ফটাঢোল

নিমখৰ পাত্ৰ : পল্লবী কলিতা

দুদিনীয়া চুটিত শহুৰৰ ঘৰলৈ বুলি ওলালোঁ‌ আমাৰ পৰিয়ালটো। এৰাতি তাত আৰু এৰাতি মাৰ ঘৰত থাকিমগৈ। ঘৰ গৈ পাই গম পালোঁ‌ দেৱৰৰ ভিষণ য়ুৰিক এচিড(uric acid)। ঘৰত আলোচনাৰ মেইণ টপিক সেইয়াই হ’ল আমাৰ। পিছদিনা যাব ওলাইছোঁ‌ কিন্তু কথাৰ ভমকত সিফালে যাবলৈ দেৰিয়ে হৈছেগৈ। আকৌ মাহঁ‌তৰ ফোনৰ উপৰি ফোন! কেতিয়া আহিবি, কেতিয়া আহিবি– বুলি, দিনৰ সাঁজ ৰাতিলৈহে খাবিহি নেকি! মানুহটো ইপিনে মাকৰ লগত কথা পাতি আছে পাতি আছে,পাতিয়েই আছে। মইনো কি কম! গৈ আছোঁ‌ বুলি বাৰে বাৰে ফাঁকি মাৰি আছোঁ‌ আৰু!

অৱশেষত ঘৰৰ পৰা ওলালোঁ‌। মাৰ ঘৰ পাওঁতে পাওঁতে দেৰিয়ে হ’ল। পায়েই দুৱাৰ মুখতে মায়ে কেঁৰা চকুৰে চাই ক’লে, “ইমান সোনকালে আহিলি যে? ৰাতি হোৱাই নাই দেখোন!” মোৰো উঠিল খং, গেজেৰা মাৰি কৈ উঠিলোঁ‌– “তোমালোকৰ অকল খোৱা খোৱা খোৱা হে, সিফালে দেৱৰৰ ইউটেৰাচত (Utreus) প্ৰবলেম হৈছে। হুলস্থুলৰ কোবত চবেই “অহ! হয় নেকি? হ’ব দে এতিয়া প্ৰথমে ভাত খাই ল’ তাৰ পাছত কথা পাতিম।”…..

ভাত বাঢ়ে মানে মোৰ মানুহটো ওপৰলৈ গৈ মনে মনে ভায়েকক ফোন কৰি “ঐ বৌয়েৰে ইয়ালৈ আহি কি কৈছে জান? তোৰ বোলে য়ুট্ৰিয়াচত প্ৰবলেম পাইছে।”

মোৰ দেৱৰটোও কম নিকি! সি জানেই আৰু বৌয়েক কি বস্তু। সি্যো লগালগ উত্তৰ দি ক’লে, “দাদা তই নবৌক কৈ দিবি, যে মোৰ ইউটেৰাচটো কাটি শুকুৱাই এতিয়া নিমখ থোৱা পাত্ৰ কৰি থৈছোঁ‌। চিন্তা কৰিবলৈ মানা কৰিবি, লগতে মাহঁ‌তকো।”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.