ফটাঢোল

পদ-ছন্দ – হেমেন ডেকা

আমি হ’লো মুখপুথিৰ জনাজাত কবি
আং বাং কবিতা লিখাই যাৰ হবি৷
বিবিধ শব্দৰ পাতো নিয়মিত খেলা
বানান শুধৰাবলৈ লাগে পিছে হেলা৷
নিতৌ আপডেট দি থাকো পুৱা-গধূলি
নকৰো কাৰোৰে সৈতে অকণো ধেমালি৷
বিখ্যাত কবিৰ ভাব-ভাষা কৰো চুৰ
বিৰহৰ বেদনাৰে দিওঁ তাত সুৰ৷
মনত নাই খ্যাতিৰ বাসনা সমূলি
মাথোঁ নাভাবে যেন অমুকাক মামুলি৷

 

অসাৰ

সংগদোষতে আজি হ’ল এই গতি
খায় সদায় সোমৰস বাতিয়ে বাতি৷
গৰমত ইমান যে লাগে চাটিফুটি
গেলাবিধ খালেহে আহে মৰ-ঘুমটি৷
চিলমিল টোপনিত দেখে কাণ্ড এটি
চোঁচা মাৰি আহে এজাক বলিয়া হাতী৷
ভৰিৰ তলত নাইচোন ভেটি-মাটি
ভেঁটা ভঙা বানত গ’ল সকলো উটি৷
হঠাতে সাৰ পাই বহে হাত সাৱটি
হায়! কেতিয়া পাব দুখৰ পৰা ছুটী৷
সংগ্ৰামৰ মাজতে দিন গৈছে টুটি
সুখৰ জীৱন দেখোন তেনেই চুটি৷

 

প্ৰসাধন

দূৰৰ পৰা এচামক দেখি লাগে ভাল
ওচৰ চাপিলেই ধাৰণাত গোলমাল৷
সম্পাদিত কথাবোৰে শেষ কথা নহয়,
আঁৰত আৰু কিবাকিবি থাকে বোধহয়;
মানবীয় দোষ-ত্ৰুটি, ঈৰ্ষা-অহংকাৰ
ছাঁটোৱে বাঘ হৈ লগায় হাহাকাৰ৷
সঁচাকৈয়ে বুজি নাপাওঁ সেইবোৰ খেল
কত যে যুঁজ-বাগৰ- কতনা চেলবেল৷

 

ডাংকাটী

বোপাই আছিল বোলে চোৰ
সেই বৃত্তি হ’ল আজি মোৰ!
যোৰো যোৰ বেছ পাভ যোৰ
তই ডাংকাটী ময়ো অসুৰ!

তোকো নাছিল হেনো নিওঁতা
মোকো নাছিল কোনো দিওঁতা৷
দন্দ কৰি খাৱ কিয় গঁতা
তোৰ মাত দেখোন কি হুঁটা৷

আছিলি বাঁহ গছৰ ভোল
তোৰ চাৱনিত গ’লোঁ ভোল৷
তইহে নুবুজ মোৰ মোল
সেয়ে পিঠিত বজাওঁ ঢোল!

চোৰে নেৰে চুৰ প্ৰকৃতি
তোৰো কিজানি আছে বিকৃতি৷
সদায় দিয় মোক ফাকটি
বাটে-ঘাটে কিহৰ চুপতি!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.