ফটাঢোল

নিজৰ কাৰনামা-শ্ৰুতিমালা মিশ্ৰ

(১)

সৰুতে গাঁৱত যেতিয়া আছিলোঁ তেতিয়া কাষৰ এলপি স্কুলখনলৈ এনেই পঢ়িবলৈ গৈছিলোঁ। ঘৰত মা-পাপা দুয়ো নাথাকে কাৰণে, ঘৰত থকাতকৈ স্কুলতে দুটামান আখৰ শিককগৈ বুলি মাষ্টৰনী মায়ে পঠিয়াই দিছিল। অংকৰ ক্লাছটো মহা বʼৰিং ক্লাছ আছিল। তাতে আৰু অংকত মই মহাগাধা আছিলোঁ। তেখেতক দেখা পালেই জ্বৰ উঠিছিল৷ আমাৰ সকলোৰে মতি গতি বাইদেৱে ভালকৈয়ে বুজি পাইছিল৷ গতিকে অংক পঢ়োৱা বাইদেউগৰাকী আহিয়েই ক্লাছত সোমাই মোৰ লগতে স্কুলৰ ভিতৰতে নামজ্বলা গাধাকেইটাক গাঁৱৰ মানুহৰ ঘৰলৈ হাঁহৰ ডিম, পাৰৰ পোৱালী, শাক-পাচলি কাৰ ঘৰত আছে সেইবোৰ বিচাৰিবলৈ পঠিয়ায়। লগতে কৈ পঠিয়ায় যে, তহঁত গাধাকেইটাই পঢ়ি পণ্ডিত হ’ব নালাগে, এনেয়ো যি পঢ়াৰ মূৰ্তি তহঁতৰ চতুৰ্থ শ্ৰেণীলৈকে যে তহঁতে প্ৰমোচন পাই পাছ কৰিবি তাত মোৰ সন্দেহ আছে। গতিকে আমিও ভালপাওঁ, কাৰণ এইটোৰ বিনিময়ত বʼৰিং অংকৰ ক্লাছটো কৰিব নালাগে। গতিকে হাঁহৰ ডিম, পাৰৰ পোৱালী, শাক-পাচলি বিচাৰিবলৈ গৈ একঘণ্টাৰ ঠাইত দুঘণ্টা লগাওঁ। তাতো যে কিমান বিসংগতি৷ হাঁহৰ পোৱালীৰ হিচাপত কেতিয়াবা কণীও ধৰি দিওঁ৷ আমাৰ লজিক এইটোৱে আছিল যে দুদিন পাছত ডিম ফুটি পোৱালী হ’বয়েই!

গাঁৱত থকা বছৰকেইটাত ধিতিঙালি কৰিয়েই পাৰ কৰিলোঁ। পিছলৈ নলবাৰীত আহি নতুন স্কুলত নাম লগাই দিনে-ৰাতিয়ে পঢ়িবলগীয়াত ফচিলোঁ।

                                                                                                                             (২)

নতুনকৈ কলেজলৈ গৈ বন্ধু গোটালোঁ। মোৰ খুব ক্লʼজ বান্ধৱীজনী আছিল বড়ো জনজাতিৰ ছোৱালী। তাইৰপৰা কলেজীয়া দিনত বহুকেইটা বড়ো শব্দ শিকিছিলোঁ যদিও দুই-এটা বাদ দি এতিয়া বহুখিনি পাহৰিছোঁ। তাই থাকে পেয়িং গেষ্ট এটাত। বিৰাট স্পীডত খোজকাঢ়ে তাই। সেইখিনিৰ উদঙীয়া লʼৰাকেইটাই তাইৰ নাম থʼলে ‘ৰাজধানী এক্সপ্ৰেছ’। এদিন কলেজৰপৰা তাইৰ ৰূমলৈ গৈ আছোঁ। বাটতে পালে নহয় দুটা কুকুৰে। দুয়োকে বাৰে বাৰে খেদি আহে। মুঠতে সেইখিনিৰপৰা এখোজো লৰিব নোৱাৰা অৱস্থা দুয়োৰে। তাইৰ ৰূমৰ ওচৰতে মাৰোৱাৰী ব্যৱসায়ী এগৰাকীৰ দোকান এখন আছিল। দোকানীজনৰ নাম হনুমান জৈন। আমি দুয়োজনীয়ে তেখেতক মাতো ‘হনুমান আংকল’। দিনেই বেয়া আছিল, তাতে পিন্ধনত আছিল ৰঙা ৰঙৰ চেলোৱাৰ। কুকুৰেও দিলে খেদা, দুয়োজনী ভয়তে দৌৰ দিলোঁ। এফালে ৰাজধানী এক্সপ্ৰেছ আৰু মই, আনফালে কুকুৰ দুটা৷ ট্ৰেইন ট্ৰেকৰপৰা লাইনচ্যুত হোৱাৰ দৰে আমি গৈ হামখুৰি খাই হনুমান আংকলৰ দোকানৰ সন্মুখৰ আয়নাৰ বাকচটোৰে সৈতে দুয়োজনী ধুপুচকৈ পৰিলোঁ। সেইটো হনুমান আংকলৰ বৰ সযতনে ৰখা বস্তু এটাৰ ভিতৰত অন্যতম৷ হনুমান আংকলে মূৰে-কঁপালে হাত দি বহি পৰিল আৰু হতাশাগ্ৰস্ত হৈ এটাই শব্দ কʼলে – “সত্যনাশ”।

(৩)

যোৱা পাঁচ বছৰ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় দুখনত কাম কৰি আছিলোঁ। লেতেৰা-পেতেৰা পৰিৱেশ অলপ বেয়া পাওঁ। হʼলেও মালিক পক্ষৰ আগত কিবা কʼবলৈয়ো দহবাৰমান ভাবিবলগীয়া হয়। এদিন ৰাতিপুৱাৰ ক্লাছটো কৰিবলৈ গৈয়েই দেখিছোঁ আনটো ব্লকৰ ক্লাছ ৰূমৰ আগৰ বাৰাণ্ডাখন দুনীয়াৰ ছাগলীৰ লাডেৰে ভৰ্তি হৈ আছে। দেখিয়েই বিৰক্ত হৈ গʼলোঁ। চাফা কৰাব লাগে বুলি কোৱাৰো স্বাধীনতা নাই। গতিকে কমেডীৰ ভঁৰালটো খুলি আইডিয়া এটা ইউজ কৰিলোঁ। কমন ৰূমত সৱেই ব্ৰেণ্ডেড কাপোৰ আৰু ছেণ্ডেল, জোতা এইবোৰ পিন্ধি আহি ভৰিৰ ওপৰত ভৰি তুলি ফেচবুক কৰি দেশ-বিদেশৰ কথা আলোচনা কৰি আছে। দুই একে চাৰিআলিৰ চ’কৰ নতুন মিঠাই দোকানখনৰ ৰসগোল্লাৰ সোৱাদৰ কথাও আলোচনা কৰি আছে৷ ময়ো লাহেকৈ মাত দিলোঁ –

: ছাৰ, আজিকালি আমাৰ কলেজৰ সন্মুখত কʼলা ৰঙৰ বুন্দিয়া বনোৱা দোকান এখন দিছে বুলি গম পায়নে আপোনালোকে?

এক মিনিটমান সময় সকলো স্তব্ধ হৈ বাহিৰলৈ চালে৷ তাৰ পাছত সৱৰেই হাঁহি হাঁহি পেটৰ নাড়ী ডাল ডাল।
: কʼলা বুন্দিয়া, কʼত দেখিলাহে?

: ছাৰ, আমাৰ বি চেক্সনৰ সন্মুখৰ বাৰাণ্ডাত।

লগে লগে সৱেই হাঁহিত ফাটি পৰিল যদিও পিছৰ ক্লাছটোৰ সময়ত সেইফালে যাওঁতে বাৰাণ্ডা চাফা হৈ থকা দেখিলোঁ।

(৪)

কটন বিশ্ববিদ্যালয়ৰ মই ছাত্ৰী আছিলোঁ, এতিয়াও তাতেই ছাত্ৰী হৈয়েই আছোঁ। আমাৰ ডিপাৰ্টমেণ্টৰ দুজন বিয়াৰাৰ, তাৰে এজনৰ নাম চন্দ্ৰ। চন্দ্ৰদাই মোক ডিগ্ৰী পঢ়াৰপৰাই “ভণ্টি” বুলিয়েই মাতে। আগতে গুৱাহাটীতে আছিলোঁ। এইবছৰ পিএইছডিৰ কোৰ্চৱৰ্কৰ ক্লাছ কৰিবৰ কাৰণে প্ৰায়েই ৰাতিপুৱাই ইণ্টাৰচিটী বা মানস ৰাইনোত যাওঁ গুৱাহাটীলৈ। কিন্তু কেতিয়াবা সময়ত ট্ৰেইন ধৰিব নোৱাৰিলে বাছতো যাওঁ। বাছত গʼলে মাজে-সময়ে চন্দ্ৰদাকো লগ পাওঁ, লগ পালেই মাতষাৰ দিওঁ

: অʼ চন্দ্ৰদা, ভালনে খবৰ?

চন্দ্ৰদায়ো মাতষাৰ দিয়ে। এদিন বাছত উঠিয়েই তেখেতে মোক দেখিলে আৰু লগে লগে মাত দিছে,

: অʼ ভণ্টি, আইছা? দে দে বহ।

চন্দ্ৰদাক দেখি ময়ো ধেমালি কৰিম বুলিয়েই কʼলোঁ –

: কিহে চন্দ্ৰদা, আজি দেখোন ৰাতিৰ সলনি দিনতেই দেখা দিলে।

চন্দ্ৰদা আৰু ওচৰে-পাঁজৰে থকা মানুহখিনি হাঁহিত ফাটি পৰিল মোৰ ৰিপ্লাই শুনি।

(৫)

মোৰ আৰু এগৰাকী সৰুৰেপৰাই খাচ বান্ধৱীও এখন মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী। বাৰিষাৰ দিন, মই কিবা এটা কথাৰ কাৰণে তাইৰ ঘৰলৈ গৈছোঁ। বাৰাণ্ডাৰ চিৰিৰ তলতে ভৰিৰ পাদুকাযোৰ খুলি তাইক মাত দিলোঁ,

: অ’ নৱ, কি কইচ্ছা? আছাহ না?

তায়ো লগে লগে উত্তৰ দিছে-

: অʼ আছু ৰহ বহী চাই। আহ ভিতৰোকলেগি।

মই –

: বহি কিয়া চাই আছা? থিয়া দি চাবাপাৰা নাই নেকি?

তাইৰ মাকে কাষতে বহি চাহ খাই আছিল, মোৰ উত্তৰ শুনি মুখৰপৰা চাহ ফোঁৱাৰাৰ দৰে চিটিকি পৰিল।

☆ ★ ☆ ★ ☆

10 Comments

  • বন্দিতা জৈন

    😂😂😂

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ধন্যবাদ জনালোঁ আপোনাক বা

    Reply
  • কমলা দাস

    গোটেই কেইটা মজা লাগিল😂😂😂

    Reply
  • Prodip Borah

    সাংঘাতিক কাহিনী ৷

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ

    Reply
  • Mrigen sarma

    Hundor. Kolom tiknotor haok…. Chandra k moi cotton r dinot din rati uvoyote dekhisilu baidew😃

    Reply
  • ভাল লাগিল পঢ়ি৷ সুন্দৰকৈ লিখিছা৷ লিখি থাকিবা৷

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    অশেষ ধন্যবাদ সকলোলৈকে 🙏

    Reply
  • Jasmine Nissa

    Bohut dhunia likhiso Shruti…porhi vhal lagil enek likhi thakibi tetiahe Ami hahi Bo parim

    Reply
  • নীতাশ্ৰী

    😂😂😂

    Reply

Leave a Reply

Your email address will not be published.