ফটাঢোল

নাৰিয়ল কি বুন্দী – নাজিয়া হাচান

ৰহমানদা এজন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁলোক থকা চৌহদটোত অসমৰপৰা তেওঁৱেই অকলে। সতীৰ্থসকল সকলোৱেই ভিন্ন ভিন্ন ৰাজ্যৰ।

চৌহদটোত সকলো লোক মিলি বছৰৰ প্রতিটো উৎসৱ,পাৰ্বন প্ৰতিবাৰেই হাঁহি আনন্দেৰে পালন কৰে। এই ক্ষেত্ৰত, মহিলাসকলেই বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়। তেওঁলোক প্ৰতি গৰাকীয়ে নিজ হাতে বনোৱা খাদ্য সমূহেৰে এই অনুষ্ঠান সমূহ সুকলমে আগুৱাই নিয়ে।

এই বছৰৰ ভেলেণ্টাইন ডেৰ আয়োজন। পত্নীয়ে ৰহমানদাক বজাৰৰপৰা নাৰিকল আনিবলৈ ততাতৈয়াকৈ পঠিয়ালে। ৰহমানদাই নাৰিকলৰ ৰেচিপিবোৰ খাই আকৌ বৰ ভাল পাই। সেয়ে হেঁপাহেৰে তেৱোঁ যোৰা আশী টকা কৰি, চাৰি যোৰা নাৰিকল লৰালৰিকৈ কিনি আনি পত্নীক দিলেহি। নাৰিকলৰ লাড়ু, নাৰিকলৰ পিঠা, নাৰিকলৰ বৰফি ইত্যাদি লোভনীয় ৰেচিপিসমূহ ৰহমানদাৰ চকুত জিলমিলাই থাকিল। আজিকালি তেখেতৰ পত্নীয়ে মিঠা আইটেমবোৰ একেবাৰেই নৱনোৱা হৈছে। শৰীৰ চৰ্চাতহে বহু বেছি ধ্যান তেখেতৰ। এইবাৰ পাৰ্টিটো ভেলেণ্টাইন ডেৰ হয় যিহেতু, গতিকে পত্নীয়ে তেওঁ ভালপোৱা ৰেচিপিসমূহেই নিশ্চয় বনাব। বহুদিনৰ মূৰত পত্নীৰ হাতৰ মিঠা দিচ তেওঁ খাব! আঃ! কি মজ্জা!

সন্ধিয়া ৰহমানদাই ৰন্ধাঘৰত গৈ উপস্থিত হ’ল। দুটা আঙুলিৰ মাজত পিহা নাৰিকল অলপ লৈ পত্নী দেৱী আঙুলি ঘূৰাই থকাত ব্যস্ত। পত্নীৰ হাতৰ এই নতুন ৰেচিপিবিধ দেখি তেওঁ বেচেৰা অবাক!

― হেৰা, অকণমানি অকণমানি বুন্দিয়া গুটিটোৰ সমানকৈ এয়া কি বনাই আছা?

― এহ ৰ’ব। এইবিধ মই বনোৱা নতুন মিঠা ৰেচিপি। সকলোৱে নাৰিকলৰ লাড়ু মস্ত মস্তকৈ বনাই। মই এইবাৰ সৰু সৰুকৈ বনাই পৰিবেশন কৰিম। কমন বস্তুবোৰ কিবা ভেলু নথকা হেন লাগে হে! বুইছে?

― ধেই! সেইবুলি তুমি ইমান সৰু সৰু বুটমাহটোৰ সমান নাৰিকলৰ লাড়ু বনাবা নেকি?

― হেৰি, এইবোৰ নাৰিকলৰ লাড়ু বুলি কোনে ক’লে! এইয়া মই বনোৱা এক নতুন ৰেচিপি বুলি কৈছোনে নাই! নাম হ’ল ইয়াৰ ‘নাৰিয়ল কি বুন্দী।’

― কি! ‘নাৰিয়ল কি বুন্দি?’ এইবিধ দেখি মানুহে তোমাক লাজ দিব, হেৰা। তাৰীফ পোৱাতো দূৰৰে কথা!

― হে খোদা! মনে মনে থাকক আপুনি। এনেই এনেই কথাবোৰ ফেনেকি মূৰ গৰম নকৰিব মোৰ। শান্তিৰে ৰেচিপিবিধ বনাবলৈ দিয়ক। বহুত ধৈৰ্য্য লাগিব এইবিধ বনাবলৈ বুইছে! তাতে নাৰিকলৰো আজি কালি যিহে দাম! এইবিধ ৰেচিপিত এটা নাৰিকলৰপৰা হাজাৰটা “নাৰিয়ল কি বুন্দী” বনাব পৰা যাব। চুগাৰ থকা মানুহেও এই ৰেচিপিবিধ বিন্দাচ খাব পাৰিব। একো অসুবিধা নকৰে।

― হেৰা! লগতে মানুহে পেটে পেটে কি বুলি হাঁহিব বুজিছা?

― কি বুলি?

― এইদৰে কৈ হাঁহিব,”এইজনীৰ গিৰীয়েকটো বৈদ্য চিকটা হেন পাওঁ হে! নাৰিকলৰ দাম বঢ়াৰ কাৰণে বেচেৰীয়ে এইদৰে বিৰিং গুটিটোতকৈয়ো সৰুকৈ লাড়ুটো বনাই লৈ আহিছে।” তেতিয়া?

― হেৰি! কোনে কি ক’ব, হাঁহিব, সেইবোৰ কথাত আপুনি মূৰ মাৰিব নালাগে। এইটো বিহুৰ পিঠা পনা বনোৱা প্ৰতিযোগিতা নহয় নহয়। ভেলেণ্টাইন ডেত পতি পত্নীসকলৰ এটা গেট টুগেদাৰহে কিবা! ইয়াত মানুহে গিৰিয়েককেইটাক চিকটা বুলি তেতিয়াহে ক’ব, যদিহে তেখেতৰ ঘৈণীয়েকজনীয়ে আগতে পিন্ধি থোৱা এযোৰ কাপোৰকে এই পাৰ্টিটো পিন্ধি যায়! লাগিলে সেইযোৰ কাপোৰ এবাৰেই তেওঁ কোনো পাৰ্টিত পিন্ধা কোনোবাৰ লক্ষ্যত পৰিছিল। বুইছে?

― হেৰা! কি যে এই পাৰ্টি চাৰ্টিবোৰত যোগ দিছা নহয় তুমি। নিজৰ মূৰটো নষ্ট কৰি কৰি মোৰ মূৰটোও সেকিবলৈ আহিছা। মই এই পাৰ্টিবোৰত নাযাওঁ দেই। য’ত চিকতামি কৰিব লাগে তাত নকৰি নাৰিকলৰ লাড়ুটোক বুন্দিয়া গুটিৰ সমান বনাই বাহাদুৰি মাৰিবলৈ গৈছে। নতুন ৰেচিপি হেনো। মানুহ যেন বুৰ্বকহে।

― হেৰি! নাৰিকলৰ লাড়ুটোক চালগুমটোৰ সমানকৈ বনালেও বা বুটমাহটোৰ সমানকৈ বনালেও সোৱাদ সেই একেই থাকিব বুইছে। এটা নাখায় দুটা খালেই হ’ল। এতিয়া আপুনি ভেলেণ্টাইন ডেত গিফ্ট বুলি মোক কাপোৰ এযোৰ নিদিব নেকি কিবা!

― হেৰা! বিহু বুলি সিদিনা লৈছাহে এযোৰ! পিন্ধায়ে নাইচোন সেইযোৰ?

― কিনো কয় হে আপুনি! সেইযোৰ কাপোৰ ঘৰতে পিন্ধি, ফটো এখন তুলি ফেচবুকত দিওঁতে, চবেই দেখা পোৱা নাই নেকি কিবা!

― কি….!

― কি কি বুলি চিঞৰিছে? আপুনিয়ে দেখোন কৈছে বুটমাহটোৰ সমান নাৰিকলৰ লাড়ু বনাই খুৱালে মানুহে আপোনাক চিকটা বুলি হাঁহিব! এতিয়া চাওক, এবাৰ সকলোৱে দেখা কাপোৰযোৰকে আকৌ মই পিন্ধি পাৰ্টিলৈ গ’লে, চিকটা গিৰিয়েকে এইজনীক ভেলেণ্টাইন ডেত একো গিফ্ট নিদিলে বুলি নাহাঁহিব নেকি কিবা!

― কি? হেৰা! কি জামানা ঔ এইখন! কি কথা মূৰত লৈ মোৰ মূৰত বাৰে বাৰে কঁঠাল ভাঙা তুমি? ধেৎতেৰি! কি ভাবি নাৰিকলকেইটা হেঁপাহেৰে আনিলোঁ মই আৰু তেওঁ কি কথা মূৰত লৈ “নাৰিয়ল কি বুন্দী” বনাই বহি আছে!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.