ফটাঢোল

পুতলা নাচত হাস্যৰস – নয়নমণি হালৈ

লোক-সংস্কৃতি এটা জাতিৰ আত্মা। চহকী লোক-সংস্কৃতিয়ে এটা চহকী আৰু স্বাভিমানী জাতিৰ পৰিচয় বিশ্বৰ চকুত তুলি ধৰে। এইক্ষেত্ৰত আমি অসমীয়া জাতি অশেষ ভাগ্যৱান। আমাৰ সুপ্ৰাচীন আৰু বাৰে-ৰহণীয়া লোককৃষ্টি, গীতমাত, বাদ্য আদিয়ে আমাক গৌৰৱ কৰাৰ বাট মুকলি কৰি থৈ গৈছে। অসমী আইৰ বুকুত আজিও জীয়াই থকা তেনে এটা প্ৰাচীন লোককৃষ্টি হৈছে ‘পুতলা নাচ’। ‘পুতলা নাচ’ সমগ্ৰ পৃথিৱীৰ ভিতৰতে প্ৰাচীন লোক পৰিৱেশ্য কলা। কোৱা হয়, সমগ্ৰ পৃথিৱীৰ নাট্য কলা আৰু অভিনয় শিল্পৰ বীজ পুতলা নাচৰ মাজতেই অন্তৰ্নিহিত হৈ আছিল। অসমতো কালিকা পুৰাণৰ সময়ৰ পৰাই পুতলা নাচ প্ৰচলিত বুলি লোক-সংস্কৃতিৰ গৱেষকসকলে কয়। বিশ্বায়নৰ ধামখুমীয়া আৰু গ্ৰাম্য সমাজলৈ দ্ৰুতগতিত নামি অহা পৰিৱৰ্তনৰ চুনামীৰ মাজতো নামনি অসমৰ নলবাৰী, দৰং আৰু গ্ৰাম্য কামৰূপত মাত্ৰ কেইটামান পুতলা নাচ দলে তেওঁলোকৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। আমি পুতলা নাচ দলসমূহে প্ৰদৰ্শন কৰা ‘পালা’ বা নাট্য অভিনয়ৰ হাস্যৰসৰ ওপৰতহে চমু আলোকপাত কৰিবলৈ বিচাৰিছোঁ‌।

পুতলা নাচৰ এটা দলত চাৰিজন বা পাঁচজন সদস্য থাকে। এজন সূত্ৰধাৰ, এজন বায়ন আৰু বাকীকেইজন পালি। পুতলাসমূহ নচুওৱাৰ আঁৰৰ মূল মানুহজন হৈছে সূত্ৰধাৰ। এখন কলা আঁৰকাপোৰৰ পিচফালে আঙুলিত গাঁ‌ঠি লোৱা ক’লা সূতাৰে পুতলাসমূহৰ সঞ্চালন কৰোঁ‌ৱা, প্ৰৱেশ প্ৰস্থান কৰোঁ‌ৱা আৰু এটা আমোদজনক চৰিত্ৰ হিচাপে দৰ্শকৰ লগত একাত্ম প্ৰদান কৰোঁ‌ৱা কামটো আচলতে ইমান সহজ নহয়। কিন্তু সাধনা আৰু একাগ্ৰতাৰে সূত্ৰধাৰে এই কলা আয়ত্ব কৰি লয়। বায়নে নৃত্য, গীত আৰু বাদ্য পৰিচালনা কৰে আৰু পালিসকলে বায়নক সহযোগ কৰে। ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ লোকপৰিৱেশ্য কলাসমূহৰ দৰে পুতলা নাচো এটা গুৰু বন্দনা বা মংগলাচৰণেৰে আৰম্ভ কৰা হয়। সাধাৰণতে পুতলা নাচৰ দলসমূহে ৰামায়ণৰ কাহিনীসমূহকে দৰ্শকৰ বাবে মঞ্চত ৰূপায়ণ কৰি আহিছে। সীতা হৰণ, বালী বধ, ৰামৰ বনবাস, জটায়ু বধ আদি কাহিনী পুতলা নাচ দলসমূহে ৰাইজৰ বাবে নিৰ্বাচন কৰে। বায়নৰ গীত-মাত, পদবোৰত কাহিনী অনুসৰি কৰুণ ৰসৰ প্ৰাধান্য অধিক। অশোক বনত সীতাৰ বিলাপ, বনবাসলৈ যাত্ৰা আদিত বায়নে বৰ কৰুণ ৰসেৰে পদবোৰ গায়। কিন্তু মানুহে একেৰাহে কৰুণ ৰস উপভোগ কৰি আনন্দ নাপাবও পাৰে। গতিকে নাটকৰ নৱৰসৰ অন্যতম হাস্য ৰসেও পুতলা নাচত প্ৰাধান্য পায়।

পুতলা নাচত হাস্য ৰস দিবলৈ সূত্ৰধাৰে অভিনৱ কৌশল প্ৰয়োগ কৰে। এইক্ষেত্ৰত যথেষ্ট বুদ্ধিমত্তাৰে সূত্ৰধাৰে একোটা কাল্পনিক বহুৱা চৰিত্ৰ নাটকৰ মাজলৈ লৈ আহে। বহুৱাৰ কথাত, তাৰ অংগী-ভংগীত দৰ্শকে গিৰ্জনী মাৰি হাঁহে। উদাহৰণ স্বৰূপে সীতাৰ কন্দা-কটাৰ পিছত বহুৱাই মঞ্চলৈ আহে আৰু কয়-
: সীতাৰ বনবাস কিমান চাবা, লংকা কাণ্ডহে বঢ়িয়া হ’ব।

যুদ্ধ চাবলৈ সাধাৰণতে সকলো দৰ্শকেই উদগ্ৰীৱ হৈ থাকে। বহুৱা আহি কথাটো কৈ দিয়াৰ লগে লগে দৰ্শকৰ মনবোৰ যেন মুকলি হৈ পৰে। তেওঁৰ কথা কোৱাৰ ভংগীমাই দৰ্শকৰ মুখলৈ হাঁহি লৈ আহে, সিয়ে কাৰুণ্য পৰিৱেশৰ পৰা দৰ্শকক সামান্য সকাহ দিয়ে। আকৌ ৰাম-ৰাৱণৰ যুদ্ধৰ সময়ত বহুৱা আহি ওলায়। সি সৈন্যসকলক সাহ বঢ়াবলৈ আহে। বায়নে কয়-

: তুমি কি যুদ্ধ কৰিবাহে, তোমাৰ দেখোন দেহৰ অৱস্থাই নাই।

বহুৱাই কয়-

: দেহৰ অৱস্থা নাই তাতে কি হ’ল, বাহুত মোৰ অসীম বল আছে।

কুহিলাৰ পুতলাটোৱে যেতিয়া বাহু দাঙি এইষাৰ কথা কয় তেতিয়া দৰ্শকে হাঁহিত ৰ’ব নোৱাৰে। আকৌ “ভয় নকৰিবা, ভয় নকৰিবা” বুলি কৈ কৈ বহুৱাই সৈনিকৰ মাজত কুঁ‌চিমুচি সোমাই অহা ভংগীয়েও দৰ্শকক বৰকৈ হহুৱায়।

বহুৱা চৰিত্ৰটোৰ উপৰিও কেতিয়াবা দাস-দাসী আদিৰ দৰে চৰিত্ৰৰ মুখতো দুই-এটা হাস্যৰসৰ সংলাপ দিয়া দেখা যায়। যিয়ে কাহিনীৰ ৰসভংগ নকৰাকৈ দৰ্শকক একঘেয়ামীৰ পৰা মুক্ত কৰে। তেনে এটা চৰিত্ৰক এবাৰ ঝাড়ু এডাল হাতত লৈ মঞ্চখন সাৰি থকা দেখা যায়। পুতলাটোৰ মুখত সংলাপ দিয়ে-

: ৰাজাথেৰ কালুৱা হাৰি, দিনে-ৰাতি আমি মৰো চোতাল সাৰি।
বায়নে সোধে-

: কালুৱা কিয় ঝাড়ু মাৰি আছা?

পুতলাই কয়-
: ৰাজা আহিব ৰাণী আহিব, অলপ চাফা কৰি থওঁ‌ ৰহ।

তাৰপিছতে হয়তো দশৰথ ৰজা আৰু কৌশল্যা ৰাণী সোমাই আহিব। কাহিনীয়ে গতি ল’ব কাৰুণ্যলৈ। কিন্তু এই যে ঝাড়ু মৰা পুতলাটো তাৰ কথা কোৱাৰ ভংগীমা, ঝাড়ু দিয়াৰ ভংগীমা আদিয়ে দৰ্শকক হাঁহিৰ গিৰ্জনী এটা দি থৈ যায়।

মহাকাব্যৰ এটা প্ৰধান চৰিত্ৰ নাৰদ। এই চৰিত্ৰটোৱো পুতলা নাচত হাস্যৰসৰ এটা অন্যতম বাহক। ঢেকী এটাত বহি অহা পুতলা নাৰদ মুনিয়েও দৰ্শকক হাঁহিৰ খোৰাক যোগায়। আনহাতে ৰামায়ণৰ এটা অন্যতম চৰিত্ৰ কুঁ‌জীবুঢ়ী মন্থৰা। কুঁ‌জত ভৰ দি অহা বুঢ়ী মন্থৰাক দেখিলেও দৰ্শকে হাঁহি ৰখাব নোৱাৰা হয়। খুব বুদ্ধিদীপ্তভাৱে এই দুটা চৰিত্ৰক পুতলা নাচত হাস্য ৰসৰ বাবে ব্যৱহাৰ কৰা হয়। পুতলা নাচৰ কাহিনী আৰু তাত ব্যৱহৃত গীত-পদবোৰ বৰ মৰ্মস্পৰ্শী, অতি কৰুণ। কিন্তু তাৰমাজতো সূত্ৰধাৰে অতি কৌশলেৰে দুই-এটা চৰিত্ৰৰ মাধ্যমেৰে হাস্যৰসৰ যোগান ধৰে। নিৰ্জীৱ পুতলাক কেৱল হাতৰ কৌশলেৰে বিভিন্ন অংগী ভংগী প্ৰদান কৰি সূত্ৰধাৰে প্ৰাণ সঞ্চাৰ কৰে, সূত্ৰধাৰৰ পৰশত পুতলাই দৰ্শকক হঁ‌হুৱাই, দৰ্শকক কন্দুৱাই আৰু চহা মানুহৰ মনত এক ধৰণৰ আধ্যাত্মিক ভাৱৰ সৃষ্টি কৰে আৰু সেয়াই হৈ উঠে সাধাৰণ প্ৰজাৰ মনোৰঞ্জনৰ মাধ্যম।

মই যোৱাবছৰ এখন আলোচনীৰ বাবে নলবাৰীৰ এটা পুতলা নাচ দলৰ সূত্ৰধাৰগৰাকীৰ লগত কথা পাতিছিলোঁ‌৷ তেখেতৰ কথাই আমাক অতিকৈ ব্যথিত কৰিছিল৷ তেখেতে কৈছিল যে পুতলা নাচ চলোৱা দলটোৰ শিল্পীসকলে হাজিৰা কৰা, ৰিক্সা চলোৱা আদি কাম কৰিবলগা হৈছে, কাৰণ এইটো শিল্পৰে তেওঁলোকে চলিব নোৱাৰে৷ তাৰোপৰি ৰাইজেও আগৰ দৰে এতিয়া আৰু পুতলা নাচ চাব নিবিচাৰে৷ এয়া অতিকৈ দুখৰ বিষয়৷ আমাৰ চহকী কৃষ্টি-সংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব আমাৰ সকলোৰে৷ ৰজাঘৰীয়াৰো বহু পৰিমাণে দায়িত্ব থাকে এনে এটা শিল্প জীয়াই ৰখাৰ ক্ষেত্ৰত৷ কৃষ্টিৰ বৰঘৰত লোকগাঁ‌থা, লোকসংগীত, লোকসংকৃষ্টিসমূহেই আমাৰ চিনাকি, আমাৰ অহংকাৰ৷ কিন্তু আজি পৃথিৱীৰ সমগ্ৰ মনোৰঞ্জন হাতৰ মুঠিলৈ আহি যোৱা সময়ত আমি আমাৰ বোপাককাৰ এই সম্পদবোৰ নজহা-নপমাকৈ কেনেকৈ ধৰি ৰাখিম, সেই কথা চিন্তা কৰাৰ সময় সমাগত৷

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    খুবেই ভাল লাগিল পঢ়ি। পুতলা নাচ চাবলৈ সৰুৰে পৰাই ইচ্ছা আছে যদিও এতিয়ালৈকে ক’তো সেই সুবিধাভাগ পোৱা নাই। আশা ৰাখিছো ভৱিষ্যতে এইবিধ পৰিবেশ্য কলাৰো প্ৰসাৰ ঘটিব।

    Reply

Leave a Reply

Your email address will not be published.