ফটাঢোল

পঞ্চপদী – হেমেন ডেকা

 

১)
জাতীয়তাবাদৰ ই কেনেকুৱা ফোপোলা স্বৰূপ
জাতিৰ আপদকালতো সামুহিক কণ্ঠ নিশ্চুপ
নিজা নিজা অংকত সব ব্যস্ত
নিমাখিত জীৱবোৰো সন্ত্ৰস্ত
জালত বজা মাছৰ দৰে কি যে কলপ-জলপ৷

 

২)
আজিৰ ৰঙামুৱা বীৰ দুৰ্ঘোৰ নিদ্ৰাত,
অথচ ভেটিও উচন হোৱাৰ পথত;
শনাহী সময়,
আগত প্ৰলয়,
সোণালী আশাবোৰো শেষ খোৱা-কামোৰাত!

৩)
সময়ৰ সুৰীয়া গান,
সপোনৰ সোণালী ধান ;
ৰঙত আত্মহাৰা,
ৰসত ডুব মাৰা,
শেষত সকলো পতান!

৪)
জনমে-মৰণে পৰিচয় অসমীয়া,
জগতত ধোদৰ চানেকি যুগমীয়া;
দেহ-মন শক্তিশালী,
দিব জানো হাত তালি,
জীয়াতু ভুগি ভুগি বাকলি নাইকিয়া!

৫)
বিনাশ কালত কথা-কাণ্ড বিপৰীত!
বিবুদ্ধিত হেৰায় গণৰ থান-থিত৷
ক্লান্ত বহু যোদ্ধা,
কাৰ্যত অশ্ৰদ্ধা;
বুকুত সাৱটি লয় তেজপিয়া কীট৷

৬)
ভ্ৰম নে ভূতৰ ছায়া- এয়া কেনে মায়াজাল?
ভাবগধুৰ ভাষণত মুগ্ধ ভেৰাৰ পাল!
নিজান এৰাবাৰী,
নিমাত তৃণাহাৰী;
ভালুক ককায়ে শেহত বখলিয়ালে ছাল৷

৭)
বজাৰত পিঁয়াজৰ চৰা দাম
প্ৰভুৰ কৃপাত লওঁ হৰিনাম
কৰা নাই খেতি
বানে ধোৱা মাটি
তেৰাৰ ছবিকে চাই ভাত খাম৷

৮)
আদাৰ আছে বহু আভিজাত্য
গপত ওফন্দা যেন অমাত্য
নহৰুৱে দিছে জ্বলা
পোৱা নাই তলানলা
নুবুজো কিয় ইমান আধিপত্য?

৯)
সময়ে সময়ে বাঢ়েই বস্তুৰ দাম,
বিতৰ্ক কৰাটো কাম নোহোৱাৰ কাম!
ভাগি পৰা অৰ্থনীতি,
অবাঞ্চিত এই ভীতি;
ভাল দিন নিশ্চয় বৃদ্ধাৱস্থাত পাম৷

১০)
কোনো কথাতে নকৰোঁ কেপ কেপ,
গধূলিতে শুম লৈ কম্বল-লেপ!
খোৱা আৰু শোৱা,
স্বপ্নবোৰো ভুৱা;
চামচা হৈ গধূৰ কৰিম জেপ৷

১১)
সন্ধিক্ষণ সময়,
শান্তিৰ অৱক্ষয়!
হেৰায় বুদ্ধি,
হতাশা বৃদ্ধি;
শঠৰ জয়জয়!

১২)
জাতি জহন্নামে যাওক তাত মোৰ কি আহে যায়
জীয়াই থাকিব পালেই হ’ল মাছে-মঙহে খায়
জুই জ্বলিছে যদি জ্বলক
যিয়ে যেনেকৈ মৰে মৰক
জাতি ৰক্ষাৰ বাবে অমুকাইতো ঠিকা লোৱা নাই৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.