ফটাঢোল

পোষ্ট অফিচ – পাৰ্থ প্ৰতীম শৰ্মা

একক অভিনয়টো কৰি নামি আহিছো মঞ্চৰপৰা৷ দুই এজনে ক’ব ধৰিছে, “মজা ভাই, তামাম৷ ফালি দিছ। ধুনীয়া কনচেপ্ট আছিল দেই।”

মোৰ মনটো ভাল লাগি আহে৷ এয়াইটো লাগে৷ ৰাইজৰ মৰম, ভাললগাবোৰ৷ আৰুনো কি লাগে জীৱনত! পিচে মঞ্চত চিঞৰি চিঞৰি ভাগৰ লাগিছে৷ অলপ বহি ল’ব পৰাহেঁতেন!

ঠিক সেই মুহূৰ্ততে কাষৰ চকীখনত বহি থকা ছোৱালীজনী উঠি গ’ল৷ মই লগে লগে তাত বহিলো৷

“দাদা পানী খাব?”

“অহ দিয়াহে, বৰ উপকাৰ কৰা হ’ব।”
“আপোনাৰ অভিনয়টো বৰ ভাল লাগিল দেই।”
“বহুত বহুত ধন্যবাদ দেই৷ পানীখিনিৰ বাবেও, আৰু কথাখিনিৰ বাবেও… হে হে।”
“হে হে… জমনি কৰিয়েই থাকে মানে?”

“হে হে… তুমি কিবা কৰিবানে নাই?”

“মই গান গাম দাদা।”
“অ’কে… শুভেচ্ছা থাকিল।”
“ধন্যবাদ…”

অলপ পিছত তেওঁ গীত গালে৷
কি সুৰ! কি মাত! কি গীত!

“যোৱাৰ পৰত শেৱালি বুটলি…”
সঁচাকৈয়ে বুটলি চাওঁ নেকি- যোৱাৰ পৰত শেৱালি?
বিশ্ববিদ্যালয়ত আৰুনো কেইটা দিন বাকী আছে?
সিদিনা আবাসত ইজন-সিজনক সুধি খবৰ উলিয়ালো৷ ফেচবুকত অনুৰোধ পঠিয়ালো৷ গ্ৰহণ হ’ল৷ কথা বাঢ়িল৷ নম্বৰ আহিল৷ কিন্তু দেখা কৰাৰ সুবিধা মিলা নাই৷ কাৰণ মই শ্ৰেণীৰ পৰা বাহিৰে বাহিৰে টিউচন কৰিবলৈ যাওঁ৷ দুটাকৈ টিউচন কৰি আহি পাওঁতে ৰাতি ৮ মান বাজে৷ তেতিয়ালৈ উমাল মাৰ্কেটৰ সন্ধ্যাবোৰ নিজম পৰে৷ গতিকে দেখা-দেখি হোৱাৰ সুবিধা নাছিল৷
পিচে এদিনৰ কথা৷
মই সেইদিনা টিউচনলৈ যোৱা নাই৷ ছাত্ৰজনৰ পৰীক্ষা চলি আছে৷ গধূলি ৭.৪৫ মান বাজিছে৷ হঠাৎ ফোনটো বাজি উঠিল৷ বিশেষগৰাকীৰ ফোন৷
“শুনকচোন…”

“কোৱা…”

“মানে মই আজি অলপ কামত পানবজাৰ আহিছিলো, দেৰিয়েই হ’ল৷ এতিয়া বৰিপাৰা পাইছো৷ বাছখন জালুকবাৰীলৈহে যাব৷ জালুকবাৰীৰপৰা হোষ্টেললৈ অকলে যাব লাগিব৷ মই ভাবিলো আপুনি প্ৰায়ে এনেকুৱা সময়ত টিউচনৰ পৰা আহে ন? আপোনাৰ লগতেই যাব পাৰিলোহেঁতেন, ক’ত আছে আপুনি?”

“মই জালুকবাৰীতেই আছো, সমাধিক্ষেত্ৰৰ আগফালে…” (কেতিয়াবা মিছা নকৈ নোৱাৰি)

“অ’কে গৈ আছো, অলপ ৰ’ব।”
“অ’কে চি ইউ।”
মই কথা পাতি থাকোতেই কাপোৰ পিন্ধা আৰম্ভ কৰিছিলো৷ দৌৰাদৌৰিকৈ টি-ছাৰ্ট আৰু জীন্স পিন্ধি ওলাই আহিলো৷ ধেৎ তেৰি, অকণমান বডী স্প্ৰে লগাব লাগিছিল৷ আকৌ ৰুমলৈ গৈ বডী স্প্ৰে মাৰি ওলাই আহিলো৷ খোজ কঢ়া নাই, এক প্ৰকাৰ দৌৰিয়েই গৈছো৷ কোনে কি কৈছে তালৈ ভ্ৰূক্ষেপ কৰা নাই৷ মুঠতে সোনকালে জালুকবাৰী পাব লাগে৷
ঠিক মই গৈ পোৱাৰ অলপ পিছতে তায়ো আহি পালে৷ দুয়ো একেলগে কথা পাতি মাৰ্কেট পালো৷ কথাবোৰৰ মাজত লাজ লাজ ভাব৷

মই ক’লো,
“তোমাৰ এনেও দেৰি হৈছেই যিহেতু মেঘালীত চাহ একাপকে খাই যাওঁ৷ কি কোৱা?”

“বলক…”

মেঘালীত আহি বহাৰ লগে তাই মিচিক-মাচাক হাঁহিবলৈ ধৰিলে৷ মই সুধিলো-
“কি হ’ল? হাঁহি আছা যে?”

“নাই নাই একো নাই।”
“কোৱা আকৌ…”

“একো নাই অ…”

এইবাৰ তাই কাৰোবাক মেচেজ লিখিবলৈ ধৰিলে৷ মোৰ খং উঠি আহিব ধৰিলে৷ ৫ মিনিট ম’বাইলটো এৰিব নোৱাৰেনে? এনেকৈ নোৱাৰি দেই৷ মনৰ খং চিংৰাটোৰ ওপৰত তুলিলো৷ চামুচেৰে খুচি খুচি তাক অত্যাচাৰ কৰি আছো৷
টিং টং
মোৰ ম’বাইলত মেচেজ৷ মই ম’বাইলটো জেপৰ পৰাই নুলিয়ালো৷
তাই ক’লে-
“মেচেজ এটা দিছো, চাওক৷”

মেচেজটো কৌতূহলেৰে খুলি চালো৷ তাত লিখা আছে-

“জয় গুৰু শংকৰ

তলফালে মন কৰ

পোষ্ট-অফিছ খোলা আছে

ভালে ভালে বন্ধ কৰ৷”

তললৈ চালো৷

নাৰায়ণ! জীন্সটো দৌৰাদৌৰিকে পিন্ধোতে…!

★★★★

One comment

Leave a Reply

Your email address will not be published.