ফটাঢোল

নিমখ ভণ্টি আৰু মোৰ সোণালী স্মৃতি – পদ্মজা বৰুৱা মহন

প্ৰায় পাঁচবছৰমানেই হ’ল পেহীদেউহঁতৰ ঘৰলৈ নোযোৱা। সংসাৰৰ বিভিন্ন লেঠাৰপৰা ওলাবই নোৱাৰি। সিদিনা বোলো যাওঁ। আবেলি খাই বৈ গধূলী পেহা-পেহী, ভণ্টিহঁতৰ লগত কথা চোবাই আছোঁ।তেনেতে বাহিৰত পেহীক মতা শুনিলোঁ৷

: অ’ খুৰীদেউ। শুলেই নি। নিমখ ভণ্টি আহিছে বোলে বহুদিনৰ মূৰত। চাই মাত এষাৰ লগাওঁ বুলি আহিলোঁ৷

ভিতৰত মই আচৰিত হ’লোঁ। নিমখ ভণ্টি! পেহীৰ ছোৱালীয়েহে মনত পেলাই দিলে, সোণটো দাদাহঁত আহিছে।(সোণটো সিহঁতৰ পৰিয়ালৰ নিচায়েকৰ ল’ৰা।)

: এ মিনিবা, সৰু দাইৰ বিয়াত যে..মনত নাই..!

অ’ এতিয়াহে মনত পৰিল। মনত পৰি হাঁহিও উঠিল৷ ঘটনাটো কেবাবছৰো আগৰ। পেহীৰ দেওৰেকৰ মানে সৰুপেহাৰ বিয়া আছিল। তেতিয়া মই পাটগাভৰু। পেহীৰ ঘৰৰ বিয়া বুলি বিয়াৰ দুদিন আগতে গ’লোঁ।গোটেইখন একেবাৰে উদূলি মুদুলি। কাম-বনৰ মাজতে ডেকা-গাভৰুৰ মাজত জোকোৱা-জোকোৱি। মই আলহী ছোৱালী পাই ওলাবই নোৱাৰোঁ, কোনোবাই নহয় কোনোবাই কিবা এষাৰ কৈ জোকাবই। এনেয়েও তেতিয়া অলপ লাজটো বেছি আছিল। বিয়াৰ আগদিনা মানে মূৰত তেল দিয়াৰ দিনাও পুৱাৰ পৰাই বিয়াঘৰত বহু মানুহে কাম কৰি আছিল। কোনোবাই ৰভা সজাইছে, কোনোবাই খৰি-কাঠ গোটাইছে, কোনোবাই চাফ-চিকুণত লাগিছে। মই কাম বিচাৰি নোপোৱা দেখি পেহীয়ে ক’লে,

: ভণ্টি, পাকঘৰৰ ওপৰৰ চেল্ফত নতুনকৈ অনা জাৰ কেইটামান আৰু গিলাচ-বাতি আছে, তই সেইবোৰ ধুবলে নমাগৈ যা।

মই হয়ভৰ দি নমাবলৈ লওঁতেই কেনেকৈ জানো চেল্ফৰপৰা গৰগৰকে খহি আহি গোটেই সোপা তলত পৰিলহি। জাৰকেইটা ইটোৰ ওপৰত সিটো খাপ খুৱাই থোৱা আছিল। একেবাৰে ওপৰৰটোত আঁক এটা দেখিলোঁ। ধুই মেলি পানী ভৰাবলৈ লৈ দেখিলোঁ, পানী নিগৰি ওলাই আহিছে। ও…..বপুৰা ফাটিল তাৰমানে।পেহীক ক’লোঁ,

: অ’ পেহী পানী নৰয়। কি কৰোঁ এতিয়া।

তেওঁ বোলে,

: ইমান ধুনীয়া নতুন জাৰটো, পেলাই দিবলৈও মন যোৱা নাই। আঁক এটাহে বহিছে। ফটা বুলি ধৰিবই নোৱাৰি। তই এটা কাম কৰ নহ’লে, নিমখৰ পেকেটটো খুলি তাত নিমখকে ভৰাই থ। ৰাতিলৈ বাহিৰৰ ৰান্ধনী ঘৰত লাগিব নহয়।

মই তাকে কৰিলোঁ। বাকী জাৰকেইটা পানী ভৰাবলৈ ধুই থৈ ফটা জাৰটোত নিমখ ভৰাই থ’লোঁ আৰু কথাটো পাহৰি থাকিলোঁ। দুপৰীয়া বাহিৰৰ ৰভাতলীত কাম কৰি থকা কোনোবাই হঠাৎ তামোলৰ চৰ্চৰণি খালে। লগে লগে পেহাৰ চিঞৰ,

: মিনিভণ্টি, পানীৰ জাৰটো লৈ আহচোন জলদি।

পেহাৰ তালফাল লগোৱা চিঞৰত মই লৰালৰিকৈ থাপতে পোৱা জাৰ আৰু গিলাচ লৈ বাহিৰলৈ গ’লোঁ।

: দে দে সোনকালে, এইটোৰ উশাহেই বন্ধ হ’ব এতিয়া৷

পেহাদেউৰ কথাত মই চৰ্চৰণি খাই কাহি থকা ককাইদেউজনৰ হাতত গিলাচটো দি পানী বাকি দিবলৈ ললোঁ। কিন্তু ই কি! পানী বাকিছোঁহে বাকিছোঁ, কিন্তু পানী নোলায়চোন। ইফালে জাৰটোও ভৰ্তি। গধুৰ, ভৰ্তি জাৰটোৰ পৰা পানী ওলোৱা নাই কিয়! তাত থকা মানুহবোৰো আচৰিত হ’ল।

: চাওঁ মোক দে চোন৷

বুলি পেহাই জাৰটোৰ মুখনিখন খুলি দিয়াতহে জোলোঙাৰ মেকুৰী ওলাল। ভিতৰতচোন পানীৰ সলনি নিমখ গোটেইখন।

: মৰতী, তই নিজে ৰাতিপুৱা জাৰটোত নিমখ ভৰাই থোৱা নাছিলি। বেলেগ এটা জাৰত পানী লৈ অহা

পেহীয়ে ডবিয়াই ক’লে মোক।

অহ্ হয়তো। এইবাৰহে লাজে বীজে মোৰ ঘামেই পানীৰ দৰে ওলাবলৈ ধৰিলে। নিজে নিমখ ভৰাই নিজে পানী বুলি বাকি আছোঁহি। ৰভাতলীত থকা পেহা, ওচৰৰ দূৰৰ মিতিৰ কুটুমৰ লগতে পেহীহঁতৰ ঘৰৰ ওচৰৰ ল’ৰাবোৰে বিৰাট হাঁহিবলৈ ধৰিলে। আৰু মোৰ নামেই হৈ পৰিল মিনিভণ্টিৰ ঠাইত নিমখ ভণ্টি।সেইদিনাৰ পৰা বিয়া ভগাৰ দিনালৈকে মোক গোটেই মখাই চিঞৰি থাকিল নিমখ ভণ্টি নিমখ ভণ্টি কে।তেতিয়া সেই কথাটোত বৰ লাজ লাগিছিল যদিও মনত পৰি আজি হাঁহি উঠিল।

: নিমখ ভণ্টি, ওলাই আহাঁ আকৌ। সুদা হাতে নাহিবা দেই। তামোলৰ বঁটাটো লৈ আহিবা।

আকৌ চিঞৰিলে বাহিৰত। মই মনতে বোলো দিওঁ নেকি তামোলৰ লগতে পাণৰ ভিতৰত নিমখ এজেবা সুমুৱাই। আকৌ ভাবিলোঁ নাই, ইমান বছৰৰ পিছতো মনত ৰাখিছে দেহি নামটো। ভালহে পোৱাৰ কথা। চূণ ধপাতেৰে সৈতে তামোলৰ বঁটাটো সজাই মই ককাইদেউকেইটাক মাত লগাবলৈ বুলি ওলাই গ’লোঁ।

☆ ★ ☆ ★ ☆

8 Comments

  • Rimjhim Borthakur

    ভাল লাগিল

    Reply
  • Anonymous

    বৰ ভাল লাগিল

    Reply
  • Rejina Gogoi

    বৰ ভাল লাগিল

    Reply
  • কাঞ্চন

    ❤️

    Reply
  • Minakshi

    ভাল লাগিল পঢ়ি ।

    Reply
  • মমী ভূঞা হালৈ

    ভাল লাগিল পঢ়ি ।আপোনাৰ লিখনি বোৰ পঢ়ি সদায় ভাল লাগে ।আগলৈকো এনেকেই য়ে লিখি থাকিব ।।

    Reply
  • Devakanta

    Bar val lagile pahi

    Reply
  • Khagen Gogoi

    তোমাৰ গল্প মানেই জীয়া বাস্তৱৰ নিখুঁত ছবি। কাচিৎ সময় পোৱাত প্ৰ’ফাইল খুঁচৰি গল্পটো পাই পঢ়ি পেলালোঁ। ইমান পৈণত লেখা ; কেতিয়াবা সন্মুখত ভুমুকি মাৰিলেও আজৰি নোহোৱাত পঢ়া নহয়গৈ। মোতকৈ পদ্মজাৰ গল্পৰ প্ৰতি পত্নীৰ হাউছটো বেছি। আজি টকৌ তামোলৰ টিফিন, খালত মাছ সিঁচা আৰূ নিমখ ভণ্টি এই তিনিওটাই পঢ়িলোঁ।

    Reply

Leave a Reply

Your email address will not be published.