ফটাঢোল

পাঁচ বছৰৰ পাছত – ঈশান জ্যোতি বৰা

: ইয়াৰ নিচিনা হেবাং ল’ৰা নায়েই নেকি এই ভূ-ভাৰস্তত! ডাঙৰ হ’লে কেনেকৈ যে খাব!
: তাকেইতো৷ ল’ৰা-ছোৱালী আজিৰ যুগত অলপ ইচমাৰ্ট নহ’লে নহয়, বুজিছেনে বৰুৱানী! আমাৰ আকৌ জুনুকা এইবিলাকত বিৰাট চোকা৷ সেইদিনা কি কৰিলে জানে?: কওকচোন!

: ফটা দহটকীয়া নোট এখন মোৰ হাততে বহুদিনৰে পৰা আছিল৷ কোনেও নলয়, বোলো-থাকক মোৰ হাততে৷ পৰহি জুনুকাই নোটখন দেখি মোৰ পৰা সাউতকৈ লৈ গ’ল আৰু চাৰিআলিৰ দোকানৰ পৰা তাৰে ৰচগোল্লা দুটা লৈ আহিলেগৈ নহয়৷ ফটা নোটখন সি কেনেকৈনো চলালে-নাজানো আৰু!

: ৱাহ! এইবোৰহে ল’ৰা-ছোৱালী! মোৰ হাততো দুখনমান ফটা নোট আছে৷ তাকে দিব লাগিব ৰ’ব৷

: দিব, দিব৷ ৰচগোলাকেইটা খাই ইমান যে ভাল লাগিল, বুইছেনে বৰুৱানী! একে ৰসে জুৰুলি-জুপুৰি৷

: আমাৰ আকৌ বুৰ্বকটোৱে দোকানিয়ে ভুলতে দিয়া পঞ্চাছ টকাটো ওভতাইহে দিলে৷

: হাঃ হাঃ হাঃ! নিমাখিত ল’ৰা যে৷ দেশ-দুনীয়াৰ মতিগতি বুজা হোৱা নাই৷

: বাৰু, চাহ ঠাণ্ডা হ’ব এতিয়া৷ লাৰুটো ঘৰতে বনাইছোঁ৷ ভাল হৈছেনে?

গিৰিজা বৰুৱা আৰু চুবুৰীয়া ৰাধামতী ফুকনৰ নিৰ্মেদ বিশ্লেষণ ইমানতে অন্ত পৰিল আৰু চাহপৰ্বৰ মেদযুক্ত বাৰ্তালাপ আৰম্ভ হ’ল৷ আনহাতে কলৰ পাৰত হাত-ভৰি তিয়াই থকা ‘হেবাং ল’ৰা’ বৃন্দাবন, যাৰ মন-মস্তিষ্কত উপৰিউক্ত মনোজ্ঞ বিশ্লেষণৰ একো একোটা বাণী ইতিমধ্যেই শিলত অঁকা ৰেখাৰ দৰে অংকিত হৈ গৈছে-সেইজন বৃন্দাবনেও ভৱিষ্যতৰ কৰ্মনীতি সম্বন্ধে অনেক সিদ্ধান্তই চিধাচিধিকৈ লৈ পেলালে আৰু এক গভীৰ ভাৱনাত মত্ত হৈ, জড়পদাৰ্থৰ দৰে কিছুপৰ কলটোৰ পাৰতে থিয় হৈ ৰ’ল৷ দুৰ্দান্ত মহকেইটামানে যে তলফালৰ পৰা বগুৱা বাই আহিছে, সি গম নাপালে৷

সেই ঘটনাৰ ঠিক পাঁচ বছৰৰ পাছত৷

নগৰৰ মাজমজিয়াতে থকা চৰকাৰী মহাবিদ্যালয়ত নৱাগত আদৰণি সভা৷ এতিয়ালৈকে হোৱা নাই, হ’বহে অহা সপ্তাহত৷ মহাবিদ্যালয়ৰ সাংস্কৃতিক সম্পাদক বৃন্দাবন বৰুৱা৷ গতিকে নৱাগতক গাখীৰচাহ-চিংৰা খুউৱাৰ পৰা আৰম্ভ কৰি মুখ্য অতিথিবৃন্দক এখনি ফুলাম গামোচা আৰু শৰাইৰে আদৰালৈকে, সকলোতে সবল স্থিতি বৰুৱাৰ৷ তেওঁক নিয়ন্ত্ৰণ কৰিছে অধ্যাপক তালুকদাৰে৷ তালুকদাৰ হৈছে ভব্য-গব্য, আটকধুনীয়া সাজসজ্জা পৰিহিত এজন উচ্চপৰ্যায়ৰ সংস্কৃতিবান মানুহ৷ পিচে কথাটো হ’ল, সু-সংস্কৃতিবান অধ্যাপক তালুকদাৰে যোৱা দুদিন ধৰি সাংস্কৃতিক সম্পাদক বৰুৱাক মাত-বোল কৰা নাই৷ কাৰণটো বৰুৱাই নাজানে৷ কিন্তু জানিবলৈ তীব্ৰ হেঁপাহ৷ সেয়ে আজি জাপি কিনিবলৈ লগটো মিলিলতেই সুধিলে,

: ছাৰ, কি হ’ল! আপুনি যে মোৰ লগত মাত-বোল কৰা নাই!

: তোমাক মই বেয়া পাইছোঁ৷

তালুকদাৰে ন-দৰাৰ দৰে ওফোন্দ পাতি ধৰিলে৷

: কিন্তু কিয় ছাৰ? আপোনাকোতো আমি জাপি পিন্ধাম বুলি ঠিৰাং কৰিছোঁ৷বৃন্দাবনে ঘপকৈ আঁচনিখন কৰিলে৷

: জাপি-চাপি গুলি মাৰাহে৷

তালুকদাৰৰ খঙেই উঠিল হ’বলা৷

: নহয়, ছাৰ কি হৈছে কওক৷

: পৰহি তুমি, বিকাশ আৰু অম্লানে বজাৰ কৰি সৌদামিনী ধাবাত সোমালা আৰু ৰাতি ন বজালৈকে পাৰ্টি কৰিলা৷ মোকতো তোমালোকে পাত্তাই নিদিলা৷

: অ’ ছাৰে মানে সেইটো কথাত বেয়া পাইছে! নহয় মানে ছাৰ, আপুনি ছিনিয়ৰ মানুহ যে, বেয়া লাগে আৰু!

: কিহৰ ছিনিয়ৰহে! ডিপাৰ্টমেণ্টত মোৰ দৰে চুলিত ৰং নসনা হেণ্ডছাম মানুহ কেইটা দেখিছা!

: হ’ব বাৰু ছাৰ৷ এতিয়া খং নকৰিব৷ কাইলৈ আকৌ বজাৰলৈ যাম নহয়৷

: কিমান লিখিম ছাৰ? পঞ্চাছটা জাপিত পাঁচহাজাৰ টকা হৈছে৷

জাপিকেইটা মোনা দুটাত ভৰাই-মেলি দোকানিয়ে ছাৰলৈ চায়৷

: ছাৰক কিয় সুধিছে? আঠ হাজাৰৰ বিল এখন বনাই দিয়ক৷

বৃন্দাবনে দোকানিক ধমক এটা দি পকেটৰ পৰা পইছা উলিয়ায়৷ সিপিনে তালুকদাৰৰ মুখত উৎফুল্লতা আৰু চকুত চঞ্চলতাৰ অকৃত্ৰিম বুৰ্‌বুৰ্‌ণি দৃশ্যমান হয়৷

সেই ঘটনাৰ ঠিক পাঁচ বছৰৰ পাছত৷

জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তাৰ লিখিত পৰীক্ষাত বৃন্দাবন বৰুৱাই বিফলতাৰে দহটা নম্বৰ লাভ কৰিলে৷ অথচ মুখত নাই কোনো ক্লান্তি কিম্বা ভাগৰৰ চিন৷ নাই তিলমানো অনুশোচনা অথবা আত্মগ্লানিৰ অনুভূতি৷ নাইতো নাই, অনুত্তীৰ্ণ হোৱাৰ সামান্যতম বেদনাও নাই৷ ভীষণ গুৰুত্বপূৰ্ণ কথা, মাত্ৰ দহটা নম্বৰ লাভ কৰিয়েই বৃন্দাবনে এমাহৰ পাছত মৌখিক পৰীক্ষাত বহিবলৈ অনুমতি পালে৷ কেনেকৈ পালে-সেইটো এক ডাঙৰ ৰহস্য৷ চাৰ্লক হোমছেও বোধহয় এই ৰহস্যক বলে নোৱাৰিব৷

: ছাৰ, সোমাব পাৰোঁনে?

: আহা৷
সাক্ষাৎকাৰ কক্ষলৈ বৃন্দাবন বৰুৱা সোমাই যায়৷ তেওঁৰ সমুখত তিনিগৰাকী জ্যেষ্ঠ পৰীক্ষক৷ এজনে নাচপতি এডোখৰ মুখলৈ নিবলৈ যো-জা চলাইছে৷ এজনে বেৰত পৰি থকা মাখি এটাৰ নৃত্যনাটিকা চাই আছে৷ আৰু আনজনে, যিজনে বৰুৱাক ‘আহক’ বুলি নিৰ্দেশ দিলে, তেওঁ এইমাত্ৰ খিৰিকীখন খুলি বতাহ অকণ কোঠাটোত সুমুৱাবলৈ প্ৰয়াস কৰিছে৷ গতিকে ক’ব পাৰি- তিনিওজন ব্যক্তিয়েই মোটামুটিভাৱে প্ৰকৃতিৰ লগত ব্যস্ত হৈ আছে৷: তোমাৰ কথাই ভুৱনছাৰে কৈছিল হ’বলা৷

বতাহপ্ৰেমী ছাৰৰ কৌতূহল শুনি নাচপতিখাওঁতা আৰু মাখিচাওঁতাই নিজ নিজ কৰ্মৰ পৰা মূৰ তুলি কেণ্ডিডেটলৈ চায়৷

: হয়৷ হয়৷ তেওঁ আমাৰ দেউতাৰ লগত একেলগে পঢ়া৷

বৃন্দাবনে পেছাদাৰী অফিচাৰৰ দৰে উত্তৰটো দিয়ে৷

: ভাল বাৰু, কোৱাচোন৷ অসমৰ মাটিকালি কিমান?

মাখিচাওঁতাই প্ৰশ্ন সোধে৷

: ছাৰ, কালি বিয়া এখন খাবলৈ গৈছিলোঁ৷ পঢ়ায়েই নহ’ল৷ দহ-বিশ কিলোমিটাৰমান হ’ব চাগে৷

বৃন্দাবনে ক্ষণিক মূৰটো খজুৱাই উত্তৰটো দিয়ে৷

: কাৰ বিয়া?

প্ৰশ্নকৰ্তাক বিয়াৰ কৌতূহলটোৱে আমনি দিয়ে৷

: ছাৰ ভুৱন ছাৰৰ মাহীয়েকৰ জীয়েকৰ৷

বৃন্দাবনে হাত-ভৰি মেলি অলপ ‘ৰিলেক্সড্’ হয়৷

: অ’, তাইৰ বিয়া হ’লেইনে! বৰ ডাঙৰ হ’ল দেই৷

নাচপতিখাওঁতাৰো ভুৱনছাৰৰ লগত ঘনিষ্ঠতা৷

: হয় ছাৰ৷ আমি খুব হাল্লা কৰিলোঁ কালি৷

: ভালেই কৰিছা৷ এতিয়াই হাল্লা নকৰি কেতিয়া কৰিবা?

: হয় ছাৰ৷

: বাৰু৷ যোৱা এতিয়া৷

প্ৰশ্নোত্তৰ ইমানতে অন্ত পৰিল৷ ধন্যবাদ জনাই বৃন্দাবন কোঠাৰ পৰা ওলাই যায়৷

: ল’ৰাটো ভাল ন?

নাচপতিখাওঁতাৰ চকুত আনন্দৰ চিন৷

: অঁ, কথা বৰ কম কয়৷

মাখিচাওঁতাৰ চকুত আৱিষ্কাৰৰ চিন৷

: বৰ সামাজিক৷

বতাহপ্ৰেমীৰ চকুত বিশ্লেষণধৰ্মিতাৰ চিন৷

: হেৰি, অসমৰ মাটিকালি কিমান হে!

হঠাতে মাখিচাওঁতাই সোধে৷ তেওঁ স্মৃতিশক্তি বৰ এটা সবল নহয়৷ কিন্তু নাচপতিখাওঁতাৰ ভাল৷ সেয়ে তেওঁ তপৰাই কয়,

: ডেৰ কোটি৷

কিন্তু আচৰিতধৰণে, বতাহপ্ৰেমীৰ স্মৃতিশক্তি তেওঁতকৈও প্ৰখৰ৷ সেয়ে তেওঁ তথ্যৰ আঁৰৰ বিভ্ৰান্তি আঁতৰাই কয়,

: নহয়৷ সেইটো অসমৰ জনসংখ্যাহে৷

সাক্ষাৎকাৰৰ ঠিক পাঁচ বছৰৰ পাছত৷

: তোমালোকৰ ভালেই হ’ল আৰু৷ ভিনদেউৰ ধেৰ বাহিৰা টকা আছে৷ যি বিচাৰা, তাকেই পাবা৷

: বুজিছেনে বৰুৱানী৷ এনেকুৱা ল’ৰা পাবলৈ ভাগ্য লাগিব৷ আমাৰ শকুন্তলাৰ কপালহে বুলিছোঁ আৰু৷

: তাকেইহে পায়৷ গোটেই জীৱনটো এতিয়া বহি-বহি খাব পাৰিব৷

গিৰিজা বৰুৱা আৰু মাণিক বৰুৱাৰ সু-পুত্ৰ বৃন্দাবন বৰুৱাৰ শুভবিবাহৰ দিন যোৱা মাহত ধাৰ্য হৈ গ’ল৷ বিয়া অহা অক্টোবৰ মাহৰ পাঁচ তাৰিখে৷ বতৰটোও নাতিশীতোষ্ণ৷ তেনেকুৱা বতৰত বোলে মাছৰ টেঙা আৰু মঙহৰ জ্বলা হজম কৰিব পৰাকৈ ৰাইজৰ পেটবোৰ সক্ষম আৰু শক্তিশালী হৈ থাকে৷ এক পেট-এক পেট ভক্ষণ কৰি ঘনাই গেছৰ টেবলেট খোৱাৰ প্ৰৱণতাটোৱে সাৰ পাই নুঠে৷ বিয়াখনৰ লগত জড়িত তেনেজাতীয় সূক্ষ্মবোধসম্পন্ন দিশবোৰৰ ওপৰতে গোটাচেৰেক চিন্তাকণা ছটিওৱাৰ মানসেৰে আজি গিৰিজা বৰুৱাৰ ঘৰত এখনি অনানুষ্ঠানিক চাহ-মেলৰ আয়োজন চলিছে৷ কইনাৰ ঘৰৰ পৰা প্ৰতিনিধি হিচাপে মাক, মাহীয়েক আৰু খুৰায়েকৰ পৰিয়ালটো আহিছে৷

: বাইদেউ, আমি কি ভাবিছোঁ জানেনে?

প্লেটত থকা মধ্যমীয়া ওজনৰ কাজু বৰ্ফিটো আলফুলেৰে হাতলৈ তুলি মাহীয়েকে দৰাৰ মাকলৈ চায়৷

: কোৱাচোন তৰু৷

: মানে বাইদেউ৷ দৰাই যিহেতু জলসম্পদ বিভাগত চাকৰি কৰে, আৰু বাহিৰা টকাও আছে ধেৰ৷ সেইগতিকে আমি বিয়া খাবলৈ অহা প্ৰতিগৰাকী অতিথিকে গিলাচত পানী দিয়াৰ সলনি একোটা মিনাৰেল ৱাটাৰৰ বটল উপহাৰস্বৰূপে দিম বুলি ভাবিছোঁ৷ এক লিটাৰৰ বটল৷ মানে একেবাৰেই দি দিম আৰু৷ যাতে বিয়াত থকা সময়খিনিত পিয়াহ লাগিলে তাৰে অকণ খাই পিয়াহটো মাৰিব পাৰে আৰু খালী বটলটো পাছত ঘৰলৈও লৈ যাব পাৰে৷ মানে এক গুলিত দুটা চিকাৰ হ’ব৷ কেনে দেখিছে? এটা নতুন কালচাৰ৷

: বৰ বঢ়িয়া কথা হ’ব৷

বৰুৱানীয়ে বৰ ৰং পায়৷ পিছমুহূৰ্ততে কাৰোবালৈ মনত পেলাই কয়,

: পানীৰ বটলৰ কনট্ৰেক্টটো আমাৰ বিপুলকে দি দিব পৰা যাব৷ তাৰ কামবোৰ ভাল৷

: পাৰে, পাৰে৷ বাৰু, হেৰি নহয়৷ এতিয়া বিয়া হ’বলৈতো ভালেমান দিন আছে৷ গতিকে ইহঁত দুয়োটাই অকণ ওলাই-সোমাই ফুৰক৷ অলপ চা-চিনাকি হওক৷ নে কি কয়?

: ভাল কথাটো ক’লে দিয়ক৷

বৰুৱানীয়ে তীব্ৰ অসন্তোষ প্ৰকাশ কৰি কয়,

: আমাৰ ইয়াক দুদিনমান ঘৰত দেখাই নাই৷ বানপানী আহিছে কাৰণে মথাউৰি সজাত লাগিছে৷ বিৰাট ব্যস্ত৷

: সেই ৰহদৈগুৰিৰ মথাউৰিটো নেকি? শুনিছোঁ ষাঠি কোটি টকা আহিছে বোলে৷

খুৰায়েকে নিয়মীয়াকৈ বাতৰি কাকত পঢ়ে৷ গতিকে ক’লৈ কিমান টকা আহিছে, সকলো খবৰ তেওঁৰ জিভাৰ আগত৷

: অঁ, সেইটোৱেই৷ মন্ত্ৰীৰ ঘোষণাটো টিভিত শুনাৰ লগেলগেই সি কি কৈছে জানে, বোলে, ‘মা বিয়ালৈ এতিয়া আৰু টেনছন নাই দে৷

: শুনি বৰ সন্তোষ পালোঁ দিয়ক৷ আমাৰ ভাগিনটোকো সুমুৱাই দিব পাৰে নেকি চাবচোন৷

সুবিধাটো বুজি খুৰায়েকে ভাগিন জিণ্টুলৈ মনত পেলায়৷

: তাকেহে৷ এনেকৈ বাহিৰা টকা আহি থাকিলে আমি টেনছন নলওঁ আৰু৷

খুৰীয়েকে স্বস্তিৰ নিশ্বাস এৰে৷

শুভবিবাহৰ ঠিক তিনিটা ‘পাঁচ বছৰ’ৰ পাছত৷

“বৃন্দাবন বৰুৱা জিন্দাবাদ৷”

“জিন্দাবাদ৷ জিন্দাবাদ৷”
“বাল্টিৰ ছবিত ভোট দিয়ক৷”
“ভোট দিয়ক৷ ভোট দিয়ক৷”

ৰঙা, বেঙুনীয়া, হালধীয়া আদি বিভিন্ন ৰঙৰ ফুলৰ মালাৰে সজ্জিত এখন বহুৰঙী জিপচি ন-কইনাৰ খোজেৰে উপায়ুক্তৰ কাৰ্যালয়ৰ দিশে আহি আছে৷ আগে-পিছে, সোঁৱে-বাঁৱে, ওপৰে-তলে অজস্ৰ জনতা৷ একধৰণৰ হৰ্ষোল্লাস, কোৰ্হালত নিমজ্জিত হৈ থকা এওঁলোক হৈছে চহৰৰ অভিভূত আৰু আনন্দিত জনতা৷ আশা, হেঁপাহ, সপোনৰ লগত তেওঁলোকৰ দুৰ্ঘোৰ মিতিৰালি৷ আনহাতে জিপচিত নমস্কাৰ জনোৱা মুদ্ৰাত তেওঁলোকৰ ভৰষাৰ নেতা বৃন্দাবন বৰুৱা৷ যাৰ ওচৰত আছে এই সপোন, হেঁপাহ আৰু আশাবোৰ পূৰণ কৰাৰ সুতীক্ষ্ণ একোপাত ব্ৰহ্মাস্ত্ৰ৷ আগন্তুক বিধানসভাৰ নিৰ্বাচনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে৷ আজি তেওঁৰ মনোনয়ন দাখিল কৰাৰ পাল৷

: ৰাইজ৷

উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখতে জিপচিখন ৰয়৷ সমদলটোৰো চিঞৰি-বাখৰি অণ্ঠ-কণ্ঠ শুকাই গৈছে৷ দুজনমানে শীতল পানীয় খাবলৈ কাষৰ দোকানবোৰত সোমায়৷ বাকীসকলে বৃন্দাবন বৰুৱাৰ মেলা মুখখনলৈ ৰ’ লাগি চায়৷ দাদাই এতিয়া ভাষণ দিব৷

: ৰাইজ, মই আপোনালোকৰ ভৰসা নহয়৷ আপোনালোকহে মোৰ ভৰসা৷ আমি একেলগ হৈ এই সমষ্টিৰ উন্নয়নৰ হকে কাম কৰিম৷ মই প্ৰতিশ্ৰুতি দিছোঁ, অহা পাঁচটা বছৰত এই সমষ্টি আৰু এতিয়াৰ দৰে হৈ নাথাকে৷ আমাৰ অন্যতম শত্ৰু বানপানীয়ে আমাক আৰু কন্দুৱাব নোৱাৰে৷ ঘৰ-দুৱাৰ ভাঙিব নোৱাৰে৷ মাটি-খেতি কাঢ়ি নিব নোৱাৰে৷ মই আজিয়েই এই উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই সংকল্প লৈছোঁ-অহা পাঁচটা বছৰত মই এই সমষ্টিটোক বানপানীৰ পৰা সম্পূৰ্ণ মুক্ত কৰি দিম৷
: কি সুন্দৰ কথা৷

জনতাৰ মাজৰ পৰা এগৰাকীয়ে আন এগৰাকীক কয়৷

: শুনিছোঁ তেখেত বোলে জলসম্পদ বিভাগৰে ইঞ্জিনিয়াৰ আছিলে৷ গতিকে বানপানীৰ তলানলা তেওঁ নিশ্চয় জানে৷

সিগৰাকীয়ে মন্তব্য দিয়ে৷

: এইবাৰ কিবা এটা হ’ব বুজিছে৷

: একদম খাটাং৷

“বৃন্দাবন বৰুৱা জিন্দাবাদ৷ জিন্দাবাদ৷”

বৃন্দাবন বৰুৱাৰ প্ৰতিশ্ৰুতিয়ে ৰাইজক পুনৰ এবাৰ আশ্বস্ত কৰে৷ তেওঁলোকে যিকোনো প্ৰকাৰেই এইগৰাকী নেতাক হেৰুৱাব নিবিচাৰে৷ বৰুৱাৰ দৰে তেওঁলোকেও মনে মনে একোটা সংকল্প লয়৷ তেওঁলোকে ভোট দিব৷

বৃন্দাবন বৰুৱা নিৰ্বাচনত জিকে৷ পৰৱৰ্তী মাহটোত তেওঁ শাসকীয় দলৰ লগত চামিল হয়৷ পৰৱৰ্তী বছৰটোত তেওঁ ৰাজ্যৰ জলসম্পদ মন্ত্ৰীৰূপে শপত লয়৷ মন্ত্ৰী হোৱাৰ দিনাখন৷ ৰাতি৷ টিভিৰ পৰ্দাত এটি ৰাজনৈতিক সাক্ষাৎকাৰ সম্প্ৰচাৰিত হয়৷

: বানপানীৰ সমস্যা অসমৰ এটি  জ্বলন্ত সমস্যা৷ আমি অতি সোনকালেই এই সমস্যাৰ পৰা ৰাইজক মুক্ত কৰিবলৈ চেষ্টা চলাম৷ ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰৰ লগত আমাৰ আলোচনা আৰম্ভ হৈ গৈছে৷ তেওঁলোকেও আমাৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ইংগিত দিছে৷ আমি আশাবাদী৷

: পাপ্পা, এইবাৰৰ পৰা মানে আছামত আৰু ফ্লাড নহয় ন!

টিভিৰ পৰ্দাত পিতৃৰ প্ৰতিশ্ৰুতিভৰা আশ্বাস শুনি থকা জীয়েকৰ কৌতূহলোদ্দীপক প্ৰশ্ন৷

: হেৰি, আজি আমাৰ এই কি কৰিলে দেখিছা!

: কি কৰিলেনো?

জীয়েকৰ ৰাজনৈতিক প্ৰশ্নটো তল পৰিল৷ তাৰ ঠাইত নতুন এটা বিতৰ্ক আৰম্ভ হ’ল৷

: স্কুলত আজি ফ্লাড-ৰিলিফৰ কাৰণে ষ্টুডেণ্টৰ পৰা কাপোৰ, খোৱাবস্তু বিচাৰিছিল৷ তাই সেইদিনা মই ধুই থোৱা কাপোৰযোৰ উলিয়াই স্কুলত দি থৈ আহিছে৷ আৰু কি কৰিলে গম পাইছানে নাই? কেণ্টিনৰ ল’ৰাটোৱে ভুলতে দহ টকাৰ ঠাইত এশ টকা এটা দিলে৷ তাই বেঙীয়ে আকৌ ওভতাইহে দিলে৷ সিপিনে মোৰ ভণ্টিৰ ল’ৰাটো ইমান স্মাৰ্ট৷ কালি বোলে ফটা নোট এখন দিয়েই স্কুলত ৰ’ল খাই আহিল৷

দীঘলীয়া অভিযোগনামা দাখিল কৰি মাক শকুন্তলাই বৃন্দাবন বৰুৱালৈ চায়৷

: দেখিছানে বাৰু!

বৃন্দাবন বৰুৱাই আশ্বৰ্য প্ৰকাশ কৰি কয়৷

: মাজনী, ইমান বেঙা হ’লে নচলিব দেই আজিৰ যুগত৷ অলপ স্মাৰ্ট হ’ব লাগিব৷

জীয়েকে নিজৰ ভুল উপলব্ধি কৰি মূৰ তল কৰে৷

আনহাতে বহুবছৰ আগতেই শিকি থোৱা স্মাৰ্টনেছৰ সংজ্ঞাটোলৈ বৃন্দাবন বৰুৱাৰ আজি আকৌ মনত পৰে৷ জীয়েককো তেওঁ নিজৰ দৰেই স্মাৰ্ট কৰি তুলিব৷ বৰুৱাই মনে মনে সংকল্প লয়৷ এইটো সংকল্প পিছে বেলেগধৰণৰ৷ ৰাজ্যৰ বানসমস্যা সমাধান কৰাৰ সংকল্পটোৰ লগত নিমিলে৷

☆ ★ ☆ ★ ☆

11 Comments

  • Abhijit Goswami

    সুন্দৰ বঢ়িয়া লাগিল দেই 👍👍👍

    Reply
  • ৰূপম ঠাকুৰীয়া

    আজিৰ সমাজত প্ৰতিচ্ছবি। ভাল লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল পঢ়ি।

    Reply
  • ডলী তালুকদাৰ

    বঢ়িয়া

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি

    Reply
  • dhurjjati

    Moja

    Reply
  • নয়নমণি হালৈ

    স্মাৰ্ট লেখা৷ বিৰাট ভাল পালো৷

    Reply
  • ৰিণ্টু

    এই সংখ্যাৰ ওৱান অৱ দ্য বেষ্ট।

    সাংঘাতিক লিখা হে ঈশান

    Reply
  • Bhaskar Jyoti Sarma

    ভাল লাগিল

    Reply
  • ঈশান

    সকলোকে অশেষ ধন্যবাদ।

    Reply
  • কাবেৰী মহন্ত

    ৱাহ! উচ্চ ব্যংগ৷ বিৰাট ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.