ফটাঢোল

পিতৃ বিভ্ৰাট- ৰীতা লীনা সোণোৱাল

আমাৰ ডাঙৰ ছোৱালীজনী গান শিকা চাৰিবছৰ মান হ’ল। স্বভাৱ চৰিত্ৰত অলপ হেবাঙেই। প্ৰথম যিদিনা তাইক গানৰ ক্লাছলৈ লৈ গৈছিলোঁ, তাইক ঘৰতে শিকাই লৈ গৈছিলোঁ যে গান শিকোৱা মেমে যি কয় ভালকৈ মন দি শুনিবা। গানৰ মেমগৰাকী কলকতাৰ বঙালী সম্প্ৰদায়ৰ মানুহ। অসমীয়া ভালকৈ বুজি পাই কিন্তু কোৱাৰ অৱস্থা তথৈবচ। মেমগৰাকীয়ে ঘৰতে গান শিকায়। তেওঁলোকৰ বৈঠকখানাৰ মজিয়াত মেৰুণ ৰঙৰ দলিচা এখন পাৰি থোৱা থাকে তাৰ ওপৰতে বহি শিকাই। এনেকৈয়ে দিনবোৰ গৈ আছে ছোৱালীয়েও গান শিকি আছে।

এদিন মই ছোৱালীয়েনো কিমান শিকিছে শুনোচোন বুলি গানৰ ক্লাছতে ৰৈ দিলোঁ। ছোৱালীয়ে ঠিকেই শিকি আছে। হাৰমনিয়ামখন ধৰিব পৰা হৈছে আৰু। তেনেতে কোনোবা এপাকত অলপ ওপৰৰ স্কেলত গাব লগা হ’ল। মেমে ছোৱালীক আধাভঙা অসমীয়াত কৈ আছে, “অলপ ওপৰত গোৱা।” তাই বুজি নাই পোৱা। এইবাৰ মেমে কৈছে বোলে আমি যে ওপৰ মহলালৈ গ’লে এটা এটা চিৰি বগাই ওপৰলৈ যাওঁ তেনেকৈ কণ্ঠ ওপৰলৈ টানি গোৱা। মেমে হাতদুখন ওপৰলৈ কৰি বিভিন্ন ভংগীমাত বুজায় আছে। অৱশেষত ছোৱালীয়ে কিবা এটা বুজি পালে। তাই লাহেকৈ বহীখন লৈ বহাৰ পৰা উঠি ঠিয় হৈ ৰাগ টানিবলৈ ধৰিলে। কৃষ্ণ! গুৰু শিষ্যৰ যেন মনিকাঞ্চন সংযোগ। গুৰুৱে নিজে বুজি নাই পোৱা কি বুজাব বিচাৰিছে আৰু শিষ্য দোধোৰমোধোৰ কোনফালে ওপৰলৈ উঠিব কৈছে।

এইটো আছিল প্ৰথমবছৰৰ নমুনা। ইয়াৰ দুবছৰৰ পাছত সৰুজনীকো দিলোঁ গানৰ ক্লাছত। আজিকালি মই ইহঁতক অনা নিয়া কৰা বাদ দিছোঁ। দেউতাক যায় থ’বলৈ আনিবলৈ। মেমগৰাকীয়ে সময়টো নিজৰ সুবিধা অনুসৰি মিলাই শিকায়। সেয়েহে ছোৱালীদুজনীক আনিবৰ সময়ত মোলৈ ফোন কৰি দিয়ে। মই এওঁক পঠিয়াই দিওঁ। এদিন দেওবাৰে ছোৱালীদুজনীক থ’বলৈ যাওঁতেই এওঁ মেমক কৈ আহিল যে, “আজি মোলৈ ফোন কৰিব। মোৰ অলপ কাম আছে সেইকাৰণে বাহিৰতে ৰ’ম।” ইফালে মই ইহঁতৰ গানৰ ক্লাছৰ পৰা ওভতি অহা সময়খিনি মিলাই ৰৈ আছোঁ। আহি নাপায় হে নাপায়। অৱশেষত বহু দেৰিৰ মূৰত তিনিওটাই আহি ঘৰ ওলালহি। মই সুধিলোঁ, কি হ’ল ইমান দেৰি হ’ল যে আজি? ডাঙৰজনীয়ে কৈছে,

: নাই দেউতাৰ ফোন নম্বৰটো সলনি হৈ গৈছিল। দেউতা বুলি বেলেগ আংকল এজনকে ফোন কৰিছিলোঁ আজি।

মই আচৰিত!

: কালৈ ফোন কৰিছিলা?

ছোৱালীয়ে উত্তৰ দিছে,

: নাজানো।

: আংকলজনে কি বুলি ক’লে?

: মই তোমালোকৰ দেউতা নহয় দেই বুলি ক’লে।

তাই আকৌ কৈছে,

: মা মোৰ গানৰ বহীৰ পাছফালে যাৰ তাৰ ফোন নম্বৰবোৰ লিখি নাৰাখিবা কিন্তু কৈ দিলোঁ।

তাই মিহিকৈ দাবী এটা দি থৈ গ’ল মোক। তাৰমানে তাই বাপেকৰ ফোন নম্বৰটো মনত ৰখা নাই। ময়ো মনতে ভাবিলোঁ, কাৰনো ফোন নম্বৰ লিখিছিলোঁ তাইৰ গানৰ বহীৰ পাছফালে এবাৰ মিলাই চাওঁচোন। গানৰ বহীখন লৈ মোৰ মোবাইলটো ওলিয়াই ফোন নম্বৰটো মিলাইছোঁ, দেখিছোঁ সেইটো আমাৰ হেমন্ত কাকতিদাৰ ফোন নম্বৰ। নলবাৰীৰ ফটাঢোল মীটৰ সময়ত কাৰোবাৰ পৰা লৈ খৰধৰকৈ তাইৰ গানৰ বহীৰ পাছফালেই লিখি থৈ দিছিলোঁঁ৷ অৱশ্যে ফোনটো সঁচাকৈয়ে হেমন্ত কাকতিদালৈকে গৈছিল নে আজিলৈকে সোধা নহ’ল মোৰ।

☆ ★ ☆ ★ ☆

7 Comments

  • abhijit goswami

    কি কয় বা 🤣🤣🤣

    Reply
  • HEMANTA KAKATI

    কিষ্ণ! আহিছিল আহিছিল৷ মই বুজি নাপাই কাতি দিলোঁ৷

    ভাল লাগিল ৰীতা৷

    Reply
  • Barbie Punnag

    হাঃ হাঃ😂😂😂
    এনেয়ে মানুহজন বৌৰ ভয়ত কঁপি থাকে,তাতে আকৌ এনে দুৰ্দশা !
    বৰ হাঁহি উঠিল পাই🤣🤣

    Reply
  • ডলী

    হা হা হা

    Reply
  • Anonymous

    মজা লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰি😀

    Reply
  • Mukut bhattacharjya

    ভাল বিপদত পৰিছিল দাদা 😀

    Reply

Leave a Reply

Your email address will not be published.