ফটাঢোল

পাদেই লখিমী – মনজিত

দুপৰীয়াৰ সময়। বেলিটোৱ HD qualityৰে ৰ’দ এজাক এৰিছে। বাছেৰে এফালে যাত্ৰা। বহুত নহ’লেও মোটাড়মুটি ভিৰ এটাই আছিল বাছখনত। কপালৰ বলত অলপ দূৰ যাওতেই বহিবলৈ চিট এটা পালো যেনিবা। দূৰণি-বটীয়া যাত্ৰাত বহিবলৈ নাপালে দিগদাৰ । তাতে গৰমো বেছি। খিৰিকী কাষৰ চিট পাই ফূৰ্তিতে সুহুৰি এটি ওলাই গ’ল। ভাবিলো দীঘলীয়া বাট যেতিয়া অলপ শুয়ে লোৱা যাওক। চিলমিলকৈ টোপনিটো আহিছিল হে। ঢেৰেকনি যেন শব্দত উচপ খাই উঠিলো। ক’ত কিনো হ’ল বুলি চাই দেখো পিছৰ চিটৰ ৰূপহী বাইদেউক ফোনতে কোনোবাই এন্টাৰটেইন কৰি আছে। হাঁহিৰ কোব দেখিলে লাগে বেয়া জমিছে। একো নকৈ বিৰক্তিৰে আকৌ টোপনি মাৰিবৰ চেষ্টা কৰিলো। পিছে নাই ঢেৰেকনিৰ কোবত টোপনিয়ে ঠন ধৰিবলৈ সুবিধা নেপায় হে নেপায়। বাছৰ আটাইবোৰ মানুহে অশান্তি পাইছে যদিও ক’বলৈ সাহস কৰা নাই। লেডিজ পাৰ্টি, একো ক’বও নোৱাৰি। কিবা ক’লেই ফেমিনিষ্ট নে কি সেইটো জ‍াগি বেক মাৰিলে, মোৰ দোষ থাকিলেও নাথাকিলেও ৰাইজে মোকেই জাৰিব। সেয়ে সহি সামৰি শুবলৈকে চেষ্টা কৰি গ’লো। ভিতৰি চিন্তাও হ’ল অাধাতকৈ বেছি দূৰ যাব আছে এনেকৈ হ’লেটো মূৰৰ বিষৰ টেবলেট কিনিহে তৎ পাম। এইবোৰ ভাবি থাকোতে ভূতৰ ওপৰত দানহ পৰা দি পেটতো চিকুট মাৰি ধৰিলে নহয়। ব্ৰেকফাষ্টত খোৱা পুৰি আলুভাজিৰ অৰিয়াঅৰি হ’ল হ’ব পায়! খেলিমেলি লাগি গ’ল ঘপহকে। অলপ এনেকৈ থাকি ভাল হৈ যাব বুলি ভাবিছিলো যদিও নাই বেছিকৈহে চিকুট মাৰি ধৰিব ল’লে। মই বোলো শেষ! পেন্টে-চেন্টে নগ’লেই ৰক্ষা। ইফালে পিছফালৰ হাঁহিয়ে প্ৰেচাৰ বঢ়োৱাত ইন্ধন  যোগায়ে আহিছিল। পেটৰ অৱস্থা চৰম সীমাত। ড্ৰাইভাৰক ঠিক ৰখাবলৈ ক’ম আৰু, তেনেতে আহিল নহয় কাহিনীত ৰিয়েল টুইষ্ট। মোৰ টেপি-টুপি ৰখা হাজাৰ বাধাক নেওচি থুচুককে ওলাই গ’ল এটি আটক ধুনীয়া ৰাসায়নিক বোমা। একেবাৰে নিশব্দে। মোৰ বাদে কোনেও আইডিয়া কৰিব নোৱাৰিলে কি হ’ল কথাটো। তাৰ পিছত আৰু কি, গোটেই গেমটোৱেই সলনি হৈ পৰিল। ৰাসায়নিক বোমাৰ তীব্ৰতাই আঘাট কৰিলে বিষ্ফোৰণৰ আশে-পাশে থকা সকলোৰে নাকত। বেছি ভাগেই নাক কোঁচালে। কিছুমানে ভোৰভোৰালে,

: বৰ অসভ্য ম‍ানুহ দেই এইবোৰ! কি যে খাই আহে নহয়।

পেটতো মুকলি হৈ যোৱাৰ সুখত কাৰো কথাত মাথা মৰা নাই। খিৰিকীখন আৰু অলপ বেছিকৈ খুলি দি বাহিৰৰ তাজা হাৱা এনজয় কৰাত লাগিলো। এনেই বোমাটো ইমান তীব্ৰ নহ’ল হয়, পুৰিৰ লগত দিয়া জলকীয়াৰ চাটনিতোৱে অ‍াচল খেলটো খেলি দিলে, সেয়ে বিয়পিল তীব্ৰ বেগেৰে। পেট-মন মুকলি হৈ যোৱাত আকৌ টোপনি যাব চেষ্টা কৰিলো। তেনেতে মন কৰিলো হাঁহিৰ ঢেৰেকনিতো দেখোন নোহোৱা হৈ গ’ল একেবাৰে। মই বোলো কেছটো কি? চাৰ্জ শেষ হ’ল নে বেলেন্স! জিঅ-চিমৰ যুগত বেলেন্সৰ কথা নাথাকেই, আৰু ৰাইজেতো বেটেৰী-বেংক লৈয়ে ঘূৰে। তেনেহ’লে কি হ’ল, ব্ৰেকআপেই  হৈ গল নেকি ঔ! তাতে আজিকালিৰ প্ৰেম আৰু গৰমকালিৰ কাৰেন্ট কিমান দেৰি থাকে কোৱাই টান। সেয়ে কেছটো কি বুজিবলৈ আঁৰ চকুৰে তেখেতৰ ফালে চালো। ই কি! মেডামে ফোন-চোন এৰি দেখোন দৰাই মুখত ৰুমাল লোৱাদি ৰুমালেৰে নাক মুখ ঢাকি আছে। তেতিয়াহে বুজিলো কেছতো। ঠিক পিছফালে থকা বাবে আৰু মুখ মেলি হাঁহি থকাৰ বাবে  ৰাসায়নিক বোমাই তেওঁকেই  আটাইটকৈ বেছি ক্ষতি কৰিলে। সেই চাদমাতেই মুখ নোখোলাই হ’ল। চিকাৰী শম্ভু টাইপ ক’ব নোৱাৰাকৈ একগুলিত দুই চিকাৰ হোৱাৰ আনন্দই দেহ-মন জুৰ পেলাই দিলে। শান্ত পৰিৱেশত খিৰিকীৰে অহা পচোৱা বতাহত এনে মধুৰ টোপনি আহিল কি কম আৰু! গন্তব্য স্থান পালতহে চকু মেল খালে। নামি যাওঁতে মন কৰিলো ঢেৰেকনি বাইদেৱে মুখৰ পৰা ৰুমাল আঁতৰোৱাই নাই। মোৰ লগতে নমা সহযাত্ৰী দুজনে তেওঁকেই শুনাই
“পাদেই লখিমী হাঁহিয়েই বিঘিনি” বুলি কৈ হাঁহি-হাঁহি নামি গ’ল। এই সৰু ঘটনাটোৱে মোকো আইডিয়া এটা দি গ’ল।
মনতে ভাবিলো,

“আমাৰ এওঁ দেখোন মাজে মাজে অনৰ্গল কথা কৈ বিৰক্ত কৰে। একো ক’বও নোৱাৰি! জেক-জেকাই আহে। তেনেহ’লে কি………..?”

☆ ★ ☆ ★ ☆

7 Comments

  • সম্পূৰ্ণা

    হাহাহাহাহা.. মূখ বন্ধ কৰা কিটিপ 😝 😂😂😂

    Reply
  • Rimjhim Borthakur

    ধেৎতেৰি

    Reply
  • মজ্জা মজ্জা চুপাৰ্ব।

    Reply
  • কমল নেওগ

    মূলা খাব তেতিয়া ৰসায়নিক বোমাৰ তীব্ৰতা উগ্ৰ হয়

    Reply
  • অভিজিত কলিতা

    মনজিতৰ শৈলীত তীব্ৰ পাঞ্চ। আৰু কি লাগে

    Reply
  • ইন্দ্ৰাণী তালুকদাৰ

    বহুত হাঁহিলো😂😂

    Reply
  • abhijit goswami

    টামাম মনাই 🤣🤣🤣

    Reply

Leave a Reply

Your email address will not be published.