলাই পত্ৰং দিলো৷ ধৰা পৰিব লাগিলে ৰঙাদাৰ বেক কিক্, ফ্লাইং কিকৰ পৰা বাছি গ’লেও হোষ্টেল চুপাৰৰ কাণতলীয়াৰ পৰা নাবাচিম, কিবা বেলেগ একচন ল’লেতো বৰবাদেই৷ আৰু নাস্তিক ৰঙাদাৰ ভূতৰ ভয়ত হাৰ্টফেইল হ’ব লাগিলেতো খেলেই চাফা৷ চিনটেক্সে ভৱামতে গৈ কেতিয়াবা কাৰোবাৰ কিবা ভাল হৈছে, তেনেকুৱা ৰেকৰ্ড চিনটেক্সে নিজেও কেতিয়াও কনফিডেণ্টলি দিব পৰা নাছিল৷

পিছদিনা পুৱা গম পাইছিলো ৰাতি ৰঙাদা গৈ গৌতমদাৰ ৰুমত শুইছিল বোলে৷ সেইৰাতি ৰঙাদাৰ খিৰিকীৰে ভূত সোমাব বিচাৰিছিল৷ ৰামপুৰীয়েহে ৰঙাদাক ৰক্ষা কৰিছিল৷ নাস্তিক ৰঙাদাইয়ো ভূত দেখাত ভূতৰ সন্ত্ৰাস আৰু বাঢ়ি গৈছিল যদিও সেইদিনাৰ পৰা ভূতে কাকো দেখা নিদিয়া হ’ল৷ হয়তো ৰামপুৰী এটেকত ভূতেও ভয় খাই গৈছিল৷

প্ৰেকটিকেলৰ পৰীক্ষা শেষ কৰি এই অধমো এদিন হোষ্টেল এৰি আহিল৷

শুনিবলৈ পোৱা মতে ৰঙাদা আজিকালি আগৰ দৰে উগ্ৰ নাস্তিক নহয়৷ ব্যৱসায়ত ধৰাৰ বাবেই, নে সেইবাৰৰ ভূত দৰ্শনৰ অভিজ্ঞতাৰ বাবেই নাজানো, কিন্তু আজিকালি ৰঙাদা মা কামাখ্যাৰ ভক্ত৷ তেওঁক থানত কেইবাবাৰো আন মানুহে দেখিছে৷
এই অধমেও আৰু কোনোদিন ক’তো ভূতৰ ভাও দিয়া নাই৷ ৰঙাদাৰ ৰামপুৰী সেইদিনা বুকুত সোমোৱাৰো চান্স সমানেই আছিল৷■■

Leave a Reply

Your email address will not be published.