ফটাঢোল

প্ৰথম প্ৰেমৰ জুইকুৰা-নয়নজ্যোতি বৰঠাকুৰ

২০০২ চন, তেতিয়া এইচ এচ ছেকেণ্ড ইয়েৰত। সেইদিনটো আজিও মনত আছে, আবেলিৰ সময় ৩ বাজি গৈছে। যৌৱনৰ চাকনৈয়াত উটি-ভাঁহি ফুৰাৰ সময়। হাতত ক্ৰিকেট বেটখন লৈ খেলপথাৰলৈ বুলি যাবলৈ ৰাস্তাত আগৰেপৰা ৰখাই থোৱা চাইকেলখনত উঠিছোঁ, দেখিলোঁ খুড়াৰ ছোৱালী ৰিবলী বাইদেউৰ লগত এজনী ধুনীয়া ছোৱালী, হালধীয়া চুৰিদাৰ পিন্ধি হাঁহি হাঁহি ৰাস্তাটোৰ সিটো ফালৰপৰা আহি আছে। চাইকেলখনত উঠিবলৈ লৈ থমকি ৰ’লোঁ, কিবা এটা পাহৰাৰ ভাও ধৰি নামি দি এনেই পেণ্টটোকে ঠিক কৰাৰ দৰে কৰিলোঁ। যিমানেই ওচৰ চাপি আহিছে মোৰ বুকুখনত এক অজান শিহৰণ জাগি উঠিছে। যিমানেই ওচৰ পাইছে সিমানেই যেন মোৰ চকু চাট মাৰি ধৰিছে। দেখিলোঁ হালধীয়া চুৰিদাৰযোৰ আৰু আগৰ চুলিখিনি হাইলাইট কৰা, এমোকোৰা হাঁহিৰে যেন সৰগৰ এজনী পৰীহে ধৰাৰ বুকুত খোজ দিছেহি। ভেবা লাগি সেইফালে কিমান সময় চাই থাকিলোঁ গমেই নাপালোঁ। বাইদেৱে মাত দিয়াতহে মোৰ হুঁচ আহিল,

: ঐ, খেলিবলৈ ওলালি নেকি?

: ওঁ, অলপ খেলি আহোঁ।

ধুনীয়া ছোৱালীজনীলৈ আঁৰ চকুৰে চালোঁ, “আহঃ কি ধুনীয়া। সাইলাখ ছবিত দেখা লক্ষী গোঁসানীৰ দৰেই।”

তায়ো মোক খুব ধুনীয়াকৈ চাই হাঁহি আছে। বাইদেৱে ক’লে,

: এই মোৰ মাহীৰ ছোৱালী। ফুৰিবলৈ আহিছে। কেইদিনমান থাকিব।

মই একো ক’বলৈ ভাষা বিচাৰি নাপাই নমস্কাৰ দিলোঁ। প্ৰতিনমস্কাৰো পালোঁ লগে লগে।

এইবাৰ তাই সুধিলে,

: ক’ত খেলিব যোৱা।

বাহঃ  ছোৱালীৰ মাতো ইমান ধুনীয়া। মাতটো পুনৰ শুনিবলৈ মন যোৱাত অন্যমনস্ক হৈ সুধিলোঁ,
: অ’ ফিল্ডলৈ যাওঁ। তোমালোকৰ ঘৰত ভালনে?

: ভালেই।

: কেইদিনমান থাকিবা মানে?

: নাই, একসপ্তাহমান থাকিম চাগে।

: ভাল বাৰু। শিৱসাগৰ ফুৰিবা বাৰ লগত, বহুত চাব লগা ঠাই আছে।

: চাব লাগিব।

তেনেতে বায়ে ক’লে,

: ঐ তয়ো খেলিবলৈ যা,  আমিও যাওঁ। যাবিচোন আমাৰ ঘৰলৈ।

ময়ো,

: হাঁ, অ’ ঠিক আছে,

বুলি ক’লোঁ।

ছোৱালীজনীয়েও ধুনীয়াকৈ হাঁহি মাৰি

: লগ পাম দেই

বুলি কৈ গুচি গ’ল।

মই সিহঁত যোৱাৰফালে চাই থাকিলোঁ। মনতে ভাবিলোঁ, “যদি তাই মোকো ভাল পাই পেলাইছে, তেন্তে তাই এবাৰ হ’লেও ঘূৰি চাব।”

ভগৱানৰ ইচ্ছা আৰু প্ৰসন্নতাৰ বাবেই হয়তো অলপ দূৰ যোৱাৰ পাছতে শিলগুটি এটাত উজুতি খোৱাত ঘূৰি চোৱাত চকুৱে চকুৱে পৰিল। হঠাতে যেন মোৰ শৰীৰৰ মাজেদি জীৱনত প্ৰথমবাৰৰ বাবে ৪৪০ ভল্টৰ কাৰেণ্ট প্ৰৱাহিত হ’ল। এটা হাঁহি মাৰি চাইকেলখনত উঠি খুউব ফূৰ্তিৰে ফিল্ডলৈ যাত্ৰা কৰিলোঁ।

যাওঁতেহে ভাৱিলোঁ, “চেহ, তাইৰ নামটোও সোধা নহ’ল। কি যে আৰু ময়ো!” আকৌ ভাৱিলোঁ, “কোনো কথা নাই, বায়ে মাতিছে যেতিয়া কাইলৈকে যাম। তেতিয়াই বহুত কথা পাতিম আৰু নামটোও সুধি ল’ম।”

কথাবোৰ ভাৱি গৈ থাকোঁতেই খেলপথাৰ পালোঁ। লগৰবোৰে খেল আৰম্ভ কৰিলে। সেইদিনা খেলনো কি খেলিলোঁ নাজানো, ৫ টা কেচ মিছ কৰিলোঁ, বল দি সৰ্বাধিক ৰাণদানকাৰী হিচাপে অভিহিত হ’লোঁ আৰু বেট  ধৰিবলৈ গ’লোঁ ১৫ টামান বল খেলি ৩ ৰাণ কৰি আউট হৈ গুচি আহিলোঁ। ইমানবোৰ নহ’বই কিয়, মনৰ অজান ঠাইডোখৰত সেই হাইলাইট কৰা চুলিখিনি আৰু হালধীয়া চুৰিদাৰেৰে সৈতে শুৱলা মাতৰ সেই ধুনীয়া ছোৱালীজনীয়েই ক্ৰিয়া কৰি আছে। সেইবোৰৰ ওচৰত আজি মোৰ প্ৰিয় খেলো গৌণ, কাৰণ মই নিজেই হৈ আছোঁ মৌন। লগৰগালে খেল শেষ হোৱাৰ পাছত অলপ বকিছিলোঁ কিন্তু সেইদিনা না মোৰ কাণত কথা সোমাইছে, না সিহঁতৰ কথাই মোৰ মনত ক্ৰিয়া কৰাব পাৰিছে। যি কি নহওক, ঘৰলৈ আহি ভৰি, হাত ধুই সন্ধিয়াৰ চাহ খাই কিতাপৰ টেবুলত বহিছোঁ, নাই কিতাপতো মন বহাব পৰা নাই।

জীৱনত প্ৰথম প্ৰেমৰ শিহৰণ বৰ বেয়াকৈয়ে হ’বলৈ ধৰিলে। অনুভৱ কৰিলোঁ কল্পনা বিলাসিতাৰ অন্য ক্ষেত্ৰখনৰ নামেই হৈছে প্ৰেম। কলমটো লৈ তাইৰ মুখখন, তাইৰ জীৱন ভোলোৱা হাঁহিটো মনত পেলাই বহুবাৰ বহীৰ শেষৰ পৃষ্ঠাত আঁকিব চেষ্টা কৰিছোঁ। কিন্তু ভালকৈ বল এটা আঁকিব নোৱাৰা মইটোৱে বাৰু তাইক কেনেকৈ আঁকিব পাৰোঁ! এবাৰ আঁকো তাইক কিন্তু হয়গৈ সুপন্দি টাইপ, আকৌ চেষ্টা কৰোঁ কিন্তু সেইবাৰ হয়গৈ সপোনত দেখা ভূতুনী টাইপ।

“কিন্তু মসৃণ মুখখন, টনা টনা দীঘল চেলাউৰিযোৰ, জোঙা নাকটো, দীঘল হাইলাইট চুলিকোছাৰে সৈতে তাই যেন মোৰ চকুৰ সন্মুখতে বহি আছে, তথাপিতো মই কিয় আঁকিবপৰা নাই!”

বহুত চেষ্টা কৰিও যেতিয়া নোৱাৰিলোঁ, তেতিয়া বুজিব পাৰিলোঁ, “মই দেখোন ছবি চাই আজিলৈকে মানুহৰ মগজুটোকে আঁকিব নোৱাৰিলোঁ, এইটোতো মই মূৰ্খৰ দৰে বহুত টান কাম কৰি আছোঁ। লগে লগে কলম, বহী থৈ টেবুলৰ ড্ৰয়াৰত লুকুৱাই থোৱা বিস্ময় কেইখনমান উলিয়াই পাছফালৰ ফটোবোৰত কিবা এটা এফালৰপৰা চাবলৈ ল’লোঁ। যেতিয়াই শিল্পা চেট্টীৰ সেই সাগৰৰ পাৰত চুলিখিনি মেলি বৰশীৰ আসনত বহি থকা ফটোখন দেখিলোঁ লগে লগে যেন মোৰ হৃদয়ত স্থান লোৱা আজিৰ তাই জনীক দেখা পালোঁ। কিমান দেৰি সেই ফটোখন চাই আছিলোঁ নাজানো কিন্তু দেউতাই পাছফালৰপৰা আহি,

: তই এইবোৰ কি চাই আছ?

বুলি কোৱাত থতমত খাই সেইখন হাতৰপৰা তললৈ পেলাই দিলোঁ।

কিবা এটা বুদ্ধি কৰি, কিবা এটা চাই আছোঁ বুলি কৈ তেওঁকেই ধমক এটা দি দিলোঁ,
: আপুনি তেনেকৈ কিয় হঠাৎ পাছফালৰপৰা মাতি দিছে, ভয় খাই কিবা হৈ গ’লে আপুনি বচাব পাৰিবনে?

বুলি কোৱাৰ লগে লগে তেওঁ যেনিবা ঠাণ্ডা হৈ মুখতে কিবা এটা কৈ কোঠাটো ত্যাগ কৰিলে। লগে লগে বিস্ময়ৰ পৃষ্ঠা লুটিয়াই শিল্পাকেই চাবলৈ লাগিলোঁ। ৰাতি সেইদিনা তাইৰ মুখখন মনত পেলাই কিমান যে ভৱিষ্যতৰ সপোন দেখিলোঁ, সেই কথা মনত পৰিলে আজিও হিয়া-মন তাইৰ কাষলৈ গুচি যায়।

পিছদিনা দেওবাৰ হোৱাৰ সোৱাদতে মই দুপৰীয়া খুড়াৰ ঘৰলৈ গ’লোঁ। বাইদেৱেও মোক দেখি ভিতৰলৈ মাতি কথা পতাত লাগিল। কিন্তু মোৰ চকুৱে বাৰে বাৰে তাইকহে বিচাৰিব ধৰিলে। ধৈৰ্যৰ বান্ধ ছিগি যোৱাৰ উপক্ৰম হৈছিল, তেনেতে কাৰোবাৰ অহাৰ খোজৰ শব্দ কাণত পৰাৰ লগে লগে ঘূৰি চালোঁ, দেখিলোঁ চুলি মেলি মোৰ মনৰ প্ৰেয়সী আহিছে। চুলিকোছা মেলি আহি মোৰ সন্মুখৰ চকীখনত বহি ল’লে তাই।

তাই ক’লে,

: ক’ৰবাত যোৱা নেকি নে ক’ৰবাৰ পৰা আহিলা?

আহঃ  কি সন্দুৰ মাত। পেটে পেটে খঙো উঠিছিল, মনতে ভাবিলোঁ, “আস, কালি দেখিবৰপৰাই মোক শান্তিত থাকিবলৈ দিয়া নাই আৰু আজি তাইকে দেখা কৰিবলৈ আহিছোঁ আৰু কি ওলট-পালট কথা সুধিছে চা।”

যি কি নহওক, খঙটো মনৰ ভিতৰতে ৰাখি এটা হাঁহি মাৰি ক’লোঁ,

: নাই, এনেই ইয়ালৈকে ওলাই আহিছোঁ।”

তাৰ পাছত তাই মোৰ নামটো সুধিলত মই তাইক নামটো ক’লোঁ।

তাইক সুধিলত তাই ক’লে,

: ঘৰত মোক মাইনু বুলি মাতে আৰু সিভাগে….

মই ক’বলৈ সুবিধাই নিদিলোঁ,

:  হ’ব দিয়া সেইটো নামতেই মাতিম। এনেইও পোচাকী নামটো চৰকাৰী কামতহে আহে, মইতো ঘৰুৱা ভাৱেহে ব্যৱহাৰ কৰিম, গতিকে সেইটো নালাগে দিয়া।

: অ’ হয় নেকি? ঠিক আছে বাৰু।

লগে লগে হিয়ামন ভৰি যোৱা সেই মিচিকিয়া হাঁহিটো মাৰি উত্তৰ দিলে।

পুনৰ ৪৪০ ভল্টৰ কাৰেণ্ট যেন মোৰ গাৰ মাজেৰে প্ৰৱাহিত হৈ গ’ল। তাৰপাছত বহুত সময় তাই আৰু বাইদেউৰ লগত কথা পাতিলোঁ, প্ৰায় দুপৰীয়া ১২:৩০ মান বজাত ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি ভাত খাই অলপ জিৰাই লওঁ বুলি বিছনাত পৰিছোঁ কিন্তু কেৱল তাইৰ মুখখনেই চকুত আহি আছে। ‘মাইনু’ বাহঃ  কি সুন্দৰ নাম। মোৰ মনৰ মাজত আজি এটাই নাম মাইনু, মাইনু, মাইনু। বাকী কাৰো নাম মোৰ মূৰত নাই, হয়তো সেই সময়ত মোৰ নামটোও কোনোবাই সোধা হ’লে পাহৰি গৈ মাইনু বুলিয়েই ক’লোঁহেঁতেন। বিছনাত পৰি মাইনুক লৈ ভৱিষ্যতৰ সপোন দেখাত লাগি গ’লোঁ। এইদৰে কেৱল তাইকেই শয়নে-সপোনে দেখিবলৈ ধৰিলোঁ।

দুদিন পাছত টিউচনৰপৰা আহি থাকোঁতে সিহঁতৰ ঘৰৰ সন্মুখতে মাইনুৱে দেখি-

: আজি আহিবাচোন

বুলি খুড়ীৰ আগতে মাতিলে। ময়ো সেইদিনা আকৌ গ’লোঁ, বহুত হাঁহি ফূৰ্তি কৰি কথা পাতিলোঁ।

কথাৰ মাজতে তাই ঘপহকৈ ক’লে,

: মোৰ মানুহজনো তোমাৰ দৰেই ফূৰ্তিৱান হোৱাটোৱেই বিচাৰোঁ।

কথাষাৰ শুনিয়েই মোৰ লাজতে কাণ-মূৰ গৰম উঠি গ’ল। তাই কি ক’ব খুজিছে। তাৰমানে তায়ো লাহে লাহে মোক ভাল পাবলৈ লৈছে। নহ’লেনো মোক খুড়ীৰ আগতে ঘৰলৈ মাতেনে?

ময়ো সুধিলোঁ,

: মোক ইমান ভাল লাগিছেনে?

: তোমাৰ লগত কথা পাতিয়েই মোৰ বহুত ভাল লাগিছে। ইমান জমনি কথা ক’ব পাৰা।

: কিনো জমনি কৰিলোঁ?

: মুখত হাঁহি লৈ ইমান খোলাকৈ কথা পাতিছা। যেন মই তোমাৰ বহুত দিনৰে চিনাকি। তোমাৰ কথা ঘৰলৈ যোৱাৰ পাছতো বৰ মনত পৰিব।

: মোৰো তোমাক ভাল লাগিছে আৰু মোৰো একেই হ’ব মানে তোমালৈ মনত পৰিয়ে থাকিব।

অজানিতে মুখৰপৰা ওলাই গৈছিল।

ভাবিছিলোঁ সেই মূহুৰ্ততে তাইক প্ৰস্তাৱটো দিয়েই দিওঁ নেকি? কিন্তু বহুত চিন্তা কৰি, সেইদিনা নকওঁ বুলি ভাৱিলোঁ। মনৰ ভিতৰতে থিৰাং কৰিলোঁ, তাই যোৱাৰ দিনাই চিঠি এখন লিখি দিম। তেতিয়া তাই বেছি ভাল পাব। সেইদিনা কথাপাতি এনে লাগিল যেন মোৰ কল্পনাবোৰ আজিৰ তাইৰ কথাই প্ৰায় ৮০% নিশ্চিত কৰিলে। সেইদিনাৰপৰা তাইৰ প্ৰতি মোৰ সপোন আৰু বাঢ়িবলৈ ধৰিলে। সপোন সাগৰত উটি-ভাঁহি ফুৰি তাই থকা দিনকেইটাত ময়ো তাইকেই লগ কৰিবলৈ খুড়াৰ ঘৰলৈ যাবলৈ ধৰিলোঁ। যিমানেই কথা পাতিছোঁ সিমানেই যেন তাইৰ প্ৰেমত এৰাব নোৱাৰাকৈ দুয়োটা পৰিছোঁ। সেইদিনা আছিল শনিবাৰ, খুড়াৰ ঘৰলৈ গৈ তাইক লগ কৰিলোঁ। বাইদেৱেও দুপৰীয়া ভাত সিহঁতৰ ঘৰতেই খাবলৈ ক’লে। ভালেই পালোঁ। মাইনুৰ লগত সেইদিনাও বহুত কথা পাতিলোঁ। তায়ো সুধিলে মই কি ভাল পাওঁ, কি বেয়া পাওঁ। ময়ো পাৰ্যমানে তাই সন্তুষ্ট হোৱাকৈ উত্তৰ দিছোঁ।

আহিবৰ সময়ত তাই ক’লে,

: কাইলৈ ১১ টামান বজাত মই যামগৈ। এবাৰ দেখা পালে ভাল পাম।

: ঠিক আছে।

কিন্তু খবৰটো পায়েই বুকুখন বৰ গধুৰ আৰু অকলশৰীয়া অনুভৱ কৰিলোঁ।

তেনেতে তাই ক’লে,

: অহ, তোমাক বস্তু এটা দিবলগা আছিল?

তৎক্ষণাত ময়ো ক’লোঁ,

: মোৰো দিবলগা আছিল, কাইলৈ ময়ো দিম, তুমিও দিবা।

: অহ, হয় নেকি? হ’ব দিয়া তেনেহ’লে।

সেইদিনা ঘৰৰপৰা খেলিবলৈও ওলাই নগ’লোঁ। যিমান পাৰোঁ সিমান মিঠা মিঠা শব্দৰে মাইনুলৈ এখন চিঠি লিখিলোঁ। মাজতে মায়ে গৰম বন্ধত কিহৰ বাবে ইমান পঢ়িছোঁ সুধিছিলে। ময়ো টিউচনত পৰীক্ষা ল’ব বুলি মিছাকৈয়ে ক’লোঁ। সেইদিনা ৰাতিটো তাই কি দিব, তাকেই ভাৱিছোঁ, কল্পনা কৰিছোঁ, “তায়ো মানে মোক ভালপোৱাৰ কথা মই ভবাৰ দৰেই ক’বলৈ ৰৈ আছিল।” গোটেই ৰাতি তাইৰ কথা মাত্ৰ ভাৱিছোঁ, টোপনিটো আহিবলৈও দিয়া নাই ভয়তে কিজানিবা তাই আঁতৰি যায়। সেইদিনা গোটেই ৰাতি উজাগৰে কটালোঁ বুলি ক’লেও বেয়া নহয়।

পিছদিনা, ৯:৩০ মানত খুড়াৰ ঘৰ পালোঁগৈ। বাইদেৱে ক’লে,

: তই ব’হচোন, আমি ভাতকেইটা খাই লওঁ।

খুড়ীয়ে মোক চাহ দি গ’ল। মই চাহ খাই থাকোঁতেই মাইনু মোৰ ওচৰলৈ আহিল। হাতত এখন ধুনীয়া কাৰ্ড। কাৰ্ডখন আগবঢ়াই মাইনুৱে ক’লে,

: এইখন লোৱা, তোমাক স্পেছিয়েলী মাতিছোঁ। এনেয়ো তোমালোকৰ ঘৰত পৰহি আবেলি মাতি আহিছোঁ। আৰু বিয়াত দেখা পাব লাগিব। বহুত কথা পাতিম আমি। আৰু আগদিনাই যাবা, ফূৰ্তি কৰিব লাগিব।

প্ৰথমতে আশাত চেঁচাপানী পৰাত মনটো সেমেকি গৈছিল কিন্তু তাইৰ কথাত অনুভৱ কৰিলোঁ সেইখন নিশ্চয় তাইৰ বায়েকৰ বিয়াৰ নিমন্ত্ৰণ। ময়ো ঠিক আছে বুলি কৈ তাইক ৩ দিনৰ আগতেই যাম বুলি ক’লোঁ।

ময়ো সুবিধাটো পাই মোৰ চিঠিখন দি ক’লোঁ,

: এইখন লোৱা আৰু একেবাৰে ঘৰতহে চাবাগৈ।

তাইৰপৰা বিদায় লৈ ঘৰলৈ আহি কাৰ্ডখনত তাইৰ নামটো কেনেবাকৈ আছে নেকি ভয়তে এনভ’লপটো খুলিবলৈ লৈ হাতখন কঁপি উঠিছিল। কিন্তু মনটো ডাঠ কৰি চাবলৈ লৈ দেখিলোঁ, “Gitarthi with Abhi” মনটো ভাল লাগি গ’ল, আনন্দতে জঁপিয়াই দিলোঁ ৰূমত, “হওক তেও মাইনুৰ বুলি এনেই ভয় খাই আছিলোঁ।”  বিয়াৰ দিনটো চালোঁ আৰু দুমাহ আছে ।

আবেলি খুড়াৰ ঘৰলৈ পুনৰ গ’লোঁ, বাইদেৱে ক’লে,

: এইয়ো গ’ল এতিয়া ঘৰখন বৰ খালী খালী লাগিছে।

ময়ো শলাগ ল’লোঁ আৰু বাইদেউক ক’লোঁ,

: অ’ বা, মাইনুৰ বায়েকৰ নামটো বৰ ধুনীয়া দেই।

এইবাৰ বায়ে আচৰিত হৈ ক’লে,
: মাইনুৰ বায়েকৰ নাম?

: অ’।

: তই ক’ত পালি?

: বিয়াৰ কাৰ্ডখনত আকৌ। মোক কাৰ্ড এখন দি গৈছে নহয় পাহৰোঁ বুলি!

: অ’ হয় নেকি! কি নামনো বাৰু?

বাইদেউৰ কথাত খং উঠি গৈছিল, জানিও নজনা এক্টিং কৰা দেখি। কিন্তু খং কৰিলে যে মাইনুৰ বায়েকৰ বিয়াত যোৱাই মুদা মৰিব, সেইকাৰণে খং নামৰ চণ্ডালটোক দমন কৰি ক’লোঁ,

: গীতাৰ্থী।

এইবাৰ বাইদেৱে যিহে ঢেকঢেকাই হাঁহি দিলে ভয় নোখোৱা মানুহেও ভয় খাই যাব। হাঁহি হাঁহিয়ে ক’লে,

: হেৰৌ মাইনুৰে ভাল নামটো গীতাৰ্থী। তাইৰ বায়েক নাই নহয়। ঘৰৰ তায়েই ডাঙৰ।………

আৰু কি কৈছিল মোৰ শুনাৰ ধৈৰ্য্য নহ’ল।

বজ্ৰপাত পৰা হ’লেও হয়তো ইমান জঠৰ নহ’লোঁহেঁতেন, বাইদেউৰ কথাষাৰে মোক শিলপৰা কপৌলৈ পৰ্যৱসিত কৰিলে। মই কি ক’লোঁ, কেনেকৈ ঘৰ পালোঁহি নাজানো।

আহিয়েই কাৰ্ডখন পুনৰ এবাৰ চাই মনতে ভাৱিলোঁ, প্ৰেম যেতিয়া ফাটিলেই এইখনকে জ্বলাই শান্তি লওঁ। চিনেমাৰ ভিলেইনৰ ষ্টাইলত কাৰ্ডখন টুকুৰা-টুকুৰে ফালি পেলালোঁ আৰু মায়ে ধান বঢ়াই থকা সেই জুইকুৰাত সেইখন সুমুৱাই দিলোঁগৈ, কাৰ্ডখন দাওদাওকৈ জ্বলি উঠিল। কিছু সময় সেই প্ৰথম প্ৰেমৰ চিতাখনকে চাই থাকিলোঁ, জ্বলি শেষ নোহোৱালৈকে  আৰু মনৰ মাজত থকা প্ৰথম প্ৰেমৰ সেই জুইকুৰাও জ্বলি জ্বলি কাৰ্ডৰ লগতে ছাঁই হৈ গ’ল

☆ ★ ☆ ★ ☆

7 Comments

  • Pranita Goswami

    সেইবাবে আধা কথা শুনিব নালাগে। নাম-ধাম সৱ আঁতি-গুৰি লৈ ল’ব লাগে।
    ৪৪০ ফল্টৰ ৰিয়েকছনৰ এনে পৰিনতি—উফঃ।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    হাঃ হাঃ নয়ন দা, বেচেৰা দুখ লাগি গʼল 😂

    Reply
  • হেমন্ত কাকতি

    বৰ দুখভৰি দাস্তান হে৷ হিয়া ভাঙি চুৰমাৰ হৈ গৈল হে৷ মজা লাগিল লেখাটো নয়ন৷

    Reply
  • জিতু

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.