ফটাঢোল

পাচৱৰ্ড- মৌচুমী গগৈ

আজি এমাহ ধৰি লকডাউনৰ ফলত বন্ধ হৈ থকা কলিংবেলটো হঠাতে বাজি উঠাত মিমি আচৰিত হৈ পৰিল৷ অফিচৰ কাম কৰি থকাৰ পৰাই তাই লেপটপটো টেবুলত থৈ দৌৰি ওলাই আহিল৷ কলিং বেলৰ শব্দও যে কেতিয়াবা ইমান মধুৰ হ’ব পাৰে, তাই ভবাই নাছিলে৷ দুৱাৰ খুলিয়েই তাই এজন যুৱক ৰৈ থকা দেখিলে৷

যুৱক : হাই, মই জিত।

মিমি: হেল্লো।

যুৱক: ছৰী টু ডিষ্টাৰ্ব ইউ। মোৰ ৱাই-ফাইটোৰ কিবা এটা প্ৰব্লেম হৈছে। কাম কৰা নাই৷ যদি বেয়া নোপোৱা, তোমাৰ ৱাই-ফাইৰ পাচৱৰ্ডটো দিবা নেকি৷ মাত্ৰ এঘণ্টাৰ কাৰণে৷ নহ’লে মোৰ ইণ্টাৰভিউটো আধৰুৱা হৈয়েই থাকি যাব৷ প্লিজ!

মিমি : ইটচ্‌ অকে৷ মোৰ পাচৱৰ্ডটো হৈছে, মিমি ২৮ @ ০৪৷ স্মল লেটাৰ

যুৱক : থেংকিউ।

কেইদিনমান পিছৰ কথা৷ ঘৰৰ সকলোৱেই ৰাতিপুৱাৰ পৰা মিমিক ফোন কৰি শুভেচ্ছা জনাই আছে৷ মিমিৰ কিন্তু মনটো অকনমানো ভাল লাগি থকা নাই৷ অফিচৰ বন্ধু-বান্ধৱসকলৰ লগত আজিৰ দিনটো উপভোগ কৰিম বুলি কিমান যে ভাবি আছিল তাই, কিন্তু লকডাউনে সকলো শেষ কৰি পেলালে। মিমিয়ে বিচনাতে শুই শুই সেইবোৰকে ভাবি আছিল৷ তেনেতে আকৌ কলিং বেলটো বাজি উঠিল৷ এইবাৰ তাই দৰজা খুলিয়েই আচৰিত হোৱাৰ পাল৷

জিতে হাতত এটা কেক লৈ মিমিৰ দুৱাৰমুখত হাজিৰ৷

জিত : হেপ্পী বাৰ্থডে মিমি।

মিমি : কিন্তু তুমি কেনেকৈ গম পালা?

জিত : সেইদিনা তুমি যে পাচৱৰ্ডটো দিওঁতে ২৮ @ ০৪  বুলি কৈছিলা, আজি যিহেতু এপ্ৰিলৰ ২৮ তাৰিখ গতিকে তোমাৰ জন্মদিন বুলি অনুমান কৰি কেক এটা বনাই আনিছো৷ জন্মদিন নহ’লেও মোৰ চাকৰিটো হোৱাৰ পাৰ্টী বুলিয়েই কেকটো কাটা৷

মিমি : ৱাও! কংগ্ৰেছুলেচনচ্‌! অৱশ্যে আজি মোৰ জন্মদিন হয়। তথাপিও তোমাৰ চাকৰিটো হোৱাৰ বাবেও আমি চেলিব্ৰেছন কৰিম।

জীৱনৰ আটাইতকৈ বেয়া জন্মদিন বুলি দিনটোৱেই মিমিৰ জীৱনলৈ ক’ব নোৱাৰাকৈয়ে সুখৰ নিজৰা বোৱাই আনিলে।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.