ফটাঢোল

পদ ভঙনি -মালবিকা নাথ

“তেজৰে কমলাপতি পৰভাতে নিন্দ” – ইয়াত কোৱা হৈছে, তেজীমলাৰ পৈয়েক মানে পতি কমলাই পৰৰ ঘৰত ভাত খাই আহি সেই ঘৰ লোকৰ বৰ বদনাম গায়।
“ৰথত চৰিয়া কৃষ্ণ বৃন্দাবনে যায়” ইয়াৰ ভাঙনি হৈছে
ৰথৰ চকা দুৰন্ত বেগত ঘূৰে আৰু তেনে ৰথত উঠি কৃষ্ণ বৃন্দাবনলৈ যায় ফুৰিবলৈ আৰু যাওঁতে লগত চৰিয়া এটা লৈ যায়, বাটত সৰুপানী চুবলৈ বুলি। কাৰণ বাটত তীব্ৰ বেগত যোৱা ৰথ নৰখিবও পাৰে।
“তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ” – ইয়াৰ অৰ্থ হৈছে ফুৰিবলৈ বান্ধৱী  যেতিয়া ঘৰলৈ আহে, তেতিয়া গৃহস্থনী বাইদেউৰ প্ৰতিক্ৰিয়া – হে সখী তুমি বহা, মই তোমাক টিভিটো লগাই দিওঁ তুমি চিত্ৰ মানে চলচ্চিত্ৰ (চিনেমা) চোৱা, মোৰ জীৰ বৃত্তি পৰীক্ষা মানে ছোৱালীয়ে বৃত্তি পৰীক্ষা দিব কাইলৈ; মই গৈ তাইক অলপ পঢ়ুৱাওঁ। কাৰণ মোৰ নাৰায়ণ অৰ্থাৎ মোৰ hubby পৰ্বত বগাবলৈ গৈছে, গতিকে ছোৱালীক পঢ়ুৱাৰ দায়িত্ব আজি মোৰ।
☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.