ফটাঢোল

পেটকুলি – ধুৰ্জ্যতি কাকতি

এখন গাঁৱত বুঢ়া এটা আছিল ৷বুঢ়া আছিল মস্ত কুৰ্চুটিয়া আৰু পেটকুলি ৷ সদায় পৰৰ দুখত সুখী৷ ভাই ভাইৰ মাজত কাজিয়া লগোৱা, পতি পত্নীৰ মাজত কাজিয়া লগোৱা, সকলো সামাজিক কামত বাধা দিয়া,উন্নতিৰ কামত বাধা দিয়া, সৰু সুৰা কথাতে মানুহৰ ওপৰত কেচ দিয়া, বুঢ়াৰ সেইয়াই কাম ৷ তাতেই বুঢ়াৰ ফুৰ্ত্তি ৷ উপায় নেপাই গাঁৱৰ মানুহে বুঢ়াক একঘৰীয়া কৰিলে ৷লাহে লাহে বুঢ়াৰ বেমাৰ হ’ল ৷ কোনেও খবৰ নকৰিলে ৷ বুঢ়াই গম পালে এনেকে হলে নহ’ব ৷ মৰি পৰি থাকিব কোনেও গম নাপাব।গতিকে এদিন সেহায় সেহায় গাঁৱৰ মানুহবোৰৰ ওচৰত গৈ কলে “মই জীবনত বহুত পাপ কৰিলো ৷সদায় বেলেগৰ বেয়াই ভাবিলো ৷ মই জীবিত অবস্থাত কাৰো একো ভাল কামত নাহিলো ৷ মোৰ মৃত্যুৰ পাচত যেন মোৰ মৃতদেহ অন্ততঃ কামত আহে ৷গতিকে মোৰ মৃতদেহটো গাঁৱৰ চকৰ বটগছ জোপাত ওলমাই থ’ব লাগে৷কাৰো কামত নাহিলেও কাউৰী শগুনৰ যেন কামত আহে৷” বুঢ়া কেইদিনমান পাচত মৰিল৷ গাঁৱৰ মানুহে ভাবিলে যি নহওক বুঢ়াৰ অন্তিম ঈচ্ছাতো পূৰ্ণ কৰা যাওক ৷ সেইবাবে বুঢ়াৰ মৃতদেহটো গাঁওৰ বট গছত শগুনে খাব ওলোমাই থলে৷ পাছদিনা পুলিচ আহিল আৰু বুঢ়াৰ হত্যাৰ অভিযোগত গাঁৱৰ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰি লৈ গ’ল ৷

জ্ঞান: কুৰ্চুটিয়া আৰু পেটকুলি লোকক কেতিয়াও বিশ্বাস কৰিব নেলাগে৷ মৰিলেও বেলেগৰ ভাল নকৰে ৷■■

Leave a Reply

Your email address will not be published.