ফটাঢোল

প্ৰত্যয়ৰ আলিবাট – ৰূপম ঠাকুৰীয়া

–কিনো ইমান কৈ চিন্তা কৰি আছে এই ৰাতিপুৱাই পুৱাই? এয়া লওক চাহকাপ।
–অ’ চাহ আনিছা, থোৱা ইয়াতে।

সন্মুখৰ বাৰাণ্ডাখনত বহি ৰাস্তাৰ সিপাৰৰ ৰাজহুৱা দমকলটোৰ পৰা পানী নিবলৈ অহা মানুহজাকৰ পিনে চাই কিবা ভাবি থকা ৰমানাথ হাজৰিকাই ঘৈনীয়েক পূৰ্ণিমাৰ ফালে লাহেকৈ ঘূৰি ক’লে।

আঁউজিব পৰা দীঘলীয়া বেঞ্চখনৰ এটা মূৰত বহি পূৰ্ণিমাই কৈ গ’ল..

— আজি বলেনৰ (ল’ৰা) শাহু আৰু শহুৰ আহিব নহয়। সোনকালে বজাৰখিনি কৰিব লাগিব। গোপাল বজাৰ চ’কত আজি যিহেতু ৰবি বাৰৰ বজাৰ বহিব, আপুনি তাৰপৰাই বজাৰখিনি অলপ সোনকালে আনি দিব মোক। তেতিয়াহে আলহীক সময়ত খুৱাব পাৰিম।
–তুমি মোক সুধিছিলা নহয় মই কি ভাবি আছিলোঁ? মই এই কথাবোৰকে ভাবি আছিলোঁ। আজি চোৱা বলেনৰ শাহু-শহুৰ আহিব, তাৰ কিবা চিন্তা আছেনে? আজি অন্ততঃ সি হে বজাৰ- সমাৰখিনি কৰি আনি দিব লাগিছিল।
–বলেন ৰাতিপুৱাই ওলাই গ’ল দেখোন। যাওঁতে কৈ গৈছে কিবা ৰাজহুৱা কাম এটাত হেনো এজন ডাঙৰ মানুহক লগ কৰিব লগীয়া আছে। আহোঁতে পলম হ’ব হেনো……

চাহৰ কাপত সোহা এটা মাৰি ৰমানাথে পূৰ্ণিমাক মাজতে ৰখাই কৈ গ’ল

–বাদ দিয়া হে তাৰ ৰাজহুৱা কাম। আজিলৈকে কি ঘটিটো কৰিব পাৰিছে সি? কিবা উপাৰ্জনৰ পথ উলিয়াব পাৰিলেনে নিজৰ বাবে? ঘৰ চলাই আছোঁ মই। মোৰ চাকৰি কিমান দিন আছে? এবছৰো নাই। তাৰ পিছত কি হ’ব? এল পি স্কুলৰ শিক্ষক মই, পেঞ্চন কিমান পাম? ইফালে পেঞ্চন ৰেগুলাৰ হ’বলৈ কত যে কিমান তাঁত-বাতি কাঢ়িব লাগিব, কত যে কিমান পইচা পাতি দিব লাগিব সেইবোৰতো আছেই। তাৰ মাজত চলিম কেনেকৈ? ভাবিছেনে সি এবাৰ?…
–হ’ব দিয়ক আৰু। এই ৰাতিপুৱাই সেইবিলাক চিন্তা কৰি মূৰটো গৰম কৰিব নালাগে।

–তোমাৰ এইবিলাক কথাৰ কাৰণেইতো সি লাই পাই পাই আজিৰ অবস্থা পাইছে। চাকৰি বাকৰিৰ চিন্তা একো নকৰে সি। ঘৰত আহি কোনোবাই চাকৰি উপহাৰ দিবহি নেকি তাক? বিয়াখন পাতিলে নিজৰ পচন্দ মতে। বিয়াখন বাৰু ময়ে পাতি দিলোঁ দিয়াচোন গাঁৱত বু-বা ওলোৱাৰ ভয়ত। ভাবিছিলোঁ বিয়াৰ পিছত তাৰ গঢ় গতি লাগিব। কিন্তু কি কৰিলে সি? ছোৱালী এজনীও জন্ম পালে। সি বাপেকটো হৈ তাইৰ দ্বায়িত্ব ল’ব পাৰিলেনে? তাৰ ঘৈনীয়েক, ছোৱালীৰ প্ৰয়োজনীয় সকলোবিলাক এতিয়াওতো ময়েই যোগান ধৰি আছোঁ। তাৰ মগজুত একো নাই নেকি? তাৰ পেচা হৈছে সমাজ সেৱা। হুহ । ওলোটাব সি! দিনটো টলৌ টলৌ কৈ ঘূৰি ফুৰিব। বিহু, পূজা পাতিবলৈ যেন তাৰ বাহিৰে বেলেগ মানুহ নায়েই এই গাঁওখনত। মেল, মিটিং এখনো যেন সি নহ’লে নহ’বই। স্কুলৰ ফিল্ডখনত প্ৰত্যেক বাৰে থিয়েটাৰ এখন মাতিব আৰু সেইখন অহাৰ একমাহ মান আগে-পিছে তাৰ খোৱা-বোৱা শোৱাৰ একো ঠিক নাই। ৰাতি দুটা তিনিটা বজাত আহি আমাৰ সকলোৰে টোপনি ভাঙিব। তাতকৈ যদি সি ঘৰৰ খেতিখন কৰো বুলিও দায়িত্ব ল’লেহেঁতেন, তেন্তে আজি মাটিখিনি আধিয়াৰক দিব লগা নহ’লহেঁতেন। বছৰটো নিজৰ খেতিৰ চাউলৰে পাৰ হ’লহেঁতেন আৰু বৰং অলপ-অচৰপ বিকিবও পাৰিলোঁহেঁতেন। চাকৰি শেষ হোৱাৰ পিছত মই নিজেই কিবা এটা কৰিব লাগিব। ইয়াক আশা কৰি লাভ নাই।

— চাহ কাপ ঠাণ্ডা হ’ল। খাই লওক।

–এই চাহ নাখাওঁ আৰু মই। একাপ নতুনকৈ বনাই আনিবা।
–মই একাপ লৈ আনোগে ৰ’ব বুলি পূৰ্ণিমা উঠি যাব খোজোতেই ৰমানাথ হাজৰিকাই তেওঁক বহিবলৈ ইংগিত দি কৈ গ’ল..
–হ’ব অলপ পলমকৈ আনিলেও হ’ব চাহকাপ। এটা কথা কোৱাচোন, মই যে তাৰ কথাবোৰ কৈ আছোঁ তোমাৰ তাত একো ক’বলগীয়া নাই? মই মিছা কথা কৈ আছোঁ নেকি তাৰমানে? তুমি তাক আজিলেকৈ কিবা বুজালানে? মইহে বকি থাকোঁ। সেয়ে ল’ৰা-বোৱাৰীৰ আগত মই বেয়া আৰু তুমি ভাল?
–কি যে কয় নহয় আপুনি!!
–কিয় নক’মহে? কিয় নক’ম? আজি সি ৰাতিপুৱাই কাম থকা বুলি ওলাই গ’ল। গোটেইখিনি কৰিব লাগিব এতিয়া মই। আৰু গৈছ বাৰু ঠিক আছে, কাৰখনো আজি লৈ যাব লাগেনে? মই এতিয়া ইমানসোপা বজাৰ কিহত লৈ আনো। ৰিক্সা কেইখনো সময় মতে নাপায়। খোজকাঢ়ি অহাযোৱা কৰিবলৈ মোৰ বাৰু এইটো বয়সত অসুবিধা নহয়নে? সি বুজিব লাগিছিল নে নাই কথাষাৰ? তুমিওতো ক’ব পাৰিলাহেঁতেন কথাষাৰ তাক?
–মই কথাষাৰ একদম পাহৰি গ’লোঁ, বিশ্বাস কৰক। আৰু মোৰনো সব সময়তে সকলোবোৰ কথা ক’ত ইমান মনত থাকে হয়নে? আপুনিয়েই কওকচোন।
— বুজি পাইছোঁ যোৱা। মোৰ কষ্টৰ কথা ভাবোতা এই ঘৰখনত কোনো নাই। যোৱা চাহ কাপ বনাই আনাগে।
কথাখিনি শেষ কৰি অভিমান এমোকোৰা মুখত লৈ ৰমানাথ হাজৰিকাই পুনৰ সন্মুখৰ ৰাস্তাৰ পিনে মুখ ঘূৰালে। পূৰ্ণিমাই কিবা ক’ব খুজিও পিছ মুহূৰ্তত একো নোকোৱাকৈ বেঞ্চত থকা আধাখোৱা চাহৰ কাপটো হাতত লৈ ৰূমৰ ভিতৰলৈ সোমাই গ’ল।

……

বজাৰত আজি বিৰাট ভিৰ। ৰবিবাৰৰ বজাৰত ভিৰ হোৱাটো অৱশ্যে স্বাভাৱিক কথা। প্ৰথমতে ৰমানাথ হাজৰিকাই মাছ আৰু মাংসখিনি কিনি লওঁ বুলি ভাবিলে। ভাল মাছ বেছি দেৰিলৈকে নাথাকে। সেই ভাবি তেওঁ লৰালৰিকৈ মাছ বজাৰৰ ফালে গ’ল।

প্ৰায় ডেৰ কেজিৰ ভকুৱা এটা কাটি চফা কৰি ল’লে। পইচা বেপাৰীয়ে যি কৈছে তাকেই দিলে। এনেয়ো তেওঁ বজাৰত বস্তুৰ দামক লৈ ইমান লাগি মেলি নাথাকে। পঠাৰ মাংসও এক কেজি লৈ শাক-পাচলিৰ বজাৰখন অলপ ঘূৰি চাই লোৱাৰ কথা ভাবিলে তেওঁ। বজাৰ কৰা নিচা মানুহজনৰ আগৰ পৰাই আছে। বজাৰত ভৰি দিয়াৰ পিছত যেন মানুহজনৰ নিচাটো বেছিকৈয়ে গাত ধৰে। কেইবিধমান ভাল সতেজ পাচলি ল’ব পাৰিলেই তেওঁ আজি আৰু বেছি সময় বজাৰখনত ঘূৰি নুফুৰে। আলহী আহি পোৱাৰ আগতেই পূৰ্ণিমাই বিচৰা ধৰণে যোগাৰখিনি দিব পাৰিলেই হ’ল আৰু!

–অ’ হাজৰিকা, বজাৰ কৰিছে?

হাজৰিকাই ঘূৰি চাই দেখে সেয়া কলিতা। লগত ছোৱালীজনী। হাতত বজাৰৰ মোনাখন লৈ দেউতাকক সহায় কৰি দিছে।
–হয় কলিতা। আজি মিতিৰ এঘৰ আহিব ৰ’ব। মাজনীও আহিছা দেখোন? দেউতাৰাৰ কষ্টৰ ভাগ লৈছা আৰু ন?
কলিতাৰ ছোৱালীজনীয়ে মিচিকিয়াই হাঁহিলে। কলিতাই কৈ গ’ল..
–ৰবিবাৰে আমি দুয়ো ওলাই আহোঁ। সেই এইখিনিতেই যিহেতু ঘৰটো, মোৰো খোজ কঢ়া হয় আৰু দুয়ো ভালকৈ চাই মেলি বজাৰ অলপ কৰি লৈ যাওঁ । ভালো লাগে।….. বাৰু বলেনে কি কৰিছে এতিয়া? স্কুল এখনত যে সোমাইছিল? ৰেগুলাৰ হ’ল নেকি বাৰু?
–অ’ সোমাইছিল হয় স্কুলখনত। কিন্তু ৰেগুলাৰ হোৱাৰ আশা নেদেখি এতিয়া বেলেগ এটা কিবা কৰিবলৈহে গৈ আছে ৰ’ব……। বাৰু মোৰ পলম হ’ব, আজিলৈ এৰো দেই।
কথা দীঘলীয়া নকৰি হাজৰিকাই ততাতৈয়াকৈ তাৰ পৰা খোজ ল’লে।

ই-ৰিক্সাবোৰে এনেই বৰ ঠেকেছে। তাতে আকৌ গাঁৱৰ ৰাস্তাটোও ওখোৰা মোখোৰা। ঘৰৰ ওচৰৰ চিনাকী ল’ৰা বুলিহে পৰেশে ৰিক্সাখন সাৱধানে চলাইছে যাতে খলা বমাবোৰ পাৰ্যমানে এৰাই চলিব পাৰি। হাজৰিকাই এনেকে প্ৰায়েই পৰেশক লৈ বজাৰ সমাৰ কৰি আনে। কেতিয়াবা অৱশ্যে বিচাৰিলেও তাক নাপায়।

কলিতাক মিছাকৈয়ে ক’লে তেওঁ। তেওঁ জনাত বলেনে কেতিয়াও কোনো স্কুলত কাম কৰা নাই। এতিয়াও যে সি কিবা লাভ হোৱা কাম কৰি আছে তেওঁৰ মনে নধৰে। অদূৰ ভৱিষ্যতেও তাৰ কিবা বিশেষ পৰিবৰ্তন দেখা পাব বুলি তেওঁৰ বিশ্বাস নহয়। কিন্তু সেইবুলি বেলেগৰ আগত তাৰ বদনাম গাই কেনেকৈ!!…

ৰিক্সাখনৰ গতিত হোৱা মৃদু বাধা এটাত হাজৰিকাৰ সম্বিৎ ঘূৰি আহিল। পিছলৈ নুঘূৰাকৈ পৰেশে ক’লে, “খুড়া, ছাগলী পোৱালী এটা পৰিছিল আগত।” দীঘল হুমুনিয়াহটোৰে যেন হাজৰিকাই পৰেশৰ কথাখিনি শলাগি থ’লে..!!

………

পূৰ্ণিমা আৰু বোৱাৰীয়েক সবিতাই ভাত খোৱা টেবুলখন সজাইছে। নাতিনীয়েক দুয়োজন ককাকৰ মাজত বহিছে খাবলৈ।

দুয়োজন ককাকক আজি একলগে পাইছে, কম ডাঙৰ কথানে? গতিকে কাকো নেৰে আজি তাই। পাঁচবছৰীয়া নাতিনীয়েকৰ মৰমত দুয়ো ককাকো সমানে বন্দী। এজন ককাকে তাই নোহোৱাকৈ কেতিয়াও ভাত নাখায় আৰু এজন ককাকক এৰি আজি তাই ভাত খাব নোৱাৰে। দুয়োজন ককাকক নিজৰ চিন্তাৰে আজি মনভৰি প্ৰশ্ন কৰিছে তাই। এজনে যদি মূৰত হাত বুলাইছে, আনজনে আকৌ তাইৰ অকমানি ভৰি দুখন হাতৰে পিহি দিছে।

মাজতে দেউতাকে সবিতাক পিনে চাই সুধিলে
–বলেন দেখোন আহিয়ে নাপালে অ’ মাজনী? একেলগে ভাতসাঁজ খাম বুলি ভাবিছিলোঁ।
–তেওঁৰ আহি পাওঁতে অলপ পলম হ’ব দেউতা। তেওঁলৈ ৰ’ব নালাগে…..
সবিতাৰ মুখৰ পৰা কথাষাৰ কাঢ়ি হাজৰিকাই ক’লে..
–সি আজি কিবা জৰুৰী কামত ৰাতিপুৱাই ওলাই গৈছে। কামখিনি শেষ হোৱা নাই চাগে। সেয়ে আহিব পৰা নাই। আমি খাই লওঁ দিয়ক। তাৰ পলম হ’ব।
ভাত এগৰাহ মুখলৈ নি হাজৰিকাই নিজকে সুধিলে, তেওঁ বাৰু বলেনৰ কথা-কাণ্ডবোৰ জানিও আনৰ আগত তাৰ বেলেগ ছবি এখন দিবলৈ কিয় যত্ন কৰে?? এয়া তেওঁৰ ল’ৰাৰ প্ৰতি থকা নিঃচৰ্ত দৰদ নে তেওঁ নিজে নভবাকৈয়ে ল’ৰাৰ ওপৰত থকা কিঞ্চিত বিশ্বাস? তেওঁ উত্তৰ নাপায়।

…………..

সন্ধিয়া ভাঙি গধুলি লাগিবৰ হৈছে। পূৰ্ণিমাই গোঁসাইঘৰত চাকি জ্বলাই মাটিৰ ধূনাদানিটো হাতত লৈ ঘৰখনৰ প্ৰতিটো কোণেই সুগন্ধিৰে ভৰাই তুলিলে।

সকলোৰে বাবে গধুলিৰ চাহ কাপৰ ব্যবস্থা কৰিবলৈ বুলি পাকঘৰত সোমোৱা সবিতাৰ মনত সৰু শংকা এটাই জোৰকৰি যেন থিতাপি ল’ব খোজে! পিছ মুহূৰ্ততে তাই নিজক বুজনি দিয়ে, “নিশ্চয় কামখিনি হোৱা নাই, সেয়ে মানুহজন ঘৰ পোৱাহি নাই। কেতিয়াবা মানুহজনতো নিশা দুটা বজাতো ঘৰ সোমোৱা নজিৰ আছে!! ৰাতি চাৰ্জ কমি যোৱা ফোনটো ৰাতিপুৱাই তেনেকৈ লৈ যোৱাৰ পিছত, ক’তো চাগে চাৰ্জ দিয়াৰ সুবিধাকণো নাপালে মানুহজনে, কামৰ ব্যস্ততাৰ বাবে….!!

হাজৰিকাই পূৰ্ণিমাক মাতি “বলেনে ফোন কৰি কিবা কৈছে নেকি পলম হোৱাৰ কাৰণ” জানিব বিচাৰে। পূৰ্ণিমাই বলেনৰ ফোন অহা নাই বুলি জনায় আৰু বোৱাৰীয়েকে ফোন কৰোঁতে বলেনৰ যে ফোন বন্ধ পায় তাকো জনায়।

হাজৰিকাই টিভিটো অন কৰিল। ৰিম’টটোত অসমীয়া বাতৰিৰ চেনেলৰ নম্বৰটো টিপি চুকত থকা কাঠৰ চকীখন টানি আনি বহি ল’লে। কাষতে বহা ঘৈনীয়েক পূৰ্ণিমাৰ ফালে চাই ক’লে…

— এই ল’ৰাটোৱে কিয় বাৰু এনেদৰে মোৰ প্ৰেচাৰ বঢ়াই থাকে? সেই ৰাতিপুৱাই ওলাই গ’ল। এতিয়ালৈকে খবৰ এটা নাই। কলৈ যায়, ক’ত কি ধান্দাত ঘূৰে একো গম নিদিয়ে আমাক। এটা ফোন কৰিও নজনাই ক’ত আছে, কি কৰিছে । ঘৰৰ মানুহকেইটাক চিন্তাত পেলাই সি নিচিন্ত মনে ঘূৰি ফুৰিছে। অলপো দায়িত্ববোধ নাই। তাৰ কথা কোনোবাই সুধিলে মই অস্বস্তিত পৰোঁ। সি কিবা ভাল কাম কৰি আছে বুলি বুকুত সাহস ৰাখি ক’ব নোৱাৰোঁ। এইবিলাক কেতিয়া বুজি পাব সি? কি দিয়া নাই মই তাক? ঘৰখনৰ মৰ্য্যদা, মোৰ মান সন্মানলৈ তাৰ অকণো ভ্ৰুক্ষেপ নাই কিয়??….

নাতিনীয়েক আহি আইতাকৰ কোঁচত বহেহি…
পূৰ্ণিমাই ক’লে..
–আপুনি অলপ ধৈৰ্য্য ধৰকচোন। বলেনে আৰু চাগে বেছি দেৰি নকৰে। মোৰ বিশ্বাস সি কেতিয়াও একো বেয়া কাম নকৰে….
বোৱাৰীয়েক সবিতাই চাহ আনি টেবুলত ৰাখিলে।
–বোৱাৰী শুনা। তুমি বলেনক কৈ দিবা যে মই …..হাজৰিকাৰ কথা শেষ হ’বলৈ নাপালে…
—ককা, ককা চোৱা। টিভিত দেতা ওলাইছে…দেতা দেতা…

কণমানিজনীৰ কথাত সকলো সচকিত হৈ উঠিল…

হয় হয়, ঠিকেই। এইটো দেখোন বলেনেই হয়..!! কি হ’ল তাৰ?? হ’স্পিতালৰ বিচনাত কি কৰিছে সি?? পূৰ্ণিমা আৰু সবিতাক ফেঁকুৰা দেখি অকমানিজনীয়েও কান্দিব ধৰিলে।

এইবাৰ দেউতাক ৰমানাথ হাজৰিকাই ধৈৰ্য্য ধৰিলে!! কাৰণ তেওঁ জানিব লাগিব ঘটনাৰ প্ৰকৃত সত্য। কিহৰ বাবে সি হাস্পাটালৰ ধেনুভিৰীয়া বিচনাত আঁউজি ৰৈ আছে?? বাওঁভৰিৰ আঠু আৰু বুঢ়া আঙুলিত লাগি থকা ৰঙা বেণ্ডেজ দুডোখৰে কি সুচাইছে?? সোঁহাতৰ বাহুৰ পৰা ওলমি পৰা ৰঙা সৰু পাইপ দাল দেখুৱাই সি দেউতাকক কি বুজাব খুজিছে??

টিডিৰ ভলিউম বঢ়াই দিলে তেওঁ …

দুটা ভাগত বিভক্ত টিভিৰ স্ক্ৰীণখনৰ সোঁফালে হাস্পাটালৰ বিচনাত আউজি থকা বলেনক ৰাখি বাওঁফালে এংকৰজনে কৈ গ’ল,

— এক ৰোমহৰ্ষক দূৰ্ঘটনাত পতিত হোৱা এটি পৰিয়ালক একক প্ৰচেষ্টাৰে উদ্ধাৰ কৰিলে এজন অত্যন্ত সৎ আৰু প্ৰবল সাহসী সৰবৰহী যুৱক বলেন হাজৰিকাই। অকল সেয়েই নহয়। বৰ্তমান সংকটজনক অবস্থাত থকা মহিলাজনীক নিজৰ ৰক্তও দান কৰিলে হাঁহিমুখে। এই উদ্ধাৰ কাৰ্যত বলেন হাজৰিকাইও বাঁওভৰিৰ আঠু আৰু বুঢ়া আঙুলিত কিছু পৰিমাণে আঘাত পায়। আমি জানিব পৰা মতে আজি ৰাতিপুৱাই নিজৰ মাৰুতি ভ্যানখনেৰে বলেন হাজৰিকাই “কঁহুৱা” লোকসভা সমষ্টিৰ সাংসদজনক লগ কৰিব গৈছিল ঘৰৰ পৰা প্ৰায় চল্লিশ কিঃমিঃ দূৰৰ মদাৰতললৈ। সাংসদজনে ইতিমধ্যেই তেওঁৰ সাংসদ পুঁজিৰ পৰা হাজৰিকাৰ নিজ গাওঁ “দৌলগোবিন্দ পুৰ”ত এটা “পুথি ভঁড়াল”, পাগলাদিয়া নৈৰ পাৰৰ প্ৰায় দুশ বিঘা মাটিত সমবায় ভিত্তিত এখন কৃষি পাম লগতে ফিচাৰি আৰু ৰাজহুৱা নামঘৰটোৰ ওচৰৰ আঁহতৰ তলত গাঁৱৰ বয়সীয়াল মানুহখিনিৰ কাৰণে এটা সময় কটোৱা ক্লাবৰ যি আবণ্টন দিছে তাৰ বিষয়ে এক জৰুৰী আলোচনৰ বাবে সাংসদজনে হাজৰিকাক মাতি পঠিয়াইছিল। তাৰ পৰা উভতি আহি থাকোঁতে সোনামতি চ’কৰ ওচৰত হাজৰিকাৰ সন্মুখত তীব্ৰবগী ডি আই এখনে মাৰুতি কাৰ এখনক খুন্দিয়াই পথাৰত পেলাই আঁতৰি যায়। গাড়ীত থকা মহিলাগৰাকী আৰু সৰু ছোৱালীজনী বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। পুৰুষজনেও আঘাত পায় যদিও খুব গুৰুতৰ নহয়। ঘটনাস্থলীৰ আশে-পাশে কোনো মানুহৰ ঘৰ নথকাত হাজৰিকাই মানুহজনৰ সহযোগত ঘৈনীয়েক আৰু ছোৱালীজনীক নিজৰ গাড়ীত উঠাই হাস্পাটালত ভৰ্তি কৰায়। পৰোপকাৰী যুৱকজনৰ এই মহান প্ৰচেষ্টাক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। নিজৰ অঞ্চলৰ উন্নতিৰ কাৰণে, প্ৰতিজন লোকৰ ভালৰ বাবে এই সাধাৰণ যেন লগা এই যুৱকজনে নিৰলস ভাবে চেষ্টা চলাই গৈছে। তাৰেই এক অংশ হিচাপে তেওঁৰ গাঁও “দৌলগোবিন্দ পুৰ”ৰ ঘাই পথটোৰ পকীকৰণৰ কামো দুই এদিনতে আৰম্ভ হ’ব।…..বলেন হাজৰিকাক আৰু কিছু সময় পিছতেই হাস্পাটালতৰ পৰা ৰিলিজ কৰি দিয়া হ’ব ….তেওঁ সম্পূৰ্ণ ভাবে সুস্থ ….

ৰমানাথ হাজৰিকাৰ দুচকুৰ পৰা দুধাৰি তপত চকুলো বৈ আহি গালদুখনৰ ওপৰেৰে বাগৰি গ’ল। থোকাথুকি মাতেৰে তেওঁ ক’লে…

–পূৰ্ণিমা অ’, তোমাৰ ল’ৰা মানুহ হৈছে অ’। প্ৰকৃত অৰ্থত মানুহ…তাৰ কামবিলাকৰ মই একো ভুৱেই পোৱা নাছিলোঁ দেখোন …..হ’ব দিয়া, তাক অৰু মই খং নকৰোঁ কেতিয়াও ….. সি তাৰ উদ্দেশ্যৰ দিশে সফলতাৰে আগবাঢ়ি যাওক …..দেউতাক হিচাপে এইখিনি আশীৰ্বাদ মই নিশ্চয় দিব পাৰোঁ তাক…..তোমাৰ সন্তানে বেয়া কাম কৰিব নোৱাৰে অ’ পূৰ্ণিমা……
চাদৰৰ আচলেৰে চকু মোহাৰি মোহাৰি পূৰ্ণিমাই কয়….
–কিনো কয় আপুনি……অকল মোৰেই সন্তান নেকি সি…..!! আপোনাৰ শিক্ষাৰে শিক্ষিত সি…..আপোনাৰ সংস্কাৰ তেজত কঢ়িয়াই ফুৰা ল’ৰা আমাৰ বলেন….সি কেতিয়াও বেয়া কাম কৰিব নোৱাৰে…..আপোনাৰ আদৰ্শৰ পৰা কেতিয়াও বিচ্যুত নহয় সি……আপোনাক সমাজত কেতিয়াও হেয় হ’ব নিদিয়ে সি……এইখিনি বিশ্বাস সদায় ৰাখিব আপোনাৰ ল’ৰাৰ ওপৰত…..

মাকৰ কোঁচত ফেঁকুৰি থকা অকমানিজনীয়ে মাকক সুধিলে, “মা দে’তা কেতিয়া আহিব……??

নাতিনীয়েকক দুহাত মেলি মাকৰ কোঁচৰ পৰা নিজৰ বুকুৰ মাজত আলফুলে সুমুৱাই ল’লে ৰমানাথ হাজৰিকাই।

–আহিব সোণজনী, দে’তাই আৰু বেছি দেৰি নকৰে। তেওঁৰ কাম শেষ হৈছে। সোনকালে ঘূৰি আহিব।  …… তুমিও দে’তাৰ নিচিনা সৎ আৰু সাহসী হ’বলৈ চেষ্টা কৰিবাদেই মাজনী…….। নাতিনীয়েকৰ মূৰত হাত বুলাই কপালত প্ৰত্যয় ভৰা চুমা এটা আঁকি দিলে ৰমানাথ হাজৰিকাই ……..।।

☆ ★ ☆ ★ ☆

2 Comments

  • হেমন্ত কাকতি

    গল্পটো পঢ়ি গৈ থাকোতে অলপ টেনচনেই হৈ গৈছিল৷ শেষত হস্পিটাল আৰু টিভিত কিবা বেয়া খবৰ পাম নেকি বুলি৷
    তামাম ফিনিচিং দিলা৷ ভাল লিখিছা ৰূপম!

    Reply
    • ৰূপম ঠাকুৰীয়া

      ধন্যবাদ দাদা। মোক অনুপ্ৰাণিত কৰিলে।

      Reply

Leave a Reply

Your email address will not be published.