ফটাঢোল

নাৰী – মূল: হৰিশংকৰ পৰচ্ছাই ভাবানুবাদঃ পৰিস্মীতা গগৈ

ৱাৰ্ডটোলৈ এজন নতুন ডাক্তৰ আহিছে৷ যুৱক৷ বয়স ত্ৰিছতকৈ বেছি নহ’ব৷ স্বাস্থ্যৱান৷ গাৰ ৰং মিঠা বৰণতকৈ কিঞ্চিত বগা, দেখনিয়াৰ নহয়, কুৎসিত বুলিবও নোৱাৰি৷ কিন্তু আকৰ্ষণীয়ও নহয়৷

তেওঁ আহে৷ আমাক ৰোগীবোৰক চায়৷ নাহাঁ‌হে, কেৱল মুখখন কোঁ‌চাই থাকে৷ আমাৰ কথাবোৰ মনোযোগ দি নুশুনে৷ নিজেও একো নকয়৷ এজনক পৰীক্ষা কৰি আন এজনৰ ঔষধ লিখি থৈ যায়৷ ডিউটিৰ সময় আঠ বজাত৷ তেওঁ আহে ন বজাত৷ কাম তেওঁৰ বাবে বৰ বিৰক্তিকৰ বস্তু৷ তেওঁৰ মুখমণ্ডলত অনবৰতে বিৰক্তিয়ে বাহৰ পাতি থাকে৷ উৎসাহ, উদ্দিপনা এইবোৰ চিনিয়ে নাপায়৷ আমাক গালি পাৰে আৰু আমি জঁ‌ই পৰি যাওঁ‌৷ তেওঁ ইনজেকশ্যন দিলে বৰ দুখ পাও৷ ওপৰ মহলাতো ৰোগী থাকে৷ ওপৰ মহলাৰ ৰোগীক দিবলৈ নাৰ্চে ইনজেকশ্যন ভৰাই দিয়ে৷ তেওঁ বৰ কষ্টেৰে চিৰিবোৰ বগায়৷ একো একোটা চিৰি তেওঁৰ বাবে যেন সুউচ্চ পাহাৰহে৷ তেওঁ ৱাৰ্ডলৈ এনেকৈ আহে যেনেকৈ জে’ললৈ কয়দী আহে৷

এতিয়া ৱাৰ্ডলৈ এগৰাকী নতুন নাৰ্চ আহিল৷ শৰীৰ ত্ৰিছ বছৰীয়া৷ ৰূপ চৌব্বিছ বছৰীয়া৷ চঞ্চলতা বিছ বছৰীয়া৷ চকুৰ চাৱনি পঁ‌চিছ বছৰীয়া৷ মনৰ উল্লাস চাব্বিছ বছৰীয়া৷ মনোমোহা হাঁ‌হি তেইছ বছৰীয়া৷ আৰু হৃদয়? …সেইটো তেওঁহে ভালদৰে জানিব৷ তেওঁ হাঁ‌হি হাঁ‌হি কথা কয়৷ আমাৰ লগতো, ডাক্তৰৰ লগতো৷ তেওঁৰ উৎসাহ আছে, স্ফুৰ্তি আছে, সৌন্দৰ্য আছে৷

তেওঁ ইনজেকশ্যনটো ভৰালে৷ সেইটো ডাক্তৰৰ হাতত দিলে৷ তেওঁৰ ফালে চালে৷ লাহেকৈ আঙুলিৰে কিলাকুটিটো স্পৰ্শ কৰিলে৷ ক’লে, “যোৱা, ওপৰত ইনজেকশ্যনটো দি আহা৷ “ ডাক্তৰে হাঁ‌হিলে৷ দুই তিনিটা চিৰি একেলগে বগাই প্ৰায় দৌৰি যোৱাদি ওপৰলৈ উঠি গ’ল৷ মাজত উশাহ ল’বলৈকো নৰ’লে৷

এতিয়া এই ডাক্তৰজন বহুত সলনি হ’ল৷ ডিউটি আঠ বজাৰ পৰা থাকে৷ তেওঁ সাত বজাতে আহি উপস্থিত হয়হি৷ তেওঁ হাঁ‌হি হাঁ‌হি আহে৷ ওঁ‌ঠত অনবৰতে গীতৰ কলি এটা গুণগুণাই থাকে৷ আমাৰ লগতো ভালদৰে কথা পাতে৷ আমাৰ কথাবোৰ মন দি শুনে৷ ৰোগীক মনোযোগেৰে চায়৷ ইনজেকশ্যনেও আগৰ দৰে নিবিষায়৷ এতিয়া আৰু আমি তেওঁলৈ ভয় নকৰোঁ‌৷ তেওঁক আমাৰ ভাল লাগে৷ এতিয়া তেওঁ দেখাত আগতকৈ ধুনীয়াও হ’ল৷

তেওঁ স্ফূৰ্তিত থাকে৷ উৎফুল্ল হৈ থাকে৷ চকুত আশা থাকে৷ মুঠতে প্ৰফুল্লচিত্তে থাকে৷ তেওঁ ৱাৰ্ডলৈও এনেকৈ আহে যেন পাৰ্কলৈহে আহিছে৷

নাৰ্চে ইনজেকশ্যন সাজু কৰি তেওঁৰ হাতত দিয়ে৷ আঙুলিৰে কিলাকুটিটোত লাহেকৈ চুই দিয়ে৷ কয়, “যোৱা৷ “ তেওঁ প্ৰায় উৰি যোৱৰ দৰে চিৰিৰে ওপৰলৈ উঠি যায়৷

এদিন৷ নাৰ্চগৰাকীৰ অলপ খং উঠি আছিল৷ এজন ৰোগীক খঙেৰে কিবা এটা কৈ দিলে৷ তৰ্ক হ’ল৷ কথাবোৰ বাঢ়ি গ’ল৷ পৰস্পৰে পৰস্পৰলৈ কটূক্তি নিক্ষেপ কৰিলে৷ ডাক্তৰ আহিল৷ দুয়োয়ে তেওঁৰ ওচৰত গোচৰ তৰিলে৷

ডাক্তৰে চালে৷ নাৰ্চগৰাকী থিয় হৈ আছে৷ তেওঁৰ চকুলৈকে চাই আছে৷ মুখমণ্ডল ক্ৰোধত ৰঙা পৰি আছে৷ অসহায় ভাবে তেওঁ থিয় হৈ আছে৷ চটফটাই আছে৷ চকুত প্ৰত্যাহ্বান…………“ তুমি মোৰ সন্মান ৰক্ষা কৰিব পাৰিবা? “ কিন্তু, ভুলটো তেওঁৰেই আছিল৷

তেওঁ নাৰী আছিল৷ নাৰীয়ে তেওঁক প্ৰত্যাহ্বান জনাইছিল৷ নাৰীয়ে তেওঁৰ সহায় বিচাৰিছিল৷ নাৰীয়ে তেওঁৰ পৰীক্ষা লৈছিল৷

ইয়াত সেইগৰাকী নাৰীয়েই থিয় হৈ আছে, যিয়ে হাঁ‌হি হাঁ‌হি কথা কৈছিল৷ সদায় হাঁ‌হি হাঁ‌হিয়ে কথা পাতিছিল৷ অলপ আগলৈকে মিচিকিয়াই আছিল৷ সদায় মিচিকিয়াই হাঁ‌হিছিল৷ অলপ আগলৈকে মৰমেৰে চাইছিল৷ সদায় মৰমেৰেই চাইছিল৷ কিন্তু………ভুল তেওঁৰেই আছিল৷

আৰু তেওঁ! তেওঁ পুৰুষ আছিল৷ পুৰুষ নাৰীৰ সন্মুখত আছিল৷ পুৰুষে নিজকে বৃক্ষ বুলি ভাবে৷ তেওঁ‌ নাৰীক এডাল লতা বুলি বিশ্বাস কৰে৷ তেওঁ নাৰীৰ সম্বল হ’ব বিচাৰিছিল৷ তেওঁ নাৰীৰ সন্মুখত পৰাজিত হ’ব নিবিচাৰে৷ তেওঁ নাৰীৰ প্ৰত্যাহ্বানত সম্পূৰ্ণ হৈ উঠিল৷ ডাক্তৰে নাৰীক সহায় কৰিব৷ তেওঁ নাৰীৰ সন্মান ৰক্ষা কৰিব৷ কিন্তু এই নাৰীতো…………তেওঁৰ মনত পৰিল ’হাঁ‌হি’, ’স্ফূৰ্তি’, ’কিলাকুটিৰ স্পৰ্শ’, হাতৰ ’ইনজেকশ্যন’, “যোৱা ওপৰত ইনজেকশ্যনটো দি আহা৷ “………তেওঁ ৰোগীজনৰ ওপৰত ক্ৰোধান্বিত হ’ল৷ ভুল কিন্তু নাৰ্চৰহে আছিল৷

ডাক্তৰে ৰোগীজনক ধমকি দিলে৷ ৰোগীয়েও প্ৰত্যুত্তৰ দিলে৷ ডাক্তৰে গালি দিলে৷ ৰোগীয়েও প্ৰতি গালি দিলে৷ নাৰ্চে ডাক্তৰৰ ফালে চালে……………“এতিয়া নিজৰ সন্মানটোকে বচোৱা৷“
ডাক্তৰ খঙত উতলি উঠিল৷ ৰোগীজনৰ হাতত ধৰিলে৷ গতিয়াই দিলে৷ চিঞৰিলে, “ওলাই যা ইয়াৰ পৰা, অসভ্য!“
তাৰ পিছত নাৰ্চৰ ফালে চালে৷ পুৰুষত্বৰ মান্যতা বিচাৰিলে৷ সেয়া পালে৷ তেওঁ হাঁ‌হিলে৷

সেই ৰোগীজন ওলাই গ’ল৷ তেওঁ চিভিল চাৰ্জনৰ ওচৰ পালেগৈ৷ চিভিল চাৰ্জন আহিল৷ সোধ-পোছ আৰম্ভ হ’ল৷

ডাক্তৰে নিজৰ দোষ স্বীকাৰ নকৰিলে৷ এইমাত্ৰ তেওঁ সাহস আৰু শক্তিৰ পৰিচয় দিলে৷ এইমাত্ৰ তেওঁ পুৰুষত্বৰ পৰীক্ষা দিলে৷ তেওঁ নিচিঞৰাকৈ ক’লে, “হয় সেই ৰোগীজন থাকিব, নহ’লে মই থাকিম৷“

চিভিল চাৰ্জনে ক’লে, “হস্পিতাল ৰোগীৰ কাৰণে, ডাক্তৰৰ কাৰণে নহয়৷“

“তেনেহ’লে মোৰ ইস্তাফা!“

“দিয়া৷“

ডাক্তৰে ইস্তাফা দিলে৷ বেলেগ ডাক্তৰ আহিল৷ তেওঁ দায়িত্ব চমজি ল’লে৷

প্ৰথম ডাক্তৰজনে বুকু ফিন্দাই গৰ্বেৰে বাহিৰলৈ ওলাই গ’ল৷

হঠাৎ ৰ’ল! তেওঁৰ মনত পৰিল৷ ৰেইনকোটটো এৰি থৈ আহিছে৷ তেওঁ উভতিল৷ ৱাৰ্ডৰ দুৱাৰৰ সন্মুখলৈকে আহিল৷ ভিতৰলৈ চালে৷ আনগৰাকী ডাক্তৰ থিয় হৈ আছে৷ নাৰ্চগৰাকীয়ে ইনজেকশ্যনটো ভৰাই দিছে৷ তেওঁ হাঁ‌হিলে৷ ডাক্তৰৰ কিলাকুটিটোত আঙুলিৰে স্পৰ্শ কৰি দিলে৷ ক’লে, “ওপৰৰ বিছ নম্বৰ ৰোগীজনক দি আহক৷”

★★★★

3 Comments

  • Gautam Borah

    ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    মজ্জা অনুবাদ পৰিষ্মীতা ৷ মেগাজিন আপলোডিঙৰ সময়তে পঢ়িছিলো ৷ আজি আকৌ চালো ৷ লিখি থাকিবা ৷

    Reply
  • Jayanta talukdar

    বৰ সুন্দৰ ভাষানুবাদ! ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.