ফটাঢোল

পূজাৰ বোনাছ – সোণটো ৰনজন বৰুৱা

“হে’ৰা, আজি ১২তাৰিখ হ’লহি, বোনাছৰ টকা দিবানে? “

পুৱাই মাতাৰ হুঁ‌টা মাত শুনি বাবাৰ নিচা ফাটো ফাটো হ’ল৷ কাষতে ভাং কুটি থকা নন্দী কোন তলকত নাইকিয়া হ’ল এজনেও ধৰিব নোৱাৰিলে৷ নিচাত তললৈ দোঁ‌ খোৱা মূৰটো যেনেতেনে ওপৰলৈ তুলি বাবাই প্ৰশ্ন কৰিলে,

…“ বোনাছ? হুৱাট ইজ ইট? কাক দিব লাগে? কিয় দিব লাগে? “

দাঁত মুখ কৰচি মাতাই ভোৰভোৰালে……

“দিনে নিশাই এইগাল টানি টানি সংসাৰ পাহৰি গ’ল, কাক, কি, কেতিয়া দিব লাগে মনত চব মই ৰাখিব লাগিব নেকি? এই যে তোমাৰ কৈলাসত ইমানগাল লগুৱা লিকছৌ আছে পাহৰিলা! সিহঁতক পূজা বুলি উপৰিঞ্চি একো এটা নিদিলে হ’বনে? “

মাতাৰ বকবকনিত অলপ প্ৰকৃতিস্থ হৈ বেঁ‌কা হাঁহি এটা মাৰি বাবাই ফিচকৈ মাত লগালে…

“ হি হি হি… সিহঁতে বিচাৰিলেই হ’বনে? অসমলৈ চোৱা, তাতো কৰ্মচাৰীবোৰে বিচাৰে, পাই জানো? “

শুনি মাতাই জকজকাই উঠিল…

“চিকুটি চোৱা তুমি নিজকে৷ দেৱতা হয় তুমি, দেৱতা! মানুহ নহয় যে কামত লগাই সময়ত দৰমহা নিদিবা৷ ইয়াত থকা সকলোৱে আমাক মাক দেউতাক জ্ঞান কৰি আছেহি বুজিছা৷ নিজৰ কেইটাক সংস্থাপন দি গজগজীয়া কৰি ইহঁতক যদি উৎসৱে পাৰ্বনে বোনাছো নিদিয়া জগতে হাঁহিব৷ “

“হেই এইজনী! মনে মনে থাকা হে, ৰ’বা মই কুবেৰৰ লগত কথা পাতি চাওঁ‌৷ ঘৰত দুটাকৈ উপাৰ্জনকৰ্তা থকাৰ পাছতো মোৰ ওচৰলৈ আহিবলৈ তোমাৰ আচলতে বেয়া হে লাগিব লাগিছিল৷ সেইবোৰ পুতেৰ তুলিছিলা হা৷ ইফালে পেঞ্চনটোও নাই সোমোৱা৷ দুবছৰে ৰিভাইছো হোৱা নাই৷ যোৱা, যোৱা এইবোৰ ভাবি থাকিলে কিবা তাণ্ডৱ নৃত্য কৰি দিবলৈ মন যায়৷ “ বাবাৰ কথা শুনি মাতাই জ্বলিপকি চিঞৰি উঠিল,

“ হুহ! চব মোৰ মূৰৰ ওপৰত এৰি দি ব’ম ভোলা হৈ থাকা৷ মৰ আই তই মৰ, চবৰে মাতা হ’বলৈ যাৱতো, পা এতিয়া মজা “৷

এই বুলি ভোৰভোৰাই মাতা বাহিৰলৈ ওলাই যাবলৈ হে পালে, বাবাই নন্দীক মাতি বোলে…

“ঐ নন্দী এইফালে আহ৷ মোবাইলত চাচোন, মোৰ পেঞ্চন সোমালে নেকি! কিবা ব’নাচ ওনাছ লাগিছে যদি মাৰক নক’বি; সেইখিনিৰে ভাল চাই মণিপুৰী মাল অলপ মনে মনে কিনি আনি ৰাখিবি৷ “

এইবাৰ খঙৰ ভমকত মাতা একেকোবে গনেশৰ ঘৰ ওলালগৈ৷ এশ বিশখন মান পূৰি, এচৰিয়া পায়স, এক গামলা লাড্ডু লৈ গনেশ পুৱাৰ জলপানত বহিছিলহে, মাকক দেখি আচৰিত হৈ গ’ল৷ পূৰি নিগিলাকৈয়ে মাকক সুধিলে,

“কি হ’ল মা? এই পুৱা পুৱাই যে? “

ইফালে শাহু বুঢ়ীৰ মাত শুনি দুই বোৱাৰীয়েকে ধৰমৰকৈ বিছনাপাটী এৰি মাক পুতেকৰ কথা শুনিবলৈ দুৱাৰত কাণ পাতিলেহি৷ অলপ সময় চুপচাপ থাকি থেৰুগেৰুকৈ মাতাই মাত লগালে,

“বাপু পূজা পালেহিয়েই, ইহঁতক পূজা বুলি বোনাছ দুটকা মানকৈ দিব লাগে৷ বাপেৰকটো জানই দিনে নিশাই এইগাল খাই দিনক দিনে সংসাৰলৈ পিঠি দিছে৷ এতিয়াতো তঁ‌হতিও ভালদৰেই খুটি খাব পৰা হ’লি৷ হেৰি নহয়, তই অলপ টকা দিব পাৰিবি নেকি? “

মাকৰ কথা শুনি গনেশে এনে চৰচৰণি খালে যে ততাতৈয়াকৈ পানী এগিলাচ খাই হে ৰক্ষা পালে৷ মাকে বোলে, “তইটো দুদিনমান আগতে দান দক্ষিণা তুলি আহিছগৈহে৷ দেউতাৰে এইগাল খাই খাই হাড়ে ছালে লাগিলগৈ, কাহি কাহি জান যাওঁ যাওঁ কৰে তথাপিও জ্ঞান নহ’ল আৰু যিমান টকা পেঞ্চন পাই এখিনি ভাঙত সেইসোপাৰ লগত উৰাব আৰু বাকী থকা খিনি চিকিৎসাৰ নামত “৷

চৰচৰণি খাই চকুপানীৰে চলচলীয়া হোৱা চকুৰে গনেশে কৈ উঠিল, “ যাওঁ‌তেতো গ’লো৷ মা, বজাৰ একেবাৰে বেয়া৷ ডিমনিটাইজেচন আৰু GSTয়ে মানুহক কোঙা কৰি পেলাইছে৷ একদম কম অৰিহণা দিছে এইবাৰ৷ কিমান পালোঁ, হিচাপ কৰা নাই যদিও বছৰটো চলিবলৈ টনাটনি হ’ব সেইটো খাটাং৷ “

এনেতে গনেশৰ ম’বাইলত মেচেজ এটা টংকৈ বাজিল “সকলো সময়তে মায়েৰাই যে তোমাক হে টকা বিচাৰে, ককায়েৰ কাৰ্তিকক নেদেখে নেকি? আমাৰো সংসাৰ আছে, নোৱাৰিম বুলি কোৱা“৷

ভিতৰৰ পৰা ডাঙৰ ঘৈণীয়েকে দিয়া মেছেজটো পঢ়ি গনেশে বোলে,

“ মা, এতিয়াই ক’ব নোৱাৰিম ৰ’বা৷ প্ৰথমে অৰিহণাখিনি হিচাপ নিকাচ কৰি লওঁ‌, তাৰ পাছতহে ক’ম৷ আৰু দিলেও নো কিমান দিব পাৰিম! “

গনেশৰ কথা শুনি মাকে বুজি পালে যে পুতেকে লাহে লাহে পত্নীব্ৰতালৈ গতি কৰিলে৷ মুখৰ ভিতৰতে বোলে,

“ ল’ৰা হ’ল এইয়া আৰু বাপেকৰতো কথাই ক’ব নালাগে, হায় মোৰ পোৰা কঁ‌পাল“৷

গনেশক “হ’ব দে পাৰিলে চাবি অলপ“ বুলি কৈ লাহে লাহে পদূলিমূৰ পাই আকৌ ভাবিলে “কাৰ্তিকৰ ওচৰলৈ যাওঁ‌নে নাযাওঁ‌, এহ যা নাযাওঁ‌, সিও একেইহে মেক-আপ আৰু জিমৰ নামত যি সোপাহে খৰচ কৰে“৷ এইষাৰ কথা মনলৈ আহি মাতাই কৈলাসৰ দিশে বাট পোনালে৷ মনতে ভাবি গ’ল,

“এইবাৰৰ পৰা মোৰ অৰিহণাৰ ভাগ ল’বলৈ আহিবি বাছাহঁ‌ত, চাই ল’বি বুঢ়ীমাৰে কি কৰোঁ‌ “৷

★★★★

One comment

  • বিকাশ

    মজা। আগতেই পঢ়িলো । আজিহে কমেন্ট মাৰিছো।

    Reply

Leave a Reply

Your email address will not be published.