ফটাঢোল

পছেইদন (মূল: ফ্ৰাঞ্জ কাফকা – ইংৰাজী অনুবাদ: তানিয়া আৰু জেমচ্‌ষ্টাৰ্ণ) অসমীয়া ভাবানুবাদ – ৰাজশ্ৰী শৰ্মা

এদিনাখন পছেইদন দেৱতাই নিজৰ বিভাগীয় অফিচৰ টেবুলত বহি কিবা এখন একাউণ্টছৰ ফাইল চাই আছিল। এই যে জল ব্যৱস্থাপনা বিভাগৰ সভাপতি গৰাকী, তেওঁ পছেইদনক বহুত ডাঙৰ কামৰ ভাৰ দি থৈছিল। এনেই ইচ্ছা কৰিলে তেওঁ নিজৰ তলত যিমান ইচ্ছা সিমান কৰ্মচাৰী ৰাখিব পাৰে। আচলতে তেওঁৰ তলতীয়া কৰ্মচাৰীও আছিল বহুত। পিচে তেওঁ নিজৰ কামটো বহুত গুৰুত্ব সহকাৰে লৈছিল আৰু তলতীয়া কৰ্মচাৰীসকলৰ ওপৰত ইমান বিশ্বাস নকৰিছিল। তেওঁ যে নিজৰ কাম কৰি খুব আনন্দ পাইছিল সেয়া নহয়। কিন্তু তেওঁ নিজৰ ওপৰত ন্যস্ত কৰা কামখিনি ভালদৰে কৰিবলৈ ভাল পাইছিল। আচলতে তেওঁ পাল মাৰি কাম কৰিবলৈ নিবিচাৰিছিল ।

মাজে মাজে তেওঁৰ বেছি ভাললগা চাকৰি একোটালৈ তেওঁ আবেদন পঠিয়াইছিল কিন্তু বিভিন্ন ধৰণৰ চাকৰিৰ মাজত বৰ্তমান কৰি থকাটোতেই তেওঁৰ প্ৰতিভাখিনি ফুটি উঠিছিল বুলি সকলোৱে মত প্ৰকাশ কৰিছিল।

আচলতে বেলেগ এটা চাকৰি বিচাৰি পোৱা কামটোও বৰ এটা উজু নাছিল তেওঁৰ কাৰণে। যি হ’লেও, এখন মাত্ৰ সাগৰৰ দ্বায়িত্বততো তেওঁক ৰাখি থ’ব নোৱাৰি। নিজৰ কাম সুচাৰুৰূপে কৰাৰ সু-বাদতে হওক বা যিয়েই নহওক, পছেইদন দেৱ বিখ্যাত হৈ উঠিছিল আৰু অফিচত তেওঁৰ পদবীও উচ্চ হৈ পৰিছিল।

গতিকে যেতিয়া তেওঁক পানীৰ লগত সম্পৰ্ক নোহোৱা এটা বিভাগ দিবলৈ যো জা চলোৱা হ’ল, কথাটো শুনিয়েই তেওঁৰ মূৰটো ঘূৰোৱাটো স্বাভাৱিক।দেৱতাজনৰ অবিনাশী উশাহবোৰ চুটি হৈ পৰিল আৰু বুকুখনত যেন কোনোবাই হাতুৰীহে মাৰিলে এনেকুৱা অনুভৱ হ’ল। পিচে কোনেও তেওঁৰ অসুবিধাবোৰক গভীৰভাৱে নল’লে।

যেতিয়া কোনোবা এজন প্ৰভাৱশালী ব্যক্তিয়ে কিবা কথাত অসন্তুষ্টি প্ৰকাশ কৰে, সকলোৱে মিলি তাত হয়ভৰ দিয়া উচিত সেয়া যিমানেই কাৰণ নোহোৱা কথা হওক লাগিলে। পিচে সময়ত পছেইদনক সহায় কৰোঁতা কোনো এজন নোলাল। সমুদ্ৰ, মহাসমুদ্ৰৰ দেৱতা হিচাপে তেঁৱেই থাকিব যেতিয়ালৈকে সময় আৰু জোন বেলি তৰা থাকে- এই প্ৰস্তাৱটোৱেই গৃহীত হৈ থাকিল।

আৰু আটাইতকৈ অশান্তিকৰ কথাটো- যি তেওঁক নিজৰ চাকৰিৰ প্ৰতি বীতশ্ৰদ্ধ কৰি তুলিছিল- সি আছিল তেওঁ নিজৰ বিষয়ে বিভিন্নজনৰ পৰা শুনিবলৈ পোৱা কিছুমান উৰা বাতৰি! যেনে ধৰক কোনোবা হিংসাকুৰীয়াই উলিয়ালে তেওঁ হেনো কাম বন নকৰি অনবৰতে হাতত ত্ৰিশূল পাত লৈ সাগৰৰ ঢৌবোৰৰ মাজে মাজে অনাই বনাই ঘূৰি ফুৰে। কিন্তু প্ৰকৃততে তেওঁ যে এই গভীৰ সমুদ্ৰৰ অটল তলিত ছেদ ভেদ নোহোৱাকৈ ফাইলৰ পিছত ফাইলত মূৰ ঘমাব লগীয়া হৈছে!!

মাজে সময়ে একঘেয়ামীৰ পৰা পৰিত্ৰাণ পোৱাকৈ পৰিসংখ্যাসমূহৰ নথি পত্ৰ লৈ জুপিতাৰ দেৱক সাক্ষাৎ কৰিবলৈ যাবলগীয়া হয়। পিচে সেয়া যে কি বিৰক্তিকৰ যাত্ৰা এটা, নক’লে কোনেও বিশ্বাস নকৰিবয়ে। তাৰ পৰা উভতি অহাৰ সময়ত সদায়েই তেওঁৰ মনটো অতি বেয়া আৰু অৱসাদেৰে ভৰা হৈ আহে। এইবোৰ কাৰণতেই তেওঁ আচলতে ইমান বেছি সাগৰ চাগৰ দেখাই নাই, কিছুমানে কোৱাৰ দৰে অলিম্পাছ চহৰলৈ সাংগো পাংগো লৈ যোৱাটো বহুত দূৰৰ কথা। প্ৰকৃততে সেইবোৰ ঐতিহাসিক চহৰ নগৰৰ ওপৰেদি এবাৰো উৰিয়েই পোৱা নাই তেওঁ।

পছেইদনদেৱে সেইকাৰণে কয় সকলোকে যে তেওঁ এইবোৰ সকলো কাম ভৱিষ্যতৰ বাবে সাঁচি ৰাখিছে।যেতিয়া পৃথিৱীখন ধ্বংস হ’ব, তেতিয়া এটা এনেকুৱা শান্তিৰ পল আহিব।

আৰু একেবাৰে সমাপ্তিৰ পথত, তেওঁ নিজৰ বিভাগীয় কাগজ পত্ৰ সমূহৰ পৰা আজৰি হৈ এই বিশাল জগতখনৰ চাৰিওফালে এবাৰ হ’লেও ফুৰিবই।
☆★☆★☆

5 Comments

  • নীলাক্ষি দেৱী ডেকা

    বৰ্তমান পছাইদনে চাগে গুজৰাট ফুৰিবলৈ আহিছে ৰাজশ্ৰী। 🙂🙂
    সুন্দৰ অনুবাদ। ভাল লাগিল পঢ়ি।

    Reply
    • ৰাজশ্ৰী

      হা হা বা। হ’ব পাৰে কিন্তু।বহুত ধন্যবাদ জনালো আপোনাক।

      Reply
  • পছেইদন আমাৰ দৰে কৰ্মৰ ব্যস্ততাত ভাগৰা এজন

    Reply
  • হিৰণ্যজ্যোতি দাস

    সুন্দৰ অনুবাদ

    Reply
  • ডলী তালুজদাৰ

    ভাল লাগিল।সুন্দৰ অনুবাদ

    Reply

Leave a Reply

Your email address will not be published.