ফটাঢোল

পত্নী প্ৰেমৰ বিড়ম্বনা-নয়নজ্যোতি বৰঠাকুৰ

: হেৰা, তুমিও মানে বান্দৰৰ আগত কল এথোক দিলে যেনেকৈ খায়, তেনেকৈ খাইছা হে! ইফালে আকৌ সেইটো এৰিলোঁ বুলি যিহে ফিটটো মাৰি থাকিবা, তাতকৈ এইবোৰ মিছা কথা ক’বই নালাগে।

অৰ্তকিতে হোৱা বাক্যবাণত বিনোদৰ থৰকাচুতি হেৰাই গ’ল। হয়, সি পাণ খাবলৈ এৰিছিল, কিন্তু আজি ঘৰলৈ জেঠায়েকৰ ল’ৰা হেমন্তই পাণ এৰাটো গম নাপাই বাবেই দহখনমান বান্ধি আনিছিল। তাৰেই সোৱাদ লওঁতে পাহৰিয়ে গৈছিল কথাটো। কিন্তু পত্নী মায়াই কথাটো ৰাতিপুৱাৰেপৰা লক্ষ্য কৰি আছিল।

বিনোদে অলপ সহজ হ’বলৈ চেষ্টা কৰি ধেমেলীয়া সুৰত ক’লে,

: হেৰা, হ’লেও তুমি বান্দৰৰ লগত তুলনা কৰিব নালাগিছিল, বাঘৰ লগত তুলনা কৰা হ’লেও বেয়া নালাগিলহেঁতেন।

লগে লগে সিফালৰপৰা উত্তৰ দিলে,

: বাঘৰ লগত তুলনা? ভাল কথা কোৱাহে, হেৰৌ বাঘে ভোক নাথাকিলে চিকাৰো নকৰে, কিন্তু বান্দৰে যেতিয়াই তেতিয়াই যি পায় তাক খায়েই থাকে।

তাৰ বুজিবলৈ বাকী নাথাকিল, এওঁৰ লগত মুখ চুপতি মৰা মানে বাকী থকা পাণকেইখন খাবলৈ নোপোৱা। সেইকাৰণে সি অলপ বজাৰৰপৰা আহোঁ বুলি কৈ লৰালৰিকৈ বাইকখন লৈ ঘৰৰপৰা ওলাই গ’ল। বাটতে কল্পনাৰ কথা মনত পৰাত চিধাই বিস্কুট এপেকেট লৈ কল্পনাহঁতৰ ঘৰ পালেগৈ। আজিকালি সি  কল্পনাহঁতৰ ঘৰলৈও অলপ বেছিকৈ যায়, তাইক সৈমান কৰাবলৈ চেষ্টা কৰি আছেগৈ। সেয়েহে সি বাইকখন চোতালতে থৈ কল্পনাৰ ঘৰৰ বাৰান্দাত বহি বিস্কুট পেকেট দিলে। তায়ো পেকেটটো লৈ ভিতৰলৈ গ’ল। অলপ পাছতে চাহ একাপ লৈ বিনোদৰ লগতে খাবলৈ বহিলে। বিনোদে ক’লে,

: কথাটো কিবা চিন্তা কৰিলানে?

: হয় কৰিছোঁ, কিন্তু মোৰ ছোৱালী মান্তি হোৱা নাই অ’।

: চিন্তা কৰিবলৈ কি আছে, মই কথা দিছোঁ তুমি ভালকৈয়ে থাকিব পাৰিবা। মোৰ মিচেচকো মই কথাখিনি বুজাই ক’ম।

: মিচেচে যদি নহ’ব বুলি কয়?

: নাই নকয়, তেওঁ ভালেই পাব, অলপ কাম বনবোৰো কমিব আৰু অলপ আৰামো হ’ব।

: ঠিক আছে, মই বিচৰাধৰণে সকলোবোৰ পাম নে?

: আৰে, সেইটো চিন্তা তুমি নকৰিবাই, মই সৱ চিজিল কৰিয়ে দিম।

: যদি আপুনি কথা দিব পাৰে, তেন্তে ময়ো যাম বাৰু, ছোৱালীজনীক যেনেতেনে সৈমান কৰিব লাগিব।

: ঠিক আছে, ময়ো উপযুক্ত সময় মিলাই তোমাক মাতিম, তুমি তেতিয়া না নক’বা কিন্তু। নহ’লে মই বৰ লাজ পাম।

তাই আগবঢ়াই দিয়া বঁটাটোৰপৰা পাণৰ আগটো চিঙি মুখত ভৰাই সি বজাৰলৈ বুলি ৰাওনা হ’ল। বাটতে তাৰ শৈশৱৰ বন্ধু শান্তনুৱে পাই ভাল-বেয়া খবৰ লোৱাৰ মাজতে সুধিল,

: ঐ, পিচে কল্পনাক সৈমান কৰাব পাৰিছ নে?

বিনোদে কল্পনাক ৰাজী কৰাবলৈকে মাজে মাজে তাইৰ ওচৰলৈ যোৱাৰ কথাটো শান্তনুৱে গম পায়। সেয়েহে সিও ক’লে,

: তাকেহে পাই, বৰ কিবা অ’ সেইজনী। যিমানেই বুজাইছোঁ, নাই নুবুজেহে নুবুজে। অকল সমাজে কি ক’ব, ছোৱালীয়ে লাজ পাব সেইবোৰহে কথা।

: তাই ইমানদিনে সেইবোৰ চিন্তা নকৰিলে, হাজাৰ কষ্টৰ মাজতো নিজক তললৈ পেলাবপৰা কাম নকৰিলে, এতিয়া যে তোৰ কথাত মান্তি হ’ব মোৰ সন্দেহ আছে।

: হয় অ’, ময়ো জোক লগাদি লাগি আছোঁ। চাওঁচোন বাৰু কি হয়। তাই মানুহজনী বৰ সহজ সৰল, সেইকাৰণেই ভাল পাইছোঁ তাইক। বাৰু হ’ব দে, হ’লে এনেয়ো গম পাবি। এতিয়া ময়ো যাওঁ, মায়াকো অলপ ঘৰত সহায় কৰি দিওঁগৈ। নহ’লে খঙতে কি ক’ব ঠিক নাই।

শান্তনুৰপৰা বিদায় লৈ বজাৰত মাছ অকণমান আৰু পাচলি দুটামান লৈ সি ঘৰলৈ ঘূৰি আহিল। আজি তাৰ মনত বৰ স্ফূৰ্তি, অন্ততঃ আজিৰপৰা মায়াই তাক কথা শুনাই থাকিব নোৱাৰে। সি তাৰ বন্দবস্ত ইতিমধ্যে কৰি পেলাইছে।

গেট খুলি সোমাই অহাৰ লগে লগে মায়াই ঠাট্টাৰ সুৰত ক’লে,

: হেৰা, ভাইটিক লৈ বজাৰলৈ ওলাই যাব নোৱাৰিলা। আজিকালি অফিচ বন্ধ হ’লেই ওলাই যোৱাৰ কোবটো অলপ বেছি হৈছে। মই চাইহে আছোঁ। চাবা কিন্তু কিবা উল্টাচিধা গম পালে জানাই নহয়।

: হেৰৌ, অলপ ওলাই গৈ বজাৰকেইটা কৰি আনোতেও এনেকুৱা কথা শুনিলে খংহে উঠে আৰু!

তেনেতে জেঠায়েকৰ ল’ৰা হেমন্ত গা-ধুই আগফালে অহাত মায়াই কথা বদলাই ক’লে,

: হ’ব এতিয়া মুখ চুপতি মাৰি থাকিব নালাগে, যোৱা সোনকালে গা-পা ধুই আজৰি হৈ লোৱা।

মায়াই বিনোদৰ হাতৰপৰা পাচলি, মাছ লৈ পাকঘৰত সোমালগৈ। বিনোদে মনতে ভোৰভোৰাই উঠিল,

“যিমানেই ভালটো চিন্তা নকৰা কিয়, এই নাৰী বোলা জাতিটোৱে মানুহটোক কেতিয়াও বুজিবলৈ চেষ্টা নকৰে।”

সিফালে কল্পনায়ো জীয়েক নীতাক বুজাবলৈ লাগিল। কিন্তু জীয়েকে কথাটো মানিবলৈ টান পালে। যিমানেই নহওক তায়ো এতিয়া ডাঙৰ হৈছে, গতিকে মানুহে কি বুলি ভাবিব। তাইতো আজিকালি দুই এটা টিউচন কৰিও ঘৰখন যেনেতেনে চলাই আছে। কিন্তু মাক নাচোৰবান্দা। মাকে বিনয়েৰে ক’লে,

: তই জানই দেখোন, বিনোদ মানুহজন স্বভাৱে চৰিত্ৰয়ো ভাল আৰু এই বয়সতে যদি মই কিবা এটা কৰি জীৱনটো চিজিল কৰি ল’ব নোৱাৰোঁ তেন্তে আৰু বয়স হ’লে সেয়াও হৈ নুঠিব।

: হ’লেও, এই বয়সত এইবোৰ কাম কৰিলে সমাজেও আমাক বৰ হেয় চকুৰে চাব।

: কিয় চাব, সমাজে কি মোক তৰাইছে আজিলৈকে? তোৰ দেউতা ঢুকুৱাৰ পাছৰেপৰা কিমান কষ্টত তোক ডাঙৰ কৰিছোঁ মইহে জানো!

: হ’লেও মা, তেতিয়াই যদি তই কৰিলিহেঁতেন তেতিয়াও মই আপত্তি নকৰিলোঁহেঁতেন।

: হ’ব দে, মই সৱ কথা পাতি লৈছোঁ। বিনোদেও সন্মতি দিছে। তই লাজত পৰা কাম মই নকৰোঁ। আৰু মই তোৰ লগ এৰি নিদিওঁ নহয়। ইমান যে চিন্তা কৰিছ?

: ঠিক আছে, তই যি ভাল দেখ তাকে কৰ। মাত্ৰ মোৰ কথাও ভাবিবি।

সিফালে, বিনোদেও সুযোগ বিচাৰি ফুৰিছিল, কেনেকৈ কথাটো মায়াক ক’ব পাৰি। কাৰণ সিও ইতিমধ্যে কল্পনাক কথা দি দিছে। তায়ো বৰ আগ্ৰহেৰে সি মতালৈকে বাট চাই আছে। সমাজৰ কটু কথা শুনিবলৈও তাই আজি প্ৰস্তুত। কিন্তু বিনোদে মায়াক যিমান ভাল পালেও নিজমুখে আগতীয়াকৈ ক’ব বিচৰা নাই। এদিন দেওবাৰে দুপৰীয়া সাপ্তাহিক বজাৰৰপৰা আহি বস্তুবোৰ মায়াক দি ঘৰৰ ভিতৰলৈ সোমাই যাওঁতেই মায়াক সুধিলে,

: মায়া, আজি ঘৰ মচা নাই নেকি? ৰাতিপুৱাৰ বাচনবোৰো এনেকৈয়ে পেলাই থৈছা যে? অ’ তুমি দেখোন কাপোৰবোৰো চাৰ্ফ দি তেনেকৈয়ে ৰাখি দিলা?

মায়াৰ আৰু শুনাৰ ধৈৰ্য নাইকিয়া হ’ল, তাই খঙতে একপ্ৰকাৰৰ চিঞৰি কৈয়ে দিলে,

: ৰাতিপুৱাৰেপৰা মূৰ তুলিবলৈ সময় পোৱা নাই, ল’ৰাৰ খোৱাৰপৰা আৰম্ভ কৰি ঘৰ চাফা কৰালৈকে, ভাত ৰন্ধালৈকে সৱ ময়েই মহতিয়াই থাকোঁ। সেইবোৰ দেখা নোপোৱা নেকি?

: নহয় অ’, মই তোমাক সুধিছোঁহে। খং কৰিবলৈ কিতো আছে?

: হয় হয়, মই খং কৰিবই নালাগে। আজিকালি অকল নিজৰ পৃথিৱীতে ব্যস্ত থাকা, মই কি খাইছোঁ, কি কৰিছোঁ সেইবোৰ চাবলৈ সময় ক’ত তোমাৰ? অকল ম’বাইলডালতে ব্যস্ত থাকা। কেতিয়াবা খং উঠিব সেইটোকে গুৰি কৰি পেলাম।

: হেৰৌ, তুমিও ক’ৰ কথা ক’লৈ টানি নিছা? মইতো তেনেকুৱা একো কোৱাই নাই।

: মাথা গৰম নকৰিবা দেই, মানুহ এজনী, হাত দুখনহে। সংসাৰৰ সকলো কাম নিমিষতে কৰিব নোৱাৰোঁ নহয়।

: তাকে তুমি চিধাকে ক’লেই হ’ল, মই তুমি বিচাৰিলে এজনী তোমাৰ লগ দিবলৈ এতিয়াই লৈ আহিব পাৰোঁ। মই কথা বতৰা সৱ ফিক্স কৰিয়ে থৈছোঁ। মাত্ৰ তুমি এবাৰ হাঁ কৰি দিয়া, আজিয়েই লৈ আহিম।

: হয়, তুমি সেইটো বুজিবলৈহে বাকী আছিল। বাৰু তুমি কথা দিয়াগৰাকীৰ নামটো বা কি? এবাৰ শুনিব পাৰোঁনে?

: কিয় নোৱাৰিবা? আমাৰ গাঁৱৰপৰা তিনিখন গাঁও পাৰ হৈ তেতেলীপৰীয়াৰ তেওঁ, কল্পনা তেওঁৰ নাম।

: বাঃ! ইমান সহজতে কৈ দিলা। কথাষাৰ কওঁতে এবাৰো ওঁঠ দুটা নকঁপিলে। তোমাক মানিছোঁ দেই।

: মানে?

: মানে চানে কি আছে? ভালেহে আজি কিছুদিন মোৰ দুখবোৰ বেছিকৈ বুজিবলৈ চেষ্টা কৰি আছিলা? কিবা এটা সুধিলেও, একেবাৰে সেই কল্পনাৰ কল্পনা সাগৰতে ডুবি থাকা।

: হেৰৌ, তোমাৰ ভালটো চিন্তা কৰি কিবা এটা কৰিব ল’লোঁ, তাকো তুমি এইবোৰ কি প্ৰলাপ বকিছা?

: প্ৰলাপ মই বকা নাই, ভালেহে তুমি “মোৰ মনৰে কল্পনা” গানটো ৰাতি শুৱৰ সময়তো শুনি থাকা। হেৰৌ সেইজনীকে যদি আনিম বুলি ভাবিছিলা তেন্তে মোক মিছা প্ৰেমৰ প্ৰতিশ্ৰুতি দি কিয় বিয়া পাতি আনিছিলা?

: তোমাকেই ভাল পাইছিলোঁ, পাওঁ আৰু পাই থাকিম। তোমাৰ প্ৰতি মোৰ অন্তৰত থকা সেই প্ৰেমৰ বাবেই তোমাৰ কষ্টবোৰ দেখি থাকিব নোৱাৰিহে কল্পনাক অনাৰ কথা ভাবিছিলোঁ।

: হেৰৌ, অলপ লাজ বোলা কথাটো চিনি পাবা। এটা ল’ৰা আৰু মই থকাৰ পাছতো এজনীক চপাই অনাৰ চিন্তা কৰিবলৈ তোমাৰ সাহস ক’ৰপৰা হ’ল? তোমাক মানিছোঁ দেই।

: হে ভগৱান, মই ক’তে মৰোঁ! তাৰমানে তুমি……

: আৰু, এটা কথাও নক’বা। নহ’লে মই কাইলৈ ৰাতিপুৱাই মহিলা সমিতিত কে’চ দিমগৈ।

: হেৰৌ, মহিলা সমিতিত কে’চ কি বুলি দিবা? মই বিয়া পাতিম বুলি নে কি?

: হয়।

: তুমি পাগল হৈছা নেকি? মানুহে ওলোটাই তোমাকহে হাঁহিব।

: হ’ব মোক হাঁহিলেও হাঁহক। মই থকা অৱস্থাত তোমাক সেইবোৰ কৰিবলৈ নিদিওঁ।

: হেৰা, তোমাৰ ঘৰৰ কাম কৰাত অলপ সহায় কৰা, ল’ৰাটো অলপ চাইচিতি দিবলৈহে মই সেই মাতৃসম ৫০ বছৰীয়া কল্পনা নামৰ সেই মহিলাগৰাকীক বন্দোৱস্ত কৰিছিলোঁ। কিন্তু তুমি যে কিমান কি কথা শুনাই দিলা। হ’ব দিয়া, মই তেওঁক নালাগে বুলি কৈয়ে দিম।

: তুমিনো ইমান সময়ে সেইটোকে কোৱা নাছিলা কিয়?

: তুমি কোনটো সময়ত মোক ক’বলৈ সুবিধা দিলা! কেৱল নিজৰখিনিকে কৈ গ’লা।

: এঃ, হ’ব দিয়া আৰু নিজৰ বুলি ভাবিয়েই কিবা এটা ক’লোঁ সেইবোৰ ধৰি নাথাকিবা প্লিজ। তেওঁক কাইলৈৰপৰাই আহিব কোৱা।

: নাই নাই, ইমানবোৰ শুনাৰ পাছত মই আৰু সেইবোৰ কৰিবলৈ নাই। আচলতে পত্নীৰ দুখ বুজি কিবা এটা নিজে কৰিবলৈ লোৱা, পত্নীক অত্যাধিক ভালপোৱাৰ বিড়ম্বনা কেনেকুৱা ভালকৈয়ে উপলব্ধি কৰিলোঁ আজি। আজিৰপৰা সংসাৰৰ মায়াক divorce দিলোঁ।

: কি ক’লা, তুমি মোক divorce দিম বুলি ক’লা?

: কথাবোৰ ভালকৈ নুশুনাকৈ কিয় কথা কোৱাহে? মই সংসাৰৰ আশা-ভৰসাৰ কথাহে কৈছোঁ। তোমাৰ লগত তিষ্ঠি থকাটো টান হৈছেগৈ আৰু দেই।

কথাষাৰ কৈ বিনোদে মুখৰ ভিতৰতে মুখৰ ভিতৰতে ভোৰভোৰাই আঁতৰি গ’ল, “তুমি সঁচাই মায়া, তোমাৰ মায়াত আমাৰদৰে মনীষী মুগ্ধ আজি অন্ধপ্ৰেমত। কিন্তু তুমি তাকো নুবুজি মোক বহুত তললৈ নমাই দিলা। তথাপিতো তোমাৰ মায়াই বাৰে বাৰে মোক মায়াত আৱদ্ধ কৰি মোহাচ্ছন্ন কৰি তোলে বাৰে বাৰে, প্ৰতিদিনে। কিন্তু তথাপিতো কিয় যে এই প্ৰেমতো বিড়ম্বনা?”

দূৰৈৰপৰা মায়াৰ কণ্ঠস্বৰ ভাঁহি আহে,

: হেৰা, শুনাচোন, শুনা………

লাহে লাহে নুশুনা ভাও জুৰি বিনোদ আঁতৰি গৈ অনিচ্ছাস্বতেও কল্পনাৰ জীয়েকলৈ ফোন লগালে,

: হেল্লৌ, তুমি মাক কাইলৈৰপৰাই কামলৈ আহিবলৈ ক’বা। মই নথকা দিনকেইটা আৰু অফিচলৈ যোৱাৰ সময়খিনিত মোৰ ল’ৰাটো অলপ ৰখি দিব আৰু ভাত পানীকেইটা বনাওঁতে পাচলি – চাচলি কাটি দিলেই হ’ব। আৰু পইচা পাতি মায়ে যেনেকৈয়ে বিচাৰে তেনেকৈয়ে দিম বুলি ক’বা।

: ঠিক আছে ক’ম বাৰু।

সি ফোনটো কাটি পুনৰ ভাবিলে “মায়াৰ মায়াই সংসাৰৰ মায়াত পেলাই এক বিড়ম্বনাৰ সৃষ্টি কৰি পুনৰ মায়াৰ প্ৰেমত পেলালে। উস! সংসাৰৰ পত্নী প্ৰেমৰ কি বিড়ম্বনা!”

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.