ফটাঢোল

নেইনা ভৰা মন – নিভা কাকতি

ভৰ যৌৱন তেতিয়া। গালত ৰঙাকৈ প্লামগুটি পকা বয়স।কলেজৰ বাকৰিত ভৰি থৈ থৌকিবাথৌ মন। যুটিপাতি বহি ৰোৱা যুগলবন্দীবোৰ পিৰীতিত মগন। চাইকেল ষ্টেণ্ড, ক্লাছ নোহোৱা কোঠাবোৰত চাকৈ-চকোৱাবোৰ ব্যস্ত। জুবিনৰ ‘মন যায় মন যায়’ গানটো বেকগ্ৰাউণ্ড মিউজিক ৰূপে বাজি থাকে। সুৰৰ তালে তালে লয়লাস ভঙ্গীমাৰে  দোপাট্টাখন উৰুৱাই  মাথো গৈ থাকোঁ নিৰ্দিষ্ট ক্লাছবোৰলৈ। কণা গোঁসাইয়ে কণা চকুটো মোলৈ দিয়া বুলি সখীসকলৰ আগত হুমুনিয়াহ কঢ়াৰ বাদে একো উপায়ো নাছিল।
এদিনাখনৰ কথা, হঠাৎ চকু গ’ল বগা, ওখ, খীণকৈ অলপ অলপ দাড়ি গজিবলৈ ধৰা ল’ৰা এজনলৈ। এশযোৰ মান ভোৰতাল একেলগে কাণত বাজিবলৈ ধৰিলে। খালী থকা বাইকৰ চিটটোত নিজকে কল্পনা কৰিলোঁ। আহ্, মনটো ৰাইজাই কৰিলে। লগেলগে সখীসকলক বাৰ্তাটো দিলোঁ। আগন্তুক দেখি ডিঙিৰ পানী শুকাল। মোৰ সুখত বাহিৰে সুখী ভিতৰে দুখী সখীহঁত। গেজু কৰাৰ চাঞ্চ নিদি পোনচাটেই অধিকাৰ সাব্যস্ত কৰিলোঁ। বেচেৰী কেইজনীয়েও মনটো টানকৈ বান্ধি বান্ধৱীৰ বাবে বন্ধুক ঠিক কৰাৰ প্ৰতিশ্ৰুতি দিলে। ঠিক এসপ্তাহমান অৱজাৰভেশ্বনত ৰাখি বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱা হল। অৱশেষত পতিয়ন গ’লো চিঙ্গল বুলি। যথাযথ কাম আৰম্ভ কৰি দিলোঁ। নামবিহীন চিঠি এখন লিখি প্ৰেমৰ প্ৰস্তাৱ দিলোঁ। ৰ’বলৈ সময় নাই। চিঠিখন বাইকৰ টেঙ্কীটোত চেল’টেপেৰে লগাই দিলোঁ। একমাহৰ ভিতৰত প্ৰায় দহখনমান চিঠি দিলোঁ। আমি অনবৰতে পাইচাৰী কৰি থকা বাবে বপুৰাই আমালৈয়ে সন্দেহৰ বাণ মাৰিছিল।
এদিন  পুৱাই নিৰ্দিষ্ট বাইকখনত এখন চিঠি পালো। আই লাভ ইউ টু বুলি লিখা আছিল। আনন্দত আত্মহাৰা মই। ধন্যবাদ দি তত্ নাই সকলোকে। সোণাৰুফুলীয়া দিন আৰু তৰাফুলীয়া ৰাতিবোৰ গণি গণি শেষ কৰিব নোৱাৰি যেন। ভাত ডিঙিৰ পৰা তললৈ নসৰকাই হ’ল। ভোক-পিয়াহ ক’ৰবাত। মুঠতে, কিবা খেলিমেলিখন হ’লগৈ। দুদিনমান পাছত নিৰ্দিষ্ট ঠাইডোখৰত আকৌ এখন চিঠি পালো, একেদৌৰে আজুৰি আনিলোঁ। আমুক ঠাইডোখৰত বাৰ বজাত লগ কৰাৰ বাবে অনুৰোধ কৰা আছিল। মুহূৰ্ততে দুগালত দুটা প্লাম পকি উঠিছিল। কি যে ৰোমাঞ্চকৰ হ’ব সেই সময়। সখীসকলৰ পৰিচৰ্যাত সুন্দৰকৈ খেজুৰ বেণী এডাল চুলিখিনিত গঢ়ি উঠিছিল। চকুৰ কাজলখিনি ডাঠকৈ লগাই আইনাখনলৈ চালোঁ। নিজকে অলপ বেলেগ যেন লাগিল। বাৰ বাজিবৰ হ’ল।। আপুৰুগীয়া বিধান দুটামান দি একপ্ৰকাৰ গটামাৰি দিয়াকৈ ঠেলি দিলে গেটৰ ভিতৰলৈ। সন্মুখত মনৰ মানুহজনক দেখি ভে-ভেকৈ কান্দি দিবৰ মন গ’ল। হাঁহিৰে সম্ভাষণ জনাই ওচৰলৈ আহিলে তেওঁ। ময়ো চকুত চকু থৈ স্মাৰ্ট হোৱাৰ অভিনয় কৰিলোঁ। ঈৰ্ষৎ হাঁহি এটা মাৰি পৰিৱেশটো পাতল কৰিবলৈ বিচাৰিলোঁ। ‘নিজে আহিব নোৱাৰি তোমাক পঠিয়ালে হয়নে?’…. এইবুলি কোৱা প্ৰথম বাক্যষাৰে মোৰ মগজুত বিন্ধিলে। তাৰ পাছত ক্ৰমান্বয়ে কোৱা কথাবোৰে মোৰ দেহত হাজাৰবাৰ বিন্ধিলে। কিবা এটা লেঠা লগা যেন লাগিল। মই যিমানেই নিজৰ বিষয়ে ক’ব বিছাৰিছো তেওঁ সিমানেই বন্ধু নেইনাৰ কথাহে জানিব বিচাৰিলে। চকুৰ আগত মহাৰণ এখন ভাঁহি উঠিল। বুজিবলৈ বাকী নাথাকিল তেৰাৰ মন নেইনাত গদগদ। ঈৰ্ষা আৰু ক্ষোভত বুকুত এটা শিলৰ জন্ম হ’ল। আঙ্গুৰ টেঙা বুলি সখীসকলক জনালোঁ। ভাগি পৰিলো সকলো। পৃথিৱীত যে বহুত ভাল ল’ৰা আছে তাৰে প্ৰমাণত সকলো উঠিপৰি লাগিল। অৱশ্যে এসপ্তাহমান কলেজ নোযোৱাকৈ থাকিলোঁ। অতি অমায়িকভাৱে সকলোকে খুলিও ক’লো। বিভৎস গালিৰে উপচাই পেলালে তাক। গৱেষণাৰ অন্তত জানিলো বেচেৰাৰ ভুল নাছিল, চিঠিখন যিহেতু নামবিহীন আছিল গতিকে নেইনাকে গৰাকী বুলি ধৰি লৈছিল। সেয়ে বান্ধৱীক লগ কৰাবলৈ পঠোৱা বুলিয়েই সমস্ত আবেগ বান্ধৱীক ব্যাখ্যা কৰিছিল। কিন্তু আমিও নাচোৰবান্দা, সমস্ত দোষ তেৰাৰ ওপৰত জাপি দি সম্পূৰ্ণৰূপে তেৰাক এঘৰীয়া কৰি পেলালো। বেচেৰাটোৱে চাগৈ ধৰিবই নোৱাৰিলে আচলতে কেচটো কি আছিল!
☆ ★ ☆ ★ ☆

12 Comments

Leave a Reply

Your email address will not be published.