ফটাঢোল

পিৰিতি মিঠা চিৰা দৈ – নয়নমণি হালৈ

পাঁচ বছৰে প্ৰেমৰ নদীত সাঁতুৰি-নাদুৰি জুৰুলা-জুপুৰি হৈ ডিঙিলৈকে ডুব যোৱাৰ পিছত যেতিয়া হ’বলগীয়া বিয়াখনো নহওঁ নহওঁ অৱস্থালৈ আহিল, তেতিয়া মই বোলো আৰু দেৰি কৰিব নোৱাৰি, এইবাৰ হয় গড়গাওঁ নহয় ৰঙামাটি।

হ’ল বুলি ইমান খাটিৰ কৰিব নোৱাৰি। ছোৱালীৰ নৈষ্ঠিক ব্ৰাহ্মণ বাপেকৰ লগত দুবছৰে ইমান তললৈ নামিলো যে, বোপাককাৰ ‘ৰাজবংশী’ উপাধিতো সলাই ‘শৰ্মা’ লিখি লগুণ এডাল আঁৰিবলৈহে বাকী। তথাপিও বাপেকক বহু ফলা পঢ়ুৱালো, পৃথিৱীখন যে এতিয়া বহু আগবাঢ়ি গ’ল, জাত-পাত এইবোৰ যে আধুনিক মানুহৰ বস্তু নহয় এইবোৰ বহুত বুজাই বুজাই কিবাকৈ মেনেজ কৰিলো। কিন্তু এতিয়া যে ক’ৰপৰা আহি ওলাল ছোৱালীৰ মোমায়েক, সম্বন্ধীয় ভিনিহিয়েক, ককায়েক। কোনোবা যদি নাম থকা হাস্পাতালৰ ডাক্তৰ, কোনোবাটো আকৌ কলেজৰ প্ৰফেছৰ। এজন যদি আহি ওলায় বোলে অইলৰ ইঞ্জিনীয়াৰ, আনজনে বোলে মই বিদেশী কোম্পানীৰ মেনেজাৰ। এইমখা বা আগৰেপৰা ক’ত সোমাই আছিল, এতিয়া বিয়াখন পাতিবলৈ ওলাওঁতে একেলগে গোটেইজাক ওলাই আহিছে আৰু সকলোৰে এটাই প্ৰশ্ন বোলে ‘‘ল’ৰাই কি কৰে’’। ছোৱালী অৰ্থাত্‍ মোৰ সেইজনীৰ নাম ধৰি লওক ‘অমলা’, তাইৰ মেলা মুখ মেলাতেই ৰয়। তাইনো ডাক্তৰ, প্ৰফেছৰ কেইজনক কোন সতে কয় ল’ৰাই বি.এ পাছৰ চাৰ্টিফিকেট এখন মাকৰ পুৰণি পেৰা এটাত সযতনে সংৰক্ষণে ৰাখি অলৌ-টলৌকৈ ঘূৰি ফুৰে বুলি। হওঁতে মই এনেয়ে ঘূৰি নুফুৰো, পেপাৰ এখনত সংবাদৰ যোগান ধৰো, মাজে-মাজে কিবাকিবি দুই-এটা লিখো। কিন্তু বুক ডাঠি মানুহৰ আগত ক’বলৈ সেইখিনি যথেষ্ট নহয়। অমলা দূৰৰে কথা, ময়ে ক’ব নোৱাৰো। দাঢ়ি-মোছ ভালদৰে মনিব পৰা নহওঁতে দুই-এজনে মুখৰ পিনে চাই সুধিছিল, ‘কি পঢ়ি আছা’, এতিয়া সোধে ‘কি কৰি আছা’। তাৰ উত্তৰ যদি মই ‘বাতৰি কাকতত লিখো’ বুলি কওঁ, দুই এজনে লেংটা-মুংটা মানুহ চোৱাদি আচৰিত হৈ চাই থাকে, দুই-একে ঢেকঢেকাই হাঁহে, কয় ‘লিখা বুলিতো গম পাইছো, কিন্তু কৰা কি?’ মোৰ এনে লাগে ভৰা কলহ এটা গলত ওলোমাই মই মৰি যাওঁ। একেলগে পঢ়া পিছৰ বেঞ্চত জুপুকা মাৰি বহি থকা গৰ্দভমুণ্ড কেইটাইও ক’ৰবাত লগ পালে কয়, ‘এনেকৈয়ে থাকিবিনে, কিবা এটা কৰ’। কলিকতাত ‘চাকৰ’ থাকি ‘চাকৰি’ কৰাৰ ভাৱ দিয়া ল’ৰাকেইটাই কয়, ‘দোস্ত, ইয়ালৈ আহি যা, দিনত কাম কৰ আৰু সন্ধিয়া হলে ‘মাগী’.. ধ্যেত্‍, ল’ৰাবোৰ কম বয়সতে নষ্ট হয় আজিকালি। বছৰেকত এদিন সুখে-সন্তোষে এসাজ খাওঁ বুলি মামাহঁতৰ তালৈ যাওঁ, তাতো সেই একেই কথা ‘পাৰিলে কোম্পেনী-চোম্পেনীতে ক’ৰবাত সোমাই যোৱা’। বাইদেউ এজনীক বিয়া দিলো, ‘এডভোকেট’ ভিনদেউৱে চকু মেলিয়েই নাচায়, যেন ময়েই পৃথিৱীৰ সকলোতকৈ অপদাৰ্থ মানুহটো। এদিন আলোচনী এখন তেওঁলৈ বীৰদৰ্পে আগবঢ়াই দি ক’লো, ‘ভিনদেউ, ইয়াত মোৰ লেখা এটা প্ৰকাশ হৈছে, চাওকচোন পঢ়ি’। মানুহজনে এষাৰ কথাই ক’লে বোলে, ‘থৈ দিয়াচোন, আজিকালি এইবোৰ পঢ়াৰ সময়েই নাপাওঁ, পেপাৰখন পঢ়াৰেই সময় নহয়।’ মুঠতে চাৰিওফালৰ মানুহবোৰ দেখিলে ওকালি অহাৰ দৰে হ’ল। সকলোৰে লগত সম্পৰ্কবোৰ ক্ৰমাত্‍ ক্ষীণ হৈ আহিল আৰু বহুতৰে লগত সম্পৰ্কৰ এনাজৰীডাল ক্ষীণ হৈ হৈ এৱাসূতাডালৰ দৰে হোৱাত ছিঙিও থাকিল আৰু মই সকলোৰে পৰিতাজ্য হৈ ছন পৰা মাটিৰ নলগা ফলৰ গছ হৈ ৰ’লো। হায় মোৰ লেখক জীৱন!

কিন্তু মানুহৰ দিন সদায় একে নাথাকে বাবেই হয়তো এদিন মোৰ ছন পৰা মাটিডৰাত অমলাৰ প্ৰেমৰ বৰষুণ নামিল আৰু ময়ো সকলো তিক্ততা পাহৰি কম দিনতে ফলে-ফুলে জাতিস্কাৰ হ’লো। মোৰ কবিতা, গল্পই পাঠকৰ মন মুহক বা নোমুহক, অমলাৰ মন কিন্তু বাৰুকৈয়ে মুহিলে। মৰম-ভালপোৱাৰ আজিৰ এই মহঙা বজাৰত অমলাৰ মৰম মই বৰ দুস্প্ৰাপ্য বস্তু পোৱাদি পালো। তাকনো মই কোনসতে হেৰুৱাও! ইপিনে অমলাইও বোলে ‘‘মোক ডাক্তৰ ইঞ্জিনীয়াৰ নালাগে, তোমাকহে লাগে।” অমলাৰ সাহসেই সাহস বুলি দাঁত মুখ কৰচি শেষত বাপেকক চিধাই গৈ ক’লো বোলো, ‘‘আপোনাৰ চোতাললৈ দৰা সাজি অহাৰ ইচ্ছা আৰু মোৰ নাই। ছোৱালীক যদি আপোনাক লাগে আপোনাৰ লগতে থাকক, মোক লাগে যদি এই মুহূৰ্ততে মোৰ লগত ওলাওক”। জীয়েকৰ আগৰেপৰা জনা আছিল মোৰ একাচেকা স্বভাৱটোৰ কথা। মোৰো জনা আছিল তাইৰ কোমল মনৰ কথা। পিছফালৰপৰা ষণ্ডামৰ্ক হেন ককায়েকটোৱে চিঞৰি আছিল, “তোক কেনেকৈ জেইলৰ ভাত খুৱাওঁ চাই থাক, মই এতিয়াই কিডনেপ কৰা বুলি এছ.পিক ফোন কৰিম, এছ.পি মোৰ ঘৰৰ মানুহ ।” ময়ো ‘বাদ দিয়াহে তোমাৰ এছ.পি’ বুলি পিছৰ ছিটত অমলাক বহুৱাই বাটৰ ধূলি উৰুৱাই দিলো। কিন্তু মনতে বৰ বেয়াকৈ ভয় সোমাই গ’ল, জানোচা এছ.পি চাহাবে সদলবলে আহি মোক ৰঙাঘৰৰ আলহী কৰেই। এৰাতি ভণ্টিৰ বান্ধৱীৰ ঘৰত ৰাখি পিছদিনা মন্দিৰ এটাতে কামফেৰা কোনোৰকমে সমাপন হ’ল যদিও ভয় নমৰিল, জানোচা ঘৰত গৈ এছ.পিৰ ৰণুৱা দলে ইতিমধ্যেই লংকা কাণ্ডৰ সূচনা কৰে।

লগুনগাঠি তেতিয়াও চিঙাই নাই, হেপাই ফোপাই দৌৰি আহিল প্ৰাণেশ্বৰ। সিও মোৰ দৰেই কোনোবাদিনা ‘বৰগোহাঞি’, ‘শৰ্মা পূজাৰী’ হ’ম বুলি আশা পালি থকা আধাকেচেলুৱা লেখক। তাক দেখি মোৰ চুলিৰ আগে জীৱ উৰি যাওঁ যাওঁ, বোলো ‘কথা কি’? ফোপাই ফোপাই সি কয়, ‘‘এছ.পিক বোলে ফোন কৰিছিল। এছ.পিয়ে কি ক’লে জান, বোলে ‘সি হ’ল এজন সম্ভাৱনাপূৰ্ণ উদীয়মান লেখক। মই নিজে তাৰ লেখাৰ ভক্ত। তাতে খবৰ কাগজতো লেখে। তাক লপাথপা দি মই বাঘৰ নেগুৰেৰে কাণ নখজুৱাওঁ।” প্ৰাণেশ্বৰে ফিচিককৈ হাঁহি এটা মাৰি আকৌ ক’লে, “এছ.পিক কত লেখক সভাত কত গামোছা পিন্ধালো ন দোস্ত?” তাৰ কথা মোৰ কাণত সোমাল কি নোসোমাল, মই ওৰণিৰ তলত থকা মানুহজনীলৈ চালো। মোৰ অখণ্ড প্ৰতাপৰ কথা প্ৰাণেশ্বৰৰ শ্ৰীমুখেদি শুনি অমলাৰ মুখত যেন বাৰিষাৰ বৰষুণৰ পিছত ওলাই অহা ইন্দ্ৰধনুখনহে ওলাই আহিল। মা কচম, অমলাক নহয়, সেইখিনি সময়ত মোৰ প্ৰাণেশ্বৰকহে সাৱটি ধৰি চুমা এটা খাবলৈ বৰ মন গ’ল।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.