ফটাঢোল

পুৰুষ-কাপুৰুষ – সুনিল দত্ত

“পুৰুষ সদায় পুৰুষৰ দৰে হ’ব লাগে। বিয়া কৰাই আনিছ যেতিয়া পাকঘৰৰ হেঁতা কেঁৰাহীৰ লগত আকৌ কিহৰ মিতিৰালি পাতিছ সৰুবাপু? ৰন্ধা-বঢ়া, ধোৱা-পখলা এইবোৰ ঘৈণীয়েৰৰ কাম। ঘৈণীয়েৰক বেছি লাই নিদিবি।নহ’লে পিছত নিজেই পস্তাবি। কোনদিনা ঘৈণীয়েৰে মেখেলা ধুবলৈ দিয়ে গমেই নাপাবি।”- চাকিবলৈ আগুৱাই দিয়া মাংসৰ বাতিটো হাতত তুলি লৈ হৰেণ খুড়া গৰজি উঠিল। হৰেণ খুড়াৰ কথাৰ ওপৰত কথা কৈ লাভ নাই বুলি জানিও লাহেকৈ মাত দিলোঁ – “নহয় মানে খুড়া, এওঁৰ মূৰটো বিষাইছে হেনো। সেইকাৰণে গধূলিৰ পৰা শুই আছে। মইতো ঘৰত নাথাকোৱেই, এওঁৱেই ৰন্ধা বঢ়া সকলো কৰে। আজি ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ, সেইবাবে নিজেই ৰান্ধিবলৈ আহিলোঁ। এওঁ ৰান্ধিম বুলি কৈছিল, মইহে নিজেই জোৰকৈ ৰান্ধিবলৈ আহিছোঁ।মাংসখিনি কেনেকুৱা হৈছে খুড়া?” কাঠখৰিৰ জুইত ভকভকাই উতলি থকা পঠাৰ মাংসৰ আঞ্জাতকৈও বেছিকৈ খুড়া উতলি উঠিল – “থৈ দে অ’ তোৰ মাংস।ঘৈণীয়েৰক কিহৰ ইমান লেৰেলা চেনেহ দেখুৱাৱ? তাতকৈ চিধাকৈ কৈ নিদিয় কেলেই যে তই ঘৈণীয়েৰৰ ভয়ত কঁপি থাক? তোৰ দৰে তিৰোতাসেৰুৱা হৈ জীয়াই থকাতকৈ নথকাই ভাল। মোক নাচাৱ কেলেই? খুৰীয়েৰাই মোক পানী এগিলাচো বাকি খাবলৈ নিদিয়ে। পাৰিলে ভাত খোৱাৰ পিছত মুখখনো মচি দিব খোজে। মইহে নিদিওঁ।পুৰুষ হ’ব খুজিলে মোৰ দৰে হ’বি।”
কি কুক্ষণত বাহিৰত হৰেণ খুড়াৰ মাতটো শুনি পাকঘৰলৈ মাতি আনিছিলো বুলি ভাবি নিজৰ ওপৰতে খং উঠিল।প্ৰায় বিশদিনৰ মূৰত ঘৰলৈ আহিছিলোঁ। নিজৰাৰ মাইগ্ৰেনৰ সমস্যাটোৱে আজি আকৌ উক দিছিল বাবে আবেলিৰ পৰা তেওঁ শুই আছে। মই অহা গম পাই হৰেণ খুড়াই খবৰ ল’বলৈ আহিছিল। খুড়াৰ মাংসৰ প্ৰতি থকা লোভ সৰ্বজনবিদিত। সেইবাবে খুড়াক চিধাই পাকঘৰলৈকে মাতি আনিছিলোঁ। তাৰ পিছৰ পৰাই খুড়াই মোক পাকঘৰত পাঠদান কৰি আছে। মাংসৰ কেঁৰাহীটো খুড়াৰ মূৰলৈ দলিয়াবলৈ বুলি মনলৈ অহা উদগ্ৰীৱ বাসনাটো কিবাকৈ দমন কৰি ৰাখিলোঁ। কেঁৰাহীৰ পৰা নিজেই আকৌ এবাতি মাংস লৈ টকালি পাৰি পাৰি খাই খুড়া ঘৰমুৱা হ’ল।খুড়াৰ তৰ্জন গৰ্জনবোৰ নিজৰায়ো শুনিলে চাগে’! মূৰৰ বিষটো বেছি হোৱা বুলি কৈ ভাত পানী নোখোৱাকৈ কাণে মূৰে লেপখন উৰি তেওঁ শুই থাকিল। আপ্ৰাণ চেষ্টা কৰিও নিজৰাক বিচনাৰ পৰা উঠাব নোৱাৰিলোঁ। অলপ সময় তভক মাৰি ৰৈ থাকি ভাত আঞ্জা পাকঘৰতেই এৰি ময়ো বিচনাত উঠিলোঁ।
পিছদিনা আবেলি ওচৰৰ গৌতমৰ দোকানলৈ ওলাই গ’লোঁ। দূৰৰ পৰাই দেখিলোঁ যে গৌতমৰ দোকানৰ আড্ডাটো জমি উঠিছে। হৰেণ খুড়া আড্ডাৰ মধ্যমণি। মই ওচৰ পোৱাৰ লগে লগে খুড়া মনে মনে ৰ’ল।আটাইকেইজনে মোলৈ চাই ফিচিঙা ফিচিঙ কৰা যেন লাগিল। অলপ পিছতেই গম পালোঁ যে মই আশংকা কৰাটোৱেই হয়। নবীনে হাঁহি এটা মাৰি মোক সুধিলেই – “কি অ’ নয়ন, ইমান দিনৰ মূৰত ঘৰলৈ আহি ঘৈণীয়েৰাক তইহে ভাত ৰান্ধি খুৱাব লাগেনে? “মই অলপ হাঁহি কথাটো উৰুৱাই দিলোঁ যদিও মনে মনে ক্ষুণ্ণ হ’লোঁ। গৌতমে আগুৱাই দিয়া পাণটো মুখত ভৰাই ঘৰমুৱা হ’লোঁ।
দুদিন পিছত নিজৰাই মোক হৰেণ খুড়াৰ ঘৰৰ পৰা মুৰ্গীৰ কণী কেইটামান আনি দিবলৈ ক’লে। আমাৰ  বাৰীৰ পিছফালৰ বাৰীখনেই খুড়াৰ। খৰালি বাৰীৰেই বাট পোনাব পাৰি। ৰাস্তাৰে গ’লে এপাক ঘূৰিব লাগে। মই বাৰীৰেই বাট পোনালোঁ। খুড়াৰ ঘৰৰ পাকঘৰটোৰ পিছফালেই দমকলটো। দমকলৰ পাৰতেই বাচন, কাপোৰ ধোৱা পৰ্ব চলি থাকে। দমকলটোৰ পৰা দহহাতমান দূৰত প্ৰকাণ্ড ঔ গছজোপা। ঔ গছজোপাৰ ওচৰ পোৱাৰ লগে লগে মই ৰৈ গ’লোঁ। ৰৈ গ’লোঁ মানে ৰৈ যাবলৈ বাধ্য হ’লোঁ।সন্মুখত বাল্টি এটাত পানী এবাল্টি লৈ খুড়াই কলৰ পাৰত বাচন ধুই আছে। পাকঘৰৰ ভিতৰৰ পৰা দুয়োখন হাতেৰে কাপোৰ এবোজা লৈ খুড়ী ওলাই আহিল। খুড়াৰ কাষত কাপোৰৰ বোজাটো থেকেচা মাৰি থৈ খুড়ীয়ে চিৰপৰিচিত গেৰগেৰীয়া মাতটোৰে ক’লে – “কাপোৰখিনি ভালকৈ ধুই পথাৰৰ ডাঁৰডালতেই মেলি দি আহিব, তেতিয়াহে সোনকালে শুকাব। মই নিৰ্মালীহঁতৰ জোৰণলৈ যাওঁ, আহোঁতে দেৰি হ’ব পাৰে। মই অহালৈ ওঁঠ মুখ চেলেকি ৰৈ থাকিব নালাগে। ভাতখিনি আপুনিয়েই বহাই দিব। “হাতত সাৰে ভৰিত সাৰে মই পিছলৈ বাট বুলিলোঁ। ঘৰলৈ গৈ হৰেণ খুড়াৰ মুৰ্গীয়ে কণী পৰা নাই বুলি নিজৰাক ক’ব লাগিব। হৰেণ খুড়া পুৰুষ হৈ থাকিব নোৱাৰিলে মোৰো বেয়া লাগিব।
☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.