ফটাঢোল

নৈশ বাছ যাত্ৰা — গীতাৰ্থ গোস্বামী

যোৰহাটৰপৰা নৈশ ‘AC Push Back’ আসনযুক্ত বাছেৰে গুৱাহাটিলৈ যাত্রা আৰম্ভ কৰিলোঁ‌ আৰু নুমলীগড়মান পাইছোঁ‌ কি নাই পিছফালৰ সহযাত্রীয়ে ঠেলা মাৰি অলপ অলপকৈ আহিবলৈ ধৰা টোপনিটো ভাঙি দিলে।

“দাদা ছীটটো আগুৱাই লওক, ভৰিত লাগি গৈছে।”

আসনখন আগুৱাই ল’লোঁ‌ যদিও মনে মনে ভাবিলোঁ‌, মই দেখোন Push Back কৰাই নাছিলোঁ‌? চাগৈ ৰাস্তাৰ দুৰৱস্থাৰ বাবে বা টোপনিৰ নিচাত নিজে নিজে হৈ গ’ল। আকৌ আৰামেৰে AC ৰ হাৱা লৈ লৈ নিদ্ৰা দেৱীৰ কোলাত নিজকে এৰি দিবলৈ লওঁ‌তেই আকৌ সেই একেই বিৰক্তিকৰ চিৎকাৰ।

“দাদা ছীটটো আগুৱাই লওক, দুখ পাইছোঁ‌।”

মই দেখিলোঁ‌ হয় আকৌ আসনখন কোনোবা অলৌকিক শক্তিৰ প্ৰভাৱতে নে আন কিবা কাৰণতেই পিছুৱাই গৈ পাছৰ যাত্রীৰ গাত ভেঁ‌জা দি পৰিছে।
যা হওক আসনখন আকৌ ঠিক কৰি বহিবলৈ লওঁ‌তেই কাষত বহা এক কেটেঙা ভদ্ৰলোকে মোলৈ চাই হাঁহি হাঁহি ফুচফুচকৈ আন এজনক কোৱা শুনিলোঁ‌,

“আচলতে পেটুৱা ‍থুলন্তৰ মানুহ যে সেয়ে ছীটটোৱে ভৰ ল’ব পৰা নাই চাগে।”

খঙে চুলিৰ আগ পাইছিলে যদিও সকলো মানুহ শুই থকা আৰু তেখেতেও ফুচফুচাইহে কাষৰজনক কোৱা দেখি, একো নোকোৱাকৈ চুপচাপ আকৌ শুবলৈ চেষ্টা কৰিলোঁ‌। বাছ গৈ কাজিৰঙা পোৱাই নাই পিছফালৰ পৰা আকৌ চিৎকাৰ,

“উফ ৰাম দাদা আগুৱাই লওক।”

এইবাৰ আৰু ৰৈ থাকিব নোৱাৰি ময়ো চিঞৰিয়ে উত্তৰ দিলোঁ‌,

“ৰ’ব ছীটটো বেয়া হৈছে চাগে, মই পিছুওৱা নাই।”

আৰু একেকোবে গৈ বাছৰ পৰিচালকক মাতি আনি সমস্যাটোৰ কথা অৱগত কৰিলোঁ‌। তেনেতে আকৌ সেই কেটেঙা ভদ্ৰলোকে এইবাৰ অলপ ডাঙৰকৈয়ে পৰিচালকক উদ্দেশ্যি আৰু মোকলৈ উপলুঙাৰ সুৰত বক্তব্য আগবঢ়ালে,

“আচলতে তেখেত পেটলা বাবে ছীটে ভৰ ল’ব পৰা নাই চাগে।”

মই কিবা কোৱাৰ আগতেই পৰিচালক আৰু বাকী যাত্রীয়ে তেওঁক অনুৰোধ কৰি মোৰ আসনৰ লগত তেওঁৰ আসন বদলি কৰাৰ পৰামৰ্শ দিলে আৰু প্ৰথমে তেওঁৰ বৰ মন নাছিলে যদিও ৰাইজৰ অনুৰোধমৰ্মে আৰু নায়ক হোৱাৰ হাবিয়াসত তেওঁ ১৪ নং আসনখন মোক দি, নিজে ১৩ নং আসনত অধীস্থিত হ’ল।

বাছ আকৌ চলিবলৈ ধৰিলে। এইবাৰ আকৌ কেইমিনিটমানৰ পিছতেই আকৌ শুনিবলৈ পোৱা গ’ল সেই একেই বিৰক্তিকৰ চিৎকাৰ ১৩ নং আসনৰ পাছফালৰপৰা আৰু এইবাৰ কেটেঙা ডাঙৰীয়াই লাহেকৈ কোৱা শুনিলোঁ‌

“ছীটটোৱে বেয়া আচলতে, স্প্ৰিং ঢিলা হৈছে চাগে।”

আৰু এক ঘণ্টামানৰ পিছত ছীট আগুৱা-পিছুৱা কচৰৎ কৰি কৰি ভাগৰি পৰা কেটেঙা মহাশয়ে লাহেকৈ মোক হাতেৰে খুচি মাতিবলৈ চেষ্টা কৰি ক’লে,

“অ’ দাদা, ছীটটো বেয়া। আপুনি আহক নিজৰ ছীটলৈ। মই শুব পৰা নাই।”

কিন্তু ময়ো জানো কম ভকত, শুনিও নুশুনাৰ ভাও জুৰি পূৰা নাক বজাই কাণত হেডফোনলৈ মহাশয়ক বুজাই দিলোঁ‌

”টোপনি যোৱা মানুহক জগাব পাৰি, কিন্তু টোপনিৰ ভাও ধৰা মানুহক জগাব নোৱাৰি” – বোলা ফকৰাটোৰ অৰ্থ।

ৰাতিপুৱা পাঁ‌চ বজাত বাছ আহি খানাপাৰা পাওঁ‌তে পিঠিত বেগটো লৈ নামিবলৈ লৈ, কেৰাকৈ মহাশয়লৈ চালোঁ‌ আৰু গোটেই ৰাতি টোপনি ক্ষতি আৰু আগলৈ হাওলি হাওলি বহি বেচেৰাৰ মুখখন খঙত ৰঙা পৰি আছে আৰু মুখৰ অভিব্যক্তিৰ পৰাই বুজিলোঁ‌ মোক চাগৈ ইতিমধ্যে মনে মনে বংশ উজাৰি অভিশাপ দিছে।

মই কিন্তু ভদ্ৰতাৰ খাতিৰত নামোতে মাত দি আহিলোঁ‌,

“আহিলোঁ‌ দেই। ধন্যবাদ ৰাতিটোৰ ত্যাগৰ বাবে।”

আৰু উত্তৰলৈ অপেক্ষা নকৰি কোঁ-কোঁৱাই নামি নিজৰ বাট ল’লোঁ‌।

☆★☆★☆

6 Comments

  • প্ৰদীপ বৰা

    ভাল লিখিছে

    Reply
  • Pranita Goswami Barthakur

    এইবোৰ অভিজ্ঞতাই শিকায় মানুহক। ভাল লাগিল

    Reply
  • Pranita Goswami

    এইবোৰ অভিজ্ঞতাই শিকায় মানুহক। ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.