ফটাঢোল

প্ৰতিষ্ঠিত লিখক– হেমন্ত কুমাৰ কাকতি

এজন ‘প্ৰতিষ্ঠিত’ লিখক হবলৈ কিমান যে কাম কৰিবলগীয়া হয়? সঁচা কৈছোঁ, আজিলৈ মোৰ যিমান কবিতা, গধুৰ গধুৰ প্ৰবন্ধ আদি আগশাৰীৰ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ হৈছে তাৰ এশ শতাংশই হিন্দী, বঙালী, ইংৰাজী আদি বিভিন্ন কিতাপৰ পৰা নহলে ইণ্টাৰনেটৰ পৰা হুবহু নহলেও অলপ ইফাল সিফাল কৰি তুলি দিয়া৷ পিচে ঈশ্বৰৰ কৃপাত এতিয়ালৈ ধৰা পৰা নাই৷ কিন্তু দিন কাল বেয়া বুজিছে৷ কিবা “প্লেগেৰিজিম” নে কিবা এটা ওলাইছে হেনো৷ সেইটোত বহাই দিলে হেনো সকলো “দুধ কা দুধ, পানী কা পানী” হৈ ওলাই যায়, মানে ক’ৰ পৰা কোনে চুৰ কৰিছে৷ তেতিয়াৰ পৰাহে লেঠাটো লাগিছে৷ ইফালে এবাৰ “প্ৰতিষ্ঠিত” লিখক বুলি ওলাই যোৱাৰ পিচত বিভিন্ন মেল মিটিঙত মোৰ আজিকালি নিৰ্দিষ্ট বক্তা বা সভাপতিৰ আসনখন প্ৰায় ‘পাক্কা’ই হৈ পৰিছিল৷ ‘বিশিষ্ট লিখক’ হিচাবে ইতিমধ্যে কেবাখনো গামোছাৰ অধিকাৰী হৈ পৰিছিলোঁ৷ কিন্তু এটা কথা নহয় – ‘টপ’ত টিকি থাকিবলৈ বৰ কমপিটিচন হ’ল আজিকালি৷ এই পিলিঙা পিলিঙা ল’ৰা ছোৱালীবোৰৰ লগতে পাট্টা নোপোৱা হৈছো৷ সিদিনা বৰুৱাৰ ল’ৰাটোৱে লগ পাই ডায়েলগ এটা মাৰিয়ে থৈ গ’ল নহয়! সি কয় বোলে আংকল কিমান আৰু লোকৰ পিঠাৰে বিহু পাতিবহে? নিজেও কিবা কিবি কৰক! এক তো বিয়া পতা লৰাটোৱেও আংকল বুলি মতা হ’ল, তাৰ ওপৰত আকৌ সিহতৰ পেংলাই কি চাবা?

সেয়ে ময়ো পণ লৈছোঁ, কপি পেষ্ট মৰা বাদ দিম, দিন কাল বেয়া৷ আজি মৌলিক কিবা এটা লিখো বুলিয়েই বহি লৈছোঁ৷ এইবাৰৰ পূজা সংখ্যা “জোন-বেলি” আলোচনীত এনেকুৱা এটা “ঝাকাছ” লেখা বৰুৱাহঁতৰ মুখত মাৰিম নহয়, তাৰ পিচত লিংকটো চিধাই বৰুৱাৰ পুতেকক ফেচবুকত ‘টেগাই’ দি ৰং চাম বাপ্পেকে৷ সিয়ো গম পাওঁক যে এই সমীৰণ গগৈয়ে খালি কপি পেষ্টেই নেমাৰে, ‘অৰিজিনেল’ লিখক হোৱাৰো ক্ষমতা ৰাখে৷ এই পিলিঙা চিঙা জোকবোৰৰ মুখত চূন সনাৰ চিন্তাত মই মগ্ন হ’লো৷

প্ৰথম কথা হ’ল প্লটটো কি হব? বহুত ভাবি চিন্তি প্লটটো ঠিক কৰিলোঁ৷ তাত সকলো মছলা থাকিব৷ এটা ৰহস্যময় আৰম্ভনি থাকিব যাতে পাঠকে প্ৰথম পেৰেগ্ৰাফটো পঢ়িয়েই এনেকৈ আকৰ্ষিত হব যে শেষলৈ এৰিব নোৱাৰিব৷ অলপ আগুৱাই গৈ থাকি থাকি এনেকুৱা এটা “ক্লাইমেক্স”লৈ লৈ যাম যে পৰিণতি কি হব তাকে লৈ পাঠকে নিজেই কল্পনাৰ সাগৰত উটি ভাহি ফুৰিব লাগিব৷ তাৰ পিচত আহিব এটা সাংঘাটিক “কহানী মে টুইষ্ট”৷ আৰু শেষত পাঠকৰ বাবে অকল্পনীয় পৰিণতিৰে কাহিনীৰ “ডি এণ্ড” ঘটাম৷ বচ! সমীৰণ গগৈ কি বস্তু বুজি লব৷

কথাখিনি ভাবিয়েই মনটো ভাল লাগি গ’ল৷ ইতিমধ্যে সময় তেতিয়া ৰাতি দুই বাজি পাৰ হৈ গৈছে৷ কমপিউটাৰ, মবাইলত বেচি ৰাতিলৈ কাম কৰি কৰি টোপনি নধৰা বেমাৰটোতো ভূগি আছোঁ৷ কিন্তু কাহিনীটোক এটা গতি নিদিয়ালৈ আজি নেৰিছোঁ বুলি পণ ললোঁ৷ আফটাৰ অল মোৰ প্ৰতিষ্ঠাৰ ওপৰত প্ৰশ্নচিহ্ন উঠিব ধৰিছে৷ আজি পুতেকে “কাটিং” মাৰিছে, কালিলৈ বাপেকে যে নেমাৰিব তাৰ কি নিশ্চয়তা আছে!

দূৰত দুটামান শিয়ালেও হোৱা দিয়া আৰম্ভ কৰিছে৷ এনে নিৰ্জন গভীৰতম নিশাৰ সময়খিনিতে হেনো ডাঙৰ ডাঙৰ কবি সাহিত্যিকে নিজৰ অমৰ সৃষ্টিবোৰ কৰি লয়! কিন্তু মোৰ মূৰলৈ বিশেষ একো নহা হ’ল কিয়? মানুহজনী আৰু লৰাটোও ঘৰত নাই৷ আজিৰ পৰা তিনি চাৰিদিনৰ বাবে কিবা এক্সকাৰচন এটাত গেংটক যাবলৈ আবেলিয়েই ওলাই গৈছে৷ ঘৰখন একেবাৰে নিমাও-মাও৷ এনে এটা সুন্দৰ পৰিবেশতো যদি কিবা লিখিব নোৱাৰোঁ, তাৰ পিচত ইহত আহি পালে ক’ত হব? আহিয়েই দুনীয়াৰ ইটো সিটো কথা কৈ পৰিবেশ মুড সকলো নষ্ট কৰি দিব৷ গতিকে আজিয়েই উত্তম সময়৷ ইহত মাক পুতেক নেথাকোতে মানে আজিৰ পৰা দুদিনৰ ভিতৰত সম্পূৰ্ণ হব লাগিব লেখাটো৷  বহুদিনৰ পৰা লুকাই থোৱা “চিগনেচাৰ”ৰ বটলটো উলিয়াই ললোঁ৷ অলপ মুড বনাই মেলি লিখিম৷ বিখ্যাত কবি সাহিত্যিকৰ অমৰ সাহিত্যৰাজী হেনো ‘মাতাল’ হৈয়ে সৃষ্টি হোৱা৷ এনেতে ফোনটো বাজিব ধৰিলে৷ নুঠালোঁ৷ এই ফোন ডালেও বৰ ডিষ্টাৰ্ব কৰা হৈছে আজিকালি৷ কিবা এটা প্লট ভাবিম, চিধাই ফোনটো বাজি উঠিব৷ তাৰ পিচত সব মুড শেষ৷ নাই ফোনটো চুইচ অফ কৰাই ভাল হব৷ ভবা মতেই কাম৷ ফোন চুইচ অফ কৰি ললোঁ৷

অলপ আৰম্ভনি লিখিবলৈ চেষ্টা কৰিও মনলৈ একো নহাত অলপ দেৰি তভক মাৰি ৰ’লোঁ৷ আধা ঘণ্টা পাৰ হ’ল, নাই একো অহা নাই! লাহে লাহে বটলৰ অৱশিষ্টখিনিও গলাধৰণ কৰিলোঁ৷ ইতিমধ্যে এটা গোলাপী নিচাই মোক আৱৰি ধৰিছে৷ ইমানতে এৰোঁ বুলি এবাৰ ভাবিছিলোঁ যদিও মোৰ মান সন্মান প্ৰতিষ্ঠাৰ কথা পুনৰ ভিতৰৰ পৰা যেন কোনোবাই সোঁৱৰাই দিলে৷ যেতিয়ালৈকে প্লটটোক এটা গতি দিব নোৱাৰোঁ আজি শোবলৈ যোৱাৰ প্ৰশ্নই নুঠে৷ সেয়ে চিধা বিছনালৈ নগৈ এপাক বাহিৰৰ ফালে ফুৰি আহোঁ বুলি মুল দৰ্জাখন খুলি বাৰান্দালৈ ওলালোঁ৷ এচাটি শীতল চেঁছা বতাহে গাটো চুই গ’ল৷ গাটো পাতল পাতল লাগি গ’ল৷ বহুত দিনৰ মূৰত নিজকে মুক্ত বিহংগৰ দৰে লাগিল৷ পুনৰ এটা অমৰ গল্প বা কবিতাৰ সৃষ্টি হওঁক বুলি দুৰৰ ৰাতিৰ আকাশখনলৈ চালোঁ৷

বাহিৰত গেটত লাইট এটাও জ্বলি থকা নাছিল, বোধহয়  বিজুলী গৈছে৷ তাতে কিনকিনিয়া বৰষুণৰ বাবে গোটেইখন ধুসৰ দেখা হৈছে৷ গেটৰ সিটো পাৰে কিছু দুৰত থকা নেচনেল হাইৱেটোত পাতলীয়াকৈ চলা দুই এখন তীব্ৰবেগী গাড়ী গৈ আছে৷ বৰষুণটোৰ বাবে ওলাবলৈ মন ন’গ’ল৷ বাৰান্দাত থকা বেতৰ চকী এখন টানি আনি অলপ দেৰি গেটৰ ফালে মুখ কৰি বহি পৰিলোঁ৷ বহু কেইটা প্লট মনলৈ আহি আছিল৷ প্ৰথম প্ৰেম, হত্যা ৰহস্য, প্ৰেমত বিফল দুখ বেদনাৰে জৰ্জৰিত এগৰাকী মহিলাৰ কাহিনী নে প্ৰেমিকাৰ হত্যাৰ প্ৰতিশোধৰ জুই বুকুত লৈ অপৰাধত লিপ্ত হোৱা এজন যুবকৰ কাহিনী লিখোঁ, নে স্ত্ৰীৰ দ্বাৰা নিৰ্য্যাতিত কোনো পতিৰ কাহিনী? পৰকীয়া প্ৰেম নে বিৰহৰ কবিতা … …আহ! কিমান যে প্লট এটা এটাকৈ আহিব ধৰিলে! মনটো ভাল লাগি গ’ল৷ মানে ইমান দিনে অলপো ভবা চিন্তা নকৰি এনেই কপি মাৰি জীৱনটো কটালোঁ৷ নিজৰ ওপৰতে টিঙিচকৈ খং উঠি আহিল৷…… ঠিক তেনেতে ঘটনাটো ঘটি গ’ল৷

হাই ৱেত গাড়ী এখন ৰ’ল৷ দুৰৰ পৰা কি গাড়ী ধৰিব নোৱাৰিলেও অনুমান কৰিলো চুইফ্ট ডিজায়াৰ বা তেনেকুৱাই কিবা হব৷ গাড়ীৰ পৰা দুটা ছাঁয়ামূৰ্তি ওলাল আৰু বেগাবেগিকৈ মোৰ ঘৰৰ আগৰ ৰাস্তাটোৰে আহিব ধৰিলে৷ ৰেইনকোট জাতীয় কিবা পিন্ধা মানুহ দুজন আহি আহি মোৰ ঘৰৰ গেটৰ ওচৰ পালেহি৷ মই ওপৰৰ আন্ধাৰ বেলক’নিটোৰ পৰা সিহতৰ ৰেহৰূপ চোৱাত লাগিলোঁ৷ সিহত দুয়ো মোৰ ঘৰৰ ফালে অলপ দেৰি চাই আগফালৰ বকুল গছজোপাৰ তলত ৰখি কাৰোবাক ফোন কৰিব ধৰিলে৷ এজনৰ কান্ধত থকা বেগটোৰ পৰা বটলৰ দৰে কিবা এটা উলিয়াই লৈছে, আনজনে কাগজৰ পেকেট এটাৰ পৰা কিবা উলিয়াই কথা পতাত লাগিল৷ মোৰ বুজিবলৈ অলপো অসুবিধা নহ’ল যে দুয়ো মদ জাতীয় কিবা খাব ধৰিছিল৷ সাধাৰণ মদাহী যেন লাগিলেও তাহাতৰ আচৰণটো অলপ অস্বাভাবিক যেন লাগিছিল৷ ৰাতি দুই বজাত এনেকৈ লোকৰ পদুলিমুখত বহি মদ খাবলৈ কিহে পালে ইহত দুজনক? চোৰ ডকাইত নেকি আকৌ? আধা ঘন্টামান সিহতক নীৰিক্ষন কৰি থাকিলোঁ৷ বৰষুণ এৰা নাছিল যদিও দুয়ো এইবাৰ মোৰ ঘৰৰ গেটখনৰ ফালে আহিল৷ এইবাৰ মোৰ সঁচাকৈয়ে ভয় লাগিল৷ চাওঁতে চাওঁতে সৰু গেটখনৰ তলাটো খুলিবলৈ দুয়ো আপ্ৰাণ চেষ্টা কৰিলে৷ মোক আচৰিত কৰি গেটৰ তলাটো ভাঙি দুয়ো কমপাউণ্ডৰ ভিতৰত সোমাই আহিল৷ চিৰিয়েদি ওপৰলৈ উঠাৰ আগতেই মই ঘৰৰ ভিতৰত সোমাই ৰুমৰ ভিতৰৰ পৰা মুল দুৱাৰৰ চিটিকনিটো লগাই দৰ্জাৰ ওচৰতে কাণপাতি ৰৈ থাকিলোঁ৷

অলপ পিচত আশা কৰা ধৰনেই দুৱাৰত টোকৰ পৰিল৷

দুমহলীয়া প্ৰকাণ্ড বিল্ডিংটোত আজি মই অকলেই আছোঁ৷ তলত ভাৰাত থকা ডিব্ৰুগড়ৰ মানুহ দুজনো ঘৰত গ’ল৷ কি কৰিম নকৰিম ভাবি থাকোতেই দৰ্জাত টুকুৰিওৱাৰ শব্দটো বাঢ়িবলৈ ধৰিলে৷

লাহে লাহে ধম! ধম ধম! ধম ধম!ৰ পৰা ধৰম ধৰম!! ধৰম ধৰম!! হবলৈ ধৰিছে৷ দুৱাৰত লগোৱা কি হ’লটোৰে সিহতৰ মুখ দুখন চাবলৈ যত্ন কৰিলোঁ৷ ভিতৰলৈ মই সোমাওঁতেই বাহিৰৰ লাইটটো বন্ধ কৰি অহা বাবেই চকামকাকৈ দেখিলো যদিও একো ধৰিব নোৱাৰি৷ ভয়ত গোটেই মানুহটো জ্বৰ ঘমাদি ঘামিছিলোঁ৷ কিবাকিবি চিন্তাবোৰ মনলৈ আহিব ধৰিলে৷ সিহতৰ উদ্দেশ্য কি আচলতে? হয়তো মই অকলশৰীয়া বুলি জানিয়েই ডকাইতি কৰিবলৈ অহা নাইতো? যদি বন্দুক দেখুৱাই কি হব? কালি লৈ খবৰ ওলাব সমীৰণ গগৈৰ ঘৰত ডকাইতি হৈ গ’ল৷ মিঃ গগৈ আঘাতপ্ৰাপ্ত৷ সিহতে যদি মাৰিয়েই পেলায়!নিচাত থকা মদাহী মানুহৰ কি ঠিক? মানুহজনী আৰু ল’ৰাটোলৈ বৰকৈ মনত পৰিব ধৰিলে৷ ছেহ! ফোন এটাও কৰা নহ’ল নহয়৷ সিহত ছাগে এতিয়া গেঙটকৰ কোনো হোটেলৰ কোঠাত গভীৰ নিদ্ৰাত৷

পুনৰ দুৱাৰত শব্দবোৰ বাঢ়িব ধৰিছে৷ ওচৰতে দেখিলোঁ চিগনেচাৰৰ খালি বটলটো, হাতত তুলি ললোঁ৷ দুৱাৰ ভাঙি যদি সোমাই আহে এজনক হলেও আঘাত কৰি বগৰাই দিম৷ অবশেষত মৰণত শৰণ দি ভিতৰৰ পৰা মাত দিলোঁ- “কোন”?

দুৱাৰৰ সিটো পাৰৰ পৰা উত্তৰ আহিল-

“দেউতা, দুৱাৰ খোলা! আমি মা আৰু মই!”
মই ঠাইতে শিল পৰা কপৌ হেন হ’লো৷ এয়া চোন মোৰ ল’ৰাৰে মাত৷ মানে ইহত গেঙটক ন’গ’ল?

হাতৰ বটলটো ক’ত লুকাম ভাবি নেপাই ভয়ে ভয়ে দুৱাৰখন খুলিলোঁ৷ গালি এজাউৰিৰে সৈতে ধুমুহাৰ গতিত শ্ৰীমতী সোমাই আহিল৷ লগত ল’ৰা৷

“কি মানুহ হে আপুনি? ফোনটো কিয় অফ কৰি ৰাখিছে? গধুলিৰ পৰা ফোন কৰি কৰি হায়ৰাণ হৈ গ’লো৷”

“কিন্তু তোমালোক তো গেঙটক গৈছিলা? কিয় ঘুৰি আহিলা?” মই ভয়ে ভয়ে অলপ নৰম হৈ সুধিলোঁ৷

“টিভি চিভি নাচাই নেকি? নামনি অসম বন্ধ দিছে৷ কোকৰাঝাৰত কাৰ্ফিউ, জোৰদাৰ বন্ধ৷ সকলো ট্ৰেইন কেঞ্চেল হৈছে৷ ৰঙিয়াৰ পৰা কোনো ট্ৰেইন যোৱা নাই৷ সেয়ে চাৰি পাচ ঘণ্টা তাত ৰখি থকাৰ পিচত আপোনালৈ ফোন কৰিছিলোঁ৷ ফোন কিয় নুঠালে?”

ফোন বন্ধ হোৱাৰ অজুহাত এটা ভাবি উলিয়াব নোৱাৰিলোঁ৷ কিন্তু মোৰ অৰিজিনেল কাহিনীকাৰ হোৱাৰ বাসনাৰ যে ইমানতে “ডি এণ্ড” হ’ল সেয়া অনুভৱ কৰি অজানিতে এটা হুমনিয়াহ ওলাই গ’ল৷ মোৰ উত্তৰলৈ বাট নেচাই দুয়ো ভিতৰলৈ সোমাই গ’ল৷ হঠাৎ তেওঁৰ ঘ্ৰানেন্দ্ৰীয় সজাগ হৈ উঠিল আৰু নাকটো কোচাই আৰম্ভ কৰিলে-

“এবেলা নেথাকোতেই ঘৰখন কি কৰি পেলাইছে? মুতনীসোপা খাই ৰজা হৈ আছিল?”

এনে প্ৰশ্নৰ কোনো উত্তৰ নেখাকে৷ গল্পৰ প্লটৰ চিন্তা সামৰি সিদ্ধান্ত এটা লৈ পেলালোঁ, পূজা সংখ্যা “জোন-বেলি”ত পুনৰ এইবাৰ বঙালী কবিতাৰ অসমীয়া ভাঙনিৰে কাম চলাই দিব লাগিব৷

☆★☆★☆

35 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    প্লট নালাগে৷ কেনেকৈ গল্প এটা হৈ গ’ল দেখিলে? ভটিজাটোক টেগাওকহে৷

    Reply
  • ডলী তালুকদাৰ

    বহুত ভাল লাগিল পঢ়ি।

    Reply
  • অভিজিত কলিতা

    হে হে। মিছা কলে কিডাল হব। নিজ গাতে পাইছো বহুবাৰ

    Reply
  • Rintumoni Dutta

    ভাল লাগিল দাদা। বাকী প্লেগেৰিজমৰ পৰা বাচি থাকিব পৰা কিবা উপায় আছে নেকি জনাবচোন

    Reply
  • Rimjhim Borthakur

    এনেই মুতনিসোপা খাবলৈ পালে জানো? ভাল লাগিল

    Reply
    • HEMANTA KAKATI

      হাঃ হাঃ, ধন্যবাদ ৰিমঝিম

      Reply
  • কাবেৰী মহন্ত

    বিশেষ ধমাকা প্লট নহলেও পঢ়ুৱৈক বান্ধি ৰাখিব পাৰিছে দাদা৷

    Reply
  • Chandana Das

    বহুত ভাল লাগিল দাদা

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    খুটা নাই ! অথচ এটা সুন্দৰ ঘৰ হৈ পৰিছে !! বৰ ভাল লাগিল দাদা ৷

    Reply
  • Mridula

    তামাম …বহুত ভাল লাগিল

    Reply
  • শেষৰ খিনি মজ্জা লাগিল।
    দাইলগটো বিশেষকৈ।

    Reply
  • Nabajit Baishya

    দাদা, বঢ়িয়া৷

    Reply
  • ইন্দ্ৰ মোহন বৰা

    বঢ়িয়া লাগিল।

    Reply
  • Jyoti Moni Borah

    আপুনি গম পাইছেনে……দৌৰা দৌৰিকৈ শিৰশিৰাই যোৱা প্লট বিছাৰি থাকোতে চাছপেক্ট আহি ইনচপেক্ট কৰি এটা বাই ডিফল্ট‌ শাৰদীয় সুন্দৰ গল্প উপহাৰ দিলে । শাৰদীয় শুভেচ্ছা যাঁচিলো ।

    Reply
  • কমলা দাস

    বহুত ভাল লাগিল পঢ়ি।

    Reply
  • Anonymous

    গগৈদেৱে মানে আপুনি ইমান সুন্দৰ লিখনি আমাক উপহাৰ দিলে।প্ৰণাম দাদা….
    চিন্তা নকৰিব বিশিষ্ট অতিথিৰ আসন কোনেও কাঢ়িব নোৱাৰে।

    Reply
  • HEMANTA KAKATI

    ধন্যবাদ

    Reply
  • AURAVINDA GOSWAMI

    গল্প লিখিবলৈ গৈ নিজে গল্প হ’ল।সাংঘাটিক লিখিলে।

    Reply
  • HEMANTA KAKATI

    ধন্যবাদ অৰবিন্দ!

    Reply
  • মানিচোঁ দেই দাদা৷বহুত ভাল লাগিল৷

    Reply
  • চেমিন

    গল্প লিখাৰ চলেৰে গল্পৰ সৃষ্টি। আপোনাক মানিলো দেই দাদা। বৰ ভাল লাগিল।😀😀

    Reply
  • ইন্দ্ৰাণী তালুকদাৰ

    পঢ়ি ভাল লাগিল……

    Reply

Leave a Reply

Your email address will not be published.