ফটাঢোল

নাৰী তুমি অনন্যা – মৌচুমী গগৈ

এই ধৰাত ভগৱানৰ সুন্দৰ সৃষ্টিসমূহৰ ভিতৰত অন্যতম হৈছে নাৰীসকল।এগৰাকী নাৰীয়ে জীয়ৰীকালত পিতৃ-মাতৃৰ ঘৰখন আৰু পৰৱৰ্তী কালত স্বামীৰ ঘৰখন সুখ আৰু সমৃদ্ধিৰে উপচাই তোলে। তেওঁলোকে জীৱনটোত কেইবাটাও স্তৰৰ মাজেৰে নিজকে এগৰাকী সফল পত্নী হিচাপে, এগৰাকী দায়িত্বশীল মাতৃ হিচাপে, এগৰাকী আদৰ্শৱান বোৱাৰী হিচাপে সমাজৰ আগত প্ৰমাণ কৰি দেখুৱাব লগা হয়।

পৃথিৱীৰ আটাইতকৈ মোহনীয়া দৃশ্যটোৱেই হৈছে, এগৰাকী নাৰীৰ মুখৰ আপোনভোলা হাঁহিটো। এটি মোহনীয় হাঁহিৰে হাজাৰ ক্ৰোধত থকা মানুহৰো অন্তৰ নিমিষতে জয় কৰিব পাৰে।এগৰাকী নাৰীৰ অবিহনে এখন ঘৰ কেতিয়াও সৌন্দৰ্যশালী হ’ব নোৱাৰে।সেয়ে ইংৰাজসকলে কৈছে, ‘No life without wife ‘. আমাৰ অসমীয়া ভাষাতো পেৰদী আছে যে, ‘তিৰীৰ অবিহনে মই মদাহী হৈ গ’লো ৰে ‘।নাৰীসকলৰ প্ৰতি পুৰুষসকলৰ মৰম-স্নেহ, প্যাৰ-মহব্বত, শ্ৰদ্ধা-ভক্তি আদিম যুগৰ পৰাই চলি আহিছে, বৰ্তমানো চলি আছে আৰু ভৱিষ্যতলৈও চলি থাকিব ।

এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে, এগৰাকী মহিলাৰ অবিহনে এজন পুৰুষ কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে। বাস্তৱ জগততেই হওক বা কাল্পনিক জগততেই হওক, পুৰুষসকলৰ জীৱনত এগৰাকী নাৰীৰ সাহায্য কম বেছি পৰিমাণে হ’লেও থাকে। ইয়াৰ প্ৰমাণ আমি পদে পদে পাই আহিছোঁ। উদাহৰণস্বৰূপে – ভগৱান শ্ৰীকৃষ্ণৰ লগত আমি সদাই ৰাধাক, ভগৱান শিৱৰ লগত পাৰ্বতীক আৰু ভগৱান ৰামৰ লগত সীতাক আৰাধনা কৰা হয়। আকৌ লিখা-পঢ়াৰ সময়ছোৱাত দেৱী সৰস্বতীক, জীৱনত ঐশ্বৰ্যশালী হ’বৰ বাবে দেৱী লক্ষ্মীক, জীৱনৰ অন্তিম সময়ত শান্তি দেৱীক প্ৰাৰ্থনা কৰা হয়। আমি দিনটোৰ আৰম্ভণী ঊষা দেৱীক স্মৰণ কৰি আৰু সন্ধ্যা দেৱীক তুতি কৰি শেষ কৰোঁ যদিও অন্নপূৰ্ণা দেৱীয়েহে আমাক দুবেলা দুসাঁজ খাবলৈ আশীৰ্বাদ কৰে। মন্দিৰতো আমি পূজা-অৰ্চনা, আৰতি-আৰাধনা কৰোঁ অন্তৰৰ শ্ৰদ্ধা আৰু ভক্তিৰ সৈতে।

গায়ত্ৰী মন্ত্ৰই সকলোৰে মন শুদ্ধ কৰে। শোৱাৰ সময়তো আমি নিদ্ৰা দেৱীৰ কোলাত মূৰ থৈ টোপনি যাওঁ। তাৰপিছত সপোন কুঁৱৰীৰ বোকোছাত উঠি কল্পনাৰ জগতত বিচৰণ কৰি ফুৰোঁ। চাৰিওদিশে যেতিয়া আন্ধাৰে আমাক বেৰি ধৰে, তেতিয়া জ্যোতিক বিচাৰি আমি হাহাঁকাৰ কৰি উঠোঁ। বৃদ্ধ বয়সৰ লগে লগে সকলোকেই কৰুণা আৰু মমতাৰ প্ৰয়োজন হয়। এইদৰেই নাৰীসকলে যুগ যুগ ধৰি বেলেগ বেলেগ নামেৰে নিজৰ অস্তিত্বক বৰ্তাই ৰখাত অলপো কৃপণালি কৰা নাই।

নাৰীসকলে যে নিজকে সজাই পৰাই ৰাখি ভাল পায়, সেই বিষয়ে সকলোৱেই জ্ঞাত। পৌৰাণিক কালতো ৰম্ভা, মেনকা আদি অপ্সৰা সকলে নিজৰ সৌন্দৰ্যৰে ঋষি, মুনিসকলৰ তপস্যা ভঙ্গ কৰাৰ বিষয়ে আমি কিতাপত পঢ়িছোঁ। নাৰীসকল সৌন্দৰ্য সচেতন হোৱাৰ বাবে সমাজৰ যে কিমান উন্নতি হৈছে সেই বিষয়ে নকৈ কোৱাৰ প্ৰয়োজন নাই। নেইল পলিচ, লিপষ্টিক, আই লাইনাৰ, ফাউণ্ডেচন, মেক আপ কিট আদি উৎপন্ন হোৱাৰ মূলতেই হ’ল নাৰীসকল।নাৰীসকলে ঘৰখনৰ লগতে দেশখনৰ বাবেও ইমানখিনি চিন্তা নকৰা হ’লে বিউটি পাৰ্লাৰ কেইখনৰ অস্তিত্বই সংকটত পৰিলহেঁতেন। দেশখনৰ কছমেটিক কোম্পানীবোৰ, কাপোৰ বনোৱা ফেক্টৰীবোৰ, জোতা, বেগ বনোৱা কোম্পানীবোৰে পেটত গামোচা মাৰিব লগা হ’লহেঁতেন। তদুপৰি বিবাহিত পুৰুষসকলে নিজৰ পত্নীসকলক বিভিন্ন ধৰণৰ সামগ্ৰী উপহাৰ দি পকেট খালি কৰিও লাখটকীয়া হাঁহিটো চাবলৈ সুযোগ নাপালেহেঁতেন। ঘৰখনত সুখ-শান্তি বজাই ৰখাটো এইবোৰ সামগ্ৰীৰ যথেষ্ট প্ৰয়োজনীয়তা বৰ্তমান যুগত আহি পৰিছে বুলি জ্ঞানী মহলে মত প্ৰকাশ কৰিছে।

সকলো ৰাষ্ট্ৰৰ প্ৰশাসনে নাৰীসকলৰ সুৰক্ষাৰ বাবে বহুতো আঁচনি লৈছে যদিও সেইয়া সম্পূৰ্ণৰূপে সফল হোৱা নাই। গতিকে নাৰীসকলে নিজৰ সুৰক্ষা নিজেই ল’ব লাগিব। নাৰীয়েই পুৰুষক জন্ম দিয়ে। যদি সেই পুৰুষসকলক শৈশৱৰ পৰাই উচিত শিক্ষা, সংস্কাৰৰ শিক্ষা দি সংযমী কৰি গঢ়ি তোলে, তেন্তে সকলো সম্ভৱ হ’ব। এজন পিতৃতকৈ এগৰাকী মাতৃয়ে নিজ সন্তানক বেছিকৈ নৈতিক জ্ঞান দিব পাৰে। বিশ্বৰ সকলো নাৰীয়েই যদি একে ধৰণৰ মনোবৃত্তিৰেই নিজ সন্তানক ডাঙৰ-দীঘল কৰে আৰু এটি মতত উপনীত হ’ব পাৰে, সেইদিনাই বিশ্বত শান্তিৰ পৰিৱেশ সৃষ্টি হ’ব। তেতিয়াহে এগৰাকী নাৰীৰ মুখৰ হাঁহিটো আৰু সুন্দৰ হৈ উঠিব।

☆★☆★☆

Leave a Reply

Your email address will not be published.