ফটাঢোল

নিউটনৰ ভুল সূত্ৰ (গল্পকাৰ : হুমায়ূন আহমেদ) – অনুবাদ : কলচুম বিবি

অমৰবাবু “ৰূপেশ্বৰ নিউ মডেল হাইস্কুল”ৰ বিজ্ঞানৰ শিক্ষক। অমৰনাথ পাল, বি এছ ছি ( অনাৰ্ছ, গ’ল্ড মেডেল) বৰ ছিৰিয়াছ ধৰণৰ শিক্ষক। স্কুলৰ ছাৰসকলৰ আচল নামৰ বাহিৰেও একোটা নকল নাম থাকে। ছাত্ৰমহলত সেই নামেৰেই তেওঁলোক পৰিচিত হয়। অমৰবাবু স্কুলত ‘ঘড়ী ছাৰ’ নামেৰে পৰিচিত। তেওঁৰ বুকুৰ পকেটত এটা ঘূৰণীয়া আকাৰৰ ঘড়ী আছে। ক্লাছত প্ৰবেশ কৰাৰ আগতে দৰ্জাৰ সন্মুখত ৰৈ ঘড়ীত সময় চাই লয়। ক্লাছ শেষ হোৱাৰ ঘণ্টা দিয়া মাত্ৰকে আকৌ ঘড়ী উলিয়াই সময় চায়। তেতিয়া যদি তেওঁৰ ভ্ৰু কোঁচ খাই তেন্তে বুজিব যে ঘণ্টা ঠিকমতে মৰা নাই। দুই-একমিনিট ইফাল-সিফাল হৈছে। তেওঁৰ ক্লাছত নিশ্বাস বন্ধ কৰি বহি থাকিব লাগে। হাঁহিব নোৱাৰি, পেঞ্চিলেৰে কাষৰ ল’ৰাৰ গাত খোচা দিয়াটো নচলিব, বহীত কটাকটি কৰা খেলা নচলিব। ভুলবশত যদি কোনোবাই হাঁহি দিয়ে তেওঁ হতভম্ব দৃষ্টিৰে তাৰফালে কিছুক্ষণ চাই থাকি ক’ব, “বিজ্ঞান সৰু ল’ৰাৰ খেল নহয়। হাঁহাহাঁহিৰ কোনো কথাই ইয়াত নাই। বিজ্ঞান পঢ়াৰ সময়ত তুমি হাঁহিছা, তাৰমানে বিজ্ঞানক তুমি উপহাস কৰিছা। বৰ অন্যায় কৰিছা। তাৰবাবে শাস্তি পাবা। আজি ক্লাছ শেষ হোৱাৰ পিছত ঘৰলৈ যাব নোৱাৰা। পাটীগণিতৰ সাত প্ৰশ্নমালাৰ ১৭, ১৮, ১৯ এই তিনিটা অঙ্ক কৰি ঘৰলৈ যাবা। ইজ ইট ক্লিয়াৰ?”

অপৰাধীয়ে শুকান মুখেৰে থিয় হৈ থাকে। তাৰ লাঞ্ছনা দেখি আন কোনোবা এজনে হয়তো ফেলেক কৈ হাঁহি দিলে। অমৰ ছাৰে গলগলীয়া মাতেৰে ক’ব, “এয়া কি! তুমি হাঁহিছা কিয়? হাস্যকৰ কথা কিবা কৈছোঁ নেকি? তুমি থিয় হোৱা। অকাৰণে হঁহাৰ বাবে শাস্তি হিচাবে পাঁচমিনিট থিয় হৈ থাকা।”

অমৰবাবুৰ বয়স পঞ্চাশ। পত্নী, দুটা ল’ৰা আৰু দুজনী ছোৱালী- এওঁলোকক লৈয়ে তেওঁৰ সংসাৰ। দুয়োটা ল’ৰাই ডাঙৰ হৈছে, ৰূপেশ্বৰ বজাৰত এজনৰ কাপোৰৰ ব্যৱসায়, আনজনৰ ফাৰ্মাচী আছে। ভাল টকা ৰোজগাৰ কৰে। এজনী ছোৱালীৰ বিয়া হৈ গৈছে। আনজনীৰ বিয়াৰ কথা চলি আছে। এওঁলোকৰ কোনোজনৰ লগতেই তেওঁৰ নিমিলে। পত্নী আৰু পুত্ৰ-কন্যাসকলক তেওঁ সহ্য কৰিব নোৱাৰে। বহুত দিন হ’ল ঘৰতো নাথাকে। স্কুলৰ দুইমহলাত এটা খালী কোঠাত থাকে। তাত বিছনা, গাৰু আছে। এটা ষ্ট’ভ আছে। গভীৰ ৰাতি ষ্ট’ভত চাহ বনাই খায়। ৰূপেশ্বৰ স্কুলৰ হেডচাৰে তেওঁক কৈছিল, “আপোনাৰ ঘৰ-সংসাৰ থকাৰ পিছতো আপুনি স্কুলত থাকে, এইটো কেনে ধৰণৰ কথা?” অমৰবাবুৱে গম্ভীৰ মাতেৰে কৈছিল, “ৰাতি উজাগৰে থাকি পঢ়া-শুনা কৰোঁ, অকলে থাকিয়েই ভাল লাগে। তাৰ উপৰিও সিহঁতৰ লগত মোৰ নিমিলে। অৱশ্যে স্কুলত ৰাত্ৰিযাপন কৰাটো যদি আপোনালোকৰ অসুবিধাৰ কাৰণ হয় তেনেহ’লে মোক খোলাখুলিকৈ ক’ব, মই বেলেগ ব্যৱস্থা কৰিম।”

হেডচাৰে লগে লগে কৈছিল, “আৰে নাই- এই কথা নহয়। আপোনাৰ য’ত ভাল লাগে আপুনি তাতে থাকিব।” তেওঁ অমৰবাবুক নিৰাশ নকৰিলে। কাৰণ অমৰবাবু অসম্ভৱ ভাল শিক্ষক। গণিতৰ বুৰনাওঁ। বুৰনাওঁ বোলাৰ অৰ্থ হ’ল তেওঁক দেখিলে তেওঁ অঙ্ক জানে বুলি ভাব নহয়, তেওঁ অঙ্ক জানে। ভাবুক ভাবুক ভাবেৰে থাকে। ক্লাছত কোনো অঙ্ক তেওঁক কৰিবলৈ দিলে এনেকুৱা ভাব দেখায় যেন অঙ্কটো তেওঁৰ মূৰতেই সোমোৱা নাই। তাৰপিছত পকেটৰ পৰা গোল ঘড়ীটো উলিয়াই ঘড়ীৰ ফালে কিছুপৰ চাই থাকি, চকু বন্ধ কৰি মুখে মুখে অঙ্কটো কৰি দিয়ে। স্কুলৰ বহুত ছাত্ৰৰ ধাৰণা এই ঘড়ীটোৰ ৰহস্য আছে। ঘড়ীয়ে অঙ্ক কৰি দিয়ে। কথা সেইটো নহয়। তেওঁৰ ঘড়ীৰ ছেকেণ্ডৰ কাঁটাডালৰ গণ্ডগোল আছে। কেতিয়াবা দ্ৰুতগতিত যায়, কেতিয়াবা আস্তে যায় যদিও গড়ে সমান থাকে। এইটোৱেই তেওঁ মাজে মাজে পৰীক্ষা কৰে।

অমৰবাবুক ভাল মানুহ বুলি ক’ব পাৰি কাৰণ তেওঁ অমায়িক, কথাবাৰ্তা প্ৰায় নকয় বুলিয়েই ক’ব পাৰি। কাৰো ওচৰে-পাঁজৰে নাথাকে। টিচার্ছ কমন ৰূমৰ খিৰিকীৰ কাষৰ চকীখনত চুপচাপ বহি থাকে। ঘণ্টা পৰিলে ক্লাছলৈ ৰাওনা হয়। স্কুলৰ আৰবী শিক্ষক মৌলানা ইদ্ৰিছ আলীয়ে তেওঁক লৈ মাজে সময়ে ঠাট্টা-মস্কৰা কৰিবলৈ চেষ্টা কৰা দেখা যায়। বিশেষ লাভ নহয়। তেওঁ ঠাট্টা-মস্কৰা ভাল নাপায়। কোনোবাই ঠাট্টা কৰিলে কঠোৰ দৃষ্টিৰে চাই থাকে।

আজি বৃহস্পতিবাৰ, হাফ স্কুল। কাইলৈ বন্ধ। ছাত্ৰ-শিক্ষক সকলোৰে মাজত বন্ধ বন্ধ ভাব এটা বিৰাজ কৰিছে। থাৰ্ড পিৰিয়ডত অমৰবাবুৰ ক্লাছ নাই। তেওঁ খিৰিকীৰ কাষৰ চকীখনত চুপচাপ বহি আছে। ইদ্ৰিছ চাহাবে তেওঁৰ সন্মুখৰ চকীত বহি বহি ক’লে, “তাৰপিছত অমৰবাবু আপোনাৰ ছাইন্সৰ কি খবৰ?”

অমৰবাবুৱে একো নক’লে যদিও চকু উঠাই চালে। মনে মনে ৰসিকতাৰ বাবে প্ৰস্তুত হ’ল। বিজ্ঞানক লৈ এই মানুহটোৱে ৰসিকতা কৰে যিটো তেওঁ মুঠেও সহ্য কৰিব নোৱাৰে। ইদ্ৰিছ চাহাবে পাণদানিৰ পৰা পাণ উলিয়াই উলিয়াই ক’লে-

: বহু দিনৰ পৰা মোৰ মূৰত এটা প্ৰশ্ন ঘূৰি আছে, সদায়ে ভাবোঁ আপোনাক সুধিম।

: সুধিব পাৰিলে হয়।

: বিশ্বাস নাছিল। আপুনি আকৌ প্ৰশ্ন কৰিলে খং কৰে।

: বিজ্ঞানক লৈ ৰসিকতা কৰিলেহে খং উঠে। এনেই খং নুঠে৷ আপোনাৰ প্ৰশ্নটো কি?

ইদ্ৰিছ চাহাবে পাণ চোবাই চোবাই ক’লে-

: পৃথিৱীখন যে ঘূৰে এই লৈয়ে প্ৰশ্ন। পৃথিৱীখন ঘূৰি আছে, সেয়ে নহয় জানো?

: হয়। পৃথিৱীৰ দুই ধৰণৰ গতি- নিজৰ অক্ষৰ ওপৰত ঘূৰিছে, আকৌ সূৰ্যৰ চাৰিওফালে ঘূৰিছে।

: সোঁৱে-বাঁৱে ঘূৰিছে?

: হয়?

: সেইটোৱেই যদি হয় তেনেহ’লে আমাৰ মূৰটো কিয় নুঘূৰে? মূৰটোও ঘূৰা উচিত আছিল নহয়নে? এনেইতো মাত্ৰ দুটা চক্কৰ দিলে মূৰ ঘূৰাই থাকে। এয়া কি! এনেকৈ চাই আছে কিয়? খং কৰিছে নেকি?

: বিজ্ঞানক লৈ কৰা ৰসিকতা মই ভাল নাপাওঁ।

: ৰসিকতানো ক’ত কৰিলোঁ?

অমৰবাবু চকীৰ পৰা উঠিল। ক্লাছৰ সময় হৈ গৈছে। ঘণ্টা পৰাৰ আগতেই ক্লাছৰ সন্মুখত ৰৈ থাকিব লাগিব। এয়া তেওঁৰ নিয়ম। পৃথিৱী কোনো কাৰণত হঠাৎ উল্টা হৈ গ’লেও নিয়মৰ ব্যতিক্ৰম নহয়।

আজি পঢ়োৱাৰ বিষয়বস্তু হ’ল পোহৰ। পোহৰৰ প্ৰতিফলন ও প্ৰতিসৰণ। বৰ আচৰিত বিষয়। পোহৰ হৈছে একেলগে তৰংগ তথা বস্তু। কি যে অসাধাৰণ কথা। ক্লাছ টেনৰ ল’ৰাবোৰে অৱশ্যে এইবোৰ নুবুজে। তথাপিও ডাঙৰ হৈ যেতিয়া পঢ়িব তেতিয়া আচৰিত হ’ব। অমৰবাবু ক্লাছত সোমায়েই ক’লে-

: পোহৰৰ গতিবেগ কিমান কোনে কব পাৰিব?

সাতজন ল’ৰাই হাত দাঙিলে। তেওঁৰ মন বেয়া হৈ গ’ল। সকলোৱে হাত দাঙিব বুলি তেওঁৰ ধাৰণা আছিল। ল’ৰাবোৰে কিয় ছাইন্সত মজা পোৱা নাই। তেন্তে কি কৰা যায়? পৃথিৱীত মজাৰ বিষয়তো এটাই। ছাইন্স।

: তুমি কোৱা, পোহৰৰ গতিবেগ কিমান?

: প্ৰতি ছেকেণ্ডত এক লাখ ছয়াশী হাজাৰ মাইল।

: ভেৰি গুদ। এতিয়া তুমি কোৱা, পোহৰৰ বেগ কি ইয়াতকৈ বেছি হ’ব পাৰে?

: নোৱাৰে ছাৰ।

: কিয় নোৱাৰে?

: এইটোৱেই নিয়ম ছাৰ। প্ৰকৃতিৰ নিয়ম।

: ভেৰি গুড। ভেৰি ভেৰি গুড। প্ৰকৃতিৰ কিছুমান নিয়ম আছে যি নিয়মৰ কেতিয়াও ব্যতিক্ৰম নহয়। হ’ব নোৱাৰে। যিদৰে মাধ্যাকৰ্ষণ। এটা আম যদি গছৰ পৰা পৰে তেনেহ’লে সেইটো মাটিতেই পৰিব, আকাশলৈ উৰি নাযায়। ইজ ইট ক্লিয়াৰ?

: হয় ছাৰ।

: মাধ্যাকৰ্ষণ শক্তিৰ জনক কোন?

: নিউটন।

: নামটো তুমি এনেকৈ ক’লা যেন নিউটন এজন ৰাম-শ্যাম, যদু-মধু, ৰহিম-কৰিম। নাম উচ্চাৰণত কোনো শ্ৰদ্ধা নাই৷ মহান বিজ্ঞানী চাৰ আইজাক নিউটন বুলি কোৱা।

ছাত্ৰজনে সংকুচিত মুখেৰে ক’লে-

: মহান বিজ্ঞানী চাৰ আইজাক নিউটন।

: অত্যন্ত শ্ৰদ্ধাৰ বিজ্ঞানী এজনৰ নাম অশ্ৰদ্ধা সহকাৰে লোৱাৰ বাবে তোমাৰ শাস্তি হ’ব। ক্লাছ শেষ হ’লে ঘৰলৈ যাব নোৱাৰা, পাটিগণিতৰ বাৰ নম্বৰ প্ৰশ্নমালাৰ একৈশ আৰু বাইশ এই দুটা অঙ্ক কৰাৰ পিছত যাবা। ইজ ইট ক্লিয়াৰ?

ল’ৰাজনৰ মুখখন আৰু শুকাই গ’ল। অমৰবাবুৰ মনটো বেয়া হৈ গ’ল। ল’ৰাবোৰে তেওঁৰ মন বেয়া কৰি দিলে। বিজ্ঞানক অৱহেলা কৰিছে। অশ্ৰদ্ধাৰে পঢ়িছে। বৰ দুখজনক কথা। সন্ধ্যাৰ সময়ত তেওঁ স্কুলৰ লাইব্ৰেৰীত কিছুসময় পঢ়া-শুনা কৰিলে। বিজ্ঞানী নিউটনৰ জীৱনকথা। মনৰ অশান্ত ভাব অলপ কমিল। তেওঁ স্কুলৰ দুইমহলাৰ নিজৰ কোঠাটোলৈ ঘূৰি আহিল। তেওঁৰ সৰু ল’ৰা ৰতনে টিফিন কেৰিয়াৰত খোৱাবস্তু লৈ আহিছে। সংকুচিত মুখেৰে বাৰান্দাত ৰৈ আছে। সি তাৰ দেউতাকক স্কুলৰ ছাত্ৰবোৰতকৈও বেছি ভয় কৰে।

: ৰতন কিবা ক’বি নেকি?

: মায়ে কৈছিল, বহুদিন আপুনি ঘৰলৈ যোৱা নাই।

: তাতে একো অসুবিধাতো হোৱা নাই?

: মাৰ গাটো ভাল নহয়। জ্বৰ।

: ডাক্তৰৰ ওচৰলৈ লৈ যা। মোক কৈছ কিয়? মই ডাক্তৰ নেকি?

ৰতনে মূৰ তল কৰি গুছি গ’ল। অমৰবাবুৰ ভাব হ’ল অলপমান ভাল ব্যৱহাৰ কৰিলেওতো হ’ল হয়। ইমান কঠোৰ হোৱাৰ প্ৰয়োজন নাছিল। কঠোৰ নহয়নো কি কৰিব- গাধা ল’ৰা, তিনিবাৰৰ পিছতো মেট্ৰিকটো পাছ কৰিব নোৱাৰিলে। জগতৰ আনন্দময় বৈজ্ঞানীক সূত্ৰবোৰৰ একোৱেই নাজানিলে- পোহৰ কি সেই সম্পৰ্কে একো ধাৰণা নাই। পোহৰ কি সেই সম্পৰ্কে প্ৰশ্ন কৰিলে নিশ্চয় ক’ব- এক ধৰণৰ দোকান, য’ত বস্তু বেচা-কিনা কৰা হয়। ছিঃ ছিঃ! ঘড়ী চাই ঠিক ন-বজাত তেওঁ ৰাতিৰ আহাৰ খালে। খোৱা শেষ হোৱাৰ লগে লগে দবাপিটা বৰষুণ এজাক আহিল। খোলা খিৰিকীৰে সোঁ-সোঁৱাই বতাহ আহিবলৈ ধৰিলে। মেঘে গৰ্জন কৰিবলৈ ধৰিলে। অমৰবাবুৱে দুৱাৰ-খিৰিকী বন্ধ কৰি বিছনাত আহি বহিল। তেওঁৰ টোপনি যোৱাৰ সময় ৰাতি দহ বাজি বিশ মিনিটত বান্ধি থোৱা আছে। এতিয়াও বহুত সময় বাকী আছে। এই সময়খিনিত তেওঁ চুপচাপ বহি নানা কথা ভাবি আছে। ভাবি ভাল লাগে। আগতে পঢ়া-শুনা কৰিছিল। এতিয়া চকুৰ কাৰণে হাৰিকেনৰ পোহৰত বেছি সময় পঢ়িব নোৱাৰে। মূৰৰ বিষ হয়। ঢাকালৈ গৈ ভাল ডাক্তৰক দেখাই লোৱাৰ প্ৰয়োজন। তেওঁ বিছনাত ভৰি তুলি বহিলে। ঠাণ্ডা ঠাণ্ডা লাগিছিল, গাত এখন চাদৰ উৰি ল’বনে নলয় বুলি ভাবিবলৈ ধৰোঁতেই গাটো জিকাৰ খাই উঠিল। তেওঁ অলপ লৰচৰ কৰি উঠিল। আৰু তেতিয়াই অস্বাভাৱিক এটা ঘটনা ঘটিল- তেওঁ লক্ষ্য কৰিলে বিছনা এৰি তেওঁ ওপৰলৈ উঠি গৈছে। প্ৰায় তিনিহাতমান ওপৰলৈ গ’ল আৰু তাতেই স্থিৰ হৈ গ’ল। চকুৰ ভুল? মহান বিজ্ঞানী নিউটনৰ সূত্ৰমতে এইটো হ’ব নোৱাৰে। হ’বই নোৱাৰে। নিতান্তই অসম্ভৱ। এয়া হ’বই নোৱাৰে কিন্তু হৈছে। তেওঁ খাটখনৰ পৰা তিনি হাত ওপৰত স্থিৰ হৈ ৰৈ আছে। কোঠাৰ সকলো বস্তুৱেই আগৰ দৰে আছে, মাত্ৰ তেওঁহে শূন্যত ভাঁহি আছে। অমৰবাবুৱে দুচকু জপাই মনে মনে ক’লে, “হে ঈশ্বৰ! দয়া কৰা।” দেহত কিবা এটা অনুভৱ হ’ল। হয়তো এইবাৰ তললৈ নামিছে। তেওঁ দুচকু মেলি চালে, নাই আগৰ ঠাইতে আছে। এইটো কেনেকৈ হ’ব পাৰে?

বৰ জোৰে বিজুলী ঢেৰেকনি মাৰিলে আৰু তাৰ লগে লগে তেওঁ ঢপকৈ তলত পৰিল। অলপমান দুখো পালে। তেওঁ লগে লগেই বিছনাত শুই পৰিল। চাদৰেৰে সৰ্বশৰীৰ ঢাকি দিলে। কি ঘটিছে সেই লৈ তেওঁ আৰু ভাবিব বিচৰা নাই। শুব বিচাৰে। নিশ্চিন্তমনে। টোপনি ভাঙি যোৱাৰ পিছত হয়তো সকলো স্বাভাৱিক হৈ যাব।

ৰাতি তেওঁৰ টোপনি ভাল হ’ল। শেষ ৰাতিৰ ফালে তেওঁ এবাৰ সাৰ পালে বাথৰূমলৈ যায়, আজি সেয়াও নগ’ল, এটা টোপনিটেই ৰাতি পাৰ কৰি দিলে। যেতিয়া টোপনি ভাঙিল- তেতিয়া চাৰিওফালে দিনৰ কাঢ়া পোহৰ, ৰ’দ ওলাইছে। তেওঁৰ সুদীৰ্ঘ জীৱনত এয়া প্ৰথমবাৰৰ বাবে সূৰ্য উঠাৰ পিছত টোপনি ভাঙিল। ৰাতি কি ঘটিছিল সেইটো মনত পৰাত গাটো কিবা লাগি গ’ল। দুঃস্বপ্ন, নিশ্চয় দুঃস্বপ্ন। বদহজম হৈছিল। বদহজমৰ বাবেই দুঃস্বপ্ন দেখিছে। বহি বহিয়েই টোপনি গৈছিল। এনেকুৱাই হয়। মানুহ বৰ ক্লান্ত হ’লে বহি বহিয়েই টোপনি যাব পাৰে। টোপনিৰ মাজতেই সপোন দেখে। এয়াই হ’ব- ইয়াৰ বাহিৰে আৰু কি? সপোন, অৱশ্যেই সপোন। অমৰবাবুৰ মনটো অলপ পাতল হ’ল।

পিছদিনাখনৰ কথা। প্ৰথম পিৰিয়ডত অমৰ বাবুৰ ক্লাছ নাই। টিচার্ছ কমনৰূমত চুপচাপ বহি আছে। ঈদ্ৰিছ চাহাব যথাৰীতি তেওঁৰ কাষত আহি বহিল। পাণদানিটো উলিয়াই ক’লে-

: অমৰবাবু গা বেয়া নেকি?

: নাই নহয়।

: দেখাত কিবা যেন লাগিছে। অসুখ বুলি মনে ধৰিছে। গাত জ্বৰ আছে নেকি?

: নাই নাই।

: ৰাতি টোপনি ভাল হৈছিলনে?

: উম, যদিও দুঃস্বপ্ন দেখিছিলোঁ।

: কি দুঃস্বপ্ন দেখিছে?

অমৰবাবুৱে ইতস্ততঃ হৈ ক’লে-

: শূন্যত ভাঁহি থকা দেখিলোঁ।

: আৰে ভাই এইটোনো কি দুঃস্বপ্ন? শূন্যত ভাঁহি থকা, আকাশত উৰি যোৱা- এইবোৰ সপোন মই সদায়ে দেখোঁ। মাজে মাজে সপোন দেখি বহুত ওপৰৰ পৰা ধুপুচকৈ মাটিত পৰি গৈছোঁ– বৰ টেনচনৰ সপোন৷

অমৰবাবুৱে সৰু মাতেৰে ক’লে-

: ঠিক সপোনো নহয়, জাগ্ৰত অৱস্থাত দেখিছোঁ বুলি ভাব হৈছে।

: কি ক’লে? জাগ্ৰত অৱস্থাত? জাগি থাকিয়েই আপুনি শূন্যত ভাঁহি থকা দেখিলে?

: হয়৷

: জাগ্ৰত অৱস্থাৰে শূন্যত ভাঁহি থকা দেখিলে?

অমৰবাবুৱে একো নক’লে। মূৰ তললৈ কৰি চুপচাপ বহি থাকিল। ইদ্ৰিছ চাহাবে ক’লে-

: ৰাতি-দিন বিজ্ঞান বিজ্ঞান কৰি কৰিয়েই আপোনাৰ মূৰটো এনে হৈ গৈছে। জিৰণিৰ দৰকাৰ। আপুনি এটা কাম কৰক-ছুটি লৈ ঘৰলৈ যাওক। আজি ক্লাছ লোৱাৰ দৰকাৰ নাই। মই হেডচাৰক কৈ আহোঁ?

: নাই নাই মোৰ গা ভালে আছে।

অমৰবাবু যথাৰীতি ক্লাছলৈ গ’ল। তেওঁ পোহৰৰ ধৰ্ম পঢ়োৱাৰ কথা। তেওঁ মাধ্যাকৰ্ষণ আৰম্ভ কৰিলে।

: দুটা বস্তু আছে। এটাৰ ভৰ m1, আনটোৰ ভৰ m2 সিহঁতৰ মাজৰ দূৰত্ব হ’ল r, তেনেহ’লে মাধ্যাকৰ্ষণ বলৰ পৰিমাণ হ’ব m1m2/r2 এইটো এটা বৈজ্ঞানীক সত্য। চাৰ আইজাক নিউটনৰ বিখ্যাত সূত্ৰ। ইয়াৰ কোনো লৰচৰ হ’ব নোৱাৰে। হ’বই নোৱাৰে। বাচাহঁত বুজিছনে?

ল’ৰাবোৰে ইটোৱে-সিটোৰ মুখলৈ চাবলৈ ধৰিলে। আজি পঢ়োৱাৰ কথা পোহৰৰ ধৰ্ম, প্ৰতিফলন, প্ৰতিসৰণ; ছাৰে মাধ্যাকৰ্ষণ কিয় পঢ়াইছে?

: বাবাহঁত কি কৈছোঁ বুজিব পাৰিছানে?

ছাত্ৰবোৰে উত্তৰ নিদিলে।

: যদি কোনোবাই বুজিব পৰা নাই হাত দাঙা।

কোনেও হাত নাদাঙিলে। এটা সময়ত ঘণ্টা পৰিল। কোনোদিনে যি হোৱা নাই সেয়াই হ’ল। অমৰবাবু ঘণ্টা পৰাৰ পিছতো চুপচাপ বহি থাকিল। পকেটৰ পৰা ঘড়ী উলিয়াই সময় নাচালে বা উঠিও নগ’ল। দুচকু জপাই প্ৰস্তৰ মূৰ্তিৰ দৰে বহি থাকিল। ছাত্ৰসকলৰ বিস্ময়ৰ সীমা নাথাকিল।

সন্ধিয়া হৈ গৈছে। অমৰবাবু স্কুল লাইব্ৰেৰীত বহি আছে। হাতত এখন কিতাপ। নাম-‘মৌমাখিৰ বিচিত্ৰ জীৱন’। পঢ়ি বৰ ভাল লাগিছে। কিমান সৰু প্ৰাণী অথচ কি অসম্ভৱ বুদ্ধি! কি অসম্ভৱ জ্ঞান! মৌচাকৰ ভিতৰৰ তাপমাত্ৰা সিহঁতে এটা নিৰ্দিষ্ট স্থানত স্থিৰ কৰি ৰাখে। বাঢ়িবলৈও নিদিয়ে, কমিবলৈও নিদিয়ে। তাপমাত্ৰা এক হাজাৰ ভাগৰ এক ভাগো কম হ’বলৈ নিদিয়ে। মানুহৰ পক্ষে যিটো বৰ কঠিন। তেওঁ ৰাতি আঠমান বজাত নিজৰ কোঠালৈ ঘূৰি গ’ল। গাটো ভাল লগা নাই। অলপ জ্বৰ জ্বৰ লাগিছে। টিফিন কেৰিয়াৰত খোৱা বস্তু দি গৈছে। তেওঁ একো নাখায় বুলি ঠিৰাং কৰিলে। নোখোৱাই ভাল হ’ব। বহুত সময়ত পেটৰ গণ্ডগোলৰ বাবেও মস্তিষ্ক উত্তেজিত হয়। তেনে ক্ষেত্ৰত আজেবাজে সপোন দেখাৰ ঘটনা ঘটিব পাৰে। নাখালে সেইটো নহয়। নেমুৰ চৰবত বনাই এক গিলাচ চৰবত খাই সোনকালে সোনকালে শুই পৰিল।

কালি ঠাণ্ডা ঠাণ্ডা লাগিছিল। আজি আকৌ গৰম লাগিছে। খিৰিকীখন খোলা, সামান্য বতাহ আহিছে। সেই বতাহ আঁঠুৱাৰ ভিতৰত সোমোৱা নাই। তেওঁ আঁঠুৱাখন খুলি থ’লে। মহে কামুৰিব। কামোৰক। গৰমতকৈ মহৰ কামোৰ খোৱাই ভাল। আঁঠুৱা খুলি পেলাই বিছনাত শোৱা মাত্ৰকে আকৌ যোৱা ৰাতিৰ দৰে হ’ল। তেওঁ লাহে লাহে শূন্যলৈ উঠি যাবলৈ ধৰিলে। চাওঁতে চাওঁতে তেওঁৰ মূৰটো কোঠাৰ ছাদ স্পৰ্শ কৰিলে। তেওঁ হাতেৰে সেই ছাদত ধাক্কা দি মাত্ৰ অলপ তললৈ নামি আকৌ ওপৰলৈ উঠিল। এয়া কি অদ্ভুত কাণ্ড! এইবাৰো কি সপোন? নাই, সপোন নহয়। আজিৰটো সপোন নহয়। মাধ্যাকৰ্ষণ শক্তিয়ে তেওঁৰ ওপৰত কাম কৰা নাই। পৃথিৱীৰ ভৰ যদি হয় m1, তেওঁ যদি হয় m2 আৰু তেওঁৰ ভৰ m2 যদি শূন্য হয় তেনেহ’লে মাধ্যাকৰ্ষণ বল হ’ব শূণ্য। তেখেতৰ ভৰ কি এতিয়া শূন্য? তেওঁ পিছফালে ঘূৰিলে, দেহটো আচৰিত ধৰণে ঘূৰি গ’ল। সাঁতোৰাৰ দৰে কৰিলে। ইমান লাভ নহ’ল। য’ত আছিল, তাতেই থাকিল। এয়াই স্বাভাৱিক, বতাহ বৰ পাতল। পাতল বতাহত সাঁতোৰা নাযাব।

ব্যাখ্যা কি? ইয়াৰ ব্যাখ্যা কি? এজন মানুহৰ ভৰ হঠাৎ শূন্য হৈ যাব নোৱাৰে। তললৈ নমাৰ উপায় কি? মনে মনে মই যদি চিন্তা কৰোঁ তললৈ নামিবলৈ তেনেহ’লে কি তললৈ নামিব পাৰিম। তেওঁ মনে মনে চিন্তা কৰিলে- নামি গৈছোঁ, দ্ৰুতগতিত নামি গৈছোঁ। লাভ নহ’ল। য’ত আছিল তাতেই থাকিল। বাৰু তেওঁ যদি থু পেলাই তেন্তে থুখিনিৰ কি হ’ব? মাটিত পৰি যাব নে শূন্যতে ভাঁহি থাকিব? তেওঁ থু পেলালে। বৰ স্বাভাৱিকভাৱেই থুখিনি মাটিত পৰিল। দেহৰ পাঞ্জাবীটো খুলি এৰি দিলে সেইটো কি শূন্যতে থাকিব? নে তললৈ পৰি যাব? অতি সহজেই এই পৰীক্ষা কৰিব পাৰি। তেওঁ দেহৰ পাঞ্জাবী খুলি পেলালে। এৰি দিওঁতেই দ্ৰুতগতিত সেইটো তললৈ নামি গ’ল। তাৰমানে এই অদ্ভুত ঘটনাটোৰ লগত একমাত্ৰ তেঁৱেই জড়িত। তেখেতৰ দেহৰ পোছাকৰ লগত ইয়াৰ কোনো সংযোগ নাই। তেওঁ দুচকু জপাই চিন্তা কৰিছে মাধ্যাকৰ্ষণ বল যদি F হয় তেন্তে- F=m1m2/r2 m1 পৃথিৱীৰ ভৰ। m2 তেওঁৰ নিজৰ ভৰ। r হৈছে তেওঁৰ লগত পৃথিৱীৰ দূৰত্ব। m2 যদি 0 হয়, F হ’ব শূন্য। কোনো বিচিত্ৰ কাৰণত তেওঁৰ লগত পৃথিৱীৰ দূৰত্ব অসীম হৈ গৈছে নেকি? ভাবোঁতে ভাবোঁতে অমৰবাবুৰ টোপনি আহিল। এটা সময়ত মাটিৰ পৰা ছফুট উচ্চতাত সঁচাকৈ শুই পৰিল। গভীৰ টোপনিত। তেওঁৰ নাকটোৱেও মাতিবলৈ ধৰিলে। টোপনিৰ মাজতেই তেওঁ বাগৰ সলালে। কোনো ধৰণৰ অসুবিধা নহ’ল। ৰাতিপুৱা টোপনি ভাঙিল।

বেলা বহুত হ’ল। কোঠাত ৰ’দ সোমাইছে। তেওঁ মজিয়াত পৰি আছে। কেতিয়া মাটিলৈ নামি আহিছে, তেওঁ নাজানে। দেহত কোনো ধৰণৰ বিষ নাই, মানে ঢপকৈ পৰা নাই-লাহে লাহে নামি আহিছে।

অমৰবাবুৱে স্বাভাৱিক মানুহৰ দৰেই হাত-মুখ ধুলে। মুড়ি আৰু গুৰেৰে ৰাতিপুৱাৰ জলপান খালে। পুখুৰীৰ পৰা গা ধুই আহি যথাসময়ত স্কুললৈ গ’ল। আজি প্ৰথম পিৰিয়ডত তেওঁৰ ক্লাছ। তেওঁ ক্লাছলৈ নগৈ নিজৰ চকীত মূৰ তল কৰি চুপচাপ বহি থাকিল। সম্ভৱ টোপনি আহিছে। আচলতে টোপনি যোৱা নাছিল, ভবাৰ চেষ্টাহে কৰিছিল-তেওঁৰ জীৱনত এইবোৰ কি ঘটিছে? ঘটনাটো অকল ৰাতি ঘটে। দিনত নঘটে। বাৰু তেওঁ যদি তেওঁৰ নিজৰ কোঠাত নাথাকি আন কোঠাত থাকে তেনেহ’লে কি এই ঘটনাটো ঘটিব? ৰাতি মুকলি পথাৰত যদি শুই থাকে তেনেহ’লে কি ভাঁহি ভাঁহি মহাশূন্যলৈ গুছি যাব? মঙ্গলগ্ৰহৰ ওচৰাওচৰি বা সূৰ্যৰ ওচৰাওচৰি? কিম্বা আৰু দূৰত- এন্ড্ৰোমিড়া নক্ষত্ৰপুঞ্জ–সুদূৰ কোনোবা কক্ষপথলৈ…?

: ছাৰ।

অমৰবাবুৱে চক খাই চালে। কৰ্মচাৰী কালিপদ ৰৈ আছে।

: হেডছাৰে আপোনাক মাতিছে।

হেডছাৰে তেওঁক কিয় মাতি পঠিয়ালে তেওঁ ঠিক বুজিব পৰা নাই। ইদ্ৰিছ চাহাবে হেডছাৰক সকলো কৈছে নেকি? ক’বও পাৰে। পাতল মানুহ। কোৱাটোৱেই স্বাভাৱিক। বাৰু কথাটো কি তেওঁ নিজে হেডছাৰক ক’ব? ক’ব পাৰি। মানুহজন ভাল। আৰম্ভণিতেই অবিশ্বাসেৰে হাঁহি নামাৰিব।

হেডছাৰে ক’লে-

: কেনে আছে অমৰবাবু?

: ভালে আছোঁ।

: দেখাত ভাল বুলি মনে ধৰা নাই। বহক। চাহ খাব?

: চাহ মই নাখাওঁ ছাৰ।

: এবাৰ-দুবাৰ খালে একো নহয়। খাওক। কালিপদক চাহ দিবলৈ কৈছোঁ।

কালিপদে চাহ দি থাৰ্ড পিৰিয়ডৰ ঘণ্টা দিবলৈ গ’ল। হেডছাৰে ক’লে-

: শুনিলোঁ কালি ক্লাছ কৰা নাই। আজিও ফাৰ্ষ্ট পিৰিয়ড মিছ হৈ গৈছে।

: টোপনি ভাঙোতে পলম হৈছিল ছাৰ।

: বাৰু। আপোনাৰতো সকলো ঘড়ীৰ কাঁটাৰ মতে হয়। টোপনি ভাঙোতে পলম কিয় হ’ল?

অমৰবাবু মনে মনে থাকিল।

: পাৰিবাৰিক কিবা সমস্যা হৈছে নেকি?

: নাই হোৱা।

: আপোনাৰ ছোৱালী কালি মোৰ ওচৰলৈ আহিছিল। বৰ কন্দা-কটা কৰিলে। আপুনি ঘৰত নাথাকে। এই লৈ বেচেৰীৰ মনত বৰ দুখ। দুখ হোৱাটোৱেই স্বাভাৱিক।

: মই অকলে থাকি ভালপাওঁ।

: নিজৰ পচন্দক সকলো সময়তে বৰ বেছিকৈ গুৰুত্ব দিয়ে। আনৰ কথাও ভাবিব লাগে। আমি সামাজিক জীৱ…৷

: ছাৰ উঠোঁ?

: বহক অলপ সময়। কথা পাতোঁ- অমৰবাবু মই কওঁ যে একো যদি অসুবিধা নাই তেনেহ’লে সমস্যাটো মোক কওক। ইদ্ৰিছ চাহাবক সপোনৰ কথা সকলো কৈছিল…

অমৰবাবু ইতস্ততঃ কৰি ক’লে-

: বিজ্ঞানৰ সূত্ৰ মিলা নাই ছাৰ।

হেডমাষ্টৰ চাহাবে বিস্মিত হৈ সুধিলে-

: কোনটো সূত্ৰ মিলা নাই?

: চাৰ আইজাক নিউটনৰ সূত্ৰ- মাধ্যাকৰ্ষণ সূত্ৰ।

 : আপোনাৰ ধাৰণা ভুল।

অমৰবাবুৱে উত্তৰ নিদিলে। হেডমাষ্টৰ চাহাবে বিস্মিত দৃষ্টিৰে চাই থাকিল। এটা সময়ত ক’লে-

: বাৰু, আপুনি ঘৰলৈ ঘূৰি যাওক। আপোনাক দহ দিনৰ ছুটী দিলোঁ। বিশ্ৰাম কৰক। বিশ্ৰামৰ প্ৰয়োজন। অতিৰিক্ত পৰিশ্ৰমে মাজে মাজে মানুহৰ মূৰত আউল লগায়।

: ছাৰ মোৰ মূৰ ঠিকেই আছে।

অমৰবাবু ঘৰলৈ নগ’ল। কমন ৰূমলৈ আহি নিজৰ চকীত বহিল। হাতত এখন ফুল স্কেপ কাগজ। সেই কাগজত নিউটনৰ সূত্ৰ নতুনকৈ লিখিলে-

F=k.m1m2/r2 ইয়াত k ৰ মান ১, যদিও মাজে মাজে k ৰ মান শূন্য হৈছে। যিটো তেওঁৰ লগত হৈছে। এটা সময়ত কলম লৈ নিৰ্মমভাৱে সকলো কাটি পেলালে। নিউটনে যি সূত্ৰ দিছে সামান্য মানুহে সেই সূত্ৰ পাল্টাই দিব নোৱাৰে।

অমৰবাবুৱে টিফিনৰ পিৰিয়ডত বহুত সময় জুৰি ইংৰাজীত ঢাকা বিশ্ববিদ্যালয়ৰ পদাৰ্থবিদ্যাৰ চেয়াৰমেনলৈ এখন চিঠি লিখিলে। চিঠিৰ অসমীয়া অনুবাদ এই ধৰণৰ-

ডাঙৰীয়া,

মই ৰূপেশ্বৰ হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক। উপায়বিহীন হৈ আপোনালৈ পত্ৰ পঠিয়াইছোঁ। সম্প্ৰতি মোৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিছে যাৰ কোনো বৈজ্ঞানিক ব্যাখ্যা মই বিচাৰি উলিয়াব নোৱাৰি আপোনাৰ দ্বাৰস্থ হ’লোঁ। মই শূন্যত ভাঁহি থাকিব পাৰোঁ। আপোনাৰ ওচৰত ই বৰ অদ্ভুত হ’লেও এইটো সত্য। মই ঈশ্বৰৰ নামত শপত খাই কৈছোঁ-আপোনাক যি কৈছোঁ সেয়া সকলো সত্য। কোনো ধৰণৰ চেষ্টা নকৰাকৈ মই শূন্যলৈ উঠিব পাৰোঁ আৰু ভাসমান অৱস্থাত দীৰ্ঘ সময় কটাব পাৰোঁ। ডাঙৰীয়া, বিষয়টো কি, বুজাৰ বাবে আপুনি যদি মোক সহায় কৰে, তেনেহ’লে এই অধম আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব। আপুনি ক’লেই ঢাকালৈ আহি আপোনাক শূন্যত ভাঁহি থকাৰ ঘটনাটো চাক্ষুস দেখাম। ডাঙৰীয়া, মোৰ প্ৰতি আপুনি অলপ দয়া কৰক-কথাটো বুজাত মোক সহায় কৰক।

বিনীত

অমৰ দাস পাল

B. Sc (Hon’s)

সম্পূৰ্ণ দহ দিন তেওঁ নিজৰ কোঠাত কটালে। ঘৰলৈ নগ’ল। তেওঁক লৈ যাবলৈ তেওঁৰ সৰু ছোৱালী অতসী আহিছিল। তাইক ধমক দি বিদায় দিলে। এই ছোৱালীজনী পঢ়া-শুনাত ভাল আছিল- তাইক ইমানকৈ ক’লে ছাইন্স পঢ়িবলৈ, তাই ভৰ্তি হ’ল আৰ্টচত। ইয়াৰ অৰ্থ কি হ’ল? তাইক নিউটনৰ সূত্ৰ কি সুধিলে তাই হা কৰি চাই থাকিব। কি দুখৰ কথা।

অতসীক ধমকি দি কোঠাৰ পৰা উলিয়াই দিলে যদিও তাই নগ’ল। বাৰান্দাত ৰৈ কান্দিবলৈ ধৰিলে। তেওঁ বাহিৰলৈ আহি বিৰক্তিৰে ক’লে- কান্দিছা কিয়?

তাই উচুপি উচুপি ক’লে-

: তোমাৰ গা ভাল নহয় বাবা। তুমি ঘৰলৈ ব’লা।

: গা বেয়া বুলি তোক কোনে ক’লে?

: সকলোৱেই আলোচনা কৰিছে। তুমি বোলে কিবা সপোন-চপোন দেখা পোৱা।

: একো সপোন-চপোন নেদখোঁ। মই ভালে আছোঁ। অকলে এটা পৰীক্ষা কৰিছোঁ। পৰীক্ষা শেষ হওক- তহঁতৰ লগত আহি কিছুদিন থাকিম।

: কিহৰ পৰীক্ষা?

: কিহৰ পৰীক্ষা ক’লে তই নুবুজিবি। হা কৰি চাই থাকিবি। ইমান ক’লোঁ ছাইন্স পঢ়িবলৈ।

: অঙ্ক নোৱাৰোঁ যে।

: অঙ্ক নোৱাৰাৰ কি কথা আছে। যোগ, বিয়োগ, পূৰণ, হৰণ- অঙ্কত ইয়াৰ বাহিৰে একো নাই। নাকান্দিবি। ঘৰলৈ যা। মই ভালে আছোঁ।

তেওঁ যে ভালে আছে সেইটো কিন্তু নহয়। সদায় ৰাতি একেই ঘটনা ঘটিছে। খাই-বই শুবলৈ যায়- মাজ ৰাতি টোপনি ভঙাৰ পিছত দেখে শূন্যত ভাঁহি আছে। তেতিয়া আতঙ্কত অস্থিৰ হোৱাৰ বাহিৰে আন পথ একো নাথাকে। তেওঁ ইচ্ছা কৰিলেও তললৈ নামিব নোৱাৰে।

তললৈ কেনেকৈ নামে সেইটোও নাজানে। ৰাতিটো তেওঁৰ উজাগৰে পাৰ হয়। তেওঁ দিনত শুবলৈ যায়। এনেকুৱা যদি হ’লহেঁতেন তেওঁ দিনে-ৰাতিয়ে সকলো ক্ষণ শূন্যতেই ভাঁহি থাকিলহেঁতেন তেতিয়াহ’লেও এটা কথা আছিল। নিজকে সান্ত্বনা দিব পাৰিছে যে, কোনো এক অদ্ভুত প্ৰক্ৰিয়াত তেওঁৰ ভৰ শূন্য হৈ গৈছে। কথাটো সেইধৰণৰ নহয়। এনেও এইফালে কোনোৱেই নাই যে তেওঁৰ সাহাৰ্য্যৰ বাবে তেওঁৰ কাষলৈ যাব। ঢাকা বিশ্ববিদ্যালয়ৰ চেয়াৰমেন চাহাবেও একো লিখা নাই। হয়তো পাগলৰ চিঠি বুলি ভাবিছে। কোনে আৰু কষ্ট কৰি পাগলৰ চিঠিৰ উত্তৰ দিব? ন দিনৰ মূৰত অমৰবাবুৰ চিঠিৰ উত্তৰ পালে। বৰ ভদ্ৰ চিঠি। চেয়াৰমেন চাহাবে বিশ্ববিদ্যালয়ৰ পেডত লিখিছে-

ডাঙৰীয়া

আপোনাৰ চিঠি কৌতুহলেৰে পঢ়িলোঁ। আপুনি বিজ্ঞানৰ শিক্ষক। সেইমতেই বুজিব পাৰিছে যে আপুনি যি বিষয়ৰ অবতাৰণা কৰিছে সেইটো বিজ্ঞানে স্বীকাৰ নকৰে। আপুনি যদি আমাৰ অফিচলৈ আহি শূন্যত ভাঁহি থাকে তেতিয়াও মই বিশ্বাস নকৰোঁ। ভাবিম ইয়াৰ পিছত কিবা মেজিকৰ কৌশলে কাম কৰিছে। আপুনি নিশ্চয় জানে যাদুকৰসকলে শূন্যত ভাঁহি থকাৰ খেল সকলো সময়তে দেখুৱায়। যিহওক, আপোনাৰ চিঠি পঢ়ি মোৰ ধাৰণা হৈছে যে আপোনাৰ সমস্যাটো মানসিক। আপুনি মনে মনে ভাবিছে- শূন্যত ভাঁহিছে। আচলতে ভাঁহি থকা নাই। আটাইতকৈ ভাল হ’ব যদি এজন চাইকিয়াট্ৰিষ্টৰ সৈতে এই বিষয়ে আলোচনা কৰে। একমাত্ৰ তেওঁহে আপোনাক সহায় কৰিব পাৰিব। মই আপোনাক কোনো ধৰণৰ সহায় কৰিব নোৱাৰিম বুলি কোৱা বাবে অন্তঃকৰণেৰে দুঃখিত। আপোনাৰ সু-স্বাস্থ্য কামনা কৰি শেষ কৰিলোঁ।

বিনীত

এচ. আলি

M.Sc. Ph.D., F.R.S

অমৰবাবুৱে মনোৰোগ চিকিৎসকৰ কাষলৈ যোৱা কথাটোত কোনো গুৰুত্ব নিদিলে। কাৰণ তেওঁ জানে কথাটো সঁচা। তেওঁ দুই-এটা সৰু-সুৰা পৰীক্ষা কৰি এই বিষয়ে নিশ্চিত হৈছে। যিদৰে স্কুলৰ পৰা ৰঙা ৰঙৰ চক লৈ আহিছিল। শূন্যত উঠি যোৱাৰ পিছত সেই ৰঙা ৰঙৰ চকেৰে ছাদত ডাঙৰ ডাঙৰকৈ লিখিছে-

“হে পৰম পিতা ঈশ্বৰ, তুমি মোক দয়া কৰা। তোমাৰ অপাৰ ৰহস্যৰ অলপমান মোকো দেখাই দিয়া। মই অন্ধ, তুমি মোক পথ দেখুওৱা। জ্ঞানৰ পোহৰ মোৰ হৃদয়ত প্ৰজ্বলিত কৰা। পথ দেখুওৱা পৰম পিতা।”

আৰু বহুত কিবাকিবি লিখাৰ মন আছিল। চকু ফুৰাই যোৱাহে গ’ল, লেখা নহ’ল। চক শেষ হৈ যায়, লিখা নহয়। এই লেখাটো ছাদত আছে। তেওঁ চালেই দেখা পায়। তদুপৰি যদিহে তেওঁ অকলে লেখাটো পালেহেঁতেন তেতিয়াও বুজা গ’লহেঁতেন যে সমস্যাটো মনৰ কিন্তু সেইটোও নহয়। আনেও লেখাটো পঢ়িব পাৰিছে। কালি আবেলি হেডমাষ্টৰ চাহাবে তেওঁক দেখা কৰিবলৈ আহি হঠাৎ বিস্মিত কণ্ঠেৰে কৈছিল ছাদত এইবোৰ কি লেখা? অমৰবাবুৱে সৰু মাতেৰে কৈছিল-

: প্ৰাৰ্থনা সংগীত।

: প্ৰাৰ্থনা সংগীত ছাদত লিখিলে কিয়?

: শুই শুই যাতে পঢ়িব পাৰি সেই বাবে।

: লিখিলে কেনেকৈ? জখলাৰে উঠিছিল নেকি?

অমৰবাবুৱে উত্তৰ নিদিলে। হেডমাষ্টৰ চাহাবে উত্তৰৰ বাবে কিছুক্ষণ অপেক্ষা কৰি কৈছিল-

: আপোনাৰ ছুটী শেষ হৈছে, আপুনি ছুটী আৰু বঢ়াব বিচাৰে নেকি?

: নাই নিবিচাৰোঁ।

: আপুনি আৰু কিছুদিন ছুটী লওক। শৰীৰটো এতিয়াও সুস্থ হোৱা বুলি মনে নধৰে। আপোনাক বৰ দুৰ্বল দেখা গৈছে।

: মোৰ গাটো যিধৰণে আছে সেই ধৰণেই থাকিব ছাৰ। আৰু ভাল নহ’ব।

: এইবোৰ কেনে ধৰণৰ কথা। কোনোবা ডাক্তৰক দেখাইছে নেকি?

: নাই দেখুওৱা।

: ডাক্তৰক দেখুওৱাব লাগিব। ডাক্তৰক নেদেখালে কেনেকৈ হ’ব? বিধুবাবুক দেখুৱাওক। বিধুবাবু এল. এম. এফ. হ’লেও ভাল ডাক্তৰ। যিয়ে কোনো ডাঙৰ ডাক্তৰৰ কাণ কাটি দিব পাৰে। বিধুবাবুক দেখুওৱাৰ কথা মনত থাকিব?

: হয় ছাৰ, থাকিব।

: নাই আপোনাৰ মনত নাথাকে। বৰঞ্চ ময়ে লৈ আহিম। আমাৰ সৰু ছোৱালীজনীৰ জ্বৰ। বিধুবাবুক ঘৰলৈ আহিবলৈ কৈছোঁ। আহিলে আপোনাৰ কাষলৈ পঠিয়াই দিম।

: বাৰু।

: এতিয়া তেন্তে উঠোঁ।

: অলপ বহক ছাৰ।

হেডমাষ্টৰ চাহাব উঠিবলৈ গৈও বহি পৰিছিল। তেওঁ অলপমান বিস্মিত, কাৰণ অমৰবাবুৱে একেথৰে ছাদৰ লেখাবোৰৰ ফালে চাই আছে। তেখেতক অসম্ভৱ চিন্তিত যেন লাগিছে। অমৰবাবুৱে লাহকৈ কৈছিল-

: আপোনাক এটা কথা ক’বলৈ বিচাৰিছোঁ ছাৰ- যদি আপুনি বেয়া নাপায়।

: কওক কি ক’ব খুজিছে। বেয়া পাবলৈ কি আছে?

অমৰবাবুৱে প্ৰায় ফুচফুচাই কৈছিল-

: মই শূন্যত ভাঁহি থাকিব পাৰোঁ।

: কি কৈছে বুজিব পৰা নাই।

: মই আপোনা-আপুনি শূন্যলৈ উঠি যাব পাৰোঁ।

: অ’ আচ্ছা।

হেডমাষ্টৰ চাহাবে ‘অ’ আচ্ছা’ এনেকুৱা ভংগীত কৈছিল যেন শূন্যত ভাঁহি থকাৰ কথাটো সদায় ঘটে। যদিও তেওঁৰ চকুলৈ চালে ভাব হয় তেওঁ বৰ চিন্তিত হৈছে।

: ছাদৰ লেখাবোৰ শূন্যত ভাঁহি ভাঁহি লিখা।

: অ’ আচ্ছা।

: মোৰ কথা আপোনাৰ বিশ্বাস হোৱা নাই?

হেডমাষ্টৰ চাহাবে একো উত্তৰ নিদিলে। অমৰবাবুৱে ক’লে-

: মই ছাৰ এই জীৱনত কেতিয়াও মিছা কথা কোৱা নাই। ল’ৰাকালত হয়তো কৈছিলোঁ, জ্ঞান হোৱাৰ পিছৰ পৰা নাই কোৱা।

: মই বিধুবাবুক পঠিয়াই দিম।

: বাৰু।

হেডমাষ্টৰ চাহাবে ইতস্ততঃঃ হৈ ক’লে-

: তেখেতক শূন্যত ওপঙি থকাৰ কথাটো ক’ব নালাগে। জনাজনি হ’ব। এই মানে…মানুহে হাঁহিব পাৰে।

: মই আপোনাকেই খোলাখুলি কৈছোঁ আৰু কাকো কোৱা নাই।

: ভাল কৰিছা। বৰ ভাল কৰিছা।

বিধুবাবু আহি অলপ সময় কথা-বতৰা পাতি যাবৰ সময়ত টোপনি অহাৰ ঔষধ দি থৈ গ’ল। কৈছিল-“দুঃস্বপ্ন নেদেখাৰ এটাই পথ। গভীৰ নিদ্ৰা। নিদ্ৰা পাতল হ’লেই মানুহে দুঃস্বপ্ন দেখে। মই ফোনোবাৰবিটন টেবলেট দি যাওঁ। শোৱাৰ আগত দুটাকৈ খাব।” অমৰবাবুৱে দুটা টেবলেট খাই শুবলৈ গ’ল। যদিও টোপনি যোৱাৰ আগত এটা কাম কৰিলে- কালিপদক কৈছিল- দীঘল এক গজ ৰছীৰে তেখেতক খাটখনৰ লগত ভালকৈ বান্ধি ৰাখিবলৈ। কালিপদ হতভম্ব হৈ চাই থাকিল। অমৰবাবুৱে বিৰক্তিৰে কৈছিল-

: মোৰ মূৰ বেয়া হোৱা নাই, ঠিকে আছে। তোক যি কৰিবলৈ কৈছোঁ কৰ। কথাটো কি পিছত বুজাই ক’ম। দীঘল চাই এক গজ ৰছী আন। টানকৈ মোক খাটৰ লগত বান্ধ।

কালিপদে সেইটোৱেই কৰিলে। যদিও বৰ অনিচ্ছাৰে।

অমৰবাবু টোপনি গৈছিল। টোপনিৰ টেবলেটৰ বাবে তেখেতৰ গভীৰ টোপনি হ’ল। বেলি উঠাৰ পিছত টোপনি ভাঙিল। তেওঁ দেখিছেল- তেতিয়াও খাটৰ লগত বান্ধা আছে যদিও খাটখন আগৰ ঠাইত নাই, কোঠাৰ মাজলৈ গুছি গৈছে। তাৰ এটাই অৰ্থ- খাটখনৰ সৈতে তেওঁ শূন্যত ভাঁহি আছিল। নমাৰ সময়ত খাটখন আগৰ ঠাইত নমা নাই। স্থানৰ পৰিৱৰ্তন হৈছে।

তেওঁ সেইদিনাই বিছনাপাতি লৈ ঘৰলৈ গুছি আহিল। অতসীয়ে তেখেতক দেখি কান্দি পেলালে। তেওঁ অস্বস্তিৰে ক’লে-

: কান্দিছ কিয়? কি হৈছে?

অতসীয়ে কান্দি কান্দি ক’লে-

: তোমাৰ গা ইমান বেয়া হৈছে কিয় বাবা? কি ভয়ংকৰ বেমাৰ হৈছে তোমাৰ?

: ভাল টোপনি নহয়। সেইবাবেই গাটো ভাল নহয়, ইয়াতেই কান্দিব লগা কি হ’ল?

: সকলোৱে আলোচনা কৰিছে তোমাৰ বোলে মাথা বেয়া হৈ গৈছে। কালিপদে বোলে ৰাতি ৰছীৰে তোমাক বান্ধি ৰাখে।

: কি যে অশান্তি! এবাৰেই বান্ধিব কৈছিলোঁ- তাৰ মাজতে এনে কাহিনী প্ৰচাৰ হৈছে?

: তোমাৰ কি হৈছে বাবা কোৱা?

: একো হোৱা নাই।

অমৰবাবু ছয়দিন ঘৰত থাকিল। এই ছয়দিনত এটা গুৰুত্বপূৰ্ণ তথ্য আৱিষ্কাৰ কৰিলে। শূন্যত ওপঙি থকাৰ ঘটনাটো তেওঁ অকলে অকলে থকাৰ সময়ত ঘটে। আন কোনোবা তেওঁৰ কাষত শুলে নঘটে। যি কেইৰাতি তেওঁৰ পত্নী তেওঁৰ লগত শুইছে সেই কেইৰাতি তেওঁ শূন্যত ভাঁহি থকা নাই। দুটা ৰাতি অকলে অকলে আছিল, দুয়ো ৰাতি শূন্যত উঠি গৈছে। পূজাৰ ছুটীৰ পিছত স্কুল নিয়মীয়াকৈ আৰম্ভ হ’ল। তেওঁ স্কুল নগ’ল। দীঘলীয়া ছুটীৰ দৰ্খাস্ত দিলে। আকৌ ঘৰ এৰি স্কুলৰ কোঠাত বাস কৰিবলৈ ধৰিলে। দীৰ্ঘদিন ঘৰত থাকি তেওঁ ভাল নাপায়। শূন্যলৈ যোৱাৰ ঘটনাটো সদায় ঘটিবলৈ ধৰিলে। আগতকৈও বেছি হ’বলৈ ধৰিলে। এতিয়া বিছনাত শোৱা মাত্ৰকে শূন্যলৈ উঠি যায়। গোটেই ৰাতি তাতেই পাৰ হয়। শেষ ৰাতিৰ ফালে তললৈ নামি আহে। ঘটনাটো ঘটে মাত্ৰ ৰাতি, দিনত নঘটে। কেতিয়াও নঘটে। আৰু আন কোনো মানুহৰ সন্মুখতো নঘটে। হেডছাৰ আৰু ইদ্ৰিছ ছাৰ উপৰাউপৰি দুইৰাতি অমৰবাবুৰ কোঠাত উজাগৰে বহি আছিল। ঘটনাটো কি চাবৰ বাবে। তেওঁলোকে এক মুহূৰ্তও চকুৰ পতা জপোৱা নাছিল। লাভ নহ’ল, একোৱেই নেদেখিলে। হেডছাৰে ক’লে-

: ঘটনাটো সম্পূৰ্ণৰূপে মানসিক।

অমৰবাবুৱে দুঃখিত মনেৰে কৈছিল-

: আপোনাৰ ধাৰণা কি মই পাগল হৈ গৈছোঁ?

: নাই, সেইটো নহয়। পাগল হ’ব কিয়? তথাপিও মোৰ ধাৰণা ঘটনাটো আপোনাৰ মনত ঘটিছে। এবাৰ ঢাকালৈ যাওক না, এজন মনোৰোগ বিশেষজ্ঞৰ লগত কথা পাতক।

: না।

: ক্ষতিতো একো নাই। বলক না।

: মই যাবলৈ বিচৰা নাই, কাৰণ মই জানো ঘটনাটো সঁচা। সঁচা নহ’লে ছাদত এই লেখাবোৰ মই কেনেকৈ লিখিলোঁ। দেখিছেই নহয় ঘৰত কোনো ধৰণৰ জখলা নাই।

হেডছাৰ মনে মনে আছিল। অমৰবাবুৱে কৈছিল-

: আপোনালোক কোঠাৰ বাহিৰত গৈ থিয় হওক, মই আকৌ শূন্যলৈ উঠি ছাদত এটা লেখা লিখিম।

হেডছাৰে কৈছিল-

: তাৰ প্ৰয়োজন নাই, কথা হৈছে আপুনি আমাৰ সন্মুখত কামটো কৰিব পৰা নাই কিয়?

: মই নাজানো। জানিলে ক’লোহেঁতেন। জানিবলৈ চেষ্টা কৰিছোঁ, দিন-ৰাতি এই লৈ ভাবি আছোঁ।

: ইমান ভবা-চিন্তা কৰাৰ দৰকাৰ নাই, আপুনি আমাৰ লগত ঢাকালৈ ব’লক। দুদিনৰ কথা। যাব, ডাক্তৰক দেখাব, ঘূৰি আহিব। মোৰ এইটো অনুৰোধ ৰাখক। প্লিজ। আপোনাৰ হয়তো লাভ নহয়, কিন্তু ক্ষতিও নহয়।

অমৰবাবু ঢাকালৈ গ’ল।

এজন অতি বিখ্যাত মনোৰোগ বিশেষজ্ঞই দীৰ্ঘ সময় ধৰি তেওঁক নানা প্ৰশ্ন কৰিলে। উপৰ্যুপৰি কেইবাদিনো তেওঁৰ কাষলৈ যাব লগা হ’ল। শেষৰ দিনা কৈছিল-

: আপোনাৰ যি হৈছে সেয়া এটা বেমাৰ। ইয়াৰ উৎপত্তি হৈছে অৱচেতনত। বিজ্ঞানৰ প্ৰতি আপোনাৰ তীব্ৰ অনুৰাগ। সেই অনুৰাগ ৰূপান্তৰিত হৈছে অৱচেতনত। কোনোবাই যেতিয়া বিজ্ঞানক অৱহেলা কৰে, তুচ্ছ-তাচ্ছিল্যৰে কথা কয় তেতিয়া আপুনি তীব্ৰ আঘাত পায়। এই আঘাত আপুনি আপোনাৰ একেবাৰে নিকটতম জনৰ পৰা পাইছে। যেনে ধৰক আপোনাৰ কন্যা। তাই বিজ্ঞান পঢ়া নাই। আৰ্টচ পঢ়িছে। এই তীব্ৰ আঘাত আপোনাৰ মনে গ্ৰহণ কৰিব পৰা নাই। আপোনাৰ অৱচেতন মনে ভাবিবলৈ আৰম্ভ কৰিছে- বিজ্ঞানৰ সূত্ৰ অভ্ৰান্ত নহয়। ভুল সূত্ৰও আছে। মাধ্যাকৰ্ষণ সূত্ৰও ভুল। এটা সময়ত অৱচেতন মনৰ ধাৰণা সঞ্চাৰিত হৈছে চেতন মনত। বুজিব পাৰিছে?

: নাই, বুজিব পৰা নাই।

: মূল কথাটো হ’ল, আপোনাৰ বেমাৰটো মনত।

: নাই-মই নিজে বিজ্ঞানৰ শিক্ষক। মই খুব ঠাণ্ডা মনেৰে বিচাৰ-বিবেচনা কৰিছোঁ। মই যে শূন্যলৈ উঠিব পাৰোঁ এইটো ভুল নহয়। পৰীক্ষিত সত্য।

: মূঠেও পৰীক্ষিত সত্য নহয়। আপোনাৰ বাহিৰে দ্বিতীয় এজন ব্যক্তিয়ে দেখা নাই যে আপুনি শূন্যত উপঙিছে। দেখিলেও কথা নাছিল, কোনোবাই দেখিছে নেকি?

:  নাই দেখা।

: মই ট্ৰাংকুলাইজাৰ জাতীয় কিছু ঔষধ দিছোঁ। নিয়মিত খাব, ব্যায়াম কৰিব। মন প্ৰফুল্লিত কৰি ৰাখিব। বিজ্ঞানৰ বিষয়ে কোনো ধৰণৰ পঢ়া-শুনা নকৰিব।

অমৰবাবুৱে দুঃখিত মনেৰে কৈছিল-

: আপুনি মোৰ কথা বিশ্বাস কৰা নাই, কিন্তু মই যি কৈছোঁ সচাঁ কৈছোঁ।

: ঘটনাটো হয়তো আপোনাৰ বাবে সঁচা কিন্তু সকলোৰে বাবে নহয়। আপুনি ঠাণ্ডা মগজুৰে চিন্তা কৰিলেও এই সিদ্ধান্তলৈকে আহিব৷

অমৰবাবু ভগ্ন হৃদয়েৰে ৰূপেশ্বৰলৈ ঘূৰি আহিছিল। স্কুলত যোগ নিদিলে। কিছুদিনৰ পিছত মাথা বেয়া হোৱাৰ সকলো লক্ষণ তেখেতৰ মাজত এটা এটাকৈ দেখা দিবলৈ ধৰিলে। বিৰবিৰাই কথা পাতে, অকলে অকলে খোজ কাঢ়ে। খোজকঢ়াৰ সময়ত চকু থাকে আকাশৰ ফালে। নিতান্তই অপৰিচিত কাৰোবাক দেখিলে থমকি ৰ’ব, শান্তভাৱে ক’ব-বেয়া নাপাব। আপুনি নিউটনৰ গতিসূত্ৰ জানেনে? পাগলামিৰ বহুত ধৰণৰ চিকিৎসা কৰা হ’ল। কোনো লাভ নহ’ল। বৰঞ্চ লক্ষণবোৰ আৰু বেছি প্ৰকট হ’বলৈ আৰম্ভ কৰিলে। গভীৰ ৰাতি ছাত্ৰবোৰৰ ঘৰত উপস্থিত হৈ উচ্চস্বৰত মাতে-জব্বাৰ ঐ জ্বব্বাৰ, উঠি আহাচোন বাবা। বৰ দৰকাৰ। জব্বাৰ উঠি আহিলে তেওঁ কৰুণ মাতেৰে কয়-নিউটনৰ সূত্ৰ মনত আছে? ভালদৰে পঢ়। এছ এছ ছিত আহিব। লগত অঙ্ক থাকিব- ভূমিৰ পৰা দহ ফুট উচ্চতাৰ পৰা ১ গ্ৰাম ভৰবিশিষ্ট এটা আপেল এৰি দিলে তাৰ গতিবেগ পাঁচ ফুট উচ্চতাত কিমান হ’ব? অঙ্কটো পটকৈ কৰ। মাধ্যাকৰ্ষণজনিত ত্বৰণ কিমান মনত আছেতো?

আমাৰ সমাজখনে পাগলৰ প্ৰতি বৰ নিষ্ঠুৰ আচৰণ কৰে। অমৰবাবুৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নহ’ল। বছৰটো নুঘূৰোঁতেই দেখা গ’ল সৰু সৰু ল’ৰা-ছোৱালীবোৰে তেওঁক দেখিলেই কয়- নিউটনৰ সূত্ৰটো কি জানো? অমৰবাবু দাঁত-মুখ কৰচি সিহঁতক খেদি যায়। সিহঁতে মজা পাই বৰকৈ হাঁহে। কাৰণ সিহঁতে জানে পাগলটোৱে শিশুবোৰক খেদে ঠিকেই- কেতিয়াও আক্ৰমণ নকৰে।

পুহৰ মাহ আৰম্ভ। হাড় কঁপোৱা ঠাণ্ডা পৰিছে। এই ঠাণ্ডাতো খালী গাৰে মাত্ৰ এখন ধুতি কঁকালত পিন্ধি অমৰবাবুৱে ৰাস্তাই ৰাস্তাই খোজ কাঢ়ে। নিউটনৰ সূত্ৰ মনত আছেনে নাই এই প্ৰশ্ন তেওঁ এতিয়া কোনো মানুহকে নকৰে? পশু-পক্ষী, কীট-পতঙ্গবোৰক কৰে। সিহঁতে কোনো কাৰণতেই প্ৰশ্নৰ উত্তৰ নিদিয়ে। তেওঁৰ তেতিয়া খং উঠে। ৰাতি দহটা মান বাজে। হিমশীতল ঠাণ্ডা। অমৰবাবুৱে এডাল কঁঠাল গছৰ তলত ৰৈ আছে। কঁঠাল গছৰ ডালত কেইবাটাও বাদুলি ওলমি আছে। তেওঁ বাদুলিবোৰক নিউটনৰ সূত্ৰ সম্পৰ্কে কৈ আছে। তেতিয়াই দেখা গ’ল- হাৰিকেন হাতত লৈ হেডছাৰ আহিছে। কঁঠাল গছৰ কাষলৈ আহি তেওঁ থমকি ৰ’ল। অমৰবাবুৰ ফালে চাই দুঃখিত মনেৰে ক’লে-

: কোন অমৰ?

: হয় ছাৰ।

: কি কৰিছা?

: বাদুলিবোৰৰ লগত কথা পাতিছিলোঁ ছাৰ।

: অ আচ্ছা।

: ইহঁতৰ লগত কথা ক’লে মনটো পাতল হয়। সিহঁতক নিউটনৰ সূত্ৰটো বুজাই দিছিলোঁ।

: এই ঠাণ্ডাত বাহিৰত ঘূৰিছা। ঘৰলৈ গৈ শোৱাগৈ।

: টোপনি নাহে ছাৰ।

হেডমাষ্টৰ চাহাবে ইতস্ততঃ হৈ কৈছিল-

: অমৰবাবু, এতিয়াও আপুনি কি শূন্যত ভাঁহি থাকে?

: নাই। ঢাকাৰ পৰা অহাৰ পিছত আৰু ভাঁহা নাই। যদি আকৌ কেতিয়াবা ভাঁহিব পাৰোঁ- আপোনাক ক’ম। মোৰ ইয়াতে থকাৰ ইচ্ছা নাই। ভাঁহি ভাঁহি দূৰ ক’ৰবালৈ গুছি যাবলৈ মন যায়।

: দূৰৰ ক’লৈ?

: মহাশূন্যত! অসীম দূৰত্বত। চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ সকলো এৰি।

: অ আচ্ছা।

: যোৱাৰ আগতে মই আপোনাক খবৰ দি যাম।

: আচ্ছা।

শীত পাৰ হৈ বৰ্ষা আহিল। অমৰবাবুৱে লোকালয় প্ৰায় ত্যাগ কৰিছিল। বেছি ভাগ সময় হাবিয়ে-জংঘলে থাকে। ৰূপেশ্বৰৰ পিছৰ গাঁও হলদিয়াৰ ঘন বনত আছে। এতিয়া সেইখন বনেই তেখেতৰ বাসস্থান। তেখেতৰ ছোৱালী অতসীয়ে প্ৰায়ে তেখেতক বিচাৰি আহে। নাপায়। ছোৱালীজনী বনে বনে ঘূৰে আৰু কান্দে। তেওঁ চাৰি-পাঁচদিনৰ মূৰত এবাৰ ওলায় আহে। তেখেতক দেখি আগৰ অমৰবাবু বুলি চিনাৰ কোনো উপায় নাই। যেন মানুহ নহয়-প্ৰেত বিশেষ। মূৰৰ চুলি-দাড়ি দীঘল দীঘল। হাতৰ নখবোৰো দীঘল হৈ গৈ গৈ চৰাইৰ ঠোটৰ দৰে বেঁকা হৈছে। স্বভাৱ-চৰিত্ৰও ভয়ংকৰ হৈছে। মানুহ দেখিলেই কামুৰিবলৈ আহে। ইটা-পাথৰ আদি মাৰে। এবাৰ স্থানীয় পোষ্টমাষ্টৰজনক ডিঙি চেপি প্ৰায় মাৰি পেলাবলৈ লৈছিল। সকলোৱেই তেওঁক এৰি চলে। অতসীৰ বিয়া হৈ গৈছে, তায়ো এতিয়া আৰু দেউতাকক বিচাৰি নাহে। চাওঁতে চাওঁতে এবছৰ পাৰ হৈ গ’ল। কাতি মাহ। অলপ অলপ ঠাণ্ডা পৰিছে। এঘাৰ মান বাজে। হেডছাৰে খোৱা-লোৱা কৰি শুই পৰিছে, হঠাৎ শুনিলে চোতালৰ পৰা অমৰবাবুৱে মাতিছে-

: ছাৰ! ছাৰ! ছাৰ সাৰে আছেনে?

: কোন?

: চাৰ মই অমৰ। অলপ বাহিৰলৈ আহিবনে?

হেডছাৰ আচৰিত হৈ বিছনাত উঠি বহিল। তেখেতৰ পত্নীয়ে কৈছিল-

: খবৰদাৰ, তুমি বাহিৰলৈ যাব নোৱাৰা। পগলা মানুহ- কি বা কৰে। শুই থাকা।

অমৰবাবুৱে আকৌ কাতৰতাৰে কৈছিল-

: অলপমান বাহিৰলৈ আহকচোন ছাৰ। বৰ জৰুৰী। বৰ বেছি জৰুৰী।

হেডচাৰ ভয়ে ভয়ে বাহিৰলৈ আহিল। বিস্মিত হৈ দেখিছিল যে তেখেতৰ ঘৰৰ সন্মুখৰ আমগছৰ সমান উচ্চতাত অমৰবাবু ভাঁহি আছে। অবিশ্বাস্য, অকল্পনীয় দৃশ্য। এজন মানুহ হঠাৎ শূন্যত ভাঁহিছে। তাৰ বাবে চৰাইৰ দৰে তেখেতে ডেউকা মাৰিবলগীয়া হোৱা নাই৷

: চাৰ চাওক মই ভাঁহি আছোঁ।

হেডছাৰে উত্তৰ দিব নোৱাৰিলে। প্ৰথম কেইটামান মুহূৰ্ত চকুৰ ভুল বুলি ভাব হৈছিল। এতিয়া সেইটো হোৱা নাই। ফটফটীয়া জোনাকৰ পোহৰ। দিনৰ পোহৰৰ দৰে সকলো দেখা গৈছে। তেওঁ স্পষ্টকৈ দেখিছে- অমৰবাবু শূন্যত ভাঁহি আছে। এইদৰে ভাঁহি ভাঁহি অলপমান আগুৱাই আহিল। সাতবজাৰ কাটাৰ দৰে মানুহজন শুই আছে। কি আশ্চৰ্যকৰ!

: ছাৰ দেখা পাইছে?

: অ’।

: আজি হঠাৎ শূন্যলৈ উঠি গ’লোঁ। বনৰ পৰা বাহিৰ ওলাই ৰূপেশ্বৰৰ ফালে আহি আছোঁ হঠাৎ গাটো পাতল হৈ গ’ল। চাওঁতে চাওঁতে দহ-বাৰ ফুট উঠি গ’লোঁ। প্ৰথমেই ভাবিলোঁ আপোনাক দেখাই যাওঁ। ভাঁহি ভাঁহিয়েই আহিলোঁ।

: আৰু কোনেও দেখা নাই?

: নাই। কেইবাটাও কুকুৰে দেখিছে। সিহঁতে ভয় খাই বৰ চিঞৰিছিল। এনেকৈ দেখাৰ অভ্যাস নাই যে। আপোনাৰ বিশ্বাস হৈছেনে ছাৰ?

: অ হৈছে।

: মই ঠিক কৰিছোঁ-ভাঁহি ভাঁহি মহাশূন্যত বিলীন হৈ যাম।

: অ’ আচ্ছা।

: মোৰ মূৰটো হয়তো বেয়া হৈ গৈছিল-অনবৰত দুখ কৰি থাকোঁ। এতিয়া দুখ নাই। আগতে কাকোৱেই চিনিব পৰা নাছিলোঁ। এতিয়া পাৰিছোঁ।

: শুনি ভাল লাগিছে অমৰবাবু।

: আন এটা কাৰণতো মনত বৰ শান্তি পাইছোঁ। কাৰণটো কওঁ- মহাশূন্যত ভঁহাৰ ৰহস্যটো ধৰিব পাৰিছোঁ।

হেডমাষ্টৰ চাহাবে আগ্ৰহেৰে ক’লে-

: ৰহস্যটো কি?

: ৰহস্যটো বৰ সাধাৰণ। ইমানদিনে কিয় ধৰিব পৰা নাছিলোঁ নাজানো কিন্তু ছাৰ আপোনাক ৰহস্যটোৰ কথা নকওঁ। ক’লে আপুনি শিকি যাব। তেতিয়া দেখা যাব সকলোৱেই শূন্যত ভাঁহিছে। এইটো ঠিক নহয়। প্ৰকৃতিয়ে সেইটো নিবিচাৰে। চাৰ যাওঁ।

অমৰবাবু ওপৰলৈ উঠিবলৈ ধৰিলে। বহুত বহুত ওপৰত। এটা সময়ত তেখেতক ক’লা বিন্দুৰ দৰে দেখা গ’ল। হেডচাৰৰ পত্নীয়ে হাৰিকেন হাতত লৈ বাৰান্দাত আহি ভীত কণ্ঠেৰে কৈছিল-

: কি কথা? পাগলটো ক’ত?

: গুছি গৈছে।

: তুমি বাহিৰত কিয়? ভিতৰলৈ আহি শোৱা।

তেওঁ কোঠালৈ আহি শুই পৰিল। অমৰবাবুক ইয়াৰ পিছত আৰু কোনেও এই অঞ্চলত দেখা নাই। হেডছাৰে সেই ৰাতিৰ কথা কাকোৱেই কোৱা নাই। কোনেও তেওঁৰ কথা বিশ্বাস নকৰে। সকলোৱেই পাগল বুলি ভাবিব। আৰু এবাৰ পাগল বুলি ভাবিবলৈ আৰম্ভ কৰিলে শেষ পৰ্যন্ত পগলা হ’ব লগা হয়- এইটোতো তেওঁ নিজ চকুৰে দেখিছিল।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.