ফটাঢোল

নিগনি আৰু মই (মূল : হৰিশংকৰ পৰছাই) অনুবাদ – পূৰৱী কটকী

ইচ্ছা কৰা হ’লে মই শীৰ্ষক নামটো “মই আৰু নিগনি” বুলিয়েই ৰাখিব পাৰিলোহেঁতেন, কিন্তু মোৰ এই অহঙ্কাৰ নিগনিটোৱে ভাঙি দিলে। যি মই কৰিব নোৱাৰোঁ সেই কাম মোৰ ঘৰৰ এটা সমান্য নিগনিয়ে কৰি পেলালে। যিটো এই দেশৰ সামান্য মানুহে কৰিব নোৱাৰে, সেই কামটো নিগনিটোৱে মোৰ ক্ষেত্ৰত কৰি দেখোৱাই দিলে।

এই ঘৰটোত এটা শকত নিগনি আছে। যেতিয়া সৰু ভাইটোৰ পত্নী আছিল, তেতিয়া ঘৰত ৰন্ধা-বঢ়া হৈছিল। ইয়াৰ মাজতে পাৰিবাৰিক দুৰ্ঘটনা, ভনী-জোঁৱাইৰ মৃত্যু আদি কথাৰ বাবেই আমি বাহিৰত আছিলোঁ।

সেই নিগনিটোৱে এইখনঘৰত খাবলৈ পোৱাটো তাৰ অধিকাৰ বুলি জানি গৈছিল। এনেকুৱা অধিকাৰ আজিলৈকে মানুহেই মানি ল’ব পৰা নাই কিন্তু নিগনিটোৱে মানি ল’লে।

প্ৰায় পঞ্চল্লিছ দিন ঘৰটো বন্ধ আছিল তাৰ পাছত মই অকলে ঘূৰি আহিলোঁ। ঘৰ খুলি দেখিলোঁ কেইবাটাও তিয়ঁহ মাটিত পৰি নষ্ট হৈ আছে, সি খাদ্য বিচাৰি চলাথ কৰিছিল চাগে খাদ্য নোপোৱাত টেমা আৰু তিয়ঁহত আহাৰ বিচাৰিছিল চাগে। নাপায় কিবা এটা খায় জীৱন নিৰ্বাহ কৰিছিল চাগে, কিন্তু ঘৰটো সি এৰি দিয়া নাছিল। সি এইখন ঘৰকে নিজৰ ঘৰ বুলি মানি লৈছিল।

মই যেতিয়া ঘৰত সোমাইছিলোঁ, লাইটটো জ্বলাই দিছিলোঁ তেতিয়া দেখিলোঁ যে সি আনন্দতে ইফালৰ পৰা সিফালে দৌৰিছিল। সি চাগে বুজি পাইছিল, এতিয়া এইখন ঘৰত আহাৰ ৰন্ধা হ’ব। টেমাবোৰ খোলা হ’ব, আৰু সি কিবা এটা খাবলৈ পাব। দিনটো আনন্দতে ঘৰৰ চাৰিওফালে ঘূৰি ফুৰিল, মই চায় থাকিলোঁ। তাৰ উল্লাসখিনি মোৰ ভালেই লাগিল। কিন্তু ঘৰত কোনোধৰণৰ খাদ্য ৰন্ধা আৰম্ভ নহ’ল। মই অকলে আছিলোঁ, আমাৰ ওচৰতে থকা ভন্তী এজনীৰ ঘৰত মই দিনৰ আহাৰ গ্ৰহণ কৰি আহোঁ, ৰাতি পলমকৈ খাওঁ বাবে ভণ্টিয়ে টিফিন দি পঠিয়াই। খায় মই টিফিন বন্ধ কৰি থৈ দিওঁ। নিগনিটো নিৰাশ হৈছিল। ভাবিছিল চাগে কেনেকুৱা ঘৰ, পোহৰো আছে অথচ খাদ্য ৰন্ধা হোৱা নাই। খাদ্য ৰন্ধাহেঁতেন ভাতৰ এটা বা দুটা দানা বা ৰুটীৰ কিছুমান টুকুৰা সি পালেহেঁতেন।

মোৰ এটা নতুন অনুভৱ হ’ল, ৰাতি নিগনিটো বাৰে বাৰে আহে মূৰৰ শিতানত থকা ধূপদানীটোত উঠি কোঁ-কোঁৱাই থাকে, ৰাতি কেইবাবাৰো মোৰ টোপনি ভাঙে আৰু মই তাক খেদোঁ। কিন্তু সি অলপ দেৰিৰ পাছত আকৌ আহি একেই আচৰণ কৰে।

সি ভোকত আছিল। কিন্তু মই আচৰিত হৈছিলোঁ যে সি মোৰ মূৰ আৰু ভৰিৰ পাৰ্থক্য কিদৰে জানিছিল। সি মোৰ ভৰিৰ পিনে গৈ একো খেলিমেলি কৰা নাছিল। মূৰৰ ফালে আহিহে লৰচৰ কৰি থাকিছিল। এদিন সি ধূপদানীটোত সোমায় গ’ল, মই বৰ চিন্তিত আছিলোঁ, কি কৰোঁ ! ইয়াক মাৰোঁ আৰু ই যদি কোনোবা আলমাৰিৰ তলত সোমায় মৰি যায়, ই গেলিবলৈ ধৰিব আৰু গোটেই দুৰ্গন্ধময় হ’ব। তাৰ পাছত গধুৰ আলমাৰি আঁতৰাই তাক উলিয়াব লাগিব।
নিগনিটোৱে দিনটো ইফাল-সিফাল কৰিব আৰু ৰাতি মোক আমনি কৰিব। মোৰ টোপনি ধৰে কিন্তু নিগনিটোৱে মোৰ মূৰৰ ওচৰত খচমচাই থাকে।

অৱশেষত এদিন মই বুজি পালোঁ যে নিগনিটোক আহাৰ লাগে। সি এই ঘৰটোক নিজৰ ঘৰ হিচাপে মানি ল’লে, সি নিজৰ অধিকাৰৰ প্ৰতি সচেতন আছিল। সি যেন ৰাতিটো মূৰৰ শিতানত মোক কয়, “তইতো আহি গ’লি, নিজে পেট ভাৰায় খাইছ, কিন্তু মই ভোকত মৰিছোঁ। মই এই ঘৰখনৰ সদস্য, মোৰো অধিকাৰ আছে। মই তোৰ টোপনি নোহোৱা কৰি দিম। “

তেতিয়া মই তাৰ দাবী মানি ল’বলৈ উপায় উলিয়ালোঁ।
ৰাতি মই টিফিনটো খুলিলোঁ, পাপৰৰ টুকুৰা কিছুমান য’তে ত’তে দি দিলোঁ, নিগনিটো কৰবাৰ পৰা আহি তাৰে এটুকুৰা লৈ আলমাৰিৰ তলত বহি খাবলৈ ধৰিলে। ভোজন সম্পূৰ্ণ কৰাৰ পাছত মই ৰুটীৰ কিছুমান টুকুৰা মজিয়াত ছটিয়াই দিলোঁ। ৰাতিপুৱা দেখিলোঁ সি সকলোবোৰ খায় পেলালে। এদিন ভণ্টিয়ে চাউলৰ পিঠা দি পঠিয়ালে, মই তিনি চাৰি টুকুৰা মজিয়াত দি দিলোঁ, নিগনিটোৱে আহি শুঙি চায় গুচি গ’ল। সি চাগে ভাল নাপায়। মই নিগনিৰ পচন্দৰ অনুযায়ী কিছুমান ৰুটীৰ টুকুৰা দি দিলোঁ। সি এটুকুৰাৰ পাছত সিটুকুৰা নিবলৈ ধৰিলে। এতিয়া মোৰ এইটো দৈনন্দিন কাম হৈ গৈছিল। মই টিফিন খোলোঁ, দূৰৈৰ পৰা নিগনিটোৱে চায় থাকে। মই এক-দুই টুকুৰা দলিয়াই দিওঁ, সি তুলি লৈ যায়। কিন্তু সেই টুকুৰাকেইটাৰে তাৰ ভোক শান্ত নহয়৷ মই ভোজন কৰি ৰুটীৰ টুকুৰা মজিয়াত দলিয়াই দিওঁ সি ৰাতি সেইবোৰ খায় শুই থাকে।

আনফালে মই শান্তিৰে টোপনি যাওঁ। নিগনিটোৱে মোৰ মূৰৰ ওচৰত গন্দগোল নকৰে। তাৰ পাছত সি কৰবাৰ পৰা তাৰ ভায়েক এটাক লৈ আহিলে ক’লে চাগে, ” ব’ল, মোৰ লগত সেই ঘৰলৈ, মই সেই ৰুটীৱালাটোক আমনি কৰি, ভয় খোৱাই মোৰ ভাগৰ খাদ্য মুকলি কৰি ল’লোঁ। ব’ল দুয়োটাই খাম, তাৰ বাপেকেও আমাক খাদ্য দিব। ন’হলে আমি তাক শান্তিৰে শুৱলৈ নিদিওঁ। কাৰণ আমাৰো অধিকাৰ আছে।” এতিয়া দুয়োটা নিগনিয়ে মজ্জাচে খায়। কিন্তু মই চিন্তা কৰোঁ ,”মানুহ কি নিগনিতকৈও অধস্থ হৈ গৈছে! নিগনিয়েতো নিজৰ অধিকাৰৰ বাবে মোৰ মূৰত উঠি, মোৰ টোপনি নাইকিয়া কৰি দিছিল।”

এই দেশৰ মানুহে কেতিয়া নিগনিৰ দৰে আচৰণ কৰিব!
☆★☆★☆

One comment

  • হেমন্ত কাকতি

    বৰ ভাল অনুবাদ পূৰ্বী! মজা লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.