ফটাঢোল

পহিলা এপ্ৰিল-প্ৰণীতা গোস্বামী বৰঠাকুৰ

কাহিনীটো ক’ৰ পৰা আৰম্ভ কৰোঁ ভাবি আছোঁ। আচলতে এইটো ঠিক কাহিনী নহয়, এটি ঘটনাহে। যাৰ জীৱনত এনে ঘটনা ঘটিছে তেওঁ হয়তো নাজানে মই তেওঁ জীৱনৰ সেই বিশেষ দিনটো কাহিনী ৰূপত সজাব খুজিছোঁ। তেওঁ যদি পঢ়ে মোক ক্ষমা কৰিবনে!

ঠিক ২০১২ চনমানৰ ঘটনা। চান্দমাৰী বাছ ষ্টপৰ পৰাই আৰম্ভ কৰিছোঁ। বাছষ্টপত সেইদিনা অলপ ভিৰ আছিল। বোধকৰো কোনোবা এটা লাইনৰ বাছ অহা অলপ সেৰেঙা হৈছিল। মানুহবোৰে উৎকণ্ঠাৰে ডিঙি বেঁকা কৰি আহি থকা বাছবোৰ নিৰীক্ষণ কৰি হতাশ মুখ লৈ ৰৈ আছিল। বিনীতাৰো মানে কাহিনীৰ নায়িকাৰ সেইদিনা বৰ লৰালৰি নাছিল। বহিবলৈ চিট নাই বুলি দুখনমান তাইৰ লাইনৰ বাছ এৰি দিছিল। আৰামত বহি যাবলৈ মন তাইৰ।

ঠিক সেই সময়তে ঘটনাৰ সূত্ৰপাত হ’ল। পূব দিশৰ পৰা অহা এখন বাইক তাইৰ সন্মুখত ৰৈ গ’ল। ফুল মাস্কৰ হেলমেট পিন্ধা আৰোহীজনে তাইলৈ চাই ক’লে,

: উঠা..

তাই পাত্তা নিদিলে। চিনি নোপোৱা কোনোবাই ক’লেই তাই উঠিবনে! আনফালে মুখ ঘূৰালে তাই। বাইক আৰোহীয়ে তাইৰফালে মুখ ঘূৰাই চায়েই আছে। বাছষ্টেণ্ডত থকা মানুহবোৰেও ল’ৰাজনৰ কাণ্ড-কাৰখানা চাই আছে। তাইৰ নিৰ্বিকাৰ স্থিতিকো লক্ষ্য কৰি আছে তেও‌ঁলোকে। আকৌ এবাৰ তাইক বাইকত বহিবলৈ সংকেত দিলে ল’ৰাজনে। তেতিয়াও তাই কোনো ৰিয়েকশ্যন নেদেখুৱালে, যেন তাইক কোৱাই নাই! কিন্তু সকলোৰে চকুত ধৰা পৰিছে ল’ৰাজনে একাশৰীয়াকৈ থকা তাইকে উদ্দেশ্যি কথা কৈছে। তাইৰ ভাৱ-মূৰ্তি দেখি সিহঁতৰ মাজত কিবা সম্পৰ্ক থকা বুলিয়েই ভাবিছে চাগে তেওঁলোকে। কিন্তু তাই যে আৰোহীজনক চিনিয়েই পোৱা নাই…! হেলমেটটোও খোলা নাই, কেনেকৈ চিনি পাব তাই..! একেটা পজতে ৰৈ ল’ৰাজনে তাইলৈকে চাই থাকিল অলপ সময়, অস্বস্তি লাগিল তাইৰ। এনেতে বহু আকাংক্ষিত বাছখন আহিল আৰু প্ৰায়খিনি মানুহেই বাছখনত উঠিল। বাছষ্টপত ছয়জনমান লোকহে থাকিলগৈ। ল’ৰাজনৰ কাণ্ডত বিনীতাৰ অলপ ভয় লাগিবলৈ ধৰিলে। মনে মনে ভগৱানক প্ৰাৰ্থনা জনালে যেন তাইৰ লাইনৰ বাছখনো সোনকালে আহক। আগতে এৰি দিয়া বাছ দুখনৰ কথা ভাবিও তাই নিজকে ধিক্কাৰ দিলে। এনেতে আৰু এখন বাইক আহি আগৰ বাইকখনৰ কাষত ৰ’লহি। দুয়োজন আৰোহীয়ে কিবা কথা পাতিলে। বিনীতাৰ ভয় ভাৱটো বাঢ়ি আহিল। তাই বাছষ্টপত ৰৈ থকা মানুহখিনিৰ ওচৰ চাপি ৰ’লগৈ। প্ৰায় পাঁচ-ছয় মিনিটমান দুয়োজন বাইক আৰোহীয়ে তাইলৈ ঘূৰি চাই চাই কিবা কথা পাতি হঠাতে অহা বাটে জোৰেৰে বাইক চলাই ঘূৰি গ’লগৈ। এটা দীঘল উশাহ ল’লে তাই।

অফিছৰ লান্স ব্ৰেকত তাই সহকৰ্মী  মাধৱী, সুজাতা, ৰীছা, প্ৰিয়াংক, ৰাজেশহঁতক কথাটো ক’লে। গোটেই কেইজন নতুন, প্ৰায় একে সময়তে এপইনমেণ্ট পোৱা। সেয়ে সিহঁতৰ মাজৰ সম্পৰ্কটো বন্ধু সুলভ, ভাল। মনৰ ভয় ভাৱটো তেতিয়াও আঁতৰা নাছিল তাইৰ, তাই কথাখিনি বিৱৰি ক’লে সিহঁতক। সিহঁতি তাইক সাৱধান হৈ থাকিবলৈ আৰু দৰকাৰ হ’লে সিহঁতক বা পুলিচক জনাবলৈ পৰামৰ্শ দিলে। বাইকখনৰ নাম্বাৰ মনত নৰখা বাবে তাইক ধিক্কাৰো দিলে সিহঁতি।

: আজিৰ দিনত নম্বৰ টুকি ৰাখিবই লাগে, তাকো নাজানানে!

ৰীছাই ঠাট্টা কৰি ক’লে।

: ধেই, কি কোৱা.. এই নতুন ‘আচিক’ গোটাই নম্বৰ টুকিবলৈ পাহৰিয়েই গ’ল অ’–

ৰাজেশে ৰসিকতা কৰি ক’লে। সকলোৰে হাঁহিত বিষয়টো পাতল হৈ পৰিল।

তাই নিশ্চুপ হৈ সৱ শুনি গ’ল। কাকো একো উত্তৰ নিদিলে। তাই যে বাইকখন ভালকৈ মনেই নকৰিলে, নিজৰ ওপৰতে খং উঠিল তাইৰ। তাইৰ এই অমনোযোগী স্বভাৱটোৰ বাবে দেউতাকে প্ৰায়ে গালি দিয়ে। ঘৰত কথাটো আজি ক’ব নোৱাৰি, চিন্তা কৰিব মাক দেউতাকে। দিনটো ভালকৈ কামত মনোযোগ দিব নোৱাৰিলে তাই। কামৰ মাজতো পুৱাৰ ঘটনাটোৱে মনটো মাজে মাজে জোকাৰি যায়হি তাইক। ‘সোনকালে ঘৰলৈ যাব লাগিব’- মনতে আওৰালে তাই। দুটামান দৰকাৰি বজাৰ আছিল যদিও আজি নকৰে, মনতে ঠিৰাং কৰিলে তাই।

ঘৰতো তাই কোনো কামতে মন বহাব নোৱাৰিলে। কোন হ’ব পাৰে..! প্ৰশ্নটোৱে মনটোত খুন্দিয়াই থাকিল। কলেজীয়া ছোৱালীও হৈ থকা নাই যে, কোনোবা প্ৰেমিকে তাইক এনেকৈ ক’ব..! কোনোবা এক পক্ষীয় প্ৰেমিক নেকি আক’..! মনতে প্ৰশ্ন কৰিলে তাই।

কথাবোৰ পাগুলি থাকোঁতেই  হঠাতে মাক তাইৰ ৰূমলৈ সোমাই আহি হাতত এটা পাৰ্চেল তুলি দিলেহি।

: দুপৰীয়া ল’ৰা এজনে দি গৈছেহি, তই কিবা অৰ্ডাৰ দিছিলি নেকি?

মাকে প্ৰশ্ন কৰিলে তাইক।

: জানো, মনত পৰা নাই দেখোন!

 অলপ ভাবি ক’লে তাই।

মাক ৰূমৰ পৰা ওলাই যোৱাৰ পাছত তাই পাৰ্চেলটো লুটিয়াই বগৰাই চালে। ওপৰত ঘৰৰ এড্ৰেছটোৰ বাদে দিওঁতাৰ নাম-ঠিকনা একো নাই বাকচটোত। বুকুখন মৃদুকৈ কঁপি উঠিল তাইৰ। ‘আজিৰ দিনটোৱেই কিবা কেনা লগা’… মনটোৱে কৈ উঠিল যেন!

 এনেতে ফ’নটো বাজি উঠিল। স্কুলৰ বন্ধু অমৃতৰ ভিডিঅ’ কল। নুঠাওঁ বুলিও ফ’নটো তুলি ল’লে তাই। ভিডিঅ’ অন কৰি দেখিলে স্ক্ৰীণত তাইৰ লগৰ এগাল বন্ধু-বান্ধবী। সকলোৱে তাইৰ মুখখন দেখিয়েই একেলগে অট্টাহাস্য কৰি চিঞৰি উঠিল….

“এপ্ৰিল ফুল…এপ্ৰিল ফুল..”

কি হৈছে তাই ধৰিবই নোৱাৰিলে। স্ক্ৰীণত তাই বাহিৰত পঢ়ি থকা অংশুমানক দেখি..

: তই কেতিয়া আহিলি?

: অথনি চিনিয়েই নাপালি আক’

: কেতিয়া, ক’ত….!

: বাছষ্টপত..

: কিইইই..? সেইটো হেলমেট পিন্ধি তইহে আছিলি নেকি..?

গোটেই স্ক্ৰীণত সকলোৰে হাঁহিবোৰ ফাটি পাৰিল।

: ইমান ভয় খাই আছোঁ জাননে, তইতো হেলমেটটো খুলি মাতিব পাৰ’… মাতিছ আকৌ তুমি বুলি, কিয় উঠিম মই…

: হাঃ হাঃ হাঃ, আমি তোক ভয় খুৱাম বুলিয়েই প্লেন কৰিছিলোঁ আজিৰ দিনটোত। মনে মনে চাকৰি কৰি আছ’, আমাক খুৱাব লাগে বুলি জনোৱাও নাই!

সেয়ে এই প্লেন..

শান্তনুৱে হাঁহি হাঁহি ক’লে।

: ঐ, পাৰ্চেলটো খুলিলিনে নাই?

মৃদুস্মিতাই প্ৰশ্ন কৰিলে তাইক।

: নাই, ৰহ খোলোঁ তহঁতৰ আগতে..

পাৰ্চেলটো খুলিলে তাই। বাকচৰ ভিতৰত বাকচ, তিনি নম্বৰ বাকচৰ ভিতৰত এখন কাৰ্ড-‘এপ্ৰিল ফুল’ লিখা। লগতে স্কুলত সিহঁতি সৱেই চহীকৰা এখন কাগজ- য’ত লিখা আছে..

“আজীৱন বন্ধুত্বৰ প্ৰতিশ্ৰুতিৰে”

চকুযোৰ সেমেকি উঠিল তাইৰ।

: ঐ, আঁকৰী ইমশ্যনেল হ’ব নালাগে, কাগজখন ভালকৈ থৈ দিবি, আকৌ কাৰোবাক ‘উল্লু’ বনাবলৈ লাগিব।

আৰাধনাই ৰসিকতা কৰি ক’লে।

: বাৰু সেইবোৰ বাদ, পাৰ্টি কেতিয়া দিবি ক..!

অচ্যুতে সুধিলে।

: ৰহ, এমাহ হোৱাই নাই! দৰমহা পালে খুৱাম সৱকে।

অংশুমান থাকোঁতেই আমি এদিন লগ হওঁ দে..

তাই প্ৰস্তাৱ আগবঢ়ালে।

সকলোৱে হয়ভৰ দি চিঞৰি উঠিল। এটি হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হ’ল। সকলোৰে মুখবোৰ চাই আৰু কথাবোৰ শুনি তাই আনমনা হৈ পৰিল। এটি মধুৰ স্মৃতি হৈ ৰ’ব আজিৰ দিনটো তাইৰ জীৱনৰ।

☆ ★ ☆ ★ ☆

5 Comments

  • ডলী

    ভাল লাগিল। স্কুলীয়া বন্ধু বান্ধবীৰ কথাই সুকীয়া

    Reply
  • বন্দিতা জৈন

    বৰ ভাল লাগিল পঢ়ি

    Reply
    • Pranita Goswami

      ধন্যবাদ বন্দিতা

      Reply
  • জিতু

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.