ফটাঢোল

নিংনি ভাৱৰীয়াৰ ৰহস্য : এখন ৰসাল আৰু অসাধাৰণ গ্ৰন্থ – কৰবী দত্ত

প্ৰায় সত্তৰ বছৰৰো অধিক কাল এখন কিতাপে  অসমীয়া ভাষাৰ প্ৰায় সকলো শ্ৰেণীৰ পাঠককে হাঁহিৰ খোৰাক যোগাই অহাটো কম বিস্ময়কৰ কথা নহয়। শ্ৰীযাদৱ চন্দ্ৰ দাসে ৰচনা কৰি উলিওৱা “নিংনি ভাৱৰীয়াৰ ৰহস্য” কিতাপখন পোন প্ৰথমে প্ৰকাশ পাইছিল ১৯৪৯ চনত। তাৰ পিছৰে পৰা আজি প্ৰায় ৭৩ বছৰে প্ৰতিটো পৃষ্ঠাতে হাস‍্যৰসৰ পয়োভৰ ঘটা এই কিতাপখনৰ কেইবাটাও সংকলন প্ৰকাশ পাইছে আৰু  প্ৰতিটো সংকলনেই অজস্ৰ গুণমুগ্ধ পাঠকৰ সৃষ্টি কৰিছে, প্ৰজন্মৰ পাছত প্ৰজন্মই কিতাপখন  আদৰি লৈছে।

নিংনি ভাৱৰীয়াৰ ৰহস্য’ কিতাপখনত ভিন ভিন শিৰোনামাৰ মুঠ ২৮ টা কাহিনী সন্নিবিষ্ট কৰা হৈছে। নিংনি ভাৱৰীয়াৰ হাস‍্যৰসাত্মক কাৰ্যকলাপৰ বিৱৰণ সন্নিবিষ্ট এই কিতাপখনৰ প্ৰতিটো কাহিনী পঢ়িলেই সি পাঠকৰ চকুত জীৱন্ত ৰূপত ধৰা দিয়েহি। কিতাপখনত থকা ১ম ৰহস্যত উল্লেখ থকা মতে বৰপেটাৰ স্থানীয় হাকিমজন চিকাৰৰ পৰা আহি হাউলীৰ ফৰেষ্ট অফিচত জিৰণি লোৱাৰ সময়ত নিংনি ভাৱৰীয়াক সুধিলে,

: মোক বাৰু কেনে দেখি কোৱাচোন!

ভাৱৰীয়াই হৃষ্টপুষ্ট, পেটুৱা হাকিমলৈ চাই কলে,

: হুজুৰ, আপোনাক ঠিক গাঙ্গাটোপ হেন (গংগাটোপ যেন) দেখি।

ভাৱৰীয়াৰ উত্তৰত বেজাৰ পাই হাকিমে সেইদিনাৰ পৰা ভাৱৰীয়াৰ মুখ নাচাওঁ বুলি কলে। কিছুদিনৰ পাছত বাটতে হাকিমৰ সতে ভেটাভেটি হোৱাৰ উপক্ৰম ঘটাত ভাৱৰীয়াই হাকিমক মুখ নেদেখুৱাবৰ বাবে কাপোৰ-কানি কোচাই তপিনা নেকেটাই তাত চূণৰ ফোঁট দুটা মাৰি ওলোটা খৎ দি কিম্ভুত-কিমাকাৰ হৈ থাকিল। হাকিমে ওচৰ পাই সেইটো কোন আৰু কিয় তেনেদৰে আছে সোধাত ভাৱৰীয়াই কলে,

: হুজুৰ, মই নিংনি, হুজুৰে মোৰ মুখ নাচাওঁ বুলিছিল দেখি এইদৰে আছোঁ।

নিংনিৰ কাণ্ড দেখি হাকিমৰ বৰকৈ হাঁহি উঠিল আৰু অৱশেষত “আজিৰ পৰা তোৰ মুখ চাম” বুলি কলে আৰু মফচললৈ গলে আগৰ দৰেই ভাৱৰীয়াক লগত লৈ যোৱা হল। এই ৰহস‍্যৰ আলমতে গ্ৰন্থখনৰ আকৰ্ষণীয় বেটুপাতটোও অংকণ কৰা হৈছে৷ অৱশ্যে বেটুপাতৰ শিল্পীৰ নাম ইয়াত উল্লেখ কৰা নাই।

গ্ৰন্থখনৰ কেইবাটাও কাহিনীত হাকিমৰ চৰিত্ৰটোৰ বিষয়ে উল্লেখ আছে। এই কাহিনীসমূহৰ পৰা বুজা যায় যে হাকিমে তেওঁৰ মনোৰঞ্জনৰ বাবে নিংনি ভাৱৰীয়াক প্ৰায়েই লগত লৈ ফুৰিছিল। অৱশ্যে কেৱল হাকিমেই নহয়, বৰচাহাব, মেম, মৌজাদাৰ আদি প্ৰতিপত্তিশীল লোককো নিংনি ভাৱৰীয়াই নিজৰ হাস‍্যৰসেৰে মনোৰঞ্জন কৰিবলৈ সক্ষম হৈছিল। মেমৰ লগত বাজী মাৰি হাকিমক কামত খটুৱাই বকচিচ লাভ কৰা, যাত্ৰা-ভাওনাত বচন মাতি থকাৰ মাজতে পেট কামোৰণি উঠাত উপস্থিত বুদ্ধি খটুৱাই কামফেৰা কৰি আহি পুনৰ বচন মতা, বিভিন্ন কবিতা, সাঁথৰ আদি সলসলীয়াকৈ মাতি সকলোকে অবাক কৰি দিব পৰা নিংনি ভাৱৰীয়াৰ অসামান্য প্ৰতিভাৰ কথা গ্ৰন্থখনৰ প্ৰায়কেইটা কাহিনীতেই উল্লেখ আছে। “বঙালী কবিৰ লগত ফেৰ” শীৰ্ষক ২৩ নং কাহিনীত উল্লেখ থকা মতে, গোৱালপাৰাত থকা বৰপেটীয়া লোকসকলে তালৈ অহা বঙালী কবিসকলৰ সৈতে ফেৰ মাৰিবলৈ নিংনি ভাৱৰীয়াক আমন্ত্ৰণ কৰি নিছিল আৰু তেওঁৰ কাব‍্য প্ৰতিভাৰ ওচৰত বঙালী কবিসকলে হাৰ মানিছিল। আনহাতে, “বৰপেটাৰ নাও খেলত নিংনি ভাৱৰীয়া” শীৰ্ষক কাহিনীটোত বৰপেটাৰ বিখ্যাত নাওখেলৰ গীত গোৱাত ভাৱৰীয়াৰ পাৰদৰ্শিতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এই গ্ৰন্থখনত উল্লেখ থকা অনুসৰি ভাৱৰীয়াই কেৰিকেচাৰোজানিছিল, মানুহ আৰু আন পশু-পক্ষীৰ মাত অবিকল অনুকৰণ কৰিব পাৰিছিল। আনহাতে, গ্ৰন্থখনৰ পণ্ডিতৰ নিগনি পুৰা ভক্ষণ”, গৃহিণীৰ পৰা লাও খোজা”, “যেনে কুকুৰ তেনে টাঙোন”, “ধানবন্ধা গছৰ তলত পহুমৰা ঘটনা”, “নামফটাৰ বিয়াৰ যৌতুকত নিংনি ভাৱৰীয়া” আদিকে ধৰি ভালেকেইটা কাহিনীত নিংনি ভাৱৰীয়াই বিভিন্নজনক নগুৰ নাকতি কৰাৰ কাহিনী সন্নিবিষ্ট কৰা হৈছে। অৱশ্যে নানা ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা এইসকল লোকো ধোৱা তুলসীৰ পাত নহয়। তেওঁলোকৰ অন‍্যায় বা অনাচাৰৰ পোতক তুলিবলৈহে নিংনি ভাৱৰীয়াই তেওঁলোকক ঢোকে ঢোকে পানী খুৱাইছিল। কিতাপখনৰ আটাইকেইটা কাহিনী অথবা ৰহস‍্যই পাঠকক হাস‍্যৰসৰ সোৱাদ দিব বুলি ন দি কব পাৰি। তদুপৰি, কিতাপখনৰ প্ৰতিটো ঘটনা ইমান সাৱলীলভাৱে বৰ্ণনা কৰা হৈছে যে পঢ়ি যোৱাৰ লগে লগে তাৰ দৃশ‍্যাৱলী পাঠকৰ চকুৰ আগত জীৱন্ত ৰূপত ভাঁহি উঠে। কোনো কোনো অংশত বৰপেটাৰ স্থানীয় ভাষাৰ বিভিন্ন শব্দৰ ব‍্যৱহাৰে কাহিনীবোৰক বাস্তৱিকতে অধিক জীৱন্ত ৰূপত উপস্থাপন কৰিছে। অৱশ্যে কিতাপখনৰ ২৭শ ৰহস্যত উল্লেখিত “তিৰীৰ সজাত নাই” আদি বাক‍্যাংশক বহুতে মহিলাৰ মৰ্যাদা হানিকাৰক বুলি ভাবিব পাৰে। পিচে আজিৰ পৰা ৭০ বছৰৰ পূৰ্বৰ পটভূমিত তেনে বাক্য কোৱা বা লিখাটো  বৰ অস্বাভাৱিক বুলি কব নোৱাৰি।

আশ্চৰ্যকৰ কথাটো হল “নিংনি ভাৱৰীয়াৰ ৰহস্য” কিতাপখনৰ মূল নায়ক নিংনি কোনো কাল্পনিক চৰিত্ৰ নহয়। নিংনি বৰপেটাৰ এজন সৰবৰহী স্বভাৱ কবি আৰু ৰচিক ভাৱৰীয়া বুলি গ্ৰন্থখনৰ পাতনিত উল্লেখ কৰা হৈছে। লেখক যাদৱ চন্দ্ৰ দাসে লগতে লিখিছে, “নিংনি ভাৱৰীয়া লিখকৰ কোনো কাল্পনিক পুৰুষ বুলি যেন কোনেও নাভাবে। তেওঁ বৰপেটাৰ মাজৰ হাটীৰ মানুহ আছিল।” আনকি পাতনিত লেখকে এইবুলিও উল্লেখ কৰিছে, “এই পুথিৰ প্ৰথম তাঙৰণ ছপা হোৱাৰ পাছত জনা গল নিংনি ভাৱৰীয়াৰ লৰাৰ বংশধৰ হেনো এতিয়াও আছে। ভৱিষ‍্যতলৈ তেওঁলোকৰ বংশাৱলী এই পুথিত প্ৰকাশ কৰা হব।” অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীলৈ উৎসৰ্গা কৰা এই কিতাপখনৰ প্ৰকাশক হাউলীৰ পঞ্চৰতন ফাৰ্মৰ শ্ৰী জে.দাস। মোৰ হাতত থকা ২০০৫ চনৰ সংস্কৰণটোৰ মূল্য ৩০ টকা। আগ্ৰহীসকলৰ সুবিধাৰ্থে প্ৰকাশকৰ ঠিকনাটো তলত উল্লেখ কৰিলোঁ :

পঞ্চৰতন ফাৰ্ম,

পো: হাউলী– ৭৮১৩১৬

বৰপেটা, অসম।

৯৯ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ প্ৰায় প্ৰতিটো পৃষ্ঠাতেই হাস‍্যৰস উপচি পৰিছে আৰু ইয়েই সুদীৰ্ঘ কালজুৰি  পাঠকসকলক আকৰ্ষণ কৰি আহিছে। “ফটাঢোল”ৰ পাঠকসকললৈ মোৰ অনুৰোধ– সুবিধা পালে “নিংনি ভাৱৰীয়াৰ ৰহস্য” কিতাপখন পঢ়ক আৰু পঢ়ুৱাওক। এইখন কিতাপে মিচিকিয়াই, খিলখিলাই, প্ৰাণখুলি হাঁহিবলৈ আপোনাক বাধ্য কৰিব। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল – “অসমীয়া মানুহে হাঁহিব নাজানে।” এই কথাখিনি লিখাৰ সময়ত বেজবৰুৱাদেৱ নিশ্চয় নিংনি ভাৱৰীয়াৰ বিষয়ে অৱগত নাছিল৷

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল পঢ়ি৷

    Reply

Leave a Reply

Your email address will not be published.