ফটাঢোল

পলিটিক্স – মনালিছা শইকীয়া

এই গল্প, উপন্যাস লিখা কামটো মোৰ দৰে মানুহৰ বাবে মুঠেই নহয়৷ কিবাকৈ সৰুতেই লিখা-মেলাৰ প্ৰতি হেঁপাহ এটাই জন্ম ল’লে৷ আচলতে মোৰ কথা সাজি কোৱা, মিছা কোৱা অভ্যাসটোৱেই কলমটোৰ সান্নিধ্যত ৰূপ দিবলৈ সহজ বুলি ভাবিলোঁ৷ সেয়ে লেখক হোৱাৰ বহুত হেঁপাহ৷ স্থানীয় মহিলা সমিতিৰ প্ৰাচীৰ পত্ৰিকাত দুটামান কবিতাও লিখিছোঁ৷ আৰু বৃহত্তৰ নাহৰণি ৰঙালী বিহু উদযাপন সমিতিৰ স্মৃতি গ্ৰন্থত “বিহুগীতত কপৌফুল “ বুলি প্ৰবন্ধ এটাও লিখিছো এইবাৰ৷ যি কি নহওক বেলেগ মানুহে লেখক বুলি নাভাবিলেও ঘৰৰ গৃহস্থৰ আগতেই অকণমান লেখক জাতীয় ভাও দিবলৈ চেষ্টা কৰোঁ৷ কিজানি ঘৰখনতেই অকণমান পাত্তা পাওঁ৷ নহলে একোৰে লায়ক নহয় বুলি ভাবে৷

নাই, তেওঁৰ মতে লেখকৰ কোনো কেৰেক্টাৰেই মোৰ নাই৷ লেখক হবলৈ হ’লে গহীন -গম্ভীৰ মাত -কথা, খোজ-কাটল, পিন্ধা -উৰাতো জাতীয় সাজ হ’ব লাগিব৷ কান্ধত দীঘল মোনা এখন থাকিব লাগিব৷ তোমাক কোনে লেখক বুলি মানিব হে! চেৰা বলিয়া মানুহৰ দৰে যি টি কৰি ফুৰিবা৷ ইমান চেলেং -পেটেঙ৷ হাতত টেটু আঁকি ল’বা, পিন্ধনতো সেই সোপা জিকমিকাই থকা খাৰু – মণি! কোনে তোমাক পাত্তা দিব৷
খং উঠি আহে তেওঁৰ কথা শুনি৷

“পিন্ধা -উৰা সোপাহে দেখিলা৷ পুৱাৰ পৰাই যে গেবাৰি খাটিব লাগে৷ ঘৰৰ কাম বনৰ পৰাই আহৰি নাই, লিখিম কেতিয়া? ঘৰৰ ৰান্ধা-বঢ়া, কাপোৰ কানি সামৰি, আচবাবৰ ধূলি মচি গোটেইবোৰ চিজিল লগাব লাগে৷ আজিকালি লেখকে বহুত আৰামত লিখে৷ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি লিখে৷ ঘৰৰ কূটা গছো নকৰে৷ পানী গিলাচো বনকৰা মানুহে আনি দিয়ে৷ ঘৰৰ সমুখত ড্ৰাইভাৰে গাড়ী ৰাখি থয়“৷ একেৰাহে বকি দিলোঁ৷ হ’লে কি হ’ব মই যিমান গৰমত বকিছো তেওঁ সিমানেই ঠাণ্ডা হৈ লৈছে৷ অতি শান্ত স্বৰত কৈ উঠে, “ শুনা, লেখক জনে সৰ্বহাৰাৰ কথা ক’ব লাগিব৷ ভাবিব লাগিব৷ তেওঁলোকৰ মাজলৈ গৈ ৰ’দত পুৰি বৰষুণত তিতিব লাগিব৷ পথাৰৰ বোকাত ননমাকৈ পথাৰৰ কথা কোৱাতো বিলাসিতা৷ আৰু তেনেকৈ সাহিত্য নহয়“
তেওঁৰ স্পষ্ট কথা৷

এৰা, নীতিবচন কিমান শুনিম আৰু!

আমি বোলে হাল বাই আহিহে স্কুল গৈছিলো৷ আমি বোলে পঁইতা কৰ্কৰা খায়েই ডাঙৰ হ’লোঁ৷ ৰাতিয়েই চেপা পাতি থওঁ৷ পুৱা দাঙি চাই লৈ আহি জোকাৰি দিওঁ৷ সেই কেইটাকে বৌটিয়ে পুৰি দিয়ে৷ গোল নেমু অকণ, নিমখ, জলকীয়া লৈ একাঁহী দবাই দিনটোলৈ দপদপাই থাকো বুজিলা? আমাৰ অসমীয়া ভাত মুঠি, পিঠা-পনাৰ সৈতে এই পিজ্জা, বাৰ্গাৰবোৰে পাত্তা পাব নেকি! “

মনতে ভাবোঁ, দিনকাল সলনি হ’ল৷ সময়ৰ সৈতে মিলাই খোজ দিব লাগিব৷ আনৰ বোৰো চিনি থব লাগিব আৰু নিজৰ খিনিও খামুচি ধৰি থব লাগিব!
সকলো কথা মন দি নুশুনিলেও দুদিনমানৰ আগতে কোৱা কথাখিনি পিছে মন দি শুনিলোঁ৷ কথাখিনি আছিল কিছু দৰ্শন সম্পৰ্কীয়৷ আধ্যাত্মিক৷ অনবৰতে খিঙখিঙাই থকা দেখি তেওঁ মোক খুব বুজালে৷ ধ্যান আৰু যোগাসনৰ প্ৰয়োজনীয়তা সম্পৰ্কে৷ সেইবোৰ কৰিলে দেহ-মন দুয়োটাই ভাল হৈ থাকে৷ খং-ৰাগবোৰ কমি থাকে ইত্যাদি৷ সকলো কথা কাণত নোসোমালেও এষাৰ কথা মনত ভালদৰে ৰৈ গ’ল৷ তেওঁ কৈছিল, “ তুমি যদি মনত খং ৰাগ লৈ আহাৰ ৰান্ধি আমাক খাবলৈ দিয়া তেন্তে খাদ্যৰ সৈতে সেই নিগেটিভ ভাইব্ৰেচন আমালৈও গুচি যাব৷ ফলত সেই খাদ্যই আমাৰ উপকাৰ নকৰে৷ সেয়ে ৰান্ধনি শালত মনটো ভাল ৰাখি পৱিত্ৰ মনেৰে ৰান্ধিলে দাইল ভাত খাবলৈও অমৃত যেন লাগে৷ আমাৰ আইতাই সদায় ৰান্ধনিশালত ৰান্ধি থাকোতে অনবৰতে ঘোষা এফাঁকি গাইছিল৷ আইতাই ৰন্ধা জুতি আজিলৈকে মই ক’তোৱেই পোৱা নাই৷ তেল -মছলা একো নাছিল৷ উহুৱাই জবৰাই যি দিছিল সেয়াই সোৱাদ লগা “

“সঁচা ন? “ মই ক’লো
“কি সঁচা ন? সঁচাকৈয়ে কৈ আছোঁ “
“বুজিছোঁ“
“কি বুজিলা? ’
“যে খাদ্য বস্তু ৰন্ধাৰ সময়ত খং-ৰাগ, দুখ-শোক কৰাতো বেয়া“
“অঁ, বেয়া মানে বিৰাট অপকাৰী৷ মাইনা, মোৰ, আমাৰ সকলোৰে অপকাৰ কৰিব৷ ভাইব্ৰেচনটো বিৰাট ডাঙৰ কথা“

কি জানো হ’ল, সেই দিনাৰ পৰাই গধূলি সদায় মনটো বেয়া লগাহে হ’ল মোৰ৷ সৰু সৰু কথাতে খং উঠা হ’ল৷ তেওঁ অফিচৰ পৰা আহি দেখে মাইনাক বকি আছোঁ,

“দিনৰ দিনটো গেবাৰী খাটিছো৷ বাপেৰে বিনা পইচাত বনকৰা মানুহ পাইছেতো৷ লগৰ চব চাকৰ -নাকৰ লৈ আৰামত আছে৷ মোৰহে কি কপাল! আই –

বোপাইৰ কথা নুশুনি বিয়া হোৱাৰ মজা পাইছোঁ উঁ উঁ উঁ ..“
এওঁৰ চাগৈ দুখ লাগে৷ মোক কয়, “ তুমি ৰেষ্ট কৰা৷ ৰাতিৰ সাঁজ ময়েই ৰান্ধিম “!
“নালাগে৷ ময়েই ৰান্ধিম৷ “
“নালাগে, তোমাৰ মন বেয়া হৈ আছে নহয়৷ ভাল হ’লে ৰান্ধিবা“
“তেন্তে ভাজি দালি অলপ বেছিকৈ ৰান্ধি থবা, কাইলৈ দিনৰ বাবেও “ কোনোমতে মোৰ মাত ওলায়৷ তেওঁ সেই মতেই কৰে৷ দুদিন হ’ল৷ কালি হালধি বেছি হ’ল ভাজিত৷ আজি দাইলত নিমখ নাই৷ ৰান্ধোতে ৰান্ধিছে কিন্তু মাইনাই মুখ বিকটাই দিছে৷

ময়ো চান্সতে “ফটা-ঢোল”ত প্ৰথম লিখাটো লিখি ল’লোঁ দিনত৷

ৰাতিলৈ মাইনাই এক প্ৰকাৰ আন্দোলনেই কৰিলে৷
“পিতা, তুমি আৰু ৰান্ধিব নালাগে৷ উৱাক! মোৰ বমি হৈ যাব৷ মা তুমি ৰান্ধিবা৷ টেষ্টি টেষ্টি খানা “
পিতাকে ধমক লগালে, “ময়েই ৰান্ধিম৷ মাৰ গা বেয়া দেখা নাই? যি ৰান্ধো তাকেই খাব লাগিব “

তিনিদিনৰ দিনা নোৱাৰিলোঁ আৰু৷ নালাগে, লেখক নহওঁ৷ সেইবুলি এই সোপা দানা খাই থাকিব নোৱাৰি৷ ময়েই ৰান্ধিম৷ পুনৰ চম্ভালি ল’লো পাকঘৰ৷ আজি পছলা আৰু মূৰ্গী মাংস ৰান্ধিছিলোঁ৷ লগত ৰহৰ দাইল৷ মাইনাই টকালি পাৰি খালে৷ খাই থকাৰ মাজতে মাইনাই এবাৰ বাপেকক সুধিলে,

“ পিতা, এটা কথা কওঁ“
“কোঁৱা “ তল মূৰকৈ খাই আছে তেওঁ৷
“তুমি পলিটিক্সত কিয় নোযোৱা৷ তুমি কিন্তু পাৰিবা৷ ন মা? “ মাইনাই সোধে

মই মূৰ জোকাৰিলোঁ৷■■

3 Comments

  • ৰবীন কাকতি

    মনালিছা শইকীয়াৰ ৰন্ধনৰ জুতি ল’লো। বৰ সোৱাদৰ হৈছে। লেখিকাৰ লগতে হাস‍্যমধুৰ আলোচনী এখন হাতত তুলি দিয়া বাবে সংশ্লিষ্ট সকলোকে ধন‍্যবাদ জনালো আৰু আলোচনীখনৰ আলোকমুখী যাত্ৰাপথত সিঁচি দিলো শুভকামনাৰ একাঁজলি ফুল।

    Reply
  • বিমান বৰুৱা

    ভাল লাগিল

    Reply
  • Biswajit bonia

    Bhal lagil

    Reply

Leave a Reply

Your email address will not be published.