ফটাঢোল

নিচা – ধূৰ্জ্জটি কাকতি

: আলমৰ দোকান কোনখন?

মোৰ প্ৰশ্নটোৰ উত্তৰত মোবাইলত চকু নিৱদ্ধ ল’ৰাজনে মোৰফালে মূৰ তুলি চালে আৰু নিৰুদ্বেগ ভাবে ক’লে “দোকান বন্ধ আছে।”

: বন্ধ নে খোলা মই সোধা নাই, কোনখনহে সুধিছোঁ‌?

: মাল লাগে নেকি?

: ও মাল লাগে৷

: কোনে ক’লে ইয়াত মাল পাই বুলি?

: ৰাজীৱদাই ক’লে৷ 

: আচ্ছা, আহক৷ মই আলমৰ ভতিজা৷ 

এইবাৰ তাৰ মাত কোমল হ’ল।

বুজিলোঁ‌ আলমৰ ভতিজা চোৰাংচোৱাহে৷ আলমে  বাহিৰত পুলিচৰ ওপৰত চকু দিবলৈ ৰখাই থৈছে৷

ৰাজীৱে কালি ফোন কৰিছিলে, গোটেই এৰিয়াত লকডাউনত অকল আলমৰ দোকানতহে বোলে মালটো বেচি আছে৷ কিন্তু তাকো লিমিটেড ষ্টক  থাকে৷ পুলিচৰ ভয়ত বোলে বেছি নাৰাখে৷ কেনেবাকৈ পুলিচে গম পাই জব্দ কৰিলে বহু টকাৰ লোকচান হয় বুলি। কালি ৰাজীৱে আনিলে, মোক বাৰটাৰ আগত  আহিব দিছিলে, বাৰটাৰ পাছত পোৱা দিগদাৰ বোলে৷ মই বাৰু আহি এঘাৰটাতেই পালোঁ‌হি৷ যিটোহে খোৱাৰ ইচ্ছা জাগিছে ৰখিব নোৱাৰি।

এইকেইদিনত এটা কথা বুজিছোঁ‌৷ কিছুমান বস্তুৰ মহত্ত্ব, বস্তুটো নেপালেহে বুজা যায়৷ মই ৰেগুলাৰ নেখাওঁ বাৰু বস্তুটো, যিহেতু শৰীৰৰ কাৰণে বৰ এটা ভাল নহয়৷ প্ৰেচাৰ, কলেষ্ট্ৰোলৰ কাৰণে ডাক্তৰেও মাজে মাজেহে খাবলৈ কয়৷ স্বাস্থ্য সচেতন ব্যক্তি হিচাপে মই মাজে মাজেই খাওঁ৷ কিন্তু তথাপি যোৱা নদিন খাব নোপোৱাৰ কাৰণেই নে বন্ধ হৈ থকাৰ বাবেই নেজানো খোৱাৰ কিবা তীব্ৰ ইচ্ছা এটা জাগিছে৷ হয়তো নিষিদ্ধ হৈ থকা বস্তু এটা খোৱাৰ ৰোমাঞ্চো হ’ব পাৰে৷ যিয়েই নহওক খোৱাৰ ইচ্ছাটো তীব্ৰ৷ গতিকে পুলিচৰ পৰা লুকাই চুৰকৈ হ’লেও আজি আহি আলমৰ দোকান পাইছোহি৷ ইয়াকে চাগৈ নিচা বুলি কয়৷

: চাহাব কিমান মাল লাগে৷ 

ক’লা শকত আৱত থুলন্তৰ চেহেৰাৰ মানুহটো দেখি বুজিলোঁ‌ ইয়ে আলম৷ তাৰ চেহেৰা দেখি গম পাই পুলিচৰ পৰা লুকাই বেচিব পাৰিব বুলি৷

: হাফ দিয়া।

: পাঁচশ টকা দিয়ক।

: পাঁচশ? এনেই হাফত তিনিশহে লয়৷ 

: চাহাব কিমান ৰিস্কত বেচি আছোঁ, লুকাই লুকাই আনিছোঁ‌৷ অলপটো দাম ল’মেই৷ উপায় নাই, লাগে যদি কওক৷ 

অলপ দেৰি ভাবিলোঁ‌ ইমান দামত কিনাতকৈ লকডাউন খোলালৈকে ৰখোৱেই নেকি কেইদিনমান। তাৰপাচত ভাবিলোঁ‌ যিটোহে ইচ্ছা গৈছে ৰ’ব নোৱাৰো আৰু৷ দাম ভৰিয়ে খাব লাগিব।

: হ’ব ল, পাঁচশ টকা৷

: আপুনি চাইদত ৰখক, অলপ মেইণ্টেইনেন্স কৰক৷ অলপ দেৰি ভাবিলোঁ‌ কি মেইণ্টেইনেন্স কৰিবলৈ দিলে৷ অলপ পাছতহে বুজিলোঁ‌ চচিয়েল ডিষ্টেন্স মেইণ্টেইন কৰিবলৈ দিছে৷ এটা কথা কিন্তু কৰোণাই কিবা কৰক নকৰক, ইংৰাজী শব্দ কিছুমানৰ সঁচাকৈয়ে বহুত ক্ষতি কৰিছে৷ কি শব্দ কাৰ মুখত গৈ  কি হৈছে ঠিক নাই৷ ইংৰাজে ভাৰতীয়ৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিশোধ আজি ভাৰতীয়ই সিহঁতৰ মাতৃভাষাৰ ওপৰতে লৈছে৷ 

সি তাৰ বন্ধ দোকানৰ দৰ্জাত গৈ টোকৰ মাৰি ক’লে,

“হাফ দো৷”

বাহ কি কাৰবাৰ, ভিতৰত বেলেগ মানুহ ৰাখি থৈছে৷ দোকানখন ভিতৰৰ পৰা বন্ধ৷ পুলিচে ক’ত পাত্তা পাব৷

দৰ্জাৰে সৰু ফাঁক এটা কৰি, ক’লা প্লাষ্টিকৰ টোপোলাটো ভিতৰৰ পৰা হাত এখনে দিলে আৰু লগালগ ফাঁকটো লগতে দৰ্জাখন বন্ধ হৈ গ’ল৷ মোৰ ওচৰলৈ আহি টোপোলাটো মনে মনে মোৰ হাতত দি কলে, “জল্দি যাওক চাহাব।” লগালগ টোপোলা মোৰ বেগত সোমাই বাইক লৈ প্ৰায় দৌৰি অহা দি আহিলোঁ‌৷ ইফালে সিফালে চালোঁ‌৷ নাই কোনো পুলিচ নাই৷

মনটো ভাল লাগি গ’ল, এডভেঞ্চাৰ এটাহে হ’ল যেন৷ কিবা যুদ্ধত জিকাৰ দৰে অভিজ্ঞতা৷ কিমান মনে মনে লুকাই আহি হ’লেও যে পালোঁ‌ মালটো৷ 

সম্পূৰ্ণ ন দিনৰ মূৰত আজি মালটো মানে পঠা মাংস খাম৷ আধা কেজিত পাঁচশ টকা ল’লে, দাম অলপ বেছি পৰিলে, কথা নাই বাৰু। কিন্তু খোৱাৰ যিটো তীব্ৰ নিচা এটা হৈছিলে আজি যে পূৰণ যে হ’ব সেইটোৱেই মেইন৷ বাইক কিক মাৰিলোঁ‌, ৰ’বলৈ নাই চিধা ঘৰ  আৰু৷

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published.