ফটাঢোল

প্লট-নাজিয়া হাচান

স্বামী আৰু ল’ৰা ছোৱালীহালক ক্ৰমে অফিচ স্কুললৈ বুলি বিদায় দি শ্ৰীমতী ৰহমানে কলমটো মূৰত টুকুৰীয়াই টুকুৰীয়াই কিবা এক বিষয় লিখিম বুলি বহী এখন লৈ বহি লয়। মাজে মাজে তেওঁ মোবাইলটোও লিখা মেলাৰ চৰ্ত ফর্মবোৰত ব্যৱহাৰ কৰিবলৈ লয়। কিন্তু নিৰিবিলি সেই সময়খিনিত লিখিবলৈ ল’লেও, তেওঁৰ মূৰত শব্দৰ এটা শব্দয়ো পিছে ভুমূকি নামাৰেহি।
মনলৈ যে তেওঁৰ ভাব ভাষা একেবাৰে কেতিয়াও নাহে তেনে নহয়। আহে, আহিয়েই থাকে। কিন্তু কেনেকুৱা সময়ত যে সেই শব্দৰ মালাডাল তেওঁৰ মনত জুলি থাকেহি তাকেই লৈ শ্ৰীমতী ৰহমানৰ এই কাহিনী ভাগ আৰম্ভ।
―বাথৰুমত কাপোৰ এগাল ভিজাই লৈ, ভৰিৰে খচি খাচি পানীৰ টেপটোৰ তলত যেতিয়া তেওঁ কাপোৰ এসোপা ধুই থাকে সেই সময়ত বৰ সুন্দৰ সুন্দৰ প্লট কিছুমানে শ্ৰীমতী ৰহমানৰ মনত ঘনাই আহি মূৰত টুকুৰীয়াই থাকেহি। নম্বৰ এক।
―মাজ নিশা হঠাৎ টোপনিৰ পৰা যেতিয়া তেওঁ সাৰ পাই, তেতিয়াও ঠিক তেনেকৈয়ে অসাধাৰণ গল্পৰ প্লটে ভুমূকি মাৰি মাৰি টেমিত তেওঁৰ তোলপাৰ লগাই থৈ যায়! নম্বৰ দুই।
―আলহী আহিলে মাছ মাংসৰ তৰকাৰীখন জুতি লগাকৈ ৰন্ধাত তেওঁ যেতিয়া ব্যস্ত হৈ থাকে, তেতিয়াতো আৰু ক’বই নেলাগে, প্লটবোৰৰ এন্ত্ৰী মৰাৰ কি ধুমুহাহেন গতি! এইটো নম্বৰ তিনি।.. ইত্যাদি।
এই যে ওপৰত উল্লেখ কৰা প্লটে ভুমূকি মৰাৰ সময়বোৰ, সেই তেনেকুৱা সময়বোৰত মোবাইল বা কলমটোক তেওঁ কি সতেৰে হাতত তুলি ল’ব পাৰে বাৰু? কলমতো বাদেই, আজি কালি মোবাইলটোৱেই সকলো দিহা পৰামৰ্শৰ গৰাকী। হ’লে কি হ’ব! এই মোবাইলটোক ঘৰৰ মানুহজনীয়ে বেছিকৈ চোৱা-লোৱা কৰাটো মতামানুহটোৱে সহ্য কৰিব পাৰে নেকি কিবা! লাগিলে পত্নী গৰাকীয়ে যিমানেই জৰুৰী কাম কৰি নাথাকক মোবাইলটোত, চকুত পুৰণি ধৰেই তেওঁলোকৰ। তাতে আকৌ তেওঁ যদি কাপোৰ ধুই থকা, ৰান্ধি থকা, মাজ ৰাতি সাৰপোৱা আদি মুহূৰ্তবোৰত মোবাইলটোত প্লটটো টিপি থাকিবলৈ লয়, তেন্তে পিছৰখিনিৰ কাহিনীভাগ যে কি হ’বগৈ ৰাইজে বুজি পাইছেই চাগে?
গতিকে বেচেৰী ৰহমানীৰ দিনবোৰ এইদৰেই পাৰ হৈ হৈ গৈ থাকিল। সিদিনা, সেই নিৰিবিলি সময়খিনিত তেখেতে বাথৰূমত হাত ভৰি মাৰি কাপোৰ এসোপা খচি খচি ধুই আছিল। ঠিক সেইসময়তে এটা সুন্দৰ গল্পৰ প্লটে তেওঁৰ মূৰত টুকুৰীয়াবলৈ ধৰিলে! নিৰিবিলিৰ সুযোগ লৈ এই  প্লটটোক আজি তেওঁ ধৰিবই ধৰিব বুলি, আধা ধোৱা কাপোৰ এৰি তেওঁ মোবাইলটো বাথৰূমলৈ লৈ আনিলে। আৰু ভৰি হাত মাৰি কাপোৰ ধুই থকাৰ মাজতে, মোবাইলটোত গল্পৰ প্লটটো নিজে বুজিব পৰাকৈ মাথোঁ ইম’জিবোৰৰ দ্বাৰা বৰ্ণনাই থলে। ইফালে দুপৰীয়া পতীদেৱ ভাত খাবলৈ অহাৰ সময়ো হৈছেহি। গতিকে তেওঁ আহি পোৱাৰ আগতেই  লৰা-লৰিকৈ মোবাইলটোত ‘ডিলকলিজা’ বুলি নামাকৰণ কৰি ৰখা হোৱাতচ্‌আপ নম্বৰটোতে প্লটটোক ধৰি থ’বলৈ ল’লে।
শ্ৰীমতী ৰহমানে আকাৰ ইংগিতত ধৰি ৰখা গল্পৰ প্লটটোৰ ইমজিকেইটা আছিল এনেধৰণৰ—কলিজাখন ফাটি যোৱা, কলিজাখনৰ ভিতৰেদি কাঁড় এডাল তীব্ৰ জোৰত সুমাই যোৱা ৰঙা গোলাপ ফুল এপাহ আৰু শেষৰ দুটা ইম’জি হ’ল –দুখন কলিজা লগা চকু আৰু এটা কলিজা লাগি থকা ওঁঠ! বাছ–।
আগফালৰ দৰ্জাখন খোলা হৈ থকাত ৰহমানচাহাব দুপৰীয়া ভাত খাবলৈ বুলি গৰ্গৰাই ভিতৰলৈ সোমাই আহিল। আৰু তেতিয়ালৈকে শ্ৰীমতী ৰহমানে ভৰিৰে কাপোৰ খচি খচি হাতত মোবালটো লৈ ইম’জিবোৰ সজাই থকাত একান্ত ব্যস্ত হৈয়ে আছিল..।
: হেৰা!
পিছফালৰ পৰা পতিদেৱে তেওঁক হঠাৎ আহি যেন মাত দিলে। ব্যস্ত থকাৰ লগতে, পৰি থকা টেপৰ পানীৰ শব্দত শ্ৰীমতী ৰহমানে পতীদেৱ ভিতৰলৈ সুমাই অহাৰ কোনো উমানেই নাপালে।  হঠাৎ পতীদেৱৰ গৰগৰীয়া মাতত মানুহজনী বৰ জোৰে উচপ খাই উঠিল!
: অ অ। আপুনি আহিল?
মোবাইলটো কাষৰ চেল্ফটোত লৰালৰি থৈ তেওঁ পতীদেৱক মৰমেৰে সুধিলে।
: কেতিয়াবাই আহিলোঁ হেৰা! পিচে তোমাৰ বাথৰূমতো মোবাইল টিপিবৰ মন গ’ল নে? মাথা পগলা হ’বহে তোমাৰ। চাবা!
পতিদেৱৰ ৰিপ্লাই।
: হেৰী! কিবা এটা লিখিহে আছিলোঁ মই। আপোনাৰ নিচিনা গ্ৰুপত কথা পাতি থকা নাই নহয়।
মিটাৰটো  কিছু গৰম হোৱাত তেওঁ অলপ কাৰাকৈয়ে আজি পতীদেৱক উত্তৰ দিলে।
: হয়নে! কিনো লিখিছিলাহে বাথৰূমটোৰ ভিতৰত! মোৰ মাত শুনি বৈদ্য চক খাই উঠিলা যে তুমি? চাওঁ দিয়াচোন…
বুলি মোবাইলটো পতীদেৱে  চাবলৈ ল’লে। ‘ডিল কলিজা’ বুলি নাম দি ৰখা হোৱাত্চআপ নম্বৰটোত, ডিল কলিজাৰ ইম’জি লগতে গোলাপ ফুলপাহ আৰু চুমা উৰাই থকা ইম’জিটো দেখি, ৰহমান চাহাবৰ চকু পত্নীৰ ফালে থৰ হৈ ৰ’ল! অৰ্থাৎ, এইবোৰ কালৈ পঠাইছাঁ..হেৰা, বুলি কৰা প্ৰশ্নটো চকুত তেওঁৰ জিলিকি থাকিল।
: হেৰী! সেইবোৰ ডিল কলিজাৰ ইম’জিবোৰ মোৰ গল্পৰ চৰ্ত ফৰ্ম। এনেকৈ মোক চাব নেলাগে..। আৰু ‘ডিলকলিজা’ নম্বৰৰ মানুহটো আন কোনো নহয়! আপোনাৰ আগৰ পুৰণা এতিয়া নচলা নম্বৰটোহে ঔ!
পতীদেৱৰ দৃষ্টিৰ অৰ্থ বুজি তেওঁ মুখ পকাই উত্তৰ দিলে। আৰু বিন্দাচ হৈ পুনৰ কাপোৰ খচকাতহে ব্যস্ত হৈ পৰিল। ৰহমানচাহাবে উপায় নাপায় পাকঘৰৰ পৰা নিজে নিজে ভাত বাঢ়ি লৈ খোৱাত লাগিল।
☆ ★ ☆ ★ ☆

One comment

  • ৰাস্না বৰা

    ইমজি মখাক দেখি বেচেৰা পতীদেৱৰ কি অৱস্থা হৈছিল ভাবি হাঁহি মৰিছোঁ।সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published.