ফটাঢোল

নৰহৰি বুঢ়া ক’ভিড প’জিটিভ- দিগন্ত কুমাৰ ভট্টাচাৰ্য

বকুলগুৰি গাঁৱত হাঁহাকাৰ লাগিল।

বটগছজোপাৰ কাষেৰে সোমাই যোৱা সৰু কেঁচা ৰাস্তাটোৰ একেবাৰে মূৰত শিৱ মন্দিৰটো। মন্দিৰৰ কাষতে নৰহৰি বুঢ়াৰ ঘৰ। সেই নৰহৰি বুঢ়াৰে হেনো ক’ভিড প’জিটিভ।

”কোনে বুঢ়াক টেষ্ট কৰিলে?”

”বুঢ়াই টেষ্ট কৰাব লগা হ’ল কিয়?”

”বুঢ়াক কোনে লগ পাইছিল?”

”বুঢ়াই মলা টাংখু কোনে কোনে মুখত দিছিল? বুঢ়াই পিন্ধা গামোচাত খুচি অনা তামোল কোনে খাইছিল?”

”বুঢ়াৰ নাতিনীয়েকৰ কি হ’ল? তাইৰো বেমাৰ নে?”

– গাঁৱৰ ৰাইজৰ মাজত হাঁহাকাৰ লাগিল। প্ৰশ্নবোৰে সকলোকে ভয়ত পেলালে।

বুঢ়াৰ ঘৰখনৰ চাৰিওফালে ৰাইজে বাঁহ পুতিলে। ৰচী টানিলে। কোনেও যাতে ওলাব-সোমাব নোৱাৰে তাৰ কাৰণে মন্দিৰৰ মজিয়াৰপৰা কোনোবা এজনে লক্ষ্য কৰি থকাৰ ব্যৱস্থা কৰিলে।

বুঢ়া আৰু নাতিনীয়েক মালিনী অকলে থাকে ঘৰতে। কিন্তু প’জিটিভ বুঢ়া গ’ল ক’লৈ? বুঢ়াৰ নঙলামুখত মানুহৰ ভীৰ হ’ল। বাঘৰ গঁ‌ড়াল চাই ”হুৰ হুৰ, হাৰ হাৰ” কৰাৰ দৰে বহুকেইজনে বুঢ়াৰ ঘৰলৈ চাই ”হেৰৌ নৰহৰি, আছ নে?”, ”বোলো, নৰ আতৈ, মাত নিদিয়া কিয় হে?” বুলি চিঞৰিলে। মালিনীয়ে মুখত গামোচাখন মাৰি চোতাললৈ ওলোৱাৰ লগে লগে গঁ‌ড়ালত বাঘে গোজৰনি তুলিলে যেনেকুৱা কৰে ঠিক তেনেকৈ মানুহবোৰেও দুই-তিনিখোজ কৈ পিছুৱালে।

”হেৰৌ মালিনী, বুঢ়া ক’ত? এনেকৈ পলাই থকাটো ভাল কথা হোৱা নাই” – কোনোবা এজনে মালিনীলৈ চাই সোধে।

”নাজানো” – মালিনীয়ে চিঞৰি কয়।

”এনেকৈ বেমাৰ লৈ পলালে গাঁৱে তহঁতক এঘৰীয়া কৰিব কিন্তু”।

”মেডিকেলত লৈ গৈছে কিজানি” – তাই কয়।

”তোৰ গা কেনে? নোলাবি কিন্তু। ওলালে পিটন খাবি মানুহৰ।”

”ঘৰত চাউল নাই, দাইল নাই। কি খাম?” – মালিনীয়ে সোধে।

ৰাইজৰ মাজত কথোপকথন বাঢ়ে।

কিছুসময়ৰ পাছত মধু মাষ্টৰে চাউল আধা কিলো আৰু আলু এপোৱা টোপোলাত বান্ধি বাঘৰ গড়াললৈ মূৰ্গীৰ মাংস দলিওৱা দি দলিয়াই পেলাই দিয়ে। মালিনীয়ে টোপোলাটো বুটলি ঘৰৰ ভিতৰলৈ লৰ মাৰে।

“বুঢ়াই বৰ বেয়া কাম কৰিছে কিন্তু। এনেকৈ পলাই নে” – সকলোৱে বুঢ়াক গালি দিবলৈ আৰম্ভ কৰে। দুজনমানে গৈ ওচৰৰ থানাতো খবৰ দিয়ে।

”সৌ গাঁৱৰে হ’চপিটেলতো বোলে কুৰুণা বেমাৰী ৰাখিছে দুই-এটা” – চাধা মলি নৰেশ দোকানীয়ে কয় এজনক।

”কুৰুণা নহয় হে খুৰা, ক’ৰ’ণা। এইটো এটা ভাইৰাছ ভাইৰাছটো শৰীৰত সোমালে ক’ভিড প’জিটিভ বুলি কোৱা হয়। গতিকে ক’ভিড বেমাৰী বুলিও ক’ব পাৰা”- মধু মাষ্টৰৰ পুতেক অঞ্জনে শুদ্ধ কৰি দিয়ে। সি গুৱাহাটীৰ ক’লেজত বি.এ. পঢ়ি আছে। দেশ-দুনীয়াৰ খবৰ ৰাখে বুলি গাঁৱত নাম আছে।

“পিছে সকলোৱে মুখ ঢাকি আছে। তই উদংকৈ ৰাখিছ যে?” – নৰেশ দোকানীয়ে ওলোটাই সোধে।

অঞ্জন মনে মনে থাকে। চকু দুটা চলচলীয়া হয়। তাৰ লগত গাঁৱৰ গাঁওবুঢ়াৰ নাতিনী অপৰূপা একেলগে গুৱাহাটীত পঢ়ে। দুয়োৰে হিয়া-দিয়া-নিয়া আৰম্ভ হৈছিলহে, লকডাউনৰ কাৰণে ঘৰলৈ আহিব লগাত পৰিল। অপৰূপাৰ প’জিটিভ ওলাইছে এসপ্তাহ আগত। ‘জিমচি’ত আছে বৰ্তমান। মনে মনে সিও কামনা কৰিছে, তাৰো যদি কিবাকৈ প’জিটিভ ওলালে হয়! কিজানিবা সিহঁতে একেলগে ‘জিমচি’তে থাকিব পাৰিলেহেঁতেন! সেয়ে সি মুখ নাঢাকে। যিবোৰ কৰিলে ক’ৰ’ণা দেহত সোমাব বুলি কৈছে, সেই আটাইবোৰেই সি কৰি গৈছে যোৱা সপ্তাহৰপৰা। নাই, না তাৰ চৰ্দি, না জ্বৰ..একোৱেই হোৱা নাই। মনৰ ইচ্ছা পূৰণ নোহোৱাৰ দুখত কাতৰ সি!

“বুঢ়া মানুহ। ক’ৰবাত খৰি-চৰি বিচাৰিবলৈ যাওঁ‌তে উশাহ বন্ধ হৈ পৰি মৰি থকা নাইতো?” – দুজনমানে এই শংকাটোও ব্যক্ত কৰিলে। বহুকেইজনে সমৰ্থনো কৰিলে। সেই শংকাতে কেইজনমানে ওচৰৰ পথাৰ, নৈৰ পাৰতো বিচাৰিবলৈ গ’ল।

নাই, ৰাতিলৈও বুঢ়াৰ খবৰ নাই।

পাছদিনা পুৱা থানাৰপৰা দুজন পুলিচ আৰু গাঁৱৰ হ’স্পিটেলত কাম কৰা দুজন আহিল বুঢ়াৰ ঘৰলৈ।

আকৌ ৰাইজ গোট খালে।

সন্তপৰ্ণে হ’স্পিটেলত কাম কৰা দুজনে বুঢ়াৰ ঘৰৰ ভিতৰলৈ সোমাল।

“নাই, ঘৰতো নাই” – কিছুসময় পাছত তেওঁলোকে বাহিৰলৈ ওলাই ঘোষণা কৰিলে।

গাঁৱৰে দুজনমানে বুঢ়া ঘৰৰ ভিতৰতে লুকাই আছে বুলি সন্দেহ কৰিছিল। থানাত গৈ তাকেই কৈছিল। কিন্তু ভিতৰত সোমাই চাবলৈও ভয় কাৰণে হ’স্পিটেলৰ মুখা পিন্ধা কেইজনমানকে মাতি আহিছিল।

“ওহ, তেনেহ’লে ক’লৈ গ’ল বুঢ়া!” – সকলোৰে আকৌ কোৱা-কুই চলিল।

বুঢ়াৰ নাতিনী মালিনী চোতাললৈ আহিল। মানুহবোৰ আকৌ দুখোজ পিছুৱালে তাইক দেখি। হ’স্পিটেলৰ মানুহ দুজনলৈ চাই তাই চিঞৰিলে -“খোৱা বস্তু ক’ত? চাউল, তেল? নিদিয়ে আমাক?”

“হেৰৌ, ঘৰৰ মানুহক নিদিয়ে। যাৰ বেমাৰ হয়, তাকহে দিয়ে” – মানুহদুজন যাবলৈ ওলাল।

এনেতে বাৰীৰ পিছৰ কঁঠালজোপাৰ কাষৰপৰা চিঞৰ এটা ভাঁহি আহিল-

“হাৰামী মহেন পাণদোকানীয়ে মিছা কৈছিল কিয় মোক!”

সকলোৱে ঘূৰি চালে।

গা খজুৱাই থৰক-বৰক খোজেৰে সেয়া নৰহৰি বুঢ়া!

সকলোৰে চকু ডাঙৰ হ’ল।

“এই বেমাৰটো হ’লে ভালকৈ খাবলৈ দিয়ে। ঘৰতে খোৱা বস্তু দি যায়। চব কৈছিল চাল্লা মহেনে। ক’তা? মোৰো একেই বেমাৰ হোৱা বুলি পৰহি কাণ চোৱাইছিলোঁ নৰোত্তমৰ মাকৰ আগত। তাৰ পাছত দেখোন হাঁহাকাৰহে লাগিল। মানুহে এঘৰীয়া কৰিলে। চবে ধৰি বান্ধি নিবলৈ চল বিচাৰিলে। কিন্তু খোৱা বস্তু ক’ত? কোনেও নিদিলে। এমাহে কাম-বন নোহোৱাকৈ বহি আছোঁ। এসাজ খাই এসাজ লঘোনে থাকোঁ। নাতিনীজনীৰ মুখলৈ চায়ো কোনেও চাউল এমুঠি নিদিয়ে। সেয়ে ভাবিছিলোঁ, বেমাৰ হোৱা বুলি কিজানিবা দুসাজ খাবলৈ পাওঁ‌ৱেই…অন্তত: কিছুদিনলৈ………….!”

☆ ★ ☆ ★ ☆

14 Comments

  • Abhijit Goswami

    দাদা সঁচা ছবি… ভাল লাগিল দেই

    Reply
  • Rimjhim Borthakur

    এইবোৰেই ঘটি আছে। ভাল লাগিল

    Reply
  • Sankar Jyoti Bora

    আছল ছবি এইখনেই৷বহুতৰে সছাকৈয়ে এনেকুৱা অৱস্থা হৈছে৷

    Reply
  • Pranita Goswami

    বন্ধৰ দিনৰ দুখৰ ছবি। উপাৰ্জন বিহীন জীৱনৰ এটি সঁচা কাহিনী। ভাল লাগিল।

    Reply
  • dhurjjati

    Bhal lagile dei

    Reply
  • mridula

    ভাল লাগিল

    Reply
  • ৰিণ্টু

    বৰ ভাল লাগিল দিগন্ত

    Reply
  • হেমন্ত কাকতি

    ৰুঢ় বাস্তৱ!

    Reply
  • কাবেৰী মহন্ত

    একেবাৰে বাস্তৱ৷

    Reply
  • ৰূপম ঠাকুৰীয়া ।

    ভাল লাগিল দেই ।

    Reply
  • Jayashree Sharma

    এৰা দেই!

    Reply
  • মানসী বৰা

    বাস্তৱ ছবি এখন…

    Reply
  • নীলাঞ্জনা

    নৰহৰি বুঢ়াক বহুদিনৰ মূৰত লগ পালো৷ হওক তেওঁৰ শেষত পজিটিভ ওলোৱাতো উৰাবাতৰিহে বুলি সন্তোষ পালো৷ সদায় ভাল লিখা তুমি বৰ ভাল লাগিল পঢ়ি 🌻

    Reply
  • পৰীস্মিতা

    হাঁ‌হি হাঁ‌হি পঢ়ি থাকোতে শেষত দুখ লাগিল। আপুনিতো সদায়ে ক্লাচ লিখে।

    Reply

Leave a Reply

Your email address will not be published.