ফটাঢোল

প্ৰত্যাগমন – কুমাৰিকা দত্ত তালুকদাৰ

“দেউতা বাছ যাবই এতিয়া, সােনকাল কৰক। দূৰৈত বাছৰ মাত শুনা যেন লাগিছে।” প্রিয়াৰ চিঞৰত বেদব্রত চলিহা খৰধৰকৈ বাহিৰলৈ ওলাই আহিল। ধক-ধকীয়া ধুতি-পাঞ্জাৱীযােৰৰ সৈতে শুৱাই পৰিছে তেওঁক। শিক্ষকৰ চাকৰিৰ পৰা অৱসৰ লােৱা কেইবাবছৰ হ’ল যদিও নিয়মানুবর্তিতা ৰক্ষা কৰি চলা বাবেই স্বাস্থ্য এতিয়াও ভালে আছে। সময়ৰ প্রতি যথেষ্ট সজাগ চলিহাই সেয়ে আজিকালি সভাই-সমিতিয়ে যাবলৈ টানেই পায়। যিকোনাে সভা নির্দিষ্ট সময়তকৈ যথেষ্ট পলমকৈ আৰম্ভ হােৱাতো প্রায় নিয়মেই হৈ পৰিছে আজিকালি। সেয়ে সেইদিনা বিহু সন্মিলনখনৰ মুকলি অধিবেশনৰ মুখ্য অতিথি হিচাপে ফোন যােগে নিমন্ত্রণ কৰা বিহু সমিতিৰ সম্পাদকজনক, প্রথমে যােৱাত অসুবিধা হ’ব বুলিয়েই নাকচ কৰিছিল। কিন্তু ল’ৰাজনৰ অমায়িক কথা বতৰাত তেওঁ সন্মতি প্রদান কৰিবলৈ বাধ্য হৈ পৰে। “চাৰ আপুনি অলপো অসুবিধা নাপায়। আমি থাকিমেই, আপুনি না নক’ব। বহুত আশাৰে ফোন কৰিছােঁ‌। আপােনাৰ দৰে বিজ্ঞজনক কাষত পাবলৈ আমাৰ ৰাইজ উদগ্রীব হৈ আছে। বাটৰ কাষতে সন্মিলন।” ল’ৰাজনে জোৰকৈ ধৰাত তেওঁ কথা পেলাব নােৱাৰিলে। কেৱল সময়ৰ প্রতি লক্ষ্য ৰাখিবলৈ টানি অনুৰােধ জনালে। অচিনাকি ল’ৰাজনৰ কথাত তেওঁ এক আপােনত্বৰ ভাৱ অনুভৱ কৰিছিল।

এঘন্টাৰ বাট। গতিকে বাছতে যাবলৈ ঠিক কৰিলে তেওঁ। ঘৰত সকলােৱে গাড়ী এখনকে ঠিক কৰি লৈ যােৱাৰ কথা কৈছিল যদিও অনাহকত খৰচ বঢ়োৱাৰ পক্ষপাতি নহয় তেওঁ। বতৰাে ভাল গতিকে কোনাে অসুবিধা নহয়। সভাখনলৈ যােৱাৰ বাবেই পুৱাৰে পৰা ব্যস্ত হৈ আছিল চলিহা। তেওঁৰ যাত্ৰাৰ সঙ্গী কান্ধত লােৱা বেগটোতে যাৱতীয় দুই-এপদ বস্তু ভৰাই ল’লে। তামােলৰ টেমাটো ল’বলৈও নাপাহৰিলে। মৰমৰ মানুহজনীয়ে যতনাই দিয়া পুৱাৰ জলপান খায় আজৰি হয় মানে বাছ অহাৰ সময়েই হ’ল। প্রিয়াৰ মাতত তেওঁ খৰধৰকৈ ওলাই আহিল। ইতিমধ্যে তাই হাত দাঙি বাছ ৰখালেই। চলিহায়াে গৈ বাছত উঠি ল’লে। “দেউতা, নামােতে সাৱধানে নামিব” প্রিয়াই সকিয়াই দিলে। “হ’ব মা, তই চিন্তা নকৰিবি, মই ভালকৈয়ে যাম। এতিয়া ভিতৰলৈ যা” বুলি বাছত উঠিয়েই সন্মুখৰ দুজনীয়া খালি আসনখনতে বহি লৈ ঘৰৰ বাৰাণ্ডাত থিয় হৈ থকা শ্ৰীমতীলৈ চাই হাত জোকাৰি হাঁহি এটা মাৰিলে। ইতিমধ্যে বাছে আগলৈ গতি কৰিলে। চিনাকি কাৰােবাক দেখাৰ আশাত ইফালে- সিফালে চকু ফুৰাই নিৰাশ হ’ল। কোনােবা এজন থাকিলে কথাপাতি যাবলৈ ভাল।

ৰাতিপুৱাৰে পৰা আজি বৰ ব্যস্ততাৰে পাৰ হ’ল। পুৱা খােজকাঢ়ি অহাৰে পৰা এটা এটাকৈ কথাবােৰ মনলৈ আহিল। কান্ধত লােৱা বেগটো খেপিয়াই চালে। “পাটৰ গামােছা এখন পলিথিনত ভৰাই আপােনাৰ বেগটোতে ভৰাই দিছোঁ। বাছৰ পৰা নামিয়েই ডিঙিত লৈ ল’ব। এতিয়াই ল’ব নালাগে। যিহে তামােলৰ পােক, সভা পায় মানে ফুলেই বাছিব নহ’লে।” মানুহজনীয়ে কোৱা কথা কেইটা মনত কৰি হাঁহি উঠিল তেওঁৰ। তামােলখন নাখালে একো কথাই দেখােন চিন্তা কৰিব নােৱাৰি। এই নিচাটোরেই বহু চেষ্টা কৰিও এৰিব পৰা নাই তেওঁ। মনত পৰাৰ লগে লগে সযতনে লৈ অহা টেমাটোৰ পৰা চুণে-ধপাতে তামােল এখন উলিয়াই মুখত ভৰাই ল’লে।

অলপ দূৰ গৈয়ে বাছ ৰ’ল। ধুতি-পাঞ্জাৱী পৰিহিত ডিঙিত গামােছা লােৱা আদহীয়া লােক এজন উঠি আহিল। চিনি নাপালেও চলিহাৰ মনটো ভাল লাগিল। হওঁ‌ক তেও, লগ এটা হ’ব। তেওঁৰ কাষত খালী হৈ থকা আসনখনতে বহিল মানুহজন। প্রথমে চলিহায়ে আৰম্ভ কৰিলে। কথা প্রসঙ্গত মানুহজন একেখন সভালৈকে আহিছে বুলি গম পালে যদিও, তেওঁযে সেইখন বিহু সন্মিলনৰ আজিৰ মুকলি অধিৱেশনৰে মুখ্য অতিথি, সেই কথা ক’বলৈ ভাল নাপালে। নিজৰ কথা পৰাপক্ষত কমকৈয়ে কয় তেওঁ। অৱশ্যে তেঁ‌ৱো বিহু সন্মিলনখনলৈ অহা বুলি থােৰতে কৈ থ’লে মানুহজনক। মানুহজনৰ জীয়েকক সেইখিনি ঠাইলৈকে বিয়া দিছে কেইমাহমানৰ আগত। নতুন মিতিৰৰ ঘৰলৈকে বিহু বুলি আহিছে তেওঁ। তাতে জীয়েকেও বিহু সন্মিলনখনৰ আজিৰ সভাখনলৈ দেউতাকক মাতি পঠিয়াইছে। সভা সমিতিলৈ গৈ বৰ ভাল পায় তেওঁ। সেয়ে ঢপলিয়াই আহিছে। প্রথমে জীয়েকৰ ঘৰলৈ যাব। সভা আৰম্ভ হ’বলৈ সময় আছে। কথা পাতি থাকেতেই সময় কেনেকৈ পাৰ হ’ল গমেই নাপালে। “খুৰা আপােনালােক নামিব হ’ল।” কনডাক্টৰজনৰ কথাত দুয়ােৰে হুঁ‌চ আহিল। চলিহাই

খিৰিকিৰে বাহিৰলৈ চালে। মনটো ভাল লাগি গ’ল। কিছু দূৰৈত সম্পূর্ণ অসমীয়া সাজেৰে ডেকা ল’ৰা কেইজনমান বাছখনলৈ চাই ৰৈ আছে, লগত গায়ন বায়নৰ দল। নিশ্চয় তেওঁকে আগবঢ়াই নিবলৈ আহিছে। লগত বহা মানুহজনে চলিহাক মাত লগাই খৰধৰকৈ নামি গ’ল। চলিহায়াে বাছৰ পৰা নামি প্রথমে মুখৰ তামােলখিনি চাফা কৰিবলৈ বুলি বাটৰ কাষলৈ গৈ, বেগৰ পৰা সৰু পানীৰ বটলটো উলিয়াই ল’লে। তেনেতে গায়ন-বায়ন বাজি উঠিল। ছেঃ আদৰিবলৈ আহিলেই। খৰধৰকৈ মুখখন ধুই বটলটো বেগত ভৰাই বাটলৈ উঠি আহিল তেওঁ। কিন্তু ই কি…..! সেই ডেকা কেইজনে তেওঁৰ লগত বহি অহা মানুহজনকহে আথে-বেথে গায়ন-বায়নেৰে আগবঢ়াই লৈ গৈ আছে। মানুহজনেও গায়নৰ পিছে পিছে গহীন খােজেৰে আগুৱাই গৈ আছে। (মানুহজনে বােধকৰাে তেওঁকে আগবঢ়াই নিবলৈ অহা বুলি ধৰি ল’লে) বৰুৱাই মনতে ভাবিলে। বেদব্রত চলিহা ‘শিল পৰা কপৌ’ৰ দৰে একে ঠাইতে থৰ লাগিল। তেওঁৰ মগজে কাম নকৰা হ’ল। খঙে-দুখে বৰ অপমানিত বােধ কৰিলে তেওঁ। ভালেমান দেৰি তেনেকৈয়ে একে ঠাইতে থিয় হৈ থাকিল। তেওঁলৈ কোনেও ভ্ৰূক্ষেপেই নকৰা যেন অনুমান কৰিলে।কিংকর্তব্যবিমূঢ় হৈ, কিছু সময়ৰ পিছত চলিহাই বিপৰীত দিশৰ পৰা অহা বাছ এখনলৈ হাত দাঙি দিলে ঘৰলৈ বুলি।
☆★☆★☆

One comment

  • নীলাক্ষি দেৱী ডেকা

    অগতানুগতিক। ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.