ফটাঢোল

পঞ্চলিছ টকা মাহিলী (মূল- আৰ কে নাৰায়ণ৷ )-অনুবাদ: শ্ৰী অনুৰূপ মহন্ত৷

শান্তা লাহে লাহে বেছ অধীৰ হৈ পৰিছে, তাই আৰু বেছি সময় শ্ৰেণীত উপস্থিত থাকিব নোৱাৰে৷ তাই ইতিমধ্যেই মাটিৰে খেলা বস্তু বনোৱা, গান গোৱা, ড্ৰিল কৰা, আখৰ আৰু সংখ্যা লিখা আদি শেষ কৰি এতিয়া কেঁচিৰে ৰঙীন কাগজ কাটি আছে৷ যেতিয়ালৈকে শিক্ষয়িত্ৰী বাইদেৱে কেঁচি সামৰি আখৰ লিখিবলৈ নকয় বা স্কুলৰ ছুটী নহয়, তাই এতিয়া এইটোৱেই কৰি থাকিব লাগিব৷ শান্তাই সময়নো কিমান হৈছে জানিবলৈ আগ্ৰহী হৈ পৰিছে৷

তাই কাষতে বহা লগৰজনীক সুধিলে
“পাঁচ বাজিল নেকি? ”
“হ’ব পাৰে! ” লগৰ জনীয়ে ক’লে৷
“নে ছয় বাজিল? ”
“সেইটো বাৰু হ’ব নোৱাৰে, কাৰণ ছয় বজাত আন্ধাৰেই হয় চোন! ”
-লগৰ জনীয়ে ক’লে৷
“তেনেহ’লে কি পাঁচ বাজিল? ”
“উম”
“তেনেহ’লে মই এতিয়াই যাব লাগিব৷ দেউতাই চাগে ঘৰলৈ আহি মোলৈ অপেক্ষা কৰি আছে৷ তেওঁ মোক কৈ পঠাইছিল পাঁচ বজাত ঘৰলৈ আহি মোক চিনেমা দেখুৱাবলৈ নিব৷ মই এতিয়াই যাবই লাগিব৷ ”

তাই কেঁচিখন থ’লে আৰু শিক্ষয়িত্ৰী বাইদেউক ক’লে, “বাইদেউ, মই ঘৰলৈ যাওঁ৷ ”

“কিয়, শান্তা? ”

“পাঁচ বাজিল যে, সেই কাৰণে৷ ”

“কোনে ক’লে তোমাক পাঁচ বাজিল বুলি? ”

“কমলাই”

“এতিয়াই পাঁচ বজা নাই৷ বাজিছে…বাৰু সন্মুখৰ ঘড়ীটোলৈ চাই কোৱাচোন কেইটা বাজিছে? সেইদিনা মই তোমালোকক ঘড়ীত সময় চাবলৈ শিকাইছিলোঁ নহয়! ”

শান্তাই ঘৰটোৰ দেৱালত লাগি থকা ডাঙৰ ঘড়ীটোলৈ মন দি চালে, তাত লিখা সংখ্যা বিলাকো লাহে লাহে পঢ়িবলৈ যত্ন কৰিলে আৰু ক’লে, “ন বাজিছে! ”

বাইদেৱে বাকী বিলাক ছোৱালীকো ঘড়ীটো দেখুৱাই সুধিলে, “কোনে ক’ব পাৰিব বাৰু, কেইটা বাজিছে? ”

কেইবাজনীয়েও শান্তাৰ নিচিনাকৈয়ে ন বাজিছে বুলিয়েই ক’লে৷ তেতিয়া বাইদেৱে ক’লে, “তোমালোকে অকল ডাঙৰ কাটা ডালহে চাইছা, সৰু ডালো চোৱা আকৌ, সেই ডাল ক’ত আছে? ”

“আঢ়ৈত আছে৷ ”

“তেনেহলে সময় কিমান হৈছে? ”

“আঢ়ৈ”

“নহয়, দুই বাজি পঞ্চলিছ মিনিট৷ বুজিলা? এতিয়া সকলো নিজৰ ঠাইত গৈ বহা৷ ”

দহ মিনিট পাছত শান্তা আকৌ বাইদেউৰ ওচৰলৈ গৈ সুধিলে, “বাইদেউ, পাঁচ বাজিলে নেকি? মই পাঁচ বজাত ঘৰত সাজু হৈ থাকিব লাগিব, নহ’লে দেউতাই খং কৰিব৷ তেওঁ কৈ পঠাইছে ঘৰলৈ সোনকালে আহিবলৈ৷ ”

“কিমান সময়ত? ”

“এতিয়াই”
বাইদেৱে তাইক ঘৰলৈ যাবলৈ অনুমতি দিলে৷ শান্তাই নিজৰ কিতাপ পত্ৰৰ টোপোলাটো লৈ আনন্দ মনেৰে ঘৰলৈ খোজ ল’লে৷ ঘৰ গৈ পাই কিতাপৰ টোপোলা মাটিতে পেলাই মাকক চিঞৰিলে,

“মা…..”

মাকে তাইৰ চিঞৰ শুনি কাষৰ ঘৰত আড্ডা মাৰি থকাৰ পৰা দৌৰি আহিল৷

মাকে সুধিলে, “তুমি আজি ইমান সোনকালে কিয় আহিলা? ”

“দেউতা আহিল নেকি মা? ” তাই ওলোটাই সুধিলে৷

তাই একো খাবলৈ মন নকৰি প্ৰথমে কাপোৰ পিন্ধি সাজু হ’বলৈ জেদ ধৰিলে৷

মাকে যেতিয়া ট্ৰাংক খুলি কাপোৰ উলিয়াবলৈ ধৰিলে, তেতিয়া তাই এটা পাতল আৰু বৰ ধুনীয়া ফ্ৰক পিন্ধিবলৈ বাছি ল’লে, মাকে কিন্তু তাইক দীঘল স্কাৰ্ট আৰু এটা কোটহে পিন্ধাবলৈ বিচাৰিছিল৷ তাৰ পাছত শান্তাই নিজৰ সৰু বাকচ এটা খুলি ল’লে, তাত তাই ৰৱৰ, পেঞ্চিল, ৰং ইত্যাদি ৰাখিছিল৷ তাৰ পৰা তাই এডাল জিলিকি থকা ৰিবন বিচাৰি উলিয়ালে৷ তাৰ পাছত সেই ৰিবন ডাল চুলিত মাৰিলে ফ্ৰকটোৰ লগত মিলিব নে নিমিলে তাকে লৈ মাক জীয়েকৰ এখুন্দা লাগিল আৰু শেষত জীয়েকেই জিকিল৷

শান্তা ই নিজে বিচৰা মতে গুলপীয়া ফ্ৰকটো পিন্ধিলে, দীঘলকৈ বেণী গাঁঠিলে আৰু বেণীৰ আগত সেউজীয়া ৰিবন বান্ধি ল’লে৷ তাৰ পাছত গালত অলপ পাউদাৰ সানি কপালত সৰু কৈ ৰঙা ফোঁট এটাও ল’লে৷
“দেউতা আহি মোক ক’ব, সময়ত সাজু হৈ থকা এইজনী মোৰ কিমান ভাল ছোৱালী৷ ”

“তুমিও যাবা নে, মা? “

“আজি নাযাওঁ”

শান্তা গেটৰ মুখত ঠিয় হৈ ল’লে৷ মাকে ক’লে, “দেউতা পাঁচ বজাৰ পাছতহে আহিব৷ এতিয়া চাৰি বাজিছেহে, এতিয়াৰ পৰাই কিয় ৰ’দত ৰৈ আছা? ”

লাহে লাহে বেলি লহিয়াইছিল, শান্তায়ো জানে এতিয়া অলপ পাছতেই আন্ধাৰ হৈ পৰিব৷ তাই মাকৰ ওচৰলৈ গৈ সুধিলে, “দেউতা এতিয়াও কিয় অহা নাই মা? ”

“মইনো কেনেকৈ জানো? অফিচত কিবা দৰকাৰী কাম ওলালে চাগে! ”

শান্তাৰ ঠেঁহ লাগিল৷

“মই অফিচৰ মানুহ বিলাক অলপো ভাল নাপাওঁঁ, তেওঁলোক ইমান বেয়া….! ” -তাই ক’লে৷

তাই আকৌ গেটৰ মুখলৈ গৈ দেউতাকলৈ অপেক্ষা কৰিবলৈ ধৰিলে৷ মাকে ভিতৰৰ পৰাই চিঞৰিলে, “শান্তা, ঘৰৰ ভিতৰলৈ আহা, আন্ধাৰ হৈ আহিছে৷ তাত ঠিয় হৈ নাথাকিবা৷ ”

কিন্তু শান্তা ভিতৰলৈ নগ’ল, গেটৰ ওচৰতেই ঠিয় হৈ থাকিল৷ তেনেকুৱাতে তাইৰ মনত খেলালে, তাই চোন দেউতাকৰ অফিছলৈকে যাব পাৰে, আৰু তাৰ পৰা বাহিৰে বাহিৰেই চিনেমা চাবলৈ যাব পাৰে৷ কিন্তু তাই যে দেউতাকৰ অফিচ ক’ত নাজানে! তাই সদায় দেখা পাইছিল দেউতাক অলপ দূৰ চিধা ৰাস্তাৰে গৈ সোঁফালে ঘূৰি সৰু গলিটোৰে আগবাঢ়ে৷ তাই ভাবিলে সেই ফালে ঘূৰি গৈ থাকিলে নিশ্চয় অফিছটো নিজে বিচাৰি পাই যাব৷ তাই মাক আছে নেকি পাছফালে এবাৰ ঘূৰি চালে আৰু ৰাস্তাৰে আগবাঢ়িল৷

সন্ধ্যাৰ কানিমুনি সময় হৈ আহিছিল৷ চব বস্তুৱেই ডাঙৰ ডাঙৰ নিচিনা লাগিব ধৰিছিল, ঘৰৰ দেৱাল বিলাকো বৰ ওখ ওখ যেন লাগিছিল৷ ৰাস্তাৰ মাজেৰে চলি থকা গাড়ী, মটৰ-চাইকেল বিলাকে ইখনে সিখনক খুন্দিয়াব যেন লাগিছিল৷ তাই ৰাস্তাৰ কাষে কাষে গৈ থাকিল৷ লাইট আৰু লেম্প বিলাক জ্বলি উঠাৰ লগে লগে ছাঁ বিলাক দীঘল দীঘল কৈ দেখা যাবলৈ ধৰিলে৷

শান্তাই কেতিয়াবাই ৰাস্তাটোৰ সোঁফালে ঘূৰিছিল, কিন্তু এতিয়া তাই ক’ত পালেহি তাই নিজেই নাজানে! তাই ৰাস্তাৰ কাষৰ ফুটপাথতে বহি পৰিল আৰু ভয়ত হাতৰ নখ কামুৰিবলৈ ধৰিলে৷ তাই ভাবি পোৱা নাই এতিয়া ঘৰলৈ কেনেকৈ উভতিব৷ পিছে তেনেকুৱাতে তাই কাষৰ ঘৰৰ কাম কৰা ল’ৰাটোক দেখা পালে৷ তাই সাহস কৰি তাৰ সন্মুখত ঠিয় হ’লগৈ৷

“আৰে মাজনী, তুমি ইয়াত কি কৰি আছা? “ সি সুধিলে৷

“কেনেকৈ জানো মই ইয়াত পালোঁহি! ঘৰলৈ যাবলৈ ৰাস্তাই চিনি পোৱা নাই৷ মোক ঘৰলৈকে লৈ ব’লকচোন৷ ”- আৰু এনেকৈয়ে তাই কামকৰা ল’ৰাটোৰ সৈতে ঘৰলৈ ঘূৰি আহিল৷

আজি ৰাতিপুৱা শান্তাৰ দেউতাক ভেংকট ৰাও অফিচলৈ যাবলৈ ওলোৱাৰ সময়তেই চিনেমাৰ বিজ্ঞাপন প্ৰচাৰ কৰা গাড়ী এখন তেওঁলোকৰ ঘৰৰ সন্মুখেৰে পাৰ হৈছিল৷ শান্তা দৌৰি ওলাই গৈ গাড়ী খনৰ পৰা প্ৰচাৰ পত্ৰিকা এখন আনিলেগৈ৷ তাই সেইখন দেউতাকক দি ক’লে, তাইৰ সেইখন চিনেমা চাবলৈ বৰ মন গৈছে, দেউতাকে তাইক দেখুৱাব নে?

প্ৰশ্নটো শুনি তেওঁ অলপ সময় মনে মনে থাকিল৷ তেওঁৰ এই কণমানিজনী বাল্যকালৰ খেল-ধেমালি, সুখ আদিৰ পৰা সদায় বঞ্চিত হৈ থাকিব লগা হৈছে৷ আজিলৈকে তেওঁ শান্তাক মাত্ৰ দুবাৰহে চিনেমা দেখুৱাবলৈ লৈ যাব পাৰিছে৷ চুবুৰীয়াৰ ঘৰৰ ল’ৰা-ছোৱালীয়ে যি সময়ত দৰা-কইনা খেলিছে, বিভিন্ন পুতলা লৈ খেলিছে, ফুৰিবলৈ গৈছে, তেনে সময়ত তেওঁৰ এই কণমানি জনীয়ে এইবিলাক সুখৰ পৰা বঞ্চিত হ’ব লগা হৈ আহিছে৷ তেওঁৰ নিজৰ অফিছটোৰ ওপৰতেই খং উঠিল৷ চল্লিছ টকা দৰমহা দি যেন তেওঁলোকে মোক কিনিহে লৈছিল৷ -তেওঁ মনতে ভাবিলে৷

পত্নী আৰু ছোৱালী জনীৰ জীৱনৰ বাবে তেওঁ নিজকে দোষ দিয়ে৷ পত্নীৰ বাৰু বয়স বেছি, তেওঁ বুজি পায় আৰু ওচৰ-চুবুৰীয়া মাইকী মানুহ কেইজনীৰ সৈতে কথা-বাৰ্তা হৈ মন ভাল লগাব পাৰে, কিন্তু এই কণমানি ছোৱালী জনীৰনো বাৰু কি দোষ! তাইৰ জীৱনটো একেবাৰে হাঁহি ফুৰ্টি বিহীন নীৰস হৈ পৰিছে৷ তেওঁ অফিচত দৈনিক সন্ধ্যা সাত বজালৈ আৰু কেতিয়াবাতো আঠ বজা পৰ্য্যন্ত কাম কৰিব লগা হয় আৰু যেতিয়ালৈ তেওঁ ঘৰ পায়হি তেতিয়ালৈ কণমানিজনী শোৱেই৷ দেওবাৰেও প্ৰায়েই তেওঁক অফিচলৈ মাতি নিয়ে৷ তেওঁলোকে কিয় বা নুবুজে তেওঁৰো এটা পৰিয়াল আছে৷ তেওঁ কেতিয়াও ছোৱালী জনীক পাৰ্কত ফুৰাবলৈ নিবলৈ বা চিনেমা দেখুৱাবলৈ নিবলৈ আজৰি সময় নাপায়৷ তেওঁ মনতে ঠিক কৰিলে- মই আৰু অফিচৰ ওপৰৱালাৰ হাতৰ পুতলা হৈ নাথাকো, দৰকাৰ পৰিলে মেনেজাৰৰ লগতো কাজিয়া কৰিম৷

এইখিনি ভাবি তেওঁ সিদ্ধান্ত লৈ পেলালে, আজি যেনেকৈ হ’লেও কণমানি জনীক চিনেমা দেখুৱাবই৷
“আজি আবেলি তোমাক চিনেমা দেখুৱাবলৈ লৈ যাম৷ পাঁচ বজাত সাজু হৈ থাকিবা৷ ”-তেওঁ ক’লে৷

“সঁচাকৈ? ….মা শুনিছা! দেউতাই আজি মোক চিনেমা দেখুৱাবলৈ লৈ যাব৷ ”

মাকে হাঁহি হাঁহি পাকঘৰৰ পৰা ওলাই আহি স্বামীক ক’লে, “কণমানি ছোৱালীজনীকনো মিছা আশা কিয় দিব লাগে! ”

ভেংকত ৰাৱে চকু ঘোপা কৰি পত্নীলৈ চাই ক’লে-“ধেমালি নকৰিবা, তুমি কি ভাবা তুমি হে কেৱল তাইৰ কথা চিন্তা কৰা! ”

এইবাৰ শান্তা লৈ চাই ক’লে, “পাঁচ বজাত সাজু হৈ থাকিবা মাজনী, মই তোমাক লৈ যাম৷ সময়ত সাজু হৈ থকা নেদেখিলে মোৰ কিন্তু খং উঠিব দেই৷ ”

তেওঁ ঠিক কৰি গ’ল আজি দিনতো অফিচৰ কাম কৰিব আৰু পাঁচ বজাৰ লগে লগে কাম সামৰি ঘৰলৈ ঘূৰিব৷ আৰু ওপৰৱালা সকলে যদি আজিও তেওঁৰ লগত আগৰ দৰে ব্যৱহাৰ কৰে, তেন্তে তেওঁ আজি চিধাই মেনেজাৰৰ ওচৰলৈ যাব আৰু ক’ব- “মই চাকৰিৰ পৰা ৰিজাইন দিছোঁ৷ মোৰ বাবে অফিচৰ এই কাগজ বিলাকতকৈও মোৰ ছোৱালীৰ সুখ বেছি মূল্যবান৷ ”

দিনটো তেওঁৰ টেবুললৈ বহুত কাগজ আহিল আৰু গ’ল৷ বহুত কাগজ তেওঁ পঢ়িলে, শুধৰণি কৰিলে, কিছুমানত চহীও কৰিলে৷ ভালকৈ চোৱাৰ পাছতো ৰৈ যোৱা কেইটামান সৰু সৰু ভুলৰ বাবে ওপৰৱালাৰ গালিও শুনিব লগা হ’ল৷ দুপৰীয়া তেওঁ কফি কাপ খাবলৈও মাত্ৰ পাঁচ মিনিটহে সময় পালে৷

পাঁচ বজাৰ লগে লগে অফিচৰ প্ৰায়ভাগ কৰ্মচাৰীয়েই কাম সামৰি ঘৰলৈ যাবলৈ সাজু হ’ল৷ তেওঁ মেনেজাৰৰ কোঠালৈ সোমাই গৈ ক’লে, “ছাৰ, মই ঘৰলৈ যাওঁ নে? ”

মেনেজাৰে মুৰ তুলি চাই ক’লে, “অঃ, তুমি? “একাউণ্ট” আৰু “কেছ” ডিপাৰ্টমেণ্ট পাঁচ বজাতে বন্ধ হোৱা সম্ভৱ জানো? তেনেহ’লে তুমি কেনেকৈ যাব পাৰিবা? ”

“মোৰ অলপ জৰুৰী কাম আছিল, ছাৰ৷ ”

ইয়াৰ লগে লগে তেওঁ “ৰিজাইন” দিবৰ বাবে কি বুলি ক’ব, মনে মনে দোহাৰিলেও- “ছাৰ, এইখন মোৰ ‘ৰিজাইন লেটাৰ’..

মনতে তেওঁ দৃশ্যটো কল্পনা কৰিলে, কেনেকৈ শান্তাই ধুনীয়াকৈ সাজি-কাঁচি ঘৰৰ দুৱাৰ মুখত তেওঁলৈ অপেক্ষা কৰি আছে! তাইৰ মৰম লগা মুখখন বাৰে বাৰে তেওঁৰ চকুৰ সন্মুখলৈ আহিবলৈ ধৰিলে৷

“অফিচৰ কামতকৈ দৰকাৰী কাম একো হ’বই নোৱাৰে৷ নিজৰ চকীত বহাগৈ আৰু কামত লাগা৷ জানানে মই দৈনিক কিমান ঘণ্টা কাম কৰোঁ? ” -মেনেজাৰে ক’লে৷

মেনেজাৰে দৈনিক অফিচ খোলাৰ তিনি ঘণ্টা আগতেই অফিচলৈ আহিছিল আৰু অফিচ বন্ধ হোৱাৰো তিনি ঘণ্টা পাছলৈকে কাম কৰিছিল৷ অফিচৰ কেৰাণী বিলাকে আলোচনা কৰিছিল, মেনেজাৰৰ ঘৈণীয়েকে চাগে ঘৰত অনবৰতে তেওঁক গালি শপনি পাৰি থাকে, সেই বাবে এই ‘বুঢ়া ফেঁচা’টোৰ ঘৰত কৈ অফিছটোহে বেছি প্ৰিয়!

“তুমি দহ-আঠ নম্বৰ ফাইলটোৰ হিচাপৰ খেলিমেলিটো বিচাৰি পালা নে? ”-মেনেজাৰে সুধিলে৷

“সেইটো বিচাৰিবলৈতো মই দুশখন ‘ভাউচাৰ’ উলিয়াই চাব লাগিব৷ মই ভাবিছিলোঁ সেইটো কাম কাইলৈ কৰি দিম! ”

“নাই নাই, নহ’ব৷ এতিয়াই এইটো কাম কৰি আনা৷ ”-মেনেজাৰে কঠোৰ হৈ আদেশ দিলে৷

“হ’ব, ছাৰ৷ ”-ভেংকতে লাহেকৈ কৈ নিজৰ টেবুললৈ ঘূৰি গ’ল৷

অফিচৰ ঘড়ীত ইতিমধ্যে চাৰে পাঁচ বাজি গৈছে৷ ইমান সোপা ‘ভাউচাৰ’ পৰীক্ষা কৰোঁতে অন্ততঃ দুঘণ্টা সময় লাগিব৷ অফিছৰ প্ৰায়ভাগ কৰ্মচাৰীয়েই ঘৰলৈ গ’ল৷ ভেংকতৰ সহকৰ্মী কেৰাণী এজন আৰু মেনেজাৰহে মাত্ৰ কামত লাগিয়েই আছে৷

ভেংকতৰ প্ৰচণ্ড খং উঠিল৷ তেওঁ মনতে ৰিজাইন দিয়াৰ সিদ্ধান্ত খাটাং কৰি পেলালে৷ তেওঁ কাৰো গোলাম নহয় যে মাহে মাত্ৰ চল্লিছ টকা পোৱা চাকৰিটোৰ বাবে দিনে ৰাতিয়ে ইমান কৈ খাটি থাকিব! ইমানখিনি উপাৰ্জনতো তেওঁ আৰামত বেলেগত মজদুৰী কৰিয়েই পাব পাৰে৷ আৰু যদি ইমান উপাৰ্জন কৰিব নোৱাৰে, তেতিয়াও তেওঁ নাখাই লঘোণে মাৰি যোৱাও এই চাকৰিটো কৰি থকাতকৈ ভাল৷

তেওঁ কাগজ এখন লৈ লিখিবলৈ আৰম্ভ কৰিলে- “এইখন মোৰ ৰিজাইন লেটাৰ৷
আপোনালোকে যদি ভাবিছে চল্লিছ টকা মাহিলী দৰমহা দি আপোনালোকে মোৰ শৰীৰ আৰু আত্মাক কিনি লৈছে, তেনেহ’লে এইয়া আপোনালোকৰ ভুল৷ আপোনালোকে মোক মোৰ পৰিয়াল চলাবলৈ মাহে দিয়া এই চল্লিছ টকাৰ বাবদ আপোনালোকে দিনে ৰাতিয়ে মোক যিমান খটুৱাইছে, তাৰ ঠাইত মই কামলৈ নাহি লঘোণে থাকি মৰি যোৱাই বেছি ভাল হ’ব৷ ইমান দিনে আপোনালোকে মোক ‘ইনক্ৰিমেণ্টো’ দিবলৈ বিচৰা নাই৷ আপোনালোকেতো নিজে প্ৰতি বছৰে ইমান ডাঙৰ ডাঙৰ ‘ইনক্ৰিমেণ্ট’ লয়, কেতিয়াবা এবাৰ আমাৰ কথা ভাবেনে? যা হওক, এতিয়া আৰু মোৰ এই চাকৰিটোৰ প্ৰতি কোনো আগ্ৰহ নাই আৰু মই ৰিজাইন দিছোঁ৷ মাত্ৰ মনত ৰাখিব, ভৱিষ্যতৰ দিনত মই আৰু মোৰ পৰিয়ালটো যদি ভোকত মৰিব লগা হয়, তেন্তে আমাৰ ভূত বিলাকে আপোনালোকক সুদাই নেৰিব৷ ”

কাগজখন ভাঁজ কৰি তেওঁ এটা লেফাফাত ভৰাই আঠা লগালে আৰু ওপৰত মেনেজাৰৰ নাম লিখিলে৷ তাৰ পাছত নিজৰ চকীৰ পৰা উঠি মেনেজাৰৰ ৰুমত তেওঁৰ সন্মুখত ঠিয় হ’ল গৈ৷ মেনেজাৰে তেওঁৰ হাতৰ পৰা বন্ধ লেফাফাটো লৈ টেবুলৰ ওপৰত থ’লে৷

“ভেংকত ৰাও, মই তোমাক এটা ভাল খবৰ দিবলৈ লৈছোঁ৷ আমাৰ মালিকে আজি কৰ্মচাৰীৰ ইনক্ৰিমেণ্টৰ কথা উলিয়াওঁতে মই তেওঁক তোমাৰ বাবে পাঁচটকাৰ ইনক্ৰিমেণ্ট দিবলৈ অনুৰোধ কৰিছোঁ৷ এতিয়ালৈকে অৰ্ডাৰ ওলোৱা নাই, গতিকে তুমি সদ্যহতে কথাটো কাকো ন’কবা৷ ”-মেনেজাৰে ক’লে৷

এইখিনি শুনাৰ লগে লগে ভেংকত ৰাৱে হাতখন আগবঢ়াই লেফাফাটো মেনেজাৰৰ টেবুলৰ পৰা উঠাই নিজৰ পকেটত ভৰালে৷

“এইখন কি চিঠি? ”

“ছাৰ, মই ‘কেজুৱেল লিভ’ বিচাৰি এইখন দিছিলোঁ, কিন্তু এতিয়া…..”

“তুমি অহা পোন্ধৰ দিনলৈ এদিনো ছুটী ল’ব নোৱাৰিবা৷ ”

“হয় ছাৰ, মই জানো৷ সেয়েহে এইখন ঘূৰাই লৈছোঁ৷ ”

“বাৰু হ’ব৷ আচ্ছা, সেই ভুলটো ধৰা পৰিলনে? ”

“মই ধ্যান দি প্ৰতিখন ভাউচাৰ চাই আছোঁ ছাৰ, এঘণ্টাৰ ভিতৰতে কামটো সম্পূৰ্ণ হৈ যাব৷ ”

তেওঁৰ ঘৰ গৈ পাওঁতে ৰাতি ন বাজিল৷ শান্তা ইতিমধ্যেই টোপনি গৈছিল৷ তাইৰ মাকে ক’লে, “তাই এতিয়াও ফ্ৰকটো সলোৱা নাই৷ আপুনি কেতিয়া আহিব আৰু চিনেমা দেখুৱাবলৈ নিব, তাৰেই অপেক্ষা কৰি আছিল৷ ফ্ৰকটো লেতেৰা হয় বুলি ৰাতিৰ ভাতো খোৱা নাই আৰু বিছনাতো শোৱা নাই…”

আৰামি চকী খনতে টোপনি যোৱা কণমানি জীয়েক জনীক গোলাপী ৰঙৰ ফ্ৰকটো আৰু বেণী গাঁঠি থোৱা চুলি কোচাৰে সৈতে বৰ মৰম লাগিছিল৷ ৰাওৰ তাইলৈ মনতে বৰ দুখ লাগিল৷

“মই নহ’লে তাইক ৰাতিৰ শ্ব’ দেখুৱাবলৈকে লৈ যাওঁ! ”-তেওঁ শান্তাৰ গাত ধৰি লাহেকৈ জোকাৰি তাইক জগাবলৈ চেষ্টা কৰিলে- “শান্তা…শান্তা..”

শান্তাই টোপনিতে লাহেকৈ চকু মেলি দেউতাকক চালে, আৰু মুখখন অলপ লৰাই আকৌ চকু মুদিলে৷ মাকে ফুচফুচাই ক’লে, “নজগাব এতিয়া” আৰু লাহেকৈ গাত ঠপ-ঠপাই তাইক আকৌ শোৱাই থ’লে৷

ভেংকত ৰাৱে অলপ সময় একেৰাহে কণমানি জনীৰ ফালে চাই থাকিল৷ তাৰ পাছত পত্নীক উদ্দেশ্যি লাহেকৈ ক’লে, “নাজানো এতিয়াৰ পৰা তাইক কেতিয়াবা ৰাতিৰ শ্ব’ও দেখুৱাবলৈ নিব পাৰিম নে নাই! মোক অফিচত ‘ইনক্ৰিমেণ্ট’ দিবলৈ ঠিক কৰিছে…৷ ”
(সমাপ্ত)
☆ ★ ☆ ★ ☆

8 Comments

  • Nilakshi Devi Deka

    ভাল লাগিল অনুৰূপ। সুন্দৰ অনুবাদ।

    Reply
    • অনুৰূপ

      ধন্যবাদ নীলাক্ষী বা

      Reply
  • মানসী বৰা

    সুন্দৰ অনুবাদ অনুৰূপ..

    Reply
    • অনুৰূপ

      অশেষ ধন্যবাদ আপোনালৈ

      Reply
  • মন্দিৰা শৰ্মা

    ভাল লাগিল অনুৰূপ

    Reply
  • কাবেৰী মহন্ত

    কাহিনীটো সুন্দৰ৷ অনুবাদো সাৱলীলভাৱে কৰিছা৷

    Reply

Leave a Reply

Your email address will not be published.