ফটাঢোল

নিৰামিষ – উজ্জ্বল দীপলু গগৈ

গুৱাহাটীত ভাৰাঘৰ লৈ থকাৰেপৰা কাৰো ঘৰত খবৰ নিদিয়াকৈ ঘপহকৈ আলহী হৈ যোৱাৰ অভ্যাসটো বাদেই দিছিলো ৷ হঠাৎনো সেইদিনা কি মন গ’ল, খবৰ নিদিয়াকৈ চিনাকি মানুহ এঘৰলৈ অফিচৰপৰা বাহিৰে বাহিৰে গুচি গ’লো ৷ মনতে ভাবি গ’লো বন্ধুৰ ঘৰত আজি দকচি খাম ৷ খুৰীদেউ মানে বন্ধুৰ মাকে ভাল মাংস ৰান্ধে, সেয়েহে লগত মিঠাই নিয়াতকৈ মুৰ্গীৰ মাংস অকণমানকে নিলো৷ গৈ পাওঁতে ঘৰত অকল খুৰা আৰু খুৰীদেউহে আছিল ৷ বন্ধু বাহিৰলৈ ওলাই গৈছিল যদিও মোক তেওঁলোকে আথে-বেথে নি ভিতৰত বহুৱালেগৈ ৷ ময়ো খুৰীদেউলৈ চাই টোপোলাতো আগুৱাই দি ক’লো-“আজি কিন্তু আপোনাৰ হাতেৰে মাংস এসাঁজ খাম বুলিয়েই মুৰ্গী অলপ লৈ আহিছো খুৰী ৷” খুৰীয়ে হাত পাতি টোপোলাতো ল’লে যদিও অসহজ হোৱা যেন লাগিল ৷ তেনে সময়তে বন্ধু আহি ওলালহি ৷ মোৰ কথাখিনি সি বাহিৰৰপৰা শুনিছিল চাগৈ, সোমাইয়ে সি ক’লে-“তইও কাম কিছুমান কৰ আৰু, আজি বৃহস্পতিবাৰে আমি নিৰামিচহে খাওঁ ৷ ‘ কেহেৰাজ বৰণ হৈ পৰা মোৰ মুখলৈ চাই খুৰীয়ে ক’লে -“তুমি বেয়া নোপোৱা যদি আমি কাইলেকে ভালদৰে এসাঁজ খাওঁ নে কি কোৱা?” ওলাই আহি ৰূমলৈ গৈ থাকোঁতে ভাবি গ’লো কিহেনো পাইছিল উপযাচি যাবলৈ মোক ৷

ৰাতি বিচনাত পৰি লাজৰ কোবতে টোপনি নাহিল বহুদেৰিলৈকে ৷ নিৰামিষ কাহিনীৰ দুই-এটা পইণ্ট মনলৈ আহিল ৷ হিচাব কৰিলোঁ, সাতটা বাৰৰ কোনকেইটাত মানুহে নিৰামিষ ব্ৰত ৰখা বুলি শুনা নাই? মনলৈ আহিল কাৰোৰে মুখত শুক্ৰবাৰ, দেওবাৰ আৰু বুধবাৰত নিৰামিষ ব্ৰতৰ কথা শুনি নাইপোৱা ৷ তাৰমানে কেটেগৰী মতে এওঁলোকক বাৰমিষ বুলি ক’ব পৰা যায় ৷

ভাবিলো- কিছুলোক দেখোন সম্পূৰ্ণভাৱে নিৰামিষহাৰী থাকে ৷ তেওঁলোকৰ বাৰু কেতিয়াও আমিষ খাবলৈ মন নাযায়নে? পাছে হোষ্টেলৰ দুটামান ঘটনা মনত পৰি হাঁহি উঠিল ৷ ঘৰত শুদ্ধ নিৰামিচ বুলি থাপ্পা লগোৱা কেইজনমানে ৰাতি চাদৰ ওপৰত উঠি এখন হাতত লাল বটল লৈ আনখন হাতেৰে মুৰ্গীৰ ঠেং ধৰি। I am against my .”……”society ‘ বুলি টেঁটুফলাৰ পাছত পুৱাই উঠি গা ধুই মন্দিৰলৈ দৌৰ মাৰিছিল ৷ যি কি নহওঁক বাৰু মন শুদ্ধ ৰাখি সদায়ে নিৰামিষ খোৱাসকলক বাদ দি বাকীসকলক মই এটা কেটেগৰীলৈ স্থানান্তৰ কৰিলোঁ -“নিচামিষ”।

কিছুলোকক মন কৰো তেওঁলোক নিৰামিষ আহাৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধানী ৷ কাৰণ তেওঁলোকৰ কিছুমানে নিৰামিষৰূপে কণী খাব পাৰে কিন্তু মুৰ্গী হৈ পৰে আমিষ ৷ আন কিছুলোকে মাত্ৰ মাংসৰ জোলহে খাই, কাৰণ জোলত পানী থাকে সেয়েহে সেইয়া নিৰামিষ, মাংস তেওঁলোকৰ বাবে আমিষ ৷ কেটেগৰীটোৰ নাম ৰাখিলো – “মিক্সডমিষ”৷

লয়েঞ্জ বেকাৰী, চানমাৰীত শুনা পোৱা ঘটনা এটা মনত পৰিল ৷ দুগৰাকী ভদ্ৰমহিলাই কথা পাতিছে-

১ম গৰাকী- কালি মানে কথমপিহে এখেতৰ এগলেচ (eggless) বাৰ্থডে কেকটো অৰ্ডাৰ কৰিব পাৰিলোঁ , ক’তো পাবলৈকে নাই বুইছেনে ৷ এগ্ থকা কেক খালে আকৌ হাই বিপি হয় বুলি ভয় লাগে নহয়, ডক্টৰেও সম্পূৰ্ণ নিৰামিচ খাব কৈছে ৷

২য় গৰাকী: এগলেচ কেকৰ লগত কথা নাইতো ৷ আজিকালি এগ্ একেবাৰে কম থাকে, বাকী মিক্সাৰ্চবিলাকেহে টেষ্টতো আনে ৷ আপুনি অমলেট, বয়লড ডিম নাখালেই হ’ল, কেকটো খাব পাৰিব ৷ এগ্ থকা কেক নিৰামিচতেই পৰে বুলি ভাবি ল’বচোন ৷

কি যে আজৱ কথা!কেটেগৰীৰ নাম ওলাল মনতে-“ডিপ্লমেট’মিষ” ৷

জীৱনত আৰু কিছু টাইপৰ নিৰামিষহাৰী লগ পাইছোঁ যিসকলক আমি ‘ নিকামিষ ‘ কেটেগৰীত ৰাখিব পাৰোঁ ৷ মানে এখেতলোকৰ বৈশিষ্ট হৈছে যে ঘৰত তেওঁলোকৰ নিৰামিষ চলে কিন্তু বাহিৰত তেওঁলোকৰ আমিষ খোৱাত কোনো আপত্তি নাই ৷ নিজৰ ঘৰৰ চৌপাশত আমিষ আহাৰ সোমাবলৈ নিদিয়া মানে তেওঁলোকৰ মন-আত্মা সম্পূৰ্ণভাৱে নিকা হৈ থকা ৷ সেয়েহে নিকামিষ কেটেগৰীক ইয়াতেই ৰাখিলোঁ ৷

খুব কম কিন্তু বিহুৰ সময়ত দৰৱত দিবলৈ পোৱাৰ দৰে কেইজনমানক এইটো দুষ্প্ৰাপ্যপ্ৰায় কেটেগৰীত পোৱা যায় ৷ সেইকেইজন হৈছে- “নীতিমিষ”৷ বিশেষত্ব এইয়াই মাথোঁ তেওঁলোকে মাত্ৰ আনে জোৰ কৰিলেহে মুখলৈ আমিষ নিয়ে আৰু তাৰ আগতে আমিষ খাদ্যৰ ওপৰত দেধাৰ নীতি-নিয়মৰ ফুলজাৰি মাৰে ৷

সম্পূৰ্ণৰূপে গোটেই জীৱনৰ বাবে শাক-পাচলি খোৱাসকল হৈছে নিৰামিষ কেটেগৰীৰ ৷ অকল অসম মূলুক বুলিয়েই নহয়, ভাৰতৰ অন্যান্য ঠাই সমূহতো এনেকৈ বিভিন্ন শ্ৰেণীৰ লোক পোৱা যায় ৷ স্বাস্থ্য সচেতনতা বা ফেশ্বন নতুবা নিয়ম যিয়েই নহওঁক, এনেধৰণৰ কেটেগৰীৰ বিভিন্নজনৰ বাবে আমাৰ দৰে সম্পূৰ্ণ আমিষভোজীৰ কেতিয়াবা যে খোৱাৰ সময়ত লটিঘটি হয় সেয়া চিৰসত্য ৷

☆★☆★☆

Leave a Reply

Your email address will not be published.