ফটাঢোল

নৱপ্ৰজন্ম আৰু সুস্থতা – ডা° পার্থসাৰথি ভূঞা

আমাৰ ভাৰতবৰ্ষ এখন যুৱ দেশ। ভাৰতৰ প্ৰতি তিনিজন ব্যক্তিৰ এজন, এগৰাকী যুৱক বা যুৱতী।আজিৰ যুৱ প্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যত, দেশৰ মানৱ সম্পদ। গতিকে এই সময়ছোৱাতে প্ৰতিজন যুৱক, যুৱতীয়ে এজন সুনাগৰিক হিচাপে নিজকে গঢ়িবলৈ যত্নপৰ হ’ব লাগে। সুনাগৰিক বুলি ক’লে কেৱল পঢ়া শুনা ভালকৈ কৰি চিকিৎসক, অভিযন্তা, অধ্যাপক বা ডাঙৰ বিষয়া হোৱাকে নুবুজায়৷ তাৰ পৰিৱৰ্তে এজন এনে ব্যক্তিক বুজাই যি সমাজ বা দেশৰ ওপৰত বোজা নহৈ তেওঁৰ নিজৰ ফালৰ পৰা কিবা হ’লেও অৱদান আগ বঢ়াব পৰাকৈ সক্ষম।

সাধাৰণতে ১৫ বছৰৰ পৰা ২৪ বছৰ বয়সলৈকে যুৱ অৱস্থা বুলি কোৱা হয়, যদিও National Youth Policy of India ই ১৫ ৰ পৰা ৩৫ বছৰ বয়সলৈকে যুৱ অৱস্থাত সামৰি লৈছে। কৈশোৰ পাৰ কৰি যৌৱনত ভৰি দিয়া এই সময়খিনি সকলোৰে বাবে বৰ সংবেদনশীল। কাৰণ শাৰীৰিক, মানসিক, সামাজিক ভাবে এই সময়ত যথেষ্ট পৰিৱৰ্তন ঘটে আৰু কিছু নতুন সমন্ধ গঢ়লৈ উঠে। গতিকে এই সময়ত নিজক সুস্থিৰ ভাবে ৰাখি, সঠিক ভাবে নিজৰ দেহ মন যিজনে আগুৱাই লৈ যাব তেঁৱেই হ’বগৈ এজন শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ প্ৰাপ্তবয়স্ক ব্যক্তি। সেয়ে কোৱা হয়, ‘যুৱ অৱস্থা সুন্দৰ ভৱিষ্যত জীৱনৰ এখন খিৰিকী৷’

যদিও ভবা হয় যে, যুৱচাম সদায়েই স্বাস্থ্যৱান, কিন্তু আচলতে তেনে নহয়। আমাৰ ভাৰতত বহু যুৱক, যুৱতীয়ে অকালতে প্ৰাণ হেৰুৱাই বা এই সময়ত কৰা কিছু কৰ্মৰ বাবে ভৱিষ্যতে এটা ৰুগীয়া জীৱন যাপন কৰিব লগাত পৰে।

ভাৰতৰ যুৱ সমাজৰ মাজত আজিকালি দেখা এটা প্ৰধান চিন্তাৰ বিষয় হ’ল, খাদ্যাভ্যাস। কিছু সংখ্যক খাদ্যৰসিকে জোখতকৈ খুব বেছিকৈ খাই, অথচ সেই খাদ্য সঠিক মাত্ৰাত শৰীৰত ব্যৱহৃত হ’বৰ বাবে প্ৰয়োজনীয় শাৰিৰীক কষ্ট বা ব্যায়াম একেবাৰে নকৰে৷ ফলত মেদবহুলতা(Obesity)ৰ চিকাৰ হয়। আৰু ইয়াৰ পৰাই আৰম্ভ হয়, উচ্চ ৰক্তচাপ, ডায়েবেটিচ, হাৰ্টৰ বিসংগতি। তাৰোপৰি আজিকালি উপলব্ধ ফাষ্ট ফুড বা জাংক ফুডৰ বেছি ব্যৱহাৰৰ বাবেও ভাৰতৰ যুৱচাম বয়সতকৈ বহু আগতেই এই বেমাৰবিলাকৰ কৱলত পৰা দেখা যায়।

আনহাতে আকৌ এচামৰ ক্ষেত্ৰত শকত হোৱাৰ ভয়ত শৰীৰৰ বাবে ন্যুনতম প্ৰয়োজনীয় খাদ্যতকৈও কমকৈ খোৱা দেখা যায়৷ ইয়াৰ ফলত তেওঁলোকৰ ৰক্তহীনতা আৰু শাৰীৰিক দুৰ্বলতা আদিয়ে দেখা দিয়ে। এগৰাকী যুৱতীৰ ক্ষেত্ৰত ৰক্তহীনতা বৰ মাৰাত্মক, কিয়নো তেওঁ কাইলৈ হ’বলগীয়া এগৰাকী মাতৃ। ভাৰতত অধিকাংশ প্ৰসুতি মাতৃৰ মৃত্যুৰ কাৰণ হৈছে ৰক্তহীনতা৷ বৰ্তমান যুৱ সমাজৰ মাজত সাধাৰণতে দেখা পোৱা বদঅভ্যাস হৈছে ধূম্ৰপান আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰ। “কেনেকুৱা বস্তুনো এইটো, খাই চাওঁ”, এই কৌতুহলত পৰি কিছু সংখ্যকে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰাও দেখা গৈছে, যি তেওঁলোকৰ গোটেই শৰীৰ কুমলীয়াতে মোহাৰি পেলাইছে। ড্ৰাগছৰ বাহিৰেও ধূমপান আৰু মদৰ অত্যধিক ব্যৱহাৰে যুৱ প্ৰজন্মৰ জীৱনত খুবেই কু-প্ৰভাব পেলোৱা পৰিলক্ষিত হৈছে৷ ধূমপানৰ ফলত পিছত ক্ৰনিক লাং ডিজিছ, উচ্চ ৰক্তচাপ আৰু সেইদৰে মদে লিভাৰ চিৰ’চিছ আদি কৰি কম বয়সতে ৰুগীয়া কৰি পেলায়। যুৱতীসকলৰ মাজত এই অভ্যাস তুলনামুলক ভাৱে অধিক বিপদজনক৷ কিয়নো এগৰাকী যুৱতী হৈছে ভৱিষ্যতৰ মাতৃ৷ ধূমপান আৰু মদে, সন্তান জন্মৰ প্ৰক্ৰিয়াত বহুতো বিঘিণিৰ সৃষ্টি কৰে। গৰ্ভধাৰণ নোহোৱা বা হ’লেও বেয়া হৈ যোৱা আদিৰ লগতে জন্ম হ’বলগীয়া সন্তানৰো জন্মগত শাৰীৰিক বিসংগতিৰ কাৰণ এই মদ আৰু চিগাৰেট হ’ব পাৰে।

আজিৰ এই প্ৰতিযোগিতাৰ ধামখুমীয়াত যুৱচামৰ মাজত নানা ধৰণৰ মানসিক সমস্যায়ো দেখা দিছে। হতাশা, মানসিক চাপ, উদ্বিগ্নতা আদিৰ চিকাৰ হোৱা সততে দেখা যায়। কিছুমানৰ ক্ষেত্ৰত আত্মহত্যাৰ প্ৰৱণতাও দেখা যায়৷ ভাৰতত প্ৰায় ১.৫ লাখ যুৱক/ যুৱতীয়ে প্ৰতিবছৰে আত্মহত্যা কৰে। মানসিক অশান্তিৰ আন বহুতো কাৰকৰ লগতে বয়সসুলভ প্ৰেমজনিত কাৰকৰ প্ৰভাৱো দেখা যায়৷ কিছুসংখ্যকে গুৰুতৰ মানসিক ৰোগৰ ফালে গতি কৰে। মানসিক অশান্তিয়ে তেওঁলোকক অতি কম বয়সতে উচ্চ ৰক্তচাপ, ডায়েবেটিচ আদি বেমাৰত পেলাব পাৰে৷

বয়ঃসন্ধিৰ পৰা প্ৰাপ্তবয়স্কলৈকে এই যাত্ৰাৰ সময়ছোৱাত তেওঁলোকৰ দেহত কিছুমান নতুন অনুভূতিৰ জন্ম হয়। শৰীৰত নতুনকৈ নিঃসৰিত হৰমনৰ প্ৰভাৱত কিছু নতুন কৌতুহলৰ সৃষ্টি হয়। সেয়েহে এই সংবেদনশীল সময়ত নিজকে সংযমী কৰি ৰখাটো খুবেই গুৰুত্বপূৰ্ণ। এনে অনুভূতি বা কৌতুহলৰ ফলত কেতিয়াবা কাৰোবাৰ অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন হয়। এনে অসুৰক্ষিত সম্পৰ্কই কেতিয়াবা এজনৰ দেহৰ পৰা আন এজনলৈ নানা বেমাৰৰ বীজাণু বিয়পাব পাৰে। এজন দেখাত সুস্থ ব্যক্তিয়েও এইডছকে আদি কৰি আন যৌন ৰোগৰ (STI)বীজাণু সংগোপনে কঢ়িয়াব পাৰে, যাৰ ফলত তেওঁ সম্পৰ্ক স্থাপন কৰা আনজন ব্যক্তি সেই ৰোগত আক্ৰান্ত হৈ পৰিব পাৰে। তাৰোপৰি অসুৰক্ষিত সম্পৰ্কৰ ফলত হ’ব পৰা অনাকাংক্ষিত গৰ্ভধাৰণৰ পৰা পৰিত্ৰাণ পাবলৈ অৱলম্বন কৰিবলগীয়া জৰুৰীকালীন পদ্ধতিবোৰ তথা অসুৰক্ষিত গৰ্ভপাতে যুৱতী গৰাকীৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু হয়তো ভৱিষ্যতে মাতৃ হোৱাৰ পথত হেঙাৰ সৃষ্টি কৰিব পাৰে।

বৰ্তমান সময়ত আটাইতকৈ চিন্তনীয় সামাজিক সমস্যা হিচাপে থিয় দিছে যুৱপ্ৰজন্মৰ বেপৰুৱা স্বভাৱ! আজিকালি বেমাৰতকৈ দুৰ্ঘটনাত বেছি যুৱক, যুৱতীৰ মৃত্যু হোৱা দেখা যায়৷ ই আশ্চৰ্যকৰ আৰু চিন্তনীয়৷ আজিকালি ওলোৱা বিভিন্ন অত্যাধুনিক দ্ৰুতবেগী বাইকবোৰ বহুতৰে বাবে সোনকালে ওপৰলৈ যোৱাৰ ভিছা লৈ অহাৰ দৰে। দ্ৰুতগতিত বাইক চলাই থ্ৰীল অনুভৱ কৰা সকলে অনুধাৱন নকৰে যে দুৰ্ঘটনা হ’বলৈ মাত্ৰ এক চেকেণ্ডহে লাগে৷ এনে দুৰ্ঘটনাই বহু প্ৰতিভাৱান যুৱশক্তিৰ মৃত্যু ঘটাইছে বা জীৱনলৈ ঘুণীয়া কৰিছে। তাৰোপৰি আজিকালি সৰু সৰু কথাতে দুটা গোটৰ মাজত হিংসাত্মক ঘটনা ঘটা দেখা যায়। যাৰ ফলতো কাৰোবাৰ প্ৰাণ যোৱাৰ লগতে, ঘুণীয়া হোৱা দেখা যায়।

এইখিনি আছিল যুৱ অৱস্থাৰ পৰা এজন শাৰিৰীক আৰু মানসিক ভাবে সবল প্ৰাপ্তবয়স্ক লোকলৈ গতি কৰাৰ পথত থকা কিছু অন্তৰায়। বহুতৰে মনত হয়তো প্ৰশ্ন উদয় হ’ব যে ডেকাকালতেই যদি নাখাওঁ, কেতিয়া খাম? কথাটো হয়। কিন্তু শৰীৰৰ সন্তুলন বৰ্তি থাকিবৰ বাবে খাদ্য খোৱাৰ লগত শাৰীৰিক ব্যায়াম খুবেই দৰকাৰী। দুয়োটাৰে মাজত এটা সমানুপতিক সন্তুলন বজাই ৰাখিব পাৰিলেহে মাজে মাজে কিছু অতিৰিক্ত খালেও শৰীৰ ৰুগীয়া নহ’ব। দৈনিক পৰিমিত সুষম খাদ্য খাই, কিছু নিয়মীয়া শাৰীৰিক ব্যায়াম কৰিলে মানুহ শকত নোহোৱাকৈ থাকে৷ তাকে নকৰি যদি শকত হোৱাৰ ভয়ত খাবলৈ একেবাৰে কমাই দিয়া হয়, শৰীৰত ৰক্তহীনতাৰ লগতে আন আন পুষ্টিহীনতাই সৃষ্টি কৰা ৰোগে দেখা দিব। আজিকালি মোবাইল, লেপটপ আদিৰ লগত অধিক বেছি ব্যস্ততায়ো শাৰীৰিক ব্যায়াম, খেলা ধূলা আদিৰ সময় ভালেখিনি কাঢ়ি নিছে৷ এইবিলাক কথাত গুৰুত্ব দিব লাগে, কাৰণ স্বাস্থ্যই পৰম ধন।

পৰাপক্ষত ধূমপান আৰু সুৰা সম্পূৰ্ণকৈ বৰ্জন কৰক।জীৱনত আনন্দ উপভোগ কৰিবলৈ আৰু বহু পথ আছে৷ মাদক দ্ৰব্যৰ দৰে কু-অভ্যাসৰ প্ৰভাৱত পৰি নিজৰ ভৱিষ্যত জীৱন ধ্বংস নকৰাই শ্ৰেয়। বিশেষকৈ যুৱতীসকলে নিজৰ শৰীৰৰ লগতে, ভৱিষ্যতে নিজৰ হ’বলগীয়া সন্তানটোৰ কথা চিন্তা কৰা উচিত। নিজৰ কৰ্মৰ কুফল আপোনাৰ ভৱিষ্যতৰ সন্তানে ভোগ কৰাটো আপুনি বিচাৰিব জানো?

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল, “মরিতে চাহি না আমি সুন্দর ভূবনে, মানবের মাঝে আমি বাচিবারে চাই।” এই পৃথিৱীখন খুব সুন্দৰ, কিন্তু তাক চাবলৈ সদায় আমাৰ দৃষ্টিভংগী যোগাত্মক হ’ব লাগিব। আমাৰ বেছিভাগ মানসিক অশান্তিৰ কাৰণ আমি আগলৈ চোৱাতকৈ পিছলৈ বেছি চাওঁ। সফলতা বা সুযোগৰ বাটত এখন দুৱাৰ বন্ধ হ’লেও আমাৰ বাবে আন এখন দুৱাৰ খোল খায়৷ গতিকে আগলৈ গৈ খোলা দুৱাৰ বিচৰাৰ পৰিৱৰ্তে আমি যদি বন্ধ দুৱাৰখনৰ পিনে চাই দুখ কৰি থাকোঁ, কিবা লাভ হ’ব জানো? একেদৰেই মানুহৰ জীৱনত নানা সমন্ধ গঢ় লয়, সকলো স্থায়ী নহয়। এটা সমন্ধ শেষ হৈ গ’লেই জীৱন ধ্বংস হৈ নাযায়। যিয়ে এটা গভীৰ সম্পৰ্কও শেষ হৈ যোৱাৰ পিছত যোগাত্মক ভাবে চিন্তা কৰে যে হয়তো মোৰ বাবে আৰু ভাল সমন্ধই বাট চাই আছে, তেওঁহে জীৱনত ভাগি নপৰি আগুৱাই যাব পাৰে। মানসিক ভাৱে সুস্থ থাকিবলৈকো ব্যায়াম, যোগাভ্যাস, খেলা ধূলা আৰু সংগীত, ভাল কিতাপ পঢ়া, ভাল চিনেমা, সৃষ্টিশীলতা আদিয়ে বহুখিনি সহায় কৰে। বন্ধু বান্ধৱৰ লগত নিজৰ কথা শ্বেয়াৰ কৰি, ওলাই গৈ ফুৰি চাকি আহিলেও মন ভালে থাকে, মোবাইল টিপি অকলশৰে ৰূমত থকা ব্যক্তিৰ মানসিক অশান্তি আৰু বাঢ়ে।

অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰা সকলো বিৰত থকা উচিত। নিজৰ স্বাস্থ্যৰ বাবে, এটা ভৱিষ্যত প্ৰজন্মৰ বাবে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ কিছু সংযম অতি প্ৰয়োজনীয়।

নৱযুৱতীসকলৰ বাবে প্ৰয়োজনীয় গুৰুত্ব দিব লগীয়া কথা হৈছে মাহেকীয়াৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা৷ এই সময়ছোৱাত পৰিষ্কাৰকৈ থকাৰ উপৰিও ছেনিটেৰি নেপকিনৰ ব্যৱহাৰ অভ্যাসত পৰিণত কৰিব লাগে৷ বৰ্তমান চৰকাৰেও চৰকাৰী আচনিৰ অধীনত ন্যুনতম মূল্যত এনে নেপকিনৰ যোগান ধৰিছে৷ তৰোপৰি এইসময়ত পানী বা আন জুলীয়া খাদ্য বেছিকৈ খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল।

দুৰ্ঘটনাৰ কথানো কি কম! বয়োজ্যেষ্ঠ লোকৰ ভাষাত “খন্তেকৰ ভোজ খাওঁতা নাই।” দেখা যায় ভালদৰে চলাব নজনা বা ভয়ে ভয়ে চলোৱা লোকৰ দুৰ্ঘটনা কমকৈহে হয় বা হ’লেও বেছি গুৰুতৰ নহয়। কিন্তু নিজকে ওস্তাদ বুলি ভবা লোকৰ ক্ষেত্ৰতহে ভয়ানক দুৰ্ঘটনা বেছি। সেয়ে কেতিয়াও হিচাপতকৈ বেছি আত্মবিশ্বাসী হ’ব নালাগে। এইখন পৃথিৱীত কৰবালৈ যাওঁতে দুই মিনিট দেৰি হ’লেও বিশেষ কথা নাই, তীব্ৰ গতিত উৰিগৈ সোনকালে সিপুৰী পোৱাতকৈ, নহয় জানো?

শেষত দেশৰ ভৱিষ্যত যুৱশক্তিক প্ৰণাম জনাই কওঁ, নিজৰ দেহ মনক সঠিক দিশত আগুৱাই নিয়াৰ এয়াই উপযুক্ত সময়। এবাৰ পাৰহৈ গ’লে আৰু এই সময় ঘূৰাই পাব নোৱাৰি। গতিকে সচেতনতাৰে জীৱনটোক উপভোগ কৰক। গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ ভাষাৰে “Good habits formed at youth make all the difference “

☆ ★ ☆ ★ ☆

One comment

  • Gayatri Sahu

    সুন্দৰ , সময়োপযোগী লেখা..ভাল লাগিল দাদা

    Reply

Leave a Reply

Your email address will not be published.