ফটাঢোল

পলৰীয়া-ৰীতা লীনা সোণোৱাল

বিভাসৰ মাজে মাজে মানুহজনীলৈ মনত পৰে। টেবুলত বহি কাম কৰি থাকিলেও তাৰ এনেকুৱা লাগে যেন মানুহজনী এইমাত্ৰ আহি তাৰ কাষত বহিলহি। গিৰিয়েকৰ নামত থকা ব্যক্তিগত ঋণটো পৰিশোধ কৰি মানুজনী ভাগৰি পৰিছিল। দীঘলকৈ উশাহ টানি বহি লোৱা মানুহজনীলৈ চাই সি মুগ্ধ হৈছিল সদায়। এতিয়া মানুহজনী ক’ত কেনেকৈ জীয়াই আছে তাৰ ভাবিবলেও মন নাযায়। অতীতৰ কিছু সময়ক কেতিয়াবা জোৰকৈ মচি পেলাব পাৰিলেই ৰক্ষা পোৱা যায়। সি গুচি অহাৰ পাছত মানুহজনীয়ে তাক বিচাৰিছিল নে নাই সি নাজানে। কাৰণ মানুহজনীৰ লগত থকা সকলো সংযোগ সি নিজেই বিছিন্ন কৰিছিল। আনকি ফোন নম্বৰ পৰ্যন্ত ব্লক কৰি ডিলিট কৰি পেলাইছিল। এতিয়া ভাবে সি, সময়বোৰ আকৌ ঠিক কৰি পেলাবপৰা হ’লে! আচলতে মাক-দেউতাকে জোৰ নকৰা হ’লে সি চাগে এইবাৰো বিয়াৰপৰা পিছ হুহুঁকিলহেঁতেন। কিন্তু চাৰিবছৰে মানা কৰি থকাৰ পাছত এইবাৰ হাঁ কৰি দিছে। তনভী ভাল ছোৱালী। ভাল ছোৱালী এজনীৰ হৃদয়ত দুখ দিব পৰা কাম এটা কৰিবলৈ তাৰ মন নাই। অথচ তনভীক কিবা ক’বলৈও তাৰ সাহস নাই।

ৰাতি বিছনাত পৰি আকৌ সি মানুহজনীৰ কথা ভাবিবলৈ ধৰিলে। সেই চহৰখনলৈ যাব নেকি পুনৰ এবাৰ? মানুহজনীৰ শুকান দুচকুলৈ চাই থাকিবলৈ ইচ্ছা আৰু সাহস দুয়োটাই নাই তাৰ। বেংকলৈ আহোঁতে মানুহজনীয়ে সদায় তাইৰ চাৰিবছৰীয়া ছোৱালীজনীকো লগত লৈ আহিছিল। কণমানিজনীক দেখিও তাৰ মনটো কিয় পিছল খাইছিল বাৰু? তাৰ নিজকেই অসহ্য লাগে। ঠাণ্ডাদিনতো সি ঘামত তিতি যায় এই কথা ভাবিলে। সি জোৰ কৰাৰ বাবেই মানুহজনীয়ে উকা কঁপালখনত কেতিয়াবা সেউজীয়া ফোট এটা লৈছিল। গিৰিয়েক ঢুকাল বুলিয়েই যে মানুহজনীও এটা জীৱন্ত মৃতদেহ হৈ পৰিব তাৰ কোনো যুক্তি নাই। সি বুজাইছিল মানুহজনীক। কেতিয়ানো সি মানুহজনীৰ লগত ইমান ঘনিষ্ঠ হৈ পৰিছিল গমেই নাপালে। প্ৰেম? না না প্ৰেম হ’বই নোৱাৰে। হয়তো আকৰ্ষণ আছিল ক্ষণিক সময়ৰ। সেই ক্ষণিক সময়েই তাক শেষ কৰি দিলে। সি মানুহজনীৰ চহৰৰপৰা পলাই আহিল। তনভীৰ লগত সি একাত্ম হ’ব পৰা নাই। তাই তালৈ ফোন কৰে। নিবিড়ভাৱে কথা পাতিব বিচাৰে। সি ভয় খাই। তাৰ অন্তৰাত্মাত কঁপনি উঠে। অথচ আৰু এমাহৰ পাছত তনভীৰ লগত তাৰ বিয়া। যিমানেই বিয়াৰ দিন চমু চাপি আহিছে সিমানেই তাৰ টোপনি কমি আহিছে। মনতে ভাৱে এবাৰ মানুহজনীক লগ কৰিব পৰা হ’লে!

বন্ধ বাৰ এটা চাই সি তেজপুৰলৈ ওলাল। তাৰ বিয়াৰ আগতে সি শেষ সত্যটো জানি লোৱাতো জৰুৰী। মানুহজনীৰ ওঁঠত লাগি থকা জান নেজান হাঁহিটোৱে তাক সদায় মুহি ৰাখিছিল। শেঁতা মানুহজনীৰ মুখখন মায়াভৰা পুৱতি তৰাটোৰ দৰে আছিল। তাতকৈ চাগে খুব বেছি তিনিবছৰমান ডাঙৰ আছিল মানুহজনী। চাৰিবছৰৰ আগতে এৰি অহা মানুহজনীৰ সজল দুচকুৱে আজি তাক অশান্তি দিছে। ইমান শান্ত কিয় আছিল তাই? ইচ্ছা কৰিলে তাই তাক ভাঙি চূৰমাৰ কৰিব পাৰিল হয়। গাড়ীখন চলাবলৈ মন নোযোৱাৰ দৰে চলাই গৈ থাকিল সি।

তেজপুৰৰ সেই বিশেষ ঘৰটোৰ সমুখত ৰৈ অলপ সময় সি তলকা মাৰি থাকিল। তাৰ বুকুখন ঢপঢপাইছিল। সি মূৰ্খৰ দৰে কাম কৰিছে। সি নিজেও জানে। আচলতে আৱেগিক মানুহৰ কোনো কাম নাই এই পৃথিৱীত। সিটো কেতিয়াও আৱেগিক নাছিল। সি সকলো কাম নিজৰ বুদ্ধি আৰু কৌশলৰে সমাধা কৰিবপৰা এজন দক্ষ বেংক বিষয়া। কিন্তু অলপ দিনৰপৰা যেন সি ঠিক হৈ থাকিবপৰা নাই। মানুহজনীক লগ পোৱাৰ তীব্ৰ বাসনা এটাই তাক জোকাৰি গ’ল। সি দৌৰি যোৱাদি গেটখন খুলি সোমাই গ’ল। এই যে মানুহজনীক লগ পোৱাৰ তীব্ৰ হাবিয়াস জাগিল হঠাৎ। তেনেহ’লে বিগত চাৰিবছৰে এটা মুহূৰ্তৰ বাবেও তাৰ মনত কিয় জগা নাছিল এই হাবিয়াস? কিবা এক নেদেখিব লগা দৃশ্য দেখিবৰ বাবে সি উধাও হ’ল।

দুৱাৰখন খোল খালে সি যি দেখিম বুলি ভাবিছিল, সেয়া নহ’ল। এগৰাকী অচিনাকি মহিলাই দুৱাৰখন খুলি দিলে।

: সুগন্ধা বৰা নাই নেকি?

মহিলাগৰাকীয়ে তাৰ প্ৰশ্নটো বুজি নোপোৱাৰ দৰে তালৈ চাই থাকিল। এইবাৰ ভিতৰৰপৰা বয়সীয়াল পুৰুষ এজন ওলাই আহিল।

: সুগন্ধা বৰা আজিকালি ইয়াত নাথাকে। তেওঁ এই ঘৰ মাটি বেচি দিছে।

এক মুহূৰ্তৰ বাবে সি চকুৰে ধোঁৱাকোঁৱা দেখিলে।

:তেওঁ এতিয়া ক’ত থাকে জানে নেকি?

মানুহজনে মূৰ লৰালে। সি হতাশ হ’ল।

: ফোন নম্বৰ?

কেইবাৰো কোৱাৰ পাছত মানুহজনে তাক ফোন নম্বৰ এটা দিলে।

: তিনিবছৰৰ আগতেই মোৰ মাটিৰ লেনদেন শেষ হ’ল। গতিকে তেওঁক এই ফোন নম্বৰত পাব নাই নাজানো৷

মানুহজনক ধন্যবাদ এটা দি সি ওলাই আহিল। সুগন্ধা বৰাৰ ফোন নম্বৰটো সি চেভ কৰি ল’লে। ক’ত যাব সি এতিয়া সুগন্ধা বৰাক, মানে মানুহজনীক বিচাৰি? ফোন নম্বৰটোত হোৱাটচ এপ আছে নাই চালে এবাৰ। আছে, হোৱাটচ এপ আছে। হোৱাটচ এপৰ প্ৰফাইলত থকা ফটোখন অলপ ডাঙৰ কৰি চালে সি। মানুহজনীৰ দুকাষে সৰু ছোৱালী দুজনী বহি আছে। এজনীৰ হয়তো আঠবছৰ। আনজনীৰ চাগে তিনিবছৰ পাৰ হৈছে। সি মনতে হিচাপ কৰি চালে। তিনিবছৰ পাৰ হ’ব লাগে তাইৰ। সি এৰি যোৱাৰ সময়ত সুগন্ধাৰ গৰ্ভত এই অংকুৰিত হৈছিল। সুগন্ধা আঁকোৰগোজ হৈ পৰিছিল। নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কষ্টৰ ফল সুগন্ধাই অকলেই বহন কৰি আহিছে তাৰমানে। যাৰ অংশীদাৰ হয়তো সি বেছি আছিল। সি জোৰ কৰি বিচাৰিছিল। সেইবাবেই সুগন্ধা সন্মত হৈছিল৷

উত্তেজনাত সি ঘামিবলৈ ধৰিলে। তেজপুৰ চহৰত গাড়ী চলাই কিছু সময় সি এনেই ঘূৰি থাকিল। তনভীক কৈ আহিছে, সি আজি তেজপুৰত থাকিব বুলি। সুগন্ধালৈ ফোন কৰাৰ সাহস তাৰ নাই। বহুদেৰি গণেশঘাটত বহি থকাৰ পাছত সি গুৱাহাটীলৈ ওভতিবলৈ ল’লে। এই বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই যোৱা মেটেকা এজোপাৰ দৰেই সুগন্ধাও যেন ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে তাৰ জীৱনৰপৰা।

আনমনা হৈ সি তেজপুৰৰপৰা ওভতিল। সোণাপুৰত হাইৱে কাষৰ ধাবাবোৰ দেখিহে তাৰ মনত পৰিল গোটেই দিনটো সি একোৱেই নাখালে। হাইৱেৰ কাষতে থকা ডাঙৰ ৰিৰ্জট এখনত সি সোমাল। গাড়ীখন পাৰ্ক কৰিবলৈ লৈ মন কৰিলে কাষত ৰখাই থোৱা গাড়ীখন তাৰ যেন চিনাকি। আকাশৰ গাড়ী। চিনি পাইছে সি। যোৱা মাহত নতুনকৈ লৈছে। ইমান ৰাতি কাৰ লগত বা আহিছে! সি গাড়ীৰপৰা নামি আকাশলৈ ফোন কৰিবলৈ ফোনটো ওলিয়ালে। চাৰপ্ৰাইজ দিব সি আকাশক। কিন্তু  আকাশক চাৰপ্ৰাইজ দিব লগা নহ’ল সি। আকাশেহে এটা ডাঙৰ চাৰপ্ৰাইজ কঢ়িয়াই আনিছিল তাৰবাবে। ফোনটো ওলিয়াই ঘূৰোতেই সি দেখিলে আকাশ আৰু তনভী ওলাই আহিছে ৰিৰ্জটখনৰপৰা। দুয়ো যেন অলপ বেছি ঘনিষ্ঠ হৈয়ে ওলাই আহিছিল। আকাশৰ বাওঁহাতখনে তনভীৰ লাহি কঁকালটোত মেৰিয়াই আছিল। তাৰ উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল। দৌৰাদৌৰিকৈ সি নিজৰ গাড়ীত বহি গাড়ী ওলিয়ালে। মূল ৰাস্তাত উঠিহে তাৰ উশাহ ঘূৰিল। যিয়ে নহওক তাৰ মূৰৰ ওপৰৰপৰা বোজা এটা আঁতৰাৰ দৰে লাগিল। ঘৰলৈ গৈ পাই সি সুগন্ধালৈ ফোন এটা কৰিব। তাৰ ভুল হৈছিল। কোনেও যদি কথাখিনি গ্ৰহণ নকৰে তেন্তে সুগন্ধা বৰাক সন্মত কৰাই সি ত্ৰিপুৰাৰ ফালেই গুচি যাবগৈ। বেংকে তাক ট্ৰান্সফাৰ দিবলৈ বিচাৰিয়ে আছে। অতিকমেও তিনিবছৰ অসমৰ বাহিৰত থাকিবই লাগিব। তিনিবছৰত বাৰু মানুহবোৰে তাক মাফ কৰি দিবনে? মাক-দেউতাকে বাৰু দেখাত সাইলাখ তাৰ দৰে তিনি বছৰীয়া ছোৱালীজনী গ্ৰহণ কৰিবনে? সুগন্ধা বৰা আচলতে লতাৰ দৰে লেহুকা নাৰী নাছিল। এক অবৈধ মাতৃত্বক মমতাৰে জয় কৰিছিল তেওঁ। এইখিনি কৰিবলৈ যাওঁতে সমাজৰপৰা চাগে কিমান লাঞ্ছনা গঞ্জনা খালে! বিভাসৰ কলিজাত কঁপনি উঠিল। সি ইমান সাহসী নহয়। সেয়েহে সি আকৌ এবাৰ পলোৱাৰ কথাই ভাবিছে। অৱশ্যে এইবাৰ সুগন্ধা আৰু তেওঁৰ ছোৱালীদুজনীক লগত লৈ।

 ☆ ★ ☆ ★ ☆

7 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল বা।

    Reply
  • HEMANTA KAKATI

    ভাল লাগিল ৰীতা৷

    Reply
  • ববিতা পাটোৱাৰী

    বহুত ভাল লাগিল বা💖

    Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল ৰীতা

    Reply
  • জয়ন্ত

    খুউব ভাল লাগিল৷

    Reply
  • Utpala Bhuyan

    চুই গল দেই।ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল গল্পটো৷

    Reply

Leave a Reply

Your email address will not be published.