ফটাঢোল

নিমিলা অংক- ডা° অঞ্জন জ্যোতি চৌধুৰী

যোৱ চাৰি বছৰমানৰ পৰা ইংৰাজী নতুন বছৰৰ প্রথম দিনটোৰ পৰা বহাগ বিহুলৈকে মই অতিশয় ব্যস্ত হৈ থাকোঁ। মোৰ এই ব্যস্ততা বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ কথা লৈ। সংগীত মোৰ নিচা যদিও পেছা হিচাপেও ল’ব পৰা হ’লে কিমান যে সুখী হ’লোঁহেঁতেন। বৃহত্তৰ গুৱাহাটীৰ বিহুৰ সাংস্কৃতিক অনুষ্ঠান। পাঁচ দিনমানলৈ অনুষ্ঠিত হয়। সেই পাঁচ দিনৰ বাবে মোৰ এই চাৰি বুলি মাহজোৰা ব্যস্ততা। নতুন বছৰৰ প্ৰথম দিনটোৰ পৰা অতি জৰুৰী নহ’লে গধূলি মই ঘৰৰ পৰা ক’লৈকো নাযাওঁ। কোনোবাই বিহুৰ সাংস্কৃতিক অনুষ্ঠানলৈ গান গাবলৈ মাতিব আহিব পাৰে বুলি সন্ধিয়াৰ পৰা নিশালৈ ঘৰতেই থাকোঁ। সৰুতেই পাঠ্যপুথিত পঢ়িছিলোঁ— “ধৈৰ্যৰ ফল মিঠা”। যোৱা কেইবছৰমানৰ পৰা মই কিমান যে ধৈর্য ধৰি আছোঁ, মিঠা  ফলহে বিচৰামতে পােৱা নাই। সেইবুলি মই নিৰাশাক কেতিয়াও প্ৰশ্ৰয় দিয়া নাই। যোৱা চাৰি বছৰত কোনো এখন বিহুতলীত গান গাবলৈ মতা নাই। সাংস্কৃতিক সন্ধিয়া মুকলি কৰিবলৈ চাৰিখনমান বিহুতলীলৈ অৱশ্যে মাতিছে। এইবাৰো মই অতি আশাবাদী। কোনখনত মাতিলে যামেই, কোনখনত মাতিলে ভাবি-চিন্তি জনাম বুলি ক’ম, সেইবোৰ ভাবি-চিন্তিয়েই গধুলিটো ব্যস্ত হৈ থাকোঁ। কোনখন বিহুতলীত কি কি গান গাম, বিহুগীত কেইটা গাম, আধুনিক গীত কেইটা গাম সেইবোৰৰ তালিকা সুন্দৰভাৱে থৈ দিছোঁ। বেলেগ ভাল লগা গানৰ কথা মনলৈ আহিলে তালিকাখন আকৌ সলনি কৰোঁ। মোৰ গান ভালপোৱা বন্ধু কেইজনমানক সন্ধিয়া মাতি আনি গানকেইটা শুনাওঁ। গান বাছনিৰ ক্ষেত্ৰত তেওঁলোকৰ পৰামৰ্শ লওঁ। গান গাই নিশা দেৰী হ’লে ৰাতিৰ ভাতসাঁজো খুৱাই পঠিয়াওঁ। গানৰ আখৰাৰ সময়ত মনটো ভাল লাগি থাকে। কিন্তু যিমানেই বিহু ওচৰ চাপি আহে মনটো অলপ বেয়া লাগি গধূলি আধাঘণ্টামানৰ মূৰে মূৰে খিৰিকীৰ পৰ্দাৰ ফাঁকেৰে কোনােবা মাতিবলৈ আহিছে নেকি জুমি জুমি চাওঁ। মোৰ গানৰ শুৰু নিত্যানন্দ ডেকা আৰু তপন লহকৰকো ৰাতি কেতিয়াবা মাতি পঠিয়াওঁ। তেওঁলোকেও গানখিনি চাই-চিতি দিয়ে। গায়কীত কিবা ভুল থাকিলে শুধৰাই দিয়ে। একেদিনাই যদি দুখন বিহুতলীলৈ নিমন্ত্রণ কৰিবলৈ আহে, দুয়োখনতেই যোৱাটো ভাল হ’বনে নহয় সেইটো গুণাগথা কৰোঁতেই বহু সময় যায়। এদিন গধূলি এইবোৰ কথাকে ভাবি-চিন্তি থাকোঁতে ডাঙৰ ল’ৰা অৰুৱে আহি ক’লেহি যে পাঁচজনমান মানুহে হাতত চিঠি এখন লৈ আহি মােক বিচাৰিছে। কোনোবা বিহু সমিতিৰ বিষয়ববীয়া অহা বুলি আনন্দত হিয়া নধৰা অৱস্থা হ’ল। আথে-বেথে তেওঁলোকক ভিতৰলৈ মাতি আনি বহিবলৈ দিলোঁ। ৰুমী ৰুমী বুলি পৰিবাৰক চিঞৰি চাহৰ যোগাৰ কৰিবলৈ দিলোঁ। তেওঁলোকে চিঠিখন মোৰ হাতত দি ৪ বহাগত এখন্তেক দেখা দিলে বৰ আনন্দিত হ’ব বুলি ক’লে। মই ক’ব খুজিও নক’লোঁ  যে আপোনালোতকৈ মইহে দুগুণে আনন্দিত হৈছোঁ। তেনেতে এজনে মাত দিলে “ছোৱালীৰ দেউতাকক আপুনি ভালকৈ চিনি পায়। ডাক্তৰ হেমেন বৰুৱাৰ ছোৱালী। চেন্নাইত আমেৰিকান কোম্পানী এটাত চাকৰি কৰি আছে।” কথাখিনি শুনি থতমত খালোঁ। তাৰমানে বিহুলৈ নহয়, বিয়ালৈহে নিমন্ত্রণ কৰিবলৈ আহিছে। তেওঁলোকক চাহ-তামোল দি বিদায় দিয়াৰ পিছত আকৌ বিহুৰ কথাকে ভাবিবলৈ ধৰিলোঁ। এইবাৰ বেলেগ- বেলেগ বিহুতলীৰ মঞ্চত বেলেগ বেলেগ বক্তৃতা দিম। একেখিনি কথাকে সকলোতে নকওঁ। বক্তৃতা দিবলৈও বহু কথা জানিব লাগে। সেয়ে মই সন্ধিয়া কিতাপো পঢ়ি থাকোঁ। এনেকৈ ব্যস্তই হৈ থাকোঁ। অলপতে মোৰ দেউতা লক্ষ্যধৰ চৌধুৰীৰ ‘জ্যোতিপ্ৰসাদেৰে মুখামুখি’ শীৰ্ষক এটি লেখা পঢ়িছিলোঁ। তাত লালসিং একাডেমী আৰু খাৰঘুলি অঞ্চলৰ কথা আছিল। সেইখিনি কথা বিহুৰ মঞ্চত ক’লে ৰাইজে ভালেই পাব যেন লাগিল। কথাখিনি আছিল এনেধৰণৰ—‘অসমজুৰি উখল-মাখল পৰিৱেশ। প্রথম অসমীয়া কথাছবি ‘জয়মতীৰ চিত্রগ্রহণ হৈছে খাৰঘুলিত, এতিয়া য’ত লালসিং একাডেমী স্কুল বহিছে, সেই ঠাইডোখৰতে। নির্বাক ছবিৰ মুখ নেদেখাকৈয়ে অসমীয়া শিল্পীয়ে পোনপ্ৰথমতে সবাক ছবিৰেই যাত্রা আৰম্ভ কৰিছিল। কথাছবি – য’ত ছবিয়ে কথা কয়। ছবিয়ে অসমীয়া কথা ক’ব তাকে চাবলৈ, জানিবলৈ গুৱাহাটীবাসীৰ উৎসাহৰ সীমা নাই। মই, হৰেশ্বৰ গোস্বামী আৰু কটন কলেজৰ কেইবাজনো ছাত্র ক্লাছ ক্ষতি কৰি খাৰঘুলি পাইছিলোঁগৈ। তাত গৈ বনকোঁৱৰ আনন্দিৰাম দাসক লগ পালোঁ। দাসে কৈছিল— “চৌধুৰী, কথাছবিৰ ক্ষমতা দেখিছেনে? নগাপাহাৰ ক’ত আছে ভাবকচোন। এতিয়া এই খাৰঘুলি পাহাৰেই নগাপাহাৰ হৈ কথাছবিত ওলাব। মঞ্চতো একেই কথা, লাগ বুলিলেই বৈকুণ্ঠ, লাগ বুলিলেই দিল্লীৰ ৰজা-মহাৰজাৰ দৰবাৰ।” সকলোৱে গিৰ্জনি মাৰি হাঁহিলে। হাঁহি শুনি জ্যোতিপ্ৰসাদে আমাৰ ফালে মুখ ঘূৰাই চোৱা দেখিলোঁ। ‘ছাইলেঞ্চ’ বুলি চিঞৰি তেওঁ চিত্ৰগ্ৰহণৰ নাম আৰম্ভ কৰিলে। দুজন নগাবেশত থকা লোক পাহাৰৰ হাবিৰ ফালে গ’ল আৰু বেলেগ এজন আহি জুপুৰি পঁজা এটাৰ ওচৰত ৰ’ল। আনফালে অলপ দূৰত নগা পাহৰৰ ডালিমীৰ ঘৰ। ডালিমীৰ মাক দেউতাক, পোহনীয়া শৰ পহু এহাল আৰু ডাঙৰ জাতৰ ধনেশ চৰাই এহাল ৰৈ আছে। এনে সময়তে সাত-আঠ বছৰীয়া লোদোৰ পোদোৰ দেহাৰ মৰমলগা ল’ৰা এটা ছবি তোলা চাবলৈ তালৈ আহিল। জ্যোতিপ্ৰসাদে ল’ৰাজনক দেখাৰ লগে লগে ডালিমীৰ ভায়েক সজাই গছৰ আঁৰে আঁৰে লুকাভাকু খেলি থাকিবলৈ দি কেমেৰাত ধৰি ৰাখি ছবিৰ জ্যোতি, বঢ়ালে। সেই ল’ৰাজনেই আছিল ক্ষীৰদাকান্ত বৰুৱা। পিছলৈ ডিগবৈ তেল কোম্পানীৰ ডাঙৰ অফিচাৰ হৈছিলগৈ। তাৰ পিছতে জোতিপ্ৰসাদে ‘কাট কাট’ বুলি চিঞৰিলে। অলপ পিছতে কেমেৰামেন আৰু জ্যেতিপ্ৰসাদে ওপৰলৈ চালে আৰু নিজৰ ভিতৰতে কথা পাতি ‘পেক-আপ’ কৈ চিত্রগ্রহণ সিমানতে সামৰিলে। সূর্যৰ পোহৰ কমি যোৱাৰ বাবে সেইদিনা বোলে সিমানতে ছবি তোলা কাম বন্ধ হ’ল। ছবিৰ কাম চাবলৈ যোৱা মানুহজাকে হাঁহি-ফূর্তি কৰি ঘৰমুৱা হ’ল। ফূৰ্তিতে কেইজনমানে ‘কাট কাট’ বুলি চিঞৰি চিঞৰি আহিল।

কেইদিনমানৰ পিছতে শিলপুখুৰীত থকা চন্দ্রকুমাৰ আগৰৱালাদেৱৰ ঘৰলৈ গ’লোঁ। উদ্দেশ্য এটাই – তাত বাহৰ পাতি থকা জ্যোতিপ্রসাদক ওচৰৰ পৰা চোৱা। লক্ষ্মীনাথ দাসে তেওঁৰ সৈতে কথা পাতি আছিল৷ লক্ষ্মীনাথ দাস হ’ল মঞ্চৰ পোহৰ নিয়ন্ত্রক। পোহৰৰ যাদুকৰ বুলি তেওঁৰ বৰ নাম আছিল। আমাৰ দৰে আন বহুত মানুহ আহিছে। তেওঁলোকে লগত নিজৰ ঘৰত থকা পুৰণি সাজপাৰ, কিংখাপৰ মেখেলা, গুণাৰ বন কৰা ৰিহা-মেখেলা, আলোৱান, ম’হৰ শিং, ধনু-কাড় আদি লগত লৈ আহিছে, যাতে জ্যোতিপ্ৰসাদে কথাছবিৰ কামত সেইবোৰ  লগাব পাৰে। সকলোৱে এখেতক পাৰ্যমানে সহায় কৰিব খোজে। এইখন যে গোটেই অসমীয়া ৰাইজৰ কথাছবি।” দেউতাই লিখা এই কথাখিনি পঢ়োঁতে পঢ়োঁতে মোৰ মুখস্থৰ দৰে হৈ গৈছে। বিহুৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিবলৈ মাতিলে বিহুৰ নানা কথাৰ মাজতে এইখিনি কথা কোনো খোকোজা নলগাকৈ কৈ দিম। কিন্তু কি হ’ব? “ভবা কাম নহয় সিদ্ধি, বাটত আছে কণা বিধি।” মার্চ মাহ আহিলেই। আজিলৈকে এখনো বিহুৰ অনুষ্ঠানলৈ মোক মাতিবলৈ অহাই নাই। কিন্তু মই হতাশাত, দুখত কঁকাল পৰা বিধৰ মানুহ নহয়। মই সদায় ইতিবাচক চিন্তা কৰোঁ। নিজৰ কাম নিজে কৰি গৈ থাকোঁ। কথাবোৰ ভাবি থাকোঁ। ভাবিবলৈ এৰি নিদিওঁ। গান গাবলৈ মাতিলে কোনযোৰ কাপোৰ পিন্ধিম, পতাকা উত্তোলন কৰিবলৈ মাতিলে কি পিন্ধিম, সন্ধিয়া মঞ্চ মুকলি কৰিবলৈ মাতিলে কি পিন্ধিম, সকলো ঠিক কৰি থৈ দিছোঁ। সময়ত পিন্ধিলেই হ’ল। কথা কিছুমান পাহৰি যাব পাৰোঁ বুলি ডায়েৰী এখনতো লিখি থওঁ। অনুষ্ঠানৰ শেষত কোনোবাই অটোগ্রাফ বিচাৰে বুলি ভাল ভাল কোম্পানীৰ দামী কলমো কেইবাটাও কিনি থৈছোঁ। মই আশাবাদী যে এদিন গুৱাহাটীয়েই নহয়, সমগ্ৰ অসম, ভাৰত আৰু বিদেশত গান গাই সকলোকে মুগ্ধ কৰি ৰাখিম। এইবোৰ কথাকে ভাবি ভাবি মই ভীষণভাবে ব্যস্ত হৈ থাকোঁ।

সেই দিনা আছিল জানুৱাৰীৰ ২ তাৰিখ৷ মোবাইল ফোনত গায়ত্ৰীৰ মাত ভাহি আহিল- “অঞ্জন দা আপুনি ঘৰত আছে নে? এটা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাবৰ বাবে মই আৰু অৰূপা শৰ্মা আপোনালোকৰ ঘৰলৈ গৈ আছোঁ৷ আধা ঘণ্টাৰ ভিতৰত গৈ পাম৷” গায়ত্ৰী কিবা অনুষ্ঠান এটালৈ নিমন্ত্ৰণ কৰিবলৈ আহি আছে বুলি কোৱা শুনি মন উলাহেৰে ভৰি পৰিল৷ গায়ত্ৰী মানে গায়ত্ৰী হাজৰিকাৰ কথা ক’ব খুজিছোঁ৷ গায়ত্ৰী হাজৰিকা বৰ্তমান অসমৰ সংগীত জগতৰ এটি জনপ্ৰিয় নাম৷ এবছৰমানৰ ভিতৰত বৰেণ্য শিল্পী জুবিন গাৰ্গৰ সৈতে দুখন কথাছবিত গীত গাই জনপ্ৰিয়তাৰ উচ্চ শিখৰ পাইছেগৈ৷ বহু সাধনাৰ ফলত আজি তেওঁ এই পৰ্যায় পাইছে৷ এটা কথা ভাল লাগে যে তেওঁৰ তিলমানো অহংকাৰ নাই৷ মই গায়ত্ৰীক আদৰিবলৈ ঘৰৰ জপনামুখত ৰৈ থাকিলোঁ৷ বহু কথা মনলৈ আহি থাকিল৷ গায়ত্ৰীয়ে কি অনুষ্ঠানলৈ বা মোক গান গাবলৈ মাতিব আহিছে? কথাছবিত গান গাব লাগিব নেকি? কথাখিনি ভাবিয়েই মনটো ভাল লাগি গ’ল৷ গানৰ বাবে মাননি দিব খুজিলে প্ৰথমে নালাগে বুলিয়েই ক’ম৷ বৰকৈ দিব খুজিলে লৈ ল’ম আৰু৷ সুধিলে কিমান টকা লাগিব বুলি ক’ম? সভাখনলৈ যদি সম্বৰ্ধনা জনাবলৈ মাতিবলৈ আহিছে যোৱা ভাল হ’বনে নহয়? সম্বৰ্ধনা সভাৰ পৰা আহোঁতে সভাত মোক মৰমেৰে দিয়া ডাঙৰ শৰাইখন ভৰাব পৰাকৈ এটা ডাঙৰ কাপোৰৰ বেগ আছেই৷ মুঠতে সকলো কামতে মই পৰিপাটি হৈ থকাটো বিচাৰোঁ। এইবোৰ কথা ভাবি জপনামুখত ৰৈ থকা দেখি পৰিবাৰে কাৰ কাৰণে ৰৈ আছোঁ সুধিলে। পৰিবাৰে হাঁহিলে আৰু ক’লে সপোন আৰু আশাই জীৱন। আমাৰ সহকর্মী বিকাশ দাসৰ আইতাকৰ কথা এটা মনত পেলাই দিলে। বিকাশৰ সম্বন্ধীয় আইতা এগৰাকী বহু অসুখত ভূগি বিছনাত পৰি আছিল। চিকিৎসকে এদিন নিৰানব্বৈ বছৰীয়া আইতাগৰাকী আৰু বেছি সময় জীয়াই নাথাকে বুলি ক’লে। দুঘণ্টামানৰ ভিতৰতে তেখেতৰ মৃত্যু হ’ব বুলিও ক’লে। ঘৰৰ সকলোৱে কন্দা-কটা কৰি আইতাকক গংগাজল খুৱাব বিচাৰিলে। আইতাকে কেঁকাই কেঁকাই চামুচত কি খুৱাব খুজিছে সুধিলে। এজনে পানী বুলি কোৱাত আইতাকে কেঁকাই কেঁকাই ক’লে- “মোক ঠাণ্ডাপানী নিদিবি বোপাইহঁত। মোৰ কাহটো বেছি হৈ যাব। অলপ গৰম পানীকে দে।” মানুহৰ জীয়াই থকাৰ কি যে প্রবল আশা! এঘণ্টা-দুঘণ্টাৰ ভিতৰতে মৃত্যু হ’ব বুলি সকলোৱে জানিলেও আইতাকৰ জীয়াই থকাৰ কি যে আশা! সেইবাবে ঠাণ্ডা পানী খাই এমাহমানৰ পৰা হৈ থকা কাহটো আৰু বেছি কৰিব নোখোজে। ৰুমীৰ লগত কথা পাতি থাকোঁতেই গায়ত্রী হাজৰিকা আৰু অৰূপা  শর্মা আহি পালেহি। আথে বেথে মাতি- দুয়োকে চ’ৰাঘৰলৈ লৈ গ’লোঁ। গায়ত্ৰীয়ে কি কয় শুনিবলৈ উদগ্রীৱ হৈ ৰ’লোঁ। গায়ত্ৰীয়ে ক’লে- “দাদা সংগীত প্রদীপ নামেৰে শাস্ত্রীয় তথা লঘু শাস্ত্রীয় সংগীতৰ অনুষ্ঠান এটি অহা ৫ জানুৱাৰীত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। গায়ত্ৰীৰ কথা শুনি মোৰ ভয় লাগিল। শাস্ত্রীয় সংগীত পৰিৱেশন কৰিবলৈ মাতিছে। মোৰ কাৰণে বহু সন্মানৰ কথা যদিও মই শাস্ত্রীয় সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰিলে শ্রোতা-দর্শকে মই কিমান পানীৰ মাছ গম পাই যাব। পৰিবাৰ ৰুমীয়ে শাস্ত্রীয় সংগীত ভাল গাব পাৰে। আনুষ্ঠানিক শিক্ষাও আছে। মোৰ দৰে শিক্ষা নথকা নহয়। কিন্তু ছয়মাহমান আগতে তেওঁক কোনােবা বান্ধৱীয়ে ক’লে যে সাতটা স্বৰৰ দুটা স্বৰ গালে লিপষ্টিক বেয়া হৈ যায়। মচ খাই যায়। স্বৰ দুটা হ’ল ‘মা’ আৰু ‘পা’। বাকী পাঁচটা স্বৰ গালে জিভাখন তালুত লাগে কিন্তু মা’ আৰু ‘পা’ স্বৰ দুটাৰ সময়ত জিভাখন ওঁঠত লাগে। বাৰে বাৰে ওঁঠত লাগিলে লিপষ্টিকখিনি বেয়া হৈ যায়। তেতিয়াৰ পৰা মই মন কৰিছোঁ ৰুমীয়ে স্বৰ সাধনা কৰাৰ সময়ত মা’ আৰু ‘পা’টো নাগায়। গতিকে ৰুমীক অনুষ্ঠানত গাব দিলেও যে নাগায় সেইটো মই নিশ্চিত। গতিকে মই বুদ্ধি এটা উলিয়াই গায়ত্রীক ক’লোঁ- “এইবাৰ মই গাব নোৱাৰিম। ডিঙিৰ অসুখৰ বাবে মই এণ্টিবায়টিক খাই আছোঁ। ৫ তাৰিখলৈকে খাবই লাগিব। গতিকে গান গাব নোৱাৰিম।” গায়ত্ৰীয়ে লগে লগে ক’লে- “নাই নাই, আপোনাক গান গাবলৈ মাতিব অহা নাই। অনুষ্ঠানটো গহীন হ’ব বাবে আপোনাক সভাৰ মাজতে সাত মিনিট কথা ক’ব দিম। আপোনাৰ স্বভাৱসুলভ, হাস্যমধুৰ কথাৰে শ্রোতা-দর্শকক আমোদ দিব লাগিব।” ৰক্ষা পৰিলোঁ। মই শাস্ত্রীয় বা লঘু শাস্ত্রীয় সংগীত পৰিৱেশন কৰিব নালাগে। নির্দিষ্ট দিনত অনুষ্ঠান উপভোগ কৰিবলৈ গুৱাহাটী টাউন ক্লাবলৈ গ’লোঁ। বিশিষ্ট সংগীত শিল্পী জয়প্রকাশ মেধি আৰু বিশিষ্ট তবলাবাদক পৱন বৰদলৈক সভাত সম্বৰ্ধনা জনালে। মনে মনে ভাবি থাকিলোঁ যে ময়ো যদি সময়মতে শাস্ত্রীয় সংগীত শিকিলোহেঁতেন, আজি  চাগে মোকো সম্বর্ধনা জনালেহেঁতেন। এতিয়া আৰু দুখ কৰি কি লাভ? সভাত জয়প্রকাশ মেধি বিশিষ্ট চন্তুৰবাদক পংকজ শর্মা আৰু নৱপ্ৰজন্মৰ দুগৰাকী কণ্ঠশিল্পী কৃতাঞ্জলি গোস্বামী আৰু নীলাক্ষি বৰাই তেওঁলোকৰ অনুষ্ঠান অতি সাবলীলভাৱে পৰিৱেশন কৰিলে। দুঘণ্টা সময় কেনেকৈ পাৰ হ’ল গমকে নাপালোঁ। মই যে অনুষ্ঠানত সাত মিনিট সময় কথা ক’ব লাগিব সেইটো মই নিজেই পাহৰি গ’লোঁ। ইমান সুন্দৰ এটি অনুষ্ঠান উপভোগ কৰিবলৈ সুযোগ দিয়াৰ বাবে ‘সংগীত- জেউতি’ আৰু ‘স্বৰলিপি’ৰ সকলো সদস্যৰ প্রতি কৃতজ্ঞতাৰে মন ভৰি পৰিল। এটাই মাথো চিন্তা কৰিবলগীয়া কথা হ’ল ঘৰলৈ যাওঁতে মোৰ ডিঙিত বা হাতত গামোচা বা ফুলৰ থোপা নেদেখে তেতিয়া ৰুমীয়ে কেতিয়াও এই অনুষ্ঠানত মই উপস্থিত আছিলোঁ বুলি বিশ্বাস নকৰিব। বন্ধু-বান্ধৱৰ লগত টলৌ টলোকৈ ঘূৰি চাহৰ দোকানত চিংৰা-জিলাপী খাই থকা বুলি ভাবিব। গায়ত্রী কাষলৈ আহি মোক অনুষ্ঠানটোত কথা ক’বলৈ সময় দিব নোৱৰা বাবে বেয়া পাবলৈ মানা কৰিলে। মই গায়ত্রীক অহা বছৰ এনে অনুষ্ঠান পাতিলে সাত মিনিটৰ ঠাইত চৈধ্য মিনিট ক’বলৈ দিবা  বুলি কৈ পৰিৱেশটো পাতল কৰি দিলোঁ। গায়ত্ৰীক মাতষাৰ দি ঘড়ীটোলৈ চালোঁ। আঠ বাজিবৰ হৈছে। খৰধৰকৈ প্রেক্ষাগৃহৰ পৰা ওলাই পাণবজাৰলৈ গ’লোঁ। কাপোৰৰ দোকানবোৰ  খোলা আছে। দুই-এখন বন্ধ কৰিবলৈ লৈছে। এখন গামোচা কিনিলোঁ ডিঙিত গামোচাখন লৈ ঘৰলৈ গ’লোঁ। ঘৰলৈ গৈ দেখিলোঁ যে ৰুমীয়ে উপন্যাস এখন মনোযোগ দি পঢ়ি আছে। মোৰ ফালে মূৰ তুলি চোৱাই নাই। উপায় নাপাই ৰুমীৰ হাতত গামোচাখন দিলোঁ। ৰুমীয়ে মোৰ ফালে নোচোৱাকৈ ক’লে- “আজি তুমি সাত মিনিটৰ কথাখিনি ক’বলৈ সুযোগ নাপালা নহয়। গামোচাখন কৰ পৰা কিনিলা?” কথাখিনি শুনি বিচুতি খালোঁ। ৰুমীয়ে আকৌ ক’লে- “মই কেনেকৈ গম পালোঁ জানা? তুমি যিদিনা কোনোবা অনুষ্ঠানত ভাগ লৈ ঘৰলৈ আহা সেইদিনা  ঘৰৰ বাৰাণ্ডাৰ পৰাই চিঞৰি চিঞৰি কি কোৱা মনত আছেনে? আজি বেলেগ ধুনীয়া গান গালোঁ৷ সকলো আচৰিত হৈ গৈছে। কেইটামান কথা কৈ সকলোকে বৰকৈ হঁহুৱালোঁ। গামোচা আৰু ফুলৰ থোপা চ’ৰাঘৰৰ টেবুলখনতে দেখোন থৈ দিয়া, মোৰ হাতত আহি সেইখন কেতিয়াও নিদিয়া। আজি হাতত গামোচাখন দিওঁতেই মই গম পাই গ’লোঁ যে আজি কথা ক’ব সময় নাপালা। তাতে আকৌ আজি গান, কথা ভাল হৈছে বুলি চিঞৰ-বাখৰৰ কৰা নাই।” ৰুমীৰ কথা শুনি বিনামেঘে বজ্ৰ পৰা মানুহৰ দৰে কিছুসময় থৰ হৈ ৰ’লোঁ।

☆ ★ ☆ ★ ☆

3 Comments

  • বৰ ভাল লাগিল। এজন শিল্পীৰ মৰ্মবেদনা—

    Reply
  • Anonymous

    খুব ভাল লাগিল পঢ়ি, মিশ্ৰিত অনুভৱ |

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    চাৰ, একেঘাপে কাটিছে ৷ দুটা প্ৰজন্মই হাস্য মধুৰ সাহিত্যৰ ধাৰা বজাই ৰখাটো বৰ গৌৰৱৰ কথা ৷

    Reply

Leave a Reply

Your email address will not be published.