ফটাঢোল

পেট আৰু পাপী-দেৱজিত শইকীয়া

সঁচাকৈয়ে এই পাপী পেটটোৰ বাবে মানুহে কি কি কৰিব লগা নহয়৷ পেটৰ দৰে প্ৰেমৰ বাবেও বহুত কিবা কিবি ভুগিবলগীয়া হয়৷ পিছে আজি মই বেলেগ এটা পেট আৰু পাপীৰ কথাহে লিখিবলৈ ওলাইছোঁ৷ ৰ’ব অলপ আগৰপৰা আৰম্ভ কৰোঁ৷ মোৰ কলেজীয়া দিনৰ বান্ধৱী এগৰাকী মোৰ খুব পচন্দ হৈছিল৷ দুচকুৰ মিলনো হৈছিল, পিছে চাৰি চকুৰ সেই মিলন চকু পাৰি দেখিব পৰা নাছিল তাইৰ পোহনীয়া কুকুৰটোৱে৷

টমিক ফুৰাবলৈ নিয়াৰ সময়কণত ময়ো ঘৰত টিউচন আছে বুলি জিয়া ফাঁকি এটা দি পাতি চাইকেল মাৰি সেইখিনি ওলাওঁগৈ৷ টমিক ফুৰাবলৈ মানে প্ৰকৃততে টমিক প্ৰাতঃকৰ্ম কৰাবলৈ আৰু আবেলিও দ্বিতীয়বাৰ টমিয়ে সেই পুৱা কৰা কামফেৰাকে পুনৰ কৰাবলৈ মোৰ প্ৰেয়সী ৰচিডালত ধৰি ধৰি নিয়ে৷ কেতিয়াবা জংঘলৰ ফালে টমিয়ে টানে কেতিয়াবা ৰাষ্টাৰ ফালে মোৰ প্ৰেয়সীয়ে টানে৷ সেই টনা টনিখনকে দূৰৈৰপৰা চাই কেনেকৈ সময়খিনি পাৰ হয় গমকে নাপাওঁ৷ ওচৰলৈ গৈ মনৰ কথা পাতিবলৈও নোৱাৰোঁ কাৰণ মোক দেখিলেই টমিৰ গাত কি ভূত লম্ভে নাজানো, যি দৰে ভুকা আৰম্ভ কৰে যেন গাত বিৰাহে লম্ভিছে৷ দাঁত মুখ কৰচি ভুকি ভুকি কামফেৰা কৰিবলৈকো এৰে৷ ফলত এদিন প্ৰেয়সীয়ে বোলে তুমি এইটো সময়ত নাহিবা বা আহিলেও দূৰৈত থাকিবা নহ’লে তোমাক দেখিলে টমিয়ে পটি নকৰে৷

মই এইটো কথা আজিও বুজি নাপালোঁ যে মোৰ লগত টমিৰ পটিৰ কি সম্বন্ধ৷ ফলত দূৰৈৰপৰাই মোৰ প্ৰেয়সীয়ে টমিক পটি কৰোৱা চাই উভতি আহোঁ৷ এনেদৰে দুদিনমান যোৱাৰ পিছত এদিন অধৈৰ্য হৈ মই বোলো কুকুৰৰ পোৱালীটোক হগুৱা চাবলৈ আৰু কাইলৈৰপৰা মই নাহোঁ৷ ক’বলৈহে পালো সেইদিনা টমিতকৈও মোৰ প্ৰেয়সীৰ ভুকভুকনিহে বেচি হ’ল৷ “হাও ডেয়াৰ ইউ” বুলি আৰম্ভ কৰি কুকুৰক কুকুৰ বুলি আৰু প্ৰাতঃকৰ্মক খাটি অসমীয়াত হগুৱা বুলি কোৱা বাবেই যি গালি দিলে মাতৃভাষাৰ শপত জীৱনত কনভেণ্টৰ ছোৱালীৰ প্ৰেমত নপৰোঁ বুলি শপত খালোঁ৷ ময়ো সেই সময়ত যোৱা বাদ দিলোঁ আৰু টমিৰো হয়তো মোক দেখিলে হোৱা কৌষ্ঠকাঠিন্যও নোহোৱা হ’ল৷

যি কি নহওক পটিৰ বাবে প্ৰেম বিফল হোৱাৰ কিছুদিন পিছত পুনৰ কলেজৰে এগৰাকী ভাল লাগিবলৈ ধৰিলে৷ হ’লে কি হ’ব! কয় নহয় বোলে য’তে ৰাতি হয় তাতে বাঘৰ ভয়৷ মোৰ ক্ষেত্ৰত য’তে প্ৰেম হয় তাতে কুকুৰৰ আবিৰ্ভাৱ হয়৷ অভিজ্ঞতাৰপৰা একো শিক্ষা নোপোৱা মোৰ প্ৰেমৰ চেকেণ্ড চিজনো কুকুৰৰ বাবেই ফ্লপ মাৰিলে৷ চিনাকী হোৱা দুদিন পিছতে নটচ দিয়াৰ বাহানাৰে প্ৰেয়সীৰ ঘৰ গৈ ওলালোঁ৷ দুৱাৰৰ কলিং বেল বজাইছোঁহে ভিতৰৰপৰা তৰ্জন গৰ্জন কৰি ভৌ ভৌ চিঞৰ৷ ভিতৰৰপৰা হাতত শিকলীৰ এটা মূৰ ধৰি হ’ব লগা শাহু মানে মোৰ প্ৰেয়সীৰ মাক ওলাই আহিল৷ মোৰ কঁকাললৈকে পৰাবিধে আহিয়েই মোক ভৰিৰপৰা বুকুলৈকে শুঙিবলৈ আৰম্ভ কৰিলে৷ ভয়ত ভাগ্যে মোৰ হ’ব লগা শাহুৰ আগত পেনে চেনে নোলাল৷

“ন’ বিকি বেটা ন’, জুলিবাৰ ফ্ৰেণ্ড হয়, দাদাক হেল্লো কোৱা…..” মই এবাৰ হ’বলগীয়া শাহুৰ মুখলৈ আৰু এবাৰ বিকিৰ চকুলৈ চালোঁ৷ বিকিৰ চকুত দেখা পালোঁ ‘ৰ’ বেটা মোৰ ককায়েৰ হ’বলৈ আহিছ’ আৰু মোৰ মনত ‘যদি এই শিকলীৰে বান্ধি থোৱাটোৰ মই ককায়েক হওঁ মই প্ৰকৃততে কোন?’ মই বোলো খুড়ী কুকুৰটো ভাল লাগিছে৷ খুড়ীয়ে কুকুৰ শব্দটো শুনিয়েই ডাং খাই উঠিল৷ এইটো পাপী হয়৷ মই মনতে বোলো পাপী হয়েই নহ’লে মোৰ আগৰজনীৰ লগতে প্ৰেম চলি থাকিল হয়৷ এনেতে মোৰ প্ৰেয়সী ওলাই আহি বোলে তোমাৰ পেট নাই নেকি? অসমীয়া মাধ্যমৰ শেষৰ বেঞ্চত বহি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ “ভোকেন্দ্ৰ বৰুৱা” পাঠ পঢ়া মই বোলো মোৰো পেট আছে৷ তাই বোলে তেনেহ’লে পাপীটোক কুকুৰ বুলি কিয় কৈছা? সিহঁতোতো জীৱ হয় নিজৰ নাম থাকে৷ মই পেট আৰু পাপী কথাখিনি মনতে জুকিয়াই বোলো ব্ৰেকআপৰ শপত, মানুহকো আজিৰপৰা মই লাগিলে মানুহ বুলি গণ্য নকৰিম কিন্তু কুকুৰৰ পোৱালীক পাপী পেটচ নিশ্চয় ক’ম৷

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published.