ফটাঢোল

নয়না বুঢ়াগোঁহাই চেণ্ট ইউ এ ফ্ৰেণ্ড ৰিকুৱেষ্ট – উজ্জ্বল দিপ্লু গগৈ

২০১২ৰ গ্ৰীষ্মৰ এটা দিন৷ বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ছুপাৰ চিনিয়ৰ হিচাপে দহমান বজাত শুই উঠি আড্ডা দিয়াৰ বাহিৰে বিশেষ কাম নাথাকে৷ জুনিয়ৰবোৰ ক্লাচলৈ যায়, আমি এটা ৰূমৰপৰা আনটো ৰূমলৈ পায়চাৰি কৰি ফুৰোঁ৷ তেনেকুৱা এটা দিনতে ৰূমৰ হেলিকপ্তাৰৰ পাংখা যেন চিলিং ফেনখন কাৰেণ্ট যোৱাৰ কাৰণে “কেৰেৰেৰেক কেৰেৰেক কেৰেক কেক” কৰি ৰৈ গৈছিল৷ গৰমত কাৰ মগজুত জুই লাগিছিল পাহৰিলোঁ, কিন্তু জুই লগাটোৱে কৈ উঠিল,

: ব’ল আমি ফেচবুকত ছোৱালীৰ নামত ফেক একাউণ্ট এটা খুলি লগৰকেইটাক অলপ নচুৱাওঁ৷

পৰিকল্পনা পূৰ্ণদ্যোমে চলিল৷ প্ৰথম কাম আছিল নামাকৰণ কৰা৷ বিশ্বাস জন্মোৱা নাম এটাৰ প্ৰয়োজন হৈছিল; প্ৰিয়া, প্ৰীতি, বৰষা, বৰ্ণালী, প্ৰিয়ংকা ইত্যাদি নামবোৰৰ মাজত কোনটো বাছনিত তোলোঁ বুলি ভাবি থাকোঁতে এটাৰ মুখত ওলাল,

: নয়না বুঢ়াগোঁহাই কেনেকুৱা হ’ব?

এজনে ক’লে,

: গভীৰতা থকা নাম৷

মোৰফালে চোৱাত ক’লোঁ,

: বিয়াৰ পিছত আমাৰ লগৰবোৰ বাপেক হ’লে নামবোৰ তইহে চাই দিবিগে৷

আনটো লগৰে মুখত কিবা চোবাই থকাৰ বাবে হাতেৰেই থাম্বচ্ আপ দি সমৰ্থন জনালে৷ নয়নাৰ জন্ম এইদৰেই হ’ল কিন্তু তেতিয়ালৈকে নয়নাৰ মুখখনৰ গঢ় দিব পৰা হোৱা নাছিল৷

গহীন আলোচনা এটাৰ সমান্তৰালকৈ যুক্তি-তৰ্ক চলাৰ পিছত আমি ইণ্টাৰনেটত খুচৰিলোঁ ‘পাকিস্তান মডেল, বাংলাদেশ মডেল, অমুক ঠাইৰ মডেল, তমুকৰ মডেল৷’ বাচি বাচি অৱশেষত আমি পাকিস্তানৰ মডেল এগৰাকীক বাছনিত তুলিলোঁ৷ একাউণ্ট খোলা হ’ল, মডেলগৰাকীৰ ফটোখন আপল’ড কৰা হ’ল প্ৰফাইল পিকচাৰত৷ বায়’ডাটাত লিখা হ’ল –

‘ষ্টাডিজ এট আইডল, গুৱাহাটী ইউনিভাৰ্চিটী৷’

সন্ধিয়া হৈ আহিল, হিটলিষ্ট এখন বনোৱা হ’ল৷ এফালৰপৰা নিজৰ হোষ্টেলৰ উপৰিও আন আন চিনাকিবোৰক টাৰ্গেট কৰি নয়নাই এটা এটা মানুহক ফ্ৰেণ্ড ৰিকুৱেষ্ট দি গ’ল৷ বহুকেইজনে লগালগ ফ্ৰেণ্ড ৰিকুৱেষ্ট গ্ৰহণো কৰিলে৷ দুজনমান বাৰু এইবোৰ ক্ষেত্ৰত আগৰণুৱা আছিল, সেয়েহে আগেভাগে তেওঁলোকে হাই, হেল্ল’, কি খবৰ ইত্যাদিও দিলে৷ মুহুৰ্তৰ ভিতৰতে নয়নাৰ বন্ধুৰ সংখ্যা ৫০জনৰো অধিক হ’ল৷ উপৰাউপৰিকৈ নয়নাৰ খবৰ লোৱা মেচেজকৰ্তা ঢেৰ ওলাল৷ আমি চাই গ’লো,

“আৰে এইটো দেখোন অমুক, আজি দিনত গাৰ্লফ্ৰেণ্ডৰ হাতত ধৰি জালুকবাৰীত বজাৰ কৰি আছিল৷”

“উৱা আমাৰ তমুকো দেখোন কম নহয়, এনেই ৰাতি মালটো খাই নিচা ধৰাৰ এক্টিং কৰে, এতিয়া তাৰ মেচেজৰ কোব চা৷”

“ইচৰাম ইয়াক কিন্তু এনেকৈ মেচেজ কৰা মানুহ বুলি ভবা নাছিলোঁ, পৰহি প্ৰাগজ্যোতি হলত বক্সত গাৰ্লফ্ৰেণ্ডৰ লগত বহি আন্ধাৰত…৷”

 অৱশ্যে নয়নাই ইমান মিঠা মিঠা লগা ভাল মেচেজবোৰৰ মাজত গালিও খাইছিল, কিছুমান ল’ৰাই ঠেঁহ পাতিছিল,

“ইমান মেচেজ কৰাৰ পিছতো কিয় ৰিপ্লাই নকৰা?”

“অ’ই ছোৱালী, ৰাতিখন কাক মেচেজ কৰিবলৈ আহিছ? নিজৰ বয়ফ্ৰেণ্ড নাই যদি চাই ল’ কাৰোবাক, মোৰ বয়ফ্ৰেণ্ডক কিয় হাই বুলি ক’বি৷” ইত্যাদি ইত্যাদি৷

ইতিমধ্যে নয়নাৰ ডিমাণ্ড মাৰ্কেটত হেভী হৈ যোৱাৰ লগে লগে আমিও কিছু ক্ষেত্ৰত মাৰ্কেটিঙ পলিচীত কঠোৰ হ’ব লগাত পৰিল৷ হিটলিষ্টৰ কনচেপ্তটো সলনি কৰি আমি প্ৰাইম টাৰ্গেট লিষ্ট বনালোঁ৷ নাম্বাৰ ১ত ৰাখিলোঁ আমাৰে এজন জ্যেষ্ঠ আৱাসী লীলামণি দাক (নামটো কাহিনীৰ স্বাৰ্থত সলনি কৰা হৈছে)৷

লীলা দা সেইসময়ত হোষ্টেলত কামদেৱ উপাধিৰে স্বীকৃতিপ্ৰাপ্ত তজবজীয়া প্ৰেমিক৷ গাৰ্লফ্ৰেণ্ডৰ বেষ্ট ফ্ৰেণ্ডেয়েও তেখেতক গন্ধৰ্বপ্ৰথা মতে বেষ্ট ফ্ৰেণ্ড কৰি থৈছে৷ সংসাৰৰ ৰমৰমীয়া সুখত তেখেত তেতিয়া সপ্তম স্বৰ্গৰ ওপৰত কিন্তু, ক্ৰিকেট মেটচ্ এখনত ভাল খেলি থকা বেটচ্মেন এজনো হঠাৎ আউট হয়৷ আৰু সেইটো অভাৰ বল কৰিবলৈ আহিছিল নয়না বুঢ়াগোঁহাই৷ অনিয়মীয়া বলাৰ নয়না৷ লীলা দাই প্ৰথমটো বল বেকফুটলৈ আহি কীপাৰলৈ এৰি দিলে অৰ্থাৎ নিজৰ গাম্ভীৰ্য্য বহাবলৈ লীলা দাই ৰিকুৱেষ্টটো নধৰিলে৷ আমি পাঁচটা বল লীলা দালৈ কৰিলোঁ; লীলা দাৰ কোনোবা ফটোত লাইক মাৰিলোঁ, ষ্টেটাচত কমেণ্ট পেলালোঁ কিন্তু লীলা দাই প্ৰতিটো বল কীপাৰলৈ এৰি দিলে৷ অৱশেষত ৰিস্ক লৈ শেষৰটো বল নয়নাই এৰিল একেবাৰে লাহেকৈ৷ নয়নাই ফ্ৰেণ্ড ৰিকুৱেষ্টটো কেঞ্চেল কৰি দিলে৷ ললীপপ যেন আৱেগিক বল দেখি লীলা দা ৰ’ব নোৱাৰিলে৷ বেটত লগাই চিধা মিড অফৰ ফিল্ডাৰৰ হাতত কেটচ্ তুলি দিলে৷ পিছদিনা ৰাতিপুৱা শুই উঠি দেখা পালোঁ;

“লীলামণি চেণ্ট ইউ এ ফ্ৰেণ্ড ৰিকুৱেষ্ট৷”

বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ অলপ পাছতে লীলা দাৰ মেচেজ “গুডমৰ্ণিং৷” প্ৰতি গুডমৰ্ণিঙৰ পিছতে লীলা দাৰ প্ৰশ্নবাণ আৰম্ভ৷ কাষৰ ৰূমটোতে বহি লৈ আমিকেইটাই লীলা দাৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াত ব্যস্ত হ’লোঁ৷ এজনে তাৰ মাজতে কৈ উঠিল,

: ইম্প্ৰেচিভ, লীলা দাৰ ৰিপ্লাই চা না ব্বে! এনেকৈ কেনোবাদিনা ছোৱালীক মেচেজ দি পাইছনে তহঁতি!

আন এটাই মাত লগালে,

: যি ধুনীয়াকৈ কথাবোৰ কৈছে, মই ১১০% চিউৰ এনেকুৱা মেচেজ পালে লীলাদাৰ গাৰ্লফ্ৰেণ্ডৰ বেষ্টফ্ৰেণ্ডৰ মাকো লীলাদাৰ বেষ্টফ্ৰেণ্ড বনি যাব৷

তাৰ কথাত আমাৰ হাঁহিৰ ৰোল উঠিল৷ তেনেতে দুৱাৰত কাৰোবাৰ নক শুনি লৰালৰিকৈ নয়নাৰ প্ৰফাইলটো বন্ধ কৰি দুৱাৰখন খুলি দিলোঁগৈ৷ হাতত ম’বাইলটো লৈ স্বয়ং লীলা দা আমাৰ সন্মুখত; মুখত হাঁহি, আমাক ফুৰ্তিৰে নিজেই বাতৰিটো দিলে,

: চিবচাগৰ ফালৰ আপী এটা পতছি ৰহ, যি মেচেজ দিচ্ছি পুৱাতে বাপ্পা ঔ৷

আমি তেখেতক “বাপ্পা ঔ”তে ৰখাই কথাৰ পাক ঘূৰালোঁ, তেখেতে নয়নাৰ সম্পূৰ্ণ বৰ্ণনাৰ সৈতে তাইৰ  ঘৰৰ কথা, তাইৰ ভাললগা-বেয়ালগা, বয়ফ্ৰেণ্ডহীন জীৱনৰ কথা, কি ৰঙৰ নেইলপলিচ লগাই সকলোবোৰ আমাৰ আগত কৈ গ’ল৷ বিৱৰণ শুনি আমি অবাক, মই মনতে ভাবিলোঁ ‘লীলা দাই এই গতিত ক’ৰ্চৰ বস্তু মনত ৰখা হ’লে ফাৰ্ষ্ট ক্লাচ ফাৰ্ষ্ট হ’লহেঁতেন৷’

তেনেতে হঠাৎ লীলা দাই ক’লে,

: কিন্তু আপীটুই ফন নাম্বাৰ নিদে ঐ, খুজলিউ নিদে, বোলে লগ পাই লওঁ৷

আমি এটাই আনটোৰ মুখলৈ চালোঁ, “ক’ৰপৰানো নম্বৰটো দিওঁ তেখেতক৷”

দিন বাগৰিল, নয়না+লীলাৰ অনলাইন প্ৰেম হ’বলৈ বাধা মাত্ৰ মাজত লগ পাই লোৱাৰ সূতাডাল৷ সেইডাল কাটিব পাৰিলেই নয়না হৈ পৰিব আজীৱন লীলা দাৰ৷ সেইদিনটো আছিল শনিবাৰ, লীলা দাৰ ৰূমলৈ গাৰ্লফ্ৰেণ্ড আৰু বেষ্টফ্ৰেণ্ডজনী আহিছে ভাত খোৱাকৈ৷ ৰাতিপুৱাৰপৰা লীলা দাৰ ব্যস্ততা, পিঁয়াজ-আলুৰ বাকলি গুচাইছে, নহৰু-আদা ঠেতালিছে, বোলে ব্ৰইলাৰ মুৰ্গীৰ জোল ৰান্ধিব!

বাৰ বজাৰ আগে আগে আলহী পালেহি৷ আমিও “বৌ ভাল নে” বুলি খবৰ লৈ এটা এটাকৈ ৰূমত সোমালোঁহি৷ নয়নাৰ প্ৰফাইলটো খুলি লীলা দালৈ মেচেজ পঠালোঁ,

: মই মেইন গেটত আছোঁ, লগ কৰোঁ আহা৷

দুই মিনিটৰ মূৰত লীলা দাৰ মেচেজ,

: মোৰ গা একদম বেয়া, উঠিবই পৰা নাই, আজি নালাগে দিয়া আন এদিন লগ কৰিম৷

নয়নাই এৰি নিদিলে, তাইৰ যে লগ কৰিবৰ মন,

: মোৰ মন আছিল তোমাক লগ ধৰিবলৈ, আহানা কিবাকৈ৷

তেনেতে আমি এখন হাতত বাল্টি, আনখনত ম’বাইলটো লৈ লীলা দাক লেট্ৰিনত সোমোৱা দেখা পালোঁ৷ লেট্ৰিনৰ দুৱাৰ মৰাৰ শব্দৰ লগে লগে লীলা দাৰ টাইপিং ষ্টাৰ্ট,

: মই এক্কেবাৰে নোৱাৰিম জানানে, মই উঠিব পৰা অৱস্থাতে নাই, পেৰাচেটামুল খাইছোঁ, তেহে যদি জ্বৰ ভাল হয়৷

নয়না নাচোৰবান্দা, তাই কৈ উঠিল,

: ৰ’বা মইয়েই তোমাৰ ৰূমলৈ গৈ আছোঁ, খবৰ কৰি আহোঁ৷

লীলা দাৰ চুপাৰফাষ্ট ৰিপ্লাই,

:নানানানানানানা, ৰ’বা মই গৈ আছোঁ৷

নয়নাই সুধিলে,

: কিয়, মই তোমাৰ ৰূমলৈ যাব নাপায়?

লীলা দাৰ ৰিপ্লাই,

: বয়জ হোষ্টেল যে, আহিলে ল’ৰাবোৰে কি ভাবিব ঠিক নাই৷ মইয়ে গৈ আছোঁ লগ কৰিম৷

ঠিক তেনেতে লেট্ৰিনত ফ্লাচ মৰা শব্দ শুনিলোঁ, কেইছেকেণ্ডমান পিছত দুৱাৰখন ধামকৈ মৰাৰ শব্দ৷ বাৰাণ্ডাত ৰৈ আমি দুটামানে তেখেতৰ আলেখ-লেখ চাই আছিলোঁ৷ আমাৰ কাষেৰে সাউৎকৈ পাৰ হৈ যাওঁতে চিন্তাক্লিষ্ট মুখেৰে তেখেতে কৈ গ’ল,

 “মল্লু এ বা……৷”

ইতিমধ্যে ব্ৰইলাৰ মাংসই কেৰাহীত বকবকাবলৈ লৈছে৷ গাৰ্লফ্ৰেণ্ডে লীলা দাক সুধিছে ইমান দৌৰাদৌৰি কৰিবলৈ কিহে পাইছে৷

লীলা দাৰ উত্তৰ,

:এম.ফিলৰ গাইডে এতিয়াই মাতিছে৷

আমি নয়নাৰ ফালৰপৰা শেষ অস্ত্ৰপাত এৰিলোঁ, ‘

: তুমি কি পিন্ধি আহিবা?

লীলা দাৰ উত্তৰ,

: ৰেডকালাৰ টি-চাৰ্ট৷

নয়নাৰ উত্তৰ আহিল,

: এইখিনিত ৰেড টি-চাৰ্টত ঢেৰ মানুহ আছে, তুমি এটা কাম কৰা না ডিঙিত এখন গামোচা লৈ আহা আৰু এটা কেপ পিন্ধি আহিবা৷

লীলা দাৰ মাথা গৰম হৈ আহিল৷ এফালে ৰূমত গাৰ্লফ্ৰেণ্ড, আনফালে নয়নাৰ তাগিদা৷ আমি জানিছিলোঁ যে লীলাদাৰ ৰূমত এখনো ভাল গামোচা আৰু টুপী নাই৷ সেয়েহে আগতীয়াকৈ হালধীয়া টুপী এটা আৰু গামোচা এখন ৰূমত যোগাৰ কৰি থৈছিলোঁ৷ অনবৰতে লোকৰ বস্তুৰে কাম চলি যোৱা লীলা দা দৌৰি আহি আমাৰ ৰূমত সোমালহি; বিছনাৰ খুটিত ওলমি থকা হালধীয়া টুপীটোলৈ এবাৰ চালে, খন্তেক কিবা ভাবি পতককৈ মূৰত পিন্ধি ল’লে৷ তাৰপাছত ৰছীত ওলোমাই থোৱা গামোচাখন ডিঙিত ওলোমাই এটাও মাত নমতাকৈ বাহিৰলৈ তুফান গতিত ওলাই গ’ল৷ আমি হালধীয়া টুপীটো নেদেখা হোৱালৈকে চাই ৰ’লোঁ৷

ফেচবুকত মেচেজ আহিল,

: নয়না ক’ত তুমি, মই মেইনগেটত ৰৈ আছোঁ?

ন’ ৰিপ্লাই, ন’ ৰিপ্লাই, ন’ ৰিপ্লাই ফ্ৰম নয়না’চ ছাইড৷

পুনৰ মেচেজ,

: আৰে কোৱানা ক’ত আছা, মই ৰঙা টি-চাৰ্ট, ডিঙিত গামোচা লৈ হালধীয়া টুপী পিন্ধি মেইন গেটৰ ঠিক তলতে ৰৈ আছোঁ৷

নয়নাই টাইপ কৰিবলৈ ষ্টাৰ্ট কৰিলে,

: তুমি ইমান দেৰি লগালা, মই তোমাৰ ৰূমলৈ গৈ আছোঁ খবৰ ল’বলৈ৷

গ্ৰীষ্ম ঋতুৰ ঘামে জোল বোৱাই নিয়া গৰমত আমি হোষ্টেলৰ বাহিৰত দেখা পালোঁ, ”হালধীয়া টুপী এটা প্ৰচণ্ড গতিত হোষ্টেলৰ ফালে দৌৰি আহি আছে৷ টুপী পিন্ধা মানুহজনে ফোঁপাই মেলি গোটেই হোষ্টেলটো কোনোবা মানুহক বিচৰাৰ দৰে তল-ওপৰ লগালে৷ ইতিমধ্যে অদ্ভূত ৰঙৰ কাপোৰৰ কম্বিনেচন পিন্ধা লীলা দাক দেখি সকলোৰে হাঁহিৰ ৰোল উঠিছিল৷ চেতনা তেখেতৰ অলপ অলপকৈ ঘূৰি আহিছিল৷

আমি তেখেতৰপৰা নিৰাপদ দূৰত্বত থিয় হৈ গান এটা জুৰিছিলোঁ,

“কজৰা ৰে কজৰা ৰে, তেৰে কালে কালে নেইনাআআআ, নেইনাআআআআ, নেইনাআআআআআআ…৷”

লীলা দাই পিন্ধি থকা চেণ্ডেল এপাত আমালৈ লক্ষ্য কৰি দলি মাৰি পঠিয়ালে৷ লীলা দাৰ বৌয়ে সেই সময়ত কেৰাহীত মাংস ৰান্ধি ভোৰভোৰাই আছিল,

: খানা খাবলৈ মাতি সদায় ইয়াৰ বাহানা, মইয়েই বনাবহি লাগে৷ আজি আহক ইয়াক!

☆ ★ ☆ ★ ☆

8 Comments

  • জ্যোতিষ্ময় গগৈ

    বৰ ভাল লাগিল।

    Reply
  • Mukut bhatracharjya

    হাহাহা ভাল জমনি

    Reply
  • Shibani

    বহুত ধুনীয়া লিখনি, ভাল লাগিল পঢ়ি।

    Reply
  • Bankush Pratim Mahanta

    জমাইছে ককাইদেউ। হালধীয়া টুপি এটা হোষ্টেললৈ আহি থকাৰ অৱস্থাটো কল্পনা কৰিয়েই হাঁহিত ফাটি পৰিছোঁ‌। সুন্দৰ উপস্থাপন।

    Reply
  • ডলী

    হা হা।লীলা দাৰ ৰূপ কল্পনা কৰি হাঁহিত ফাটি গৈছো।

    Reply
  • বাগ্মিতা

    ধেই, কম কচুগুটি নে তোমালোক😂😂

    Reply
  • জিতু

    এএঃ নেপাই এনেকুৱা কৰিব।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ৷ বঢ়িয়া৷

    Reply

Leave a Reply

Your email address will not be published.