ফটাঢোল

পুৰুষৰ ধৰ্ম : হেমেন নাথ

কলম কাগজ লৈ বহি আছোঁ,
মূৰে কপালে হাত,
এওঁ আহি কয়,
এনেকৈ থাকিলে তোমাৰ মিলিবনে ভাত?

সাত-আঠমাহ ধৰি মোবাইল আৰু কলম কাগজ,
তোমাক এনেকৈ দেখি মোৰহে গৰম হয়গৈ মগজ।
এসাঁজ নাৰান্ধিলা, ঘৰটো চাফা নকৰিলা,
থাকিলা বহি শুই,

এনেকৈ হ’লে নাথাকোঁ ঘৰত,
চব এৰি ওলাই যাম মই।
মই ক’লোঁ- ‘সাদৰী, নকৰিবা খং,
লকদাউনত কৰোঁ মই কি?

লগৰবোৰৰ খবৰ লোৱা,
চবেই এনেকৈ আছে, নিদিওঁ ফাঁকি।
বজাৰ কৰিছোঁ, মাংস আনিছোঁ,
তোমাকো মাতিছোঁ সাদৰী বুলি
আৰুনো কি কৰিম, ল’ব লাগিব নেকি কোলাত তুলি?

এওঁ কয়,
নালাগে, সেই বান্ধৱীবোৰৰ লগতে কৰাগৈ লিলিমাই৷
ভাবিছোঁ এতিয়াহে বিয়া হ’লোঁ মই তোমালৈ কি চাই!
লাইক, কমেণ্ট, লাভ ৰিয়েক্টৰ দুনিয়াত আছা মজি,
সংসাৰৰ তুমি উপযুক্ত নোহোৱা, পালোঁ মই বুজি।
ছোৱালীজনী পাঁচ বছৰীয়া হ’ল, ক-ম এটাও নিশিকালা,

ইমানদিন ধৰি বিছনাত পেট পেলাই সময় কটালা।
লগৰবোৰলৈ চোৱা,
গাড়ী-মাটিৰে হৈছেগৈ নদন-বদন
তোমাৰহে দেখোন সংসাৰলৈ নাই অকনমানো মন!

মই বোলো, চোৱা সংসাৰতাৰিনী,
এইকেইটা মোৰ দৰমহা,
সহজ নেকি এজনৰ আৰ্জনেৰে মস্ত এখন ঘৰ পোহা?

জানাই যদি সংসাৰ কৰিছিলা কিয়?
উঠিল এওঁ জকজকাই;
ভাবিলোঁ, কিমান ভয় কৰিম,
ময়ো প্ৰত্যুত্তৰ দিম এতিয়াই।
সিংহপুৰুষজনাই মেকুৰী খোজেৰে
তেওঁৰ ফালে চোঁচা ল’লোঁ,

কি হ’ল জানো,
চকুৰ আগত গোটেইখন আন্ধাৰ দেখিলোঁ।
অলপপৰ পিছত কঁপালত উঠিল ধুনীয়া এটা টেমুনা,

গধূলি চাহকাপ এওঁ যতনাই দিলে,
লগত দিলে ছানা।
সেয়ে এইবোৰলৈ নোসোমাওঁ আৰু,
এওঁলৈ মোৰ প্ৰণাম,
এওঁ নহ’লে, নিতৌ কঁপালত ক’ৰ পৰানো টেমুনাটো পাম!

সংসাৰৰ এয়াই ধৰ্ম,
সিংহপুৰুষ হৈয়ো আমি দেৱীৰ বাহন,
সমস্ত কাজ এৰি সেয়ে পুৰুষগণ,
দেৱীৰ আদেশত দিয়া মন।।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.