ফটাঢোল

পঞ্চপদী – প্ৰাঞ্জল শইকীয়া

বাটত পোৱা কমাৰ

দা গঢ়ি দিয়া আমাৰ

বুজি পাবনে

পালেও দিবনে

বন্ধু হ’লেও তোমাৰ?

 

গুণীৰ মুখত গুণ

জোকৰ মুখত চূণ

পুৰণি ম’বিলে

ভালকৈ ঘঁহিলে

কাঠতো নধৰে ঘূণ৷

 

বন্ধ থকাৰ বাবে স্কুল

বলীনে খুলিলে টোল

ঘৰতে শিকাইছে 

বহুতেই শিকিছে

শিক্ষাৰ বুজি মোল৷

 

বৰ গেলেপা লগা গৰম

শুনিছানে হে’ৰা মৰম

পিঠি ডমলাডমল

লৈ আহা সুথল

সানি দিয়াচোন নকৰি চৰম৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.