ফটাঢোল

প্ৰথম প্ৰেমৰ অংগনবাদী আবেগ-দিগন্ত বৰা 

প্ৰেমৰ ক্ষেত্ৰত মই মানুহটো বহুদিনলৈকে ৰসায়ন বিজ্ঞানত পঢ়া সেই নিষ্ক্ৰীয় মৌলকেইটাৰ দৰে আছিলোঁ৷ প্ৰেম কি, খায়নে সানে একো মাথা-মুণ্ড পোৱা নাছিলোঁ৷ তথাপিতো গাঁৱৰে ছোৱালী এজনীৰ সৈতে মোক যোৰা দি দি জোকাইছিল বহুতে৷ এনেকুৱাই জোকাইছিল যে মোৰ ‘জীনা হাৰাম’ কৰি দিছিল সেই সময়ত৷ ফলত উৰহৰ খং ভগা ঢাৰিখনত কোবোৱাৰ দৰে মোৰ ছোৱালীজনীলৈকে অদ্ভুত খং উঠিছিল৷ দেখিবলৈকে মন নোযোৱা হৈছিল তাইক বাপেক্কে৷ তাই মোক মাতিবও খুজিছিল৷ তাইক দেখিলে মোৰ ভয় লগা হৈছিল৷ বাটে ঘাটে ক’ৰবাত পালেও তাইৰ ফালে নোচোৱাকৈ মই আনফালে চাইছিলোঁ৷

ন’ ডাউট, ছোৱালীজনী ধুনীয়া আছিল৷ কিন্তু প্ৰেমৰ ক্ষেত্ৰত ধুনীয়াতকৈ বেলেগ কিবা এটা লাগে, যিটো তাইৰ ওচৰত পোৱা নগৈছিল৷ হায়াৰ চেকেণ্ডাৰী চায়েন্স’ত ষ্টেণ্ড কৰিলেই যে মেডিকেল বা ইঞ্জিনীয়াৰিঙৰ চীট কেইটা তেওঁলোকৰ প্ৰেমত উবুৰি খাই পৰিব সেইটোতো নহয়! ষ্টেণ্ড কৰাৰ বাদেও তেওঁলোকৰ আৰু কিবা এটা থাকিব লাগিব! সেই কিবা এটা কিন্তু ষ্টেণ্ড নকৰা এটাৰো থাকিব পাৰে! মোৰ ক্ষেত্ৰতো যাৰ সৈতে মোক যোৰা দি জোকাই থকা হৈছিল, তাইৰ ওচৰত কিবা এটা বিচাৰি পোৱা নাছিলোঁ, যিটো তাইতকৈ কম ধুনীয়া বুলি কোৱা এগৰাকীৰ ওচৰতহে পাইছিলোঁ বা দেখিছিলোঁ, তাকো বহুদিনৰ মূৰত৷

বি এ পঢ়ি থাকোঁতেহে প্ৰেমৰ সুৰসুৰণি এটা মই অনুভৱ কৰিছিলোঁ৷ তাকো ওপৰত উল্লেখ কৰা দ্বিতীয় গৰাকীৰ লগতহে৷ তাইক মোৰ ভাল লাগিছিল৷ তাহাঁতৰ ঘৰৰ মানুহবোৰো মোৰ ভাল লগা হৈছিল৷ সিহঁতৰ বাটটোত, পদূলিটোত খুটি এটা পুতি অনবৰতে মোৰ মনটো এৰাল দি থৈছিলোঁ৷ সিহঁতৰ লেৰেলা গৰুজনীকো মোৰ মৰম লাগিছিল, তাইৰ লেতেৰা গোবৰখিনি দেখিওযে সুখী হৈ পৰিছিলোঁ মই! সিহঁতৰ ক’লা কুকুৰটোকো চালে চাই থাকিবৰ মন গৈছিল৷ সুবিধা পালেই সিহঁতৰ ঘৰলৈ যাবলৈ মন গৈছিল৷ ঘৰলৈ নগ’লেও পদূলিৰ ফালে গ’লেও মনটো মোৰ ৰোমাণ্টিক হৈ পৰিছিল৷ খাওঁতে, বহোঁতে, উঠোঁতে কেৱল তাই, তাই আৰু তাই হৈ পৰিছিল৷

এদিনৰ কথা৷ আঘোণ মহীয়া পথাৰত মাহঁতক দুপৰীয়া চাহ দিবলৈ গৈছিলোঁ। সেইদিনা বহল বঙিয়াটোৰপৰা নামি পথাৰৰ আলিয়েদি তললৈ চাই চাই গৈ থাকোঁতে কেতিয়ানো মাহঁতৰ ওচৰ পালোঁগৈ ধৰিবই পৰা নাছিলোঁ৷ মাহঁতে পথাৰৰ আলিত বহি ৰবাব টেঙা এটা   বখলিয়াই লৈছিল তেতিয়া৷ তেতিয়াহে কোন কোন আছে বুলি চাই পঠাইছিলোঁ এডৰা মাটিৰ আঁতৰৰপৰা৷ কিন্তু এইয়া কি! নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিলোঁ মই৷ পথাৰৰ আলিত মাহঁতৰ লগতে তাই বহি আছিল৷ অচিনাকি লাজ এটাত মই কোঙা হৈ গৈছিলোঁ৷ চাহখিনি দি যেনেতেনে ঘৰলৈ পলাব বিচাৰিছিলোঁ৷ যেনেতেনে পলাই সাৰিব বিচাৰিছিলোঁ মই সেইদিনা! প্ৰেমৰ এয়াই আচৰিত গুণ! কাষত বিচাৰি বিচাৰি হাবাথুৰি খায়, অথচ কাষত পালেও মুচকচ যায়! মাহঁতক চাহখিনি দিবলৈ বেগাই যাওঁতেই পথাৰৰ আলিত পৰি থকা ধানত জোটপোট খাই পৰি গৈছিলোঁ৷ হাঁহি হাঁহি মা আগবাঢ়ি আহিছিল, খুৰী আহিছিল! তায়ো আহিছিল মোক তুলিবলৈ! মনটো কিবা কিবি লাগি গৈছিল৷

সেইদিনা একেলগে একেটা আলিতে বহি চাহ খাইছিলোঁ, তিওৱা বুট আৰু চকোৱা চাউলৰ মিক্সাৰ খাইছিলোঁ৷ সিহঁতৰ পথাৰ আমাৰ মাটিৰ গাতে লাগি আছিল, সেই কথাটো প্ৰথম জানি মনটো ৰোমাঞ্চিত হৈ পৰিছিল৷ আহিবৰ সময়ত নাটকীয়ভাৱে তাই মোৰ লগতে যাওঁ বুলি কৈছিল৷ মাকেও সন্মতি দিছিল৷ মোৰ বুকুখনহে বেমাৰী গাড়ীৰ ইঞ্জীন লৰাদি লৰিব ধৰিছিল৷ বহুত দিনে ভাৱি থকা কথাটো সেইদিনাই ক’ম বুলি ঠিৰাং কৰি পেলাইছিলোঁ। পথাৰৰ আলিটোৰে অগা-পিছাকৈ দুয়ো আহি আছিলোঁ৷ আধা ৰাস্তা পাৰ হ’লোঁ, কথাটো ক’বই নোৱাৰিলোঁ৷ বঙিয়াটোত উঠিলোঁ৷ কথাটো কোৱা নহ’ল৷ জৰীজোপাৰ তলতে ৰৈ কথাটো ক’ম বুলি সংকল্প ল’লোঁ৷ সেইমতে জৰীজোপাৰ তলত তাইক ৰ’বলৈও ক’লোঁ৷ তাই ৰৈ গৈছিল৷ মই ক’লোঁ,

: তোক কথা এটা ক’ম, বেয়া পাবিনেকি?

: নাপাওঁ, ক৷

তাই তলমূৰ কৰি ক’লে।

মই সুধিলোঁ,

: বস্তু এটা দিম ল’বি?

: মোৰ ভয় লাগে৷ কেনেকৈ দিবি?

তাই সংকোচ মনেৰে ক’লে।

বুকুখনে ধান বনাদি বানিছিল৷ বহুপৰ একোকে ক’ব পৰা নাছিলোঁ৷ তাইৰ মাততহে সম্বিত ঘূৰি আহিছিল৷
থোকাথুকি মাতেৰে মই ক’লোঁ,

: সন্ধিয়া পদূলিলৈ ওলাই আহিবি৷ তাতে দিম৷

: দাদাহঁতে দেখিব!

: কেনেকৈ দিম তেন্তে?

: তহঁতৰ কুকুৰটো সদায় সন্ধিয়া আমাৰ চুৱাপাতনিত জোপ মাৰি থাকেহি৷ মই হাত ফুৰাই ফুৰাই খুউব মৰম কৰোঁ তাক৷ আজিও আহিব৷ তাৰ ডিঙিতে ৰচী এডাল লগাই বান্ধি দিবি৷ মাথো চিঠিত মোৰ নামো নিলিখিবি, তোৰ নামো নিদিবি৷

: কিয়?

মই আচৰিত হৈ সুধিলোঁ।

: চোৰাংচোৰাই পালেও তেতিয়া ধৰিব নোৱাৰিব।

তাই তপৰাই উত্তৰ দিলে।

তাইৰ বুদ্ধি পচন্দ হৈছিল৷ সেই দিনতে মস্ত এক প্ৰযুক্তিৰ সহায়ত গোপনীয়তা লীক নোহোৱাকৈ দুটি মনৰ আদান প্ৰদান কৰিব পাৰিছিলোঁ৷ আজিৰ প্ৰযুক্তি ইমান উন্নত হৈছে যদিও আমাৰ সেই ফাপৰে ধৰা প্ৰযুক্তিৰ সৈতে ফেৰেই মাৰিব নোৱাৰিব! কোনো এফ বি আই, চি বি আই  আদি লগোৱা হ’লেও আমাৰ সেই গোপনীয়তা ধৰা পেলাব নোৱাৰিলেহেঁতেন চাগে! আজিকালি যিবোৰ উন্নত প্ৰযুক্তিৰ দোহাই দি মানুহক পুতলা সজাইছে, তাক জানিবলৈ বাকী নাই আৰু! কাকো হোৱাটচএপ, মেচেঞ্জাৰত মনৰ কথাটোকে খুলি ক’ব নোৱাৰি, পচন্দ হ’লে আপত্তি নাই, পচন্দ নহ’লে পাছদিনা স্ক্ৰীণশ্বত মাৰি এনেকুৱাই এফ বি, হোৱাটচএপ ভিজাই দিব নহয়, কৈলাস পৰ্বতত থকা মহাদেৱেও seen আৰু like মাৰি দি কাৰোৰে আগত মুখ উলিয়াব নোৱাৰা অৱস্থা কৰি দিয়ে! মুঠতে ইয়াৰ পৰা এটা কথাই পতিয়ন যোৱা যায় যে, প্ৰেমৰ পৌৰাণিক কৌশলবোৰ আধুনিক কৌশলতকৈ বেছি ফলপ্ৰসু!

কিছুমান কোড নং আমি নিজে সৃষ্টি কৰিছিলোঁ তেতিয়া, যিবোৰ বুজি পাবলৈ কাৰোৰে তাকত নাছিল৷ পদূলিৰ মুখতে ভৰিৰ বুঢ়া আঙুলিৰে মই যেতিয়া লিখিছিলোঁ AA4BA বুলি তাই তেতিয়াই এনালাইচিচ কৰি উলিয়াই লৈছিল খবৰটো, “আজি আবেলি ৪ বজাত আহিম” বুলি! ফলত ৪ বাজি এক মিনিটো পাৰ হোৱা নাছিল, তাই কিন্তু আহি হাজিৰ হৈ গৈছিল সময়ত!

এইদৰে আমাৰ প্ৰেম কোভিড-১৯ৰ গতিত চলি আছিল৷ আমাৰ দুৰন্ত গতিক ৰুধিবলৈ ভেকচিনেই ওলোৱা নাছিল তেতিয়ালৈকে৷

সেইদিনা বন্ধবাৰ আছিল৷  কেবাদিনো একেৰাহে বৰষুণ দি থকাৰ বাবে আমি ৰাস্তাত একো কোড দিব পৰা নাছিলোঁ৷ দিলেও অলপ পাছত অহা বৰষুণজাকে কোড মচি পেলাইছিল৷ ফলত তিনিদিনমান আমি ইজন সিজনৰ পৰা বিছিন্ন হৈ পাগল হৈ পৰিছিলোঁ৷ এনেদৰে অপেক্ষা কৰোঁতে কৰোঁতে এদিন সুবিধা পাই গৈছিলোঁ, তাইক চিঠি এখন দিবলৈ৷ একেৰাহে বৰষুণ দি থকাৰ বাবে আমাৰ ঘৰৰ অমিতা এজোপা সৰি পৰিছিল৷ গছত বহুতো অমিতা আছিল৷ মায়ে অমিতাবোৰ ছিঙি যাকে তাকে বিলাই দিছিল৷ মোনা এটাত ভৰাই কেইটামান সিহঁতৰ ঘৰলৈ নিবলৈও মোৰ হাতত তুলি দিছিল৷ মোৰ আনন্দৰ পাৰ নোহোৱা হৈছিল৷ দিম দিম বুলি ভাবি থকা চিঠিখন দিবলৈ মন উত্ৰাৱল হৈ পৰিছিল৷ লগে লগে কটাৰী এখন লৈ অমিতা এটা এৰাই দুফাল হ’ব নোৱাৰাকৈ কাটি তাৰ ভিতৰতে চিঠিখন সযত্নে ভৰাই তাইৰ ঘৰ পাইছিলোঁগৈ৷ প্ৰথম মাক ওলাই আহিল৷ মই আহত হ’লোঁ৷ তাৰ পাছতে  ভায়েক আহিল, মই নিহত হ’লোঁ৷ মাকে মোক মোনাত কি আনিছোঁ সুধিছিল৷ মই অমিতা অনাৰ কথা কৈছিলোঁ৷ মাকে মোক বহিবলৈ কৈছিল৷ মই বহা নাছিলোঁ৷ এইবাবেই বহা নাছিলোঁ, কাৰণ মোৰ হাতত এটা বোমা আছিল৷ সন্ত্ৰাসবাদীয়ে কেতিয়াও সঠিক স্থানত স্থাপন কৰিবলৈ অনা বোমাটো আধাবাটতে পুলিচ বা সেনাক দি নিদিয়ে৷ মোৰ ক্ষেত্ৰতো তেনে হ’ল৷ মোনা মোৰ হাততে থাকিল৷ মাকে মোক বহিবলৈ ক’লে৷ মই বহিলোঁ৷ তেনেতে মুখত মিচিকিয়া হাঁহি এটা লৈ তাই ওলাই আহিল৷ বেৰখনৰ ফালে চাই মই মুখৰ ভিতৰতে গুণগুণলোঁ,

“কহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাবটি”৷

‘বৰ ভাল গাইছ’ বুলি মাক ভিতৰলৈ সোমাই গ’ল৷ মোৰ নিচেই কাষলৈ আহি তাই ভুনভুনাই গালে,

“বলিয়া মন, কিয় উচাটন?
কালিৰ সুৰুযে আনিব পুৱাটি!!”

লগে লগে অমিতাৰ পেটত থকা চিঠিখনৰ কথাটো ক’লোঁ মই৷ মোৰ পৰা মোনাখন থাপ মাৰি লৈ তাই ভিতৰ সোমাল৷ মই চকীতে বহি পৰিলোঁ৷

পাঁচ মিনিট গ’ল, তাই নাহিল৷ সাত মিনিট গ’ল, কোনো ওলাই নাহিল৷ দহ মিনিট গ’ল, মোনাত থকা অমিতাৰ বোমাটো ফুটি থাকিল৷

: অমিতাটোৰ ভিতৰৰ পৰা তই এইখন কি কাগজ উলিয়ালি,

বুলি মাকে তাইক পুলিচৰ দৰে জেৰা কৰিব ধৰিলে৷ তাই যিমানে ক’লে যে ‘একো নাই’, সিমানেই মাকে আগতকৈও জোৰত তাইক জেৰা কৰিবলৈ ধৰিলে৷ বাহিৰত মোৰ চকুৰ আগত সৰিয়হৰ ফুল এখিনিয়ে ভাৰত নাট্যম নাচিবলৈ ধৰিলে৷ থকথককৈ মই কঁপিবলৈ ধৰিলোঁ৷ জীয়েকে ভুল স্বীকাৰ নকৰাত এটা সময়ত মাক অতিষ্ঠ হৈ-

“সেই কুকুৰটো ক’ত গ’ল”

বুলি দপদপাই মোৰ ফালে অহাৰ সঠিক উমান যেতিয়া পালোঁ, তেতিয়াই মই দৌৰিবলৈ আৰম্ভ কৰিলোঁ৷ সেই যি দৌৰিলোঁ, একেবাৰে জানটোৰ পাৰৰ জৰীজোপাৰ তল নোপোৱালৈকে সেই গতি অব্যাহত থাকিল৷ সেইদিনা আবেলিলৈ গাঁৱৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ সংবাদদাতা সকলে সেই বাতৰিটো ভাইৰেল কৰি পেলাইছিল৷ মই এমাহলৈ ঘৰতে আত্মগোপন কৰিলোঁ, আৰু তাই বহুদিনৰ বাবে মোমায়েকৰ ঘৰলৈ গুচি গৈছিল৷
☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.