ফটাঢোল

প্ৰতিযোগিতা : নাজিয়া হাচান

এইকেইদিন শ্ৰীমতীগৰাকী বৰ ব্যস্ত। ঢেঁকীৰ শালত। ঘৰৰ কাষতে চালি এখন দি নতুনকৈ তেওঁ ঢেঁকী এটা পাতিছে। এসপ্তাহ দহ দিন লাগিছে ঢেঁকীশালখন যোগাৰ হওঁতে। ঘৰৰ আনবোৰ কাম সকলো তল পৰিল এইকেইদিন। পতীদেৱে সময়ত যে ভাতকেইটা খাবলৈ পাইছে সেয়াই মানে যথেষ্ট। শ্ৰীমতীক এইকেইদিন একো কৈ লাভ নাই বুলি পতিদেৱে জানে।

 

ঢু ঢু ঢোম… ঢু ঢু ঢোম..

 

ৰাতি বাৰ বজালৈ শ্ৰীমতীয়ে ঢেঁকী দি আছে আজি। শব্দত পতিদেৱ শোৱা পাতিৰ পৰা হুৰমুৰাই উঠি আহিল।

 

: হেৰা! কিহে! তুমি অকলে অকলে কি কৰি আছা এই ৰাতিখন? চাউল, পিঠাগুড়ি একো নাইচোন ঢেঁকীত? কি লৈ ইমান ভৰি মাৰি ফুৰিছা?

 

পতিৰ মাতত শ্ৰীমতীৰ কোনো ৰিয়েকচন নাই। তেওঁ মাত্ৰ ঢেঁকী দিয়াতে ব্যস্ত।

 

: হেৰা! শুনিছানে নাই? কি হৈছে হে তোমাৰ?

 

পিছফালৰ পৰা শ্ৰীমতীৰ পিঠিত সৰুকৈ আঙুলিৰে টুকুৰিয়াই তেওঁ সুধিলে।

 

: ঔ মই মাৰিলোঁ! কোন ঔ! কোন ঔ এইটো!

 

এইবুলি শ্ৰীমতীয়ে বান্দৰ টুপী পিন্ধি থকা নিজৰ মানুহটোকে চিনিব নোৱাৰি বৰকৈ চিঞৰ বাখৰ কৰিবলৈ ধৰিলে।

 

: হেৰা! হেৰা! মই মই। মই, তোমাৰ মানুহটোৱেই। ইমানকৈ চিঞৰিছা কিয়?

 

শ্ৰীমতীৰ ৰূপ দেখি পতিদেৱে ধুমাধুম টুপিটো খুলি,ওলমি জ্বলি থকা ফৰ্তি পাওৱাৰৰ বাল্বটোৰ ফালে নিজৰ মুখখন ডাঙি ধৰাদি ধৰিলে।

 

: অ’। হয়নে, আপুনি দেখোন। কি হ’ল? কিয় এই ৰাতিখন মোক ডিষ্টাৰ্ব কৰিছে হয়নে। শুই থাকক গৈ যাওক।

 

এইবুলি কৈ শ্ৰীমতীয়ে পুনৰ ঢেঁকী দিয়াত ব্যস্ত হ’বলৈ ধৰিলে।

 

: কি? কি? ডিষ্টাৰ্ব? তুমিহে এই ৰাতিখন মোক ডিষ্টাৰ্ব কৰি আছা। চাউল পিঠাগুড়ি একো নুখুন্দি শুদা ঢেঁকীটোত ধুমধুমাই কি কৰিছা?

 

: এস্‌! কি মানুহহে আপুনি! কোৱা নাছিলোঁ নেকি মই, আমাৰ ইয়াত মহিলাসকলে ঢেঁকী দিয়াৰ প্ৰতিযোগিতা পাতিছে বুলি! সেইদিনা মই পিঠা বনোৱা প্ৰতিযোগিতাত যোগ দিব নোৱাৰিলোঁ নহয়! ঘৰৰ কামমখা সামৰি সামৰি। সময় পাওঁ ক’ত মই? পিচে এইদৰে নিজে ভালপোৱা কামবোৰ এনেকৈ বাদ দি থাকিলে মই জীয়াই থকাৰ আনন্দকণ লাভ কৰিম কেনেকৈ? মইচোন ভিতৰি ভিতৰি মানুহজনী একেবাৰে ধ্বংস হৈ যাম। সেয়ে এইবাৰ একো নামনো মই। ঢেঁকী দিয়া প্ৰতিযোগিতাত যোগ দিমেই দিম মই। জিকো নিজিকো পিছৰ কথা। সকলো নাৰীয়েই ঘৰৰ কাম সামৰি ওলাই আহিব পাৰিছে যদি মই কিয় নোৱাৰিম! চেষ্টা কৰাত কি বেথা! বহুত ফাইডা আছে বুইছে এইবোৰ প্ৰতিযোগিতাত ভাগ ল’লে..।

 

: কি কোৱাহে এইবোৰ? কি ফাইডা চাইডা মাৰিবলৈ আহিছা! ভালে ভালে শুই থাকাহি আৰু মোকো শান্তিৰে শুবলৈ দিয়া।

 

: হেৰি! প্ৰতিযোগিতাখন এসপ্তাহ পিছত আছে। সেইকাৰণে অনুগ্ৰহ কৰি এইকেইদিন মোক একো ডিষ্টাৰ্ব নকৰিব। মোক নিজৰ এক পৰিচয় বনাবলৈ আগবাঢ়ি যাবলৈ দিয়ক। গৰম ভাতৰ মাজত বিলাহী, আলু, সৰু সৰু বগা বেঙেনা, কেঁচা জলকীয়া এইবোৰ ভৰাই থ’ম; আপুনি তাকেই পিটিকি খাই দিব এই সপ্তাহ। মাছ মাংস ৰান্ধি থাকিবলৈ মোৰ এইকেইদিন সময় নাই। মই নিজৰ কথাও অলপ ভাবিব লাগে। ৰেগুলাৰ প্ৰেক্টিছটো কৰি থাকিলে প্ৰাইজটো পামেই পাম নিশ্চয়। প্ৰাইজ নেপালেও নাই বাৰু; কমচেকম মস্ত ডাঙৰহৈ আগলৈ গৈ থকা পেটটোতো মোৰ নিশ্চয়কৈ কমি যাব! সেইটো খাটাং। আৰু এই পেটটো কম হ’লেই মই আহি থকা মিছেচ দিষ্টিক প্ৰতিযোগিতাখনতো অনায়াসে ভাগ ল’ব পাৰিম বুইছে!

 

পত্নীৰ মুখত পেট কমাৰ কথা শুনি পতিদেৱে এইবাৰ এক মিনিটও সময় তৰ্কৰ নামত খৰচ নকৰিলে। লগেলগে তেওঁ বান্দৰ টুপিটো মূৰে মুখে পিন্ধি শুবলৈ বুলি আগবাঢ়িল।

 

: যি হওক এইগৰাকী প্ৰতিযোগিতাত জিকক নিজকক, একো নাই বাৰু। পেটটো যদি তেওঁৰ সঁচাকৈ কমে বেচ ফাইডাৰ কাম এটা তেওঁ নিজৰ বাবেই কৰিব। মানুহজনীৰ মানে আকল বোলা বস্তুবিধ কিছু পুৰঠ হৈছে যেন দেখা গৈছে। আচলতে নাৰীয়েই নাৰীক আগুৱাই নিবলৈ সক্ষম। ইয়াৰ বাহিৰে কাৰো সাধ্য নাই। আমিবোৰ পুৰুষ জাতিয়ে তেওঁলোকক যিমানে সুবিধা দিওঁ, সকলো অসাৰ! সকলোতে তেওঁলোকৰ অসন্তুষ্টি। যি হওক আমাক একো ক্ৰেডিট নালাগে বাৰু। আগুৱাই যাওক তেওঁলোক। আমাৰো সেয়াই কামনা।

 

কথাখিনি মনতে ভাবি ভাবি, তেওঁ কাণখনত গাৰুটো দি শব্দৰ অত্যাচাৰবোৰক নীৰৱে সহ্য কৰি শুই থাকিল।

 

ঢু ঢু ঢোম…ঢুঢুঢোম..ঢু ঢুঢুঢোম…

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.