ফটাঢোল

পেণ্ডেল-যোগেশ ভট্টাচাৰ্য

গজৰাম হাতীকাকতি নামৰ এটা হাতী আৰু পৰুৱাধৰ বৰুৱা নামৰ এটা পৰুৱা নলেগলে লগা বন্ধু আছিল। ইমান ভাল বন্ধু যে একেখন কাঁহীতে ভাত খায়। হাতী য’লৈকে যায় পৰুৱাও তালৈকে যায়। হাতীয়ে পেট কমাবলৈ জীমলৈ যায়। পৰুৱা শ্লিম যদিও হাতীৰ লগত জীমলৈ যায়। সি হাতীক ডাম্বেল ধৰি দিয়ে, হাতীয়ে চিলিং মাৰিলে সি কঁঁকালত ধৰি ডাঙি দিয়ে। এনেদৰেই দুয়ো একেলগে সুখে সন্তোষে জীৱনৰ আধাতকৈ বেছি সময় পাৰ কৰিলে।

হাতীৰ পুতেকৰ বিয়াত পৰুৱা বৰুৱাই নিজৰ ফেমিলিৰ গোটেই পৰুৱাবোৰৰ সহায়ত খাদ্যবস্তুৰ যোগাৰ কৰি দিয়াৰ লগতে কেটেৰিঙৰ লেঠাও নিজেই চম্ভালি লৈছিল। সেইবাবে হাতীয়েও পৰুৱাৰ জীয়েকৰ বিয়াত সহায় কৰিম বুলি প্ৰতিজ্ঞা কৰি থৈছিল।

পৰুৱাৰ জীয়েকৰ প্ৰেম চলিছিল নিংনিকান্ত নামৰ নিগনিটোৰ একমাত্ৰ‌ পুতেকৰ লগত। খামুচীয়া কঁকালৰ পৰুৱাৰ জীয়েকক দেখিয়েই নিগনিৰ পুতেকে বিয়া পাতিবলৈ ঠিৰাং কৰি পেলাইছিল। জাত পাত নিমিলিলেও নিগনিৰ ঘৰৰ মানুহে কৰ্মী ছোৱালী পৰুৱাৰ জীয়েকক বোৱাৰী কৰি লোৱাত আপত্তি কৰা নাছিল। যথাসময়ত বিয়াৰ তাৰিখ লোৱা হ’ল। নিংনিৰামে যৌতুকত বিশেষ একো ডিমাণ্ড কৰা নাছিল যদিও বিয়াৰ ৰাতি কইনাঘৰৰ ফালৰ আয়োজন আৰু দৰাঘৰক কৰা আপ্যায়ন জাকজমকীয়া হোৱাটো বিচাৰিছিল।

বিয়াৰ খৰচ বুলি খোৱা খাদ্য যিমান লাগে সেইবোৰ পৰুৱাই বহু আগৰপৰাই এটা দুটাকৈ যোগাৰ কৰি উভৈনদী কৰি ৰাখিছিল। কিন্তু পৰুৱা সমস্যাত পৰিল পেণ্ডেলক লৈ। দৰাঘৰে বিচৰা জাকজমকীয়া পেণ্ডেল সাজিবলৈ ইমান পইচা নাছিল তাৰ। তেতিয়া বন্ধু হাতীয়ে নিজৰ পুতেকৰ বিয়াত পৰুৱাই কৰা সহায়ৰ কথা মনত পেলাই পেণ্ডেলৰ সমস্ত দায়িত্ব নিজে গাত পাতি ল’লে।

বিয়াৰ ৰাতি নিগনিপাৰ্টি আহি পেণ্ডেল দেখি অবাক্টেড। প্ৰকাণ্ড পেণ্ডেল দেখি নিগনি দৰাৰ পেহীয়েক, মাহীয়েকহঁতৰ জ্বলন পোৰণ হ’ল। সিহঁতে আলোচনা কৰিলে যে ইমান ধনী ঘৰত কইনা কেনেকৈ পালে এই ফপৰা নিংনিকান্তৰ পুতেকে। এনেকুৱা বিয়াৰ পেণ্ডেলৰ খৰচেৰে সিহঁতৰ দৰে দহটা নিগনি ফেমিলিৰ বাবে এটা দহমহলীয়া বিল্ডিং সাজিব পাৰিলেহেঁতেন বুলি সিহঁতে মনতে হিচাপ কৰি ইচাটি বিচাটি কৰিলে।

দহ মহলা এটাৰ সমান ওখ পেণ্ডেলটোৰ চাৰিওফালে চাৰিটা প্ৰকাণ্ড খুটাত ফ্লাৱাৰ ডেকোৰেচন কৰা হৈছিল। পেণ্ডেলৰ তলত বিয়াৰ মেইন মণ্ডপ আৰু দৰাঘৰীয়া মানুহ বহা, মানে দৰাঘৰীয়া নিগনি বহাৰ ব্যৱস্থা কৰা হৈছিল। চিলিংখন ৰং বিৰঙৰ কাপোৰেদি সজোৱা হৈছিল। ছাঁদৰ ওপৰত খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছিল। মেইন গেটৰ সন্মুখতে এডাল দীঘল খটখটি আছিল যিটোৰে উঠি গৈ বিল্ডিংটোৰ ছাঁদত উঠিব পাৰি। তাতে পৰুৱাৰ পাৰ্টিৰ মানুহে ফুচকা, জিলাপী, কফি, পাণ আৰু বুফেৰ মেইন আইটেমবোৰ লৈ বহি আছিল। সকলো বঢ়িয়াকৈ চলি আছিল। কিন্তু অঘটন ঘটিল তেতিয়াহে যেতিয়া নিগনি দৰাৰ মামাকে মদ খাই টং হৈ ভাতখোৱা পাত হাতত লৈ চিৰিয়েদি নামি আহিল আৰু চিৰিৰ একেবাৰে তলৰ মূৰটোত থকা দুটা ফুটাৰ এটাক ডাষ্টবিন ভাবি ভাত খোৱা থাৰ্মকলৰ প্লেটখন ভৰাই দিলে।‌

মুহূৰ্ততে পেণ্ডেলটো কঁপিবলৈ ধৰিলে। প্ৰথমে সকলোৱে ভূমিকম্প অহা বুলি ভাবিছিল। কিন্তু লাহে লাহে পেণ্ডেলটো হালি জালি ওখ হ’বলৈ ধৰিলে। দহমহলীয়া পেণ্ডেলটো বিশমহলীয়াৰ সমান ওখ হ’ল। ছাঁদত উঠা চিৰিটো মাটিৰপৰা ওপৰলৈ কোঁচ খাই উঠি গ’ল আৰু চিৰিৰ তলৰ ফুটাদুটাৰে জোৰেৰে বতাহ ওলাবলৈ ধৰিলে। সেই বতাহত পেণ্ডেলৰ গেটৰ সন্মুখত চাধা মাৰি থকা চাৰিটামান দৰাঘৰীয়া নিগনি চিটিকি গ’ল। নিগনিবোৰৰ মাজত হুৱাদুৱা লাগিল। পৰুৱাধৰ বৰুৱাই হাতযোৰ কৰি নিগনিসকলক ভয় খাবলৈ মানা কৰি ক’লে যে এইটো ফল্ডিং বিল্ডিং হয়৷ চুইচ টিপি ডাঙৰ সৰু কৰিব পাৰি। কোনোবাই ভুলতে কিবা চুইচ টিপাৰ কাৰণে হয়তো নিজে নিজে ডাঙৰ হৈ গৈছে। চোতাল সাৰিবলৈ চিৰিৰ তলত লগোৱা ভেকুৱাম ক্লীনাৰৰ চুইচটোত কাৰোবাৰ হাত লাগি তেনেদৰে বতাহ ওলাই গৈছে।

কইনাৰ বাপেকৰ কথা শুনি নিগনিবোৰৰ ভয় পাতলিল যদিও আগতকৈও বেছিকৈ আচৰিত হ’ল। বিল্ডিঙৰ ফল্ডিং চিষ্টেম সিহঁতে দেখা দূৰৈৰ কথা, শুনাও নাছিল। ভেকুৱাম ক্লিনাৰেদি চোতাল চাফা কৰা চিষ্টেমো থাকিব পাৰে বুলি সিহঁতৰ মগজুৱে কল্পনাও কৰা নাছিল। নিংনিকান্তৰ পুতেকে ইমান ধনী মানুহৰ একমাত্ৰ জোঁৱাই হ’ব বুলি ইষ্ট-কুটুম্বৰ মাজত হা-হুমুনিয়াহৰ আদান-প্ৰদান চলিল।

যথাসময়ত সুকলমে বিবাহ সম্পন্ন হোৱাত কইনাক বিদায় দি পৰুৱাধৰ বৰুৱাই নেদেখাজনক ধন্যবাদ জনালে। দৰাঘৰীয়া গুচি যোৱাৰ পিছত পেণ্ডেল খালী হোৱাত পুৱতি নিশা দুই বন্ধু পৰুৱাধৰ বৰুৱা আৰু গজৰাম হাতীকাকতিয়ে এঠাইত বহি লৈ চিগাৰেট দুটা জ্বলাই ল’লে। পৰুৱাই ক’লে,

: হাতীভাই, বহুত কষ্ট কৰিলি আজি। তই নহ’লে মোৰ ইজ্জত নাবাছিলহেঁতেন।

হাতীয়ে ক’লে,

: ধেই, একো কষ্ট হোৱা নাই বে দৌষ্ট। মই শুঁৰডাল পেলাই আঠুকাঢ়ি দিনটো শুইয়েই আছিলোঁ। ৰাতি কোনোবা নিগনিৰ বাচ্চাই মোৰ শুঁৰডালৰ ফুটাত প্লাষ্টিকৰ খোৱা প্লেট সুমুৱাই দিয়াত চক খাই সাৰ পাই ঠিয় হৈ হাচ্চি মাৰি দিছিলোঁ। সন্মুখত থকা চাৰিটামান নিগনি চিটিকিও গৈছিল। বেয়া নাপাবি আৰু ভাই। তই মোৰ ল’ৰাৰ বিয়াত খোৱাবস্তু সমস্ত দায়িত্ব লৈ দিছিলি। মই পেণ্ডেল এটা হৈ দিব নোৱাৰোঁ নে?

☆ ★ ☆ ★ ☆

13 Comments

  • HEMANTA KAKATI

    হাঃ হাঃ ভাল লাগিল যোগেশ

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হাঁহি মৰিছো দেই। কল্পনা মানিছো তোমাৰ।

    Reply
  • ধেৎতেৰি, বৰ ভাল লাগিল পঢ়ি।

    Reply
  • ৰামানুজ জি

    মজ্জা

    Reply
  • Anonymous

    পিছে গজধৰে চিগাৰেট তো কোন ফালেদি হুপে বাউ???

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    তামাম জমনি৷

    Reply
  • জয়ন্ত

    মজা৷

    Reply
  • জিতু

    হে হৰি, ৰাতিপুৱাই পঢ়ি থাকোতেই ইমান হাঁহি উঠিল নহয় মানুহ জনীয়ে পাগল হল বুলিয়ে ভাবিলে।

    Reply

Leave a Reply

Your email address will not be published.