ফটাঢোল

প্ৰথম নিশাৰ মালিতা-প্ৰকৃতি নাজিৰ

“আয়ৌ মৰিলোঁ ঔ!”

চিঞৰটো ইমান তীব্ৰ আছিল যে তাক চিঞৰ নুবুলি আৰ্তনাদ বোলাই সঠিক হ’ব। নতুন কইনাৰ কোঠাৰপৰাই চিঞৰটো আহিছে৷

সকলো সচকিত হৈ উঠিল। তিনিদিন বিয়াঘৰীয়া ব্যস্ততাৰ বাবে শুবলৈ নোপোৱা মানুহবোৰ খোবাখুবীৰ জঞ্জাল সামৰি বিছনাত পৰিছিলহে। বিছনানো ক’ত পাব! আলহী, অতিথি এতিয়াও ভালেমান আছেই ঘৰখনত। মাটিয়ে বালিয়ে বিছনা তৰি আটাইখন শুবলৈ লৈছিল। প্ৰচণ্ড চিঞৰটোৱে মুদ খাবলৈ ধৰা ভাগৰুৱা চকুবোৰ বহলকৈ মেল খুৱাই দিলে। ই-পেটাৰ্ণৰ ঘৰটোৰ পূৱদিশৰ আচুতীয়া আহল-বহল কোঠাটোকে দৰা-কইনাক দিয়া হৈছিল। দুপৰীয়াৰেপৰা কইনাঘৰীয়াই অনা নতুন আচবাববোৰ কোঠাটোত থানথিত লগোৱা হৈছিল। সন্ধিয়া ভকতে খোবাখুবীৰ নাম লৈ থাকোঁতেই দৰাৰ উলিয়াই দিয়া ভনীয়েক দুজনী, গাভৰু ভাগিনীয়েক এজনীয়ে নতুন দৰা-কইনা শুবলগীয়া বিছনাখন সজাইছিল। দৰা অৰবিন্দই লাজতে সেইমুৱা হোৱাই নাছিল। নাম ভাগিল; কইনাই লাজ লাজকৈ ভাতকেইটামান খোৱাৰ পিছত জাক, নন্দেকহঁতে ধৰাধৰিকৈ নতুন বিছনাত বহুৱাই থৈ আহিছিল। দৰা অৱশ্যে কেতিয়া কোঠাত সোমাল সেই খবৰ কোনেও লোৱা নাছিল। ভাত-পানী খোৱাৰ পিছত ভালেমান সময় পিছফালৰ কোঠা এটাত অৰবিন্দই তাৰ বন্ধু-বান্ধৱ দুটামানৰ লগত আড্ডা দি আছিল। তাৰপিছত সকলো নিজম পৰিল। দৰাৰ বন্ধুহঁতো শুই পৰিল। আৰু এতিয়া ৰাসৰ ঘৰৰপৰা কইনাৰ প্ৰাণকাতৰ আৰ্তনাদ!

” অ’ মা মৰিলোঁ ঔ!”

দ্বিতীয়টো আৰ্তনাদৰ পিছত সাৰ পাই থকা মানুহবোৰ উঠি বহিল। দৰা-কইনাৰ কোঠাত হ’বলগীয়া অস্ফুট মাত কথা, দীঘল ঘন ঘন উশাহ-নিশাহ শুনিব নোৱাৰাকৈ সকলোৰেপৰা আঁতৰত, দূৰণিত আছিল কোঠাটো। কিন্তু গোটেই ঘৰখনে শুনাকৈ ত্ৰাসত ভীষণ চিঞৰ মাৰিবপৰাকৈ কোঠাৰ ভিতৰত কি ঘটিব পাৰে ভাবি ভাবি মানুহবোৰ প্ৰথমে বিব্ৰত আৰু ক্ৰমান্বয়ে লজ্জিত হৈ পৰিল। দৰাৰ বৌৱেক, ভনীয়েকহঁতৰ কাণমূৰ গৰম হৈ আহিল। কইনালৈ পুতৌ লাগক চাৰি জান নাজান হাঁহি এটা সিহঁতৰ মুখত বিৰিঙি উঠিল।

: ইস, টাউনীয়া ছোৱালীয়ে এনেকৈ চিঞৰেনে! চম্ভালি ল’ব পাৰিব লাগে!

বৌৱেকে মুখৰ ভিতৰতে ভোৰভোৰাই উঠিল। হওঁতে দেওৰেক তেনেই নিমাখিত শান্ত শিষ্ট ল’ৰা। বিয়াৰ আগলৈকে কোনো ছোৱালীৰ লগত মিলামিছা কৰা কোনেও দেখা নাছিল। আনহে নালাগে নিজৰ বৌৱেকৰে মুখলৈ চাই কথা নকয়। এইহেন শান্ত ল’ৰাটোৰ কাষত নৱপৰিণীতাই টেঁটুফালি চিঞৰিব লগা হ’লনে! ইস মানুহৰ বাহ্যিক ৰূপ চাই মনৰ ভিতৰ পঢ়িব নোৱাৰি দেই। হওঁতে কইনা টাউনীয়া স্মাৰ্ট ছোৱালী। বেংকৰ চাকৰিয়াল বাবেহে গাঁৱলীয়া দেওৰেকে চহৰীয়া ধুনীয়া ছোৱালীজনী পালে৷ প্ৰথম নিশাই অঁকৰা মৈত উঠিল। বন্ধু-বান্ধৱ সোপাইনো কি কৰি আছিল! দৰাক অলপ শিকাই বুজাই পঠিয়াব নোৱাৰিলেনে!

“আয়ৌ খালে ঔ!”

তৃতীয়টো চিঞৰত পিছফালৰ কোঠাত শুবলৈ লোৱা দৰাৰ বন্ধুকেইটা উঠি বহিল। তিনিপেগকৈ সুৰা গলাধকৰণ কৰি শুবলৈ লোৱা আটাইকেইটাৰ  দ্বিতীয়টো চিঞৰতে নিচা ফাটিছিল। বন্ধুমহলৰ আটাইতকৈ নিমাখিত অৰবিন্দৰ কইনাৰ প্ৰথম নিশাৰ চিঞৰে সিহঁতক আমোদ দিছিল। কিঞ্চিত উত্তেজিত কৰিছিল। কিন্তু তৃতীয়টো আৰ্তনাদে সিহঁতক কিছু শংকিত কৰি তুলিলে।

: য়ে তো কুছ জ্যাদা হি হো গয়া।

গগণ থিয় হ’ল।

: ঐ তই তাক কেইপেগ খুৱালি?

বিছনাত বহি থকা বিক্ৰমলৈ চাই সি জকজকাই উঠিল।

: কি কেইপেগ! তোৰ চকুৰ আগতে সি এঢোক খাই মুখ বিকটাই গিলাচটো দলিয়াই দিয়া নাছিল? এঢোকতকৈ বেছি খোৱা নাই সি৷

: এঢোকো খুৱাব নালাগিছিল তই। কোনোদিনে মদ মুখত নিদিয়া মানুহ!

গগণৰ খং নকমা হ’ল৷

: আৰু তই কি কৈ আছিলি অৰবিন্দক! পুৰণি হিন্দী চিনেমাৰ ডাইলগ মৰা নাছিলি, “চাদী কি ৰাত হি তেয় কৰতা হেই কি তু বিবি কা গুলাম বনেগা য়া বিবি তেৰি গুলাম ৰহেগী।” কিয় গাইছিলি সেইসোপা সেই অভংটোক উচতাবলৈ!

বিক্ৰমৰো খং উঠিল।

“আপুনি নাহিব মোৰ ওচৰলৈ!”

চতুৰ্থ চিঞৰটোৰ শেষৰফালৰ অংশ মোকমোকনি এটা হৈ ওলাল। কোনোবাই যেন চিঞৰাজনীৰ মুখত সোপা মাৰি ধৰিছে! তাই যেন মাতিব পৰা নাই। পিছমুহূৰ্ততে পুৰুষকণ্ঠৰ আৰ্তনাদ এটা ভাঁহি আহিল। আক্ৰমণটো বোধহয় উমৈহতীয়া পৰ্যায় পাইছেগৈ। নাই নাই! আৰু ৰৈ থকাৰ কথা নাই। খটখটকৈ বন্ধ কোঠাৰ দুৱাৰবোৰ খোল খালে। চুচুকচামাক খোজবোৰ পূৱদিশৰ আচুতীয়া কোঠাটোৰ দুৱাৰমুখত ৰ’লগৈ। চেটেপ-চেটেপকৈ ব্ৰাজিলিয়ান চপ্পলৰ শব্দ তুলি আগবাঢ়ি আহিল অৰবিন্দৰ গাভৰু ভাগিনীয়েক মন্দাকিনী৷ নাৰীবাদী লেখিকা হিচাপে কমবয়সতে সুনাম আৰ্জিছে তাই। এটা নাম থকা মহিলা সুৰক্ষা সংগঠনৰ সক্ৰিয় কৰ্মকৰ্তাও মন্দাকিনী। চিল্কৰ গাউনৰ ওপৰত পৰি থকা দীঘল ষ্ট্ৰেইট চুলিখিনি এখন হাতেৰে পিছফালে চটিয়াই দি তাই আঙুলি টোঁৱাই কৈ উঠিল,

: হুহ! বিয়াৰ আগতে দৰা কইনাক ভালকৈ লগ হ’বলৈ, ইজনে সিজনক বুজিবলৈ সুবিধা নিদি চিধাই বন্ধ কোঠাত সুমুৱাই দিলে এনেকুৱা নহৈ কি হ’ব!

কোনেও একো নামাতিলে। হয়ো কথাটো। অৰবিন্দ মাথোঁ দুদিনহে গৈছিল বিয়াৰ আগত কইনাৰ ঘৰলৈ। তাকো বন্ধু-বান্ধৱ, ঘৰৰ মানুহৰ লগত। কইনাক অকলে লগ পোৱা নহ’লেই তাৰ। আচলতে সি নিজেই বিচৰা নাছিল। কি যে ঠাণ্ডামুণ্ডা দেখুৱাই থাকে! বিড়াল তপস্বী!

মন্দাকিনীয়ে লাহেকৈ দুৱাৰত টুকুৰিয়ালে। কোঠাৰ ভিতৰখন এক লহমাৰ বাবে কাঁহ পৰি জীণ গ’ল। পিছমুহূৰ্ততে দুৱাৰ খুলি ন-কইনা হুৰমূৰকৈ ওলাই আহিল। সকলোৱে থৰ লাগি তাইলৈ চাই ৰ’ল। তাইৰ খোপা খোল খাই আউল লগা চুলিবোৰ মুখৰ দুয়োফালে ওলমি আছিল। কঁপালৰ সেন্দুৰ বিয়পি পৰিছিল৷ তাইৰ কান্ধৰ ওপৰেৰে চকু তুলি আটায়ে কটমটকৈ অৰবিন্দলৈ চালে। পৃথিৱীৰ জঘন্যতম অপৰাধীটোৰ দৰে তলমূৰকৈ ৰৈ থাকিল অৰবিন্দ। তাৰপিছত কিবা বুজোৱাৰ ভংগীৰে দুহাত মেলি সি আগবাঢ়ি আহিল। তাক ওচৰ চাপি অহা দেখিয়ে কইনাই আকৌ চিঞৰি উঠিল,

“মৰিলোঁ ঔ!”

তাইৰ কঁপি থকা শৰীৰটো সাৱটি লৈ মন্দাকিনীয়ে জলন্ত দৃষ্টিৰে মোমায়েকলৈ চালে। কইনাই কঁপা কঁপা হাতেৰে অৰবিন্দৰ বুকুৰ ফালে আঙুলিয়াই দেখুৱালে। মন্দাকিনীয়ে একমুহূৰ্ত স্থিৰ দৃষ্টিৰে সেইফালে চাই ৰ’ল। হঠাতে তাইৰ মুখৰ ৰং সলনি হৈ কেঁহেৰাজ বতা যেন হ’ল।

“মৰিলোঁ ঔ!”

এইবাৰ চিঞৰটো মন্দাকিনীৰ মুখেৰে ওলাল। দুঃসাহসী নাৰীবাদী লেখিকা গৰাকীয়ে চিকচিকিয়া চিল্কৰ গাউনটো দুহাতেৰে ডাঙি ভিৰাই লৰ ধৰিলে। পিছে পিছে পাটৰ মেখেলা কোঁচাই ন-কইনা৷ কৰিডৰটো পিছল আছিল হ’বলা। কেইখোজমান গৈয়ে মন্দাকিনী মুখ থেকেচা খাই পৰিল। তাইৰ পিছে পিছে দৌৰি থকা কইনায়ো হামখুৰি খাই তাইৰ গাৰ ওপৰতে বাগৰি পৰিল।

: উস্ মই পাগল হ’ম এতিয়া!

দুহাতেৰে মূৰটো হেঁচা মাৰি অৰবিন্দই কৈ উঠিল। গগণ আৰু বিক্ৰম তাৰ কাষ চাপি গ’ল। কইনাই আঙুলি টোঁৱাই দেখুৱা অৰবিন্দৰ বুকুৰ সোঁফালটো সিহঁতে জুপি জুপি চালে। বন্ধুহঁতৰ কথামতে সাহস গোটাবলৈ মদৰ গিলাচত মুখ দি ভয় খাই আছিল অৰবিন্দই৷

“কইনাই যদি মুখত মদৰ গোন্ধ পায়! ছেঃ কি যে কৰিলোঁ!”

মুখৰ গোন্ধ মাৰিবলৈ সি পিছচোতালৰ নেমুটেঙাজোপাৰ পাতকেইখিলামান মুচৰি মুখত ভৰাইছিল। বস্তুটো চাগে তেতিয়াই তাৰ গাত লাগিল। লাগিলো একেবাৰে বুকুৰ বাওঁফালৰ পাতৰ পাঞ্জাৱীৰ ওপৰত! অথনিৰেপৰা হৈ থকা খেলিমেলি হুলস্থূলখনত নাৰ্ভাচ হৈ বস্তুটো থৰ হৈ আছিল। এতিয়া কাষ চাপি যোৱা মানুহৰ গোন্ধ পাই সি লিকলিকাই উঠিল। নিজৰ পিছফালটো দৃঢ়তাৰে অৰবিন্দৰ বুকুত গুজি সমগ্ৰ শৰীৰটো আগলৈ আনি আক্ৰমণৰ ভংগীত সাজু হৈ ৰ’ল সম্পূৰ্ণ এক ইঞ্চি দৈৰ্ঘ্যৰ এটা চীনাজোক

 ☆ ★ ☆ ★ ☆

11 Comments

Leave a Reply

Your email address will not be published.