ফটাঢোল

প্ৰথম প্ৰেম – স্মৃতিৰেখা দাস

প্ৰথমতেই কৈ থওঁ‌ যি ক’ম সঁচা ক’ম, সঁচাৰ বাহিৰে একো নক’ম। সেয়া প্ৰেমক প্ৰথম প্ৰেমে বুলিবয়ে পাৰি, যদিও আজিলৈ বিভিন্ন সময়ত বিভিন্নজনৰ প্ৰেমত পৰি আহিছোঁ। সেয়া লাগে হৃত্বিকে হওক, সনু নিগমে হওক বা চলমান খানে হওক।

মোৰ বয়স তেতিয়া ১৩/১৪ বছৰমান হ’ব চাগে, ঠিক মনত নাই। মামাহঁতৰ ঘৰ ওদালগুৰি জিলাৰ হৰিশিঙাত। অষ্টম শ্ৰেণীৰ পৰীক্ষা দি উঠাৰ পিছত মামাহঁতৰ ঘৰলৈ গৈছিলোঁ। কেইদিনমানৰ পিছত মাজু মামায়ে ঘৰলৈ থ’বলৈ আহিল। ৰাতিপুৱা গা-পা ধুই, খাই বৈ ষ্টেচনলৈ আহিলোঁ। যথা সময়ত ট্ৰেইনত উঠি আহি আছোঁ, এনেতে সম্মুখৰ চীটত এজন ল’ৰা বহিল। তাৰ কথাত বুজি পালোঁ ল’ৰাজন বঙালী। ১৭/১৮ বছৰ মানৰ, বেছ স্মাৰ্ট, মিঠা গাৰ ৰং, চকু দুটা দীঘল দীঘল,,,(উফফ! ইমানখিনি মনত নাই দেই।) মামাৰ লগতো বহুত কথা পাতিলে। মাজে মাজে দুয়োৰে চকু চকুৱে পৰি থাকিল, মিচিক-মাচাক হাঁহি চলি থাকিল। শেষত মামাই বাহিৰলৈ কিবা আনিবলৈ যোৱাত মোৰ ফোন নম্বৰটোৰ লগতে ঘৰৰ এড্ৰেচটো এটুকুৰা কাগজত লিখি দিবলৈ দিলে, ময়ো তাৰ পকেটৰ পৰা যোগান ধৰা কাগজ কলমেৰে মোৰ নম্বৰ আৰু এড্ৰেচটো আগ গুৰি নভবাকৈ লিখি দিলোঁ, লগতে তাৰটোও ল’লোঁ। এড্ৰেচৰ ফালে চকু ফুৰাই জানিলোঁ তাৰ ঘৰ তুফানগঞ্জ, পশ্চিমবংগত।

পিচে কথাটোত অলপ কেনা লাগিল। তেতিয়ালৈ ঘৰৰ পিনে লেণ্ডলাইন ফোনৰ সুবিধা আহি পোৱা নাছিল। ইফালে নম্বৰ এটা নিদিলেও মনে নামানে। কেইমাহমান আগতে গুৱাহাটীত থকা খুৰাই ফোন লৈছিল সেয়ে নম্বৰটো মনত কৰি সেইটোকে লিখি দিলোঁ। (ফোন নাই বুলি ক’ম নে কিবা! নিজৰ ৰেপুটেচনৰ কথা আছেতো)।

এনেদৰে যাত্ৰাৰ অন্তত সকলোৱে বাই বাই দি ঘৰাঘৰি হ’লোঁ। মনটোত অলপ গধুৰ ভাব লৈ ঘৰ পালোঁ। দুদিন পিছত সকলো পাহৰিলোঁ। পিছে এদিন দেউতাৰ হাতত দি গ’ল নহয় পিয়নজনে চিঠি এখন। চিঠিৰ পিছফালে তুফানগঞ্জৰ ঠিকনা। কথা বিষম দেখি ক’ত লুকাওঁ ভাবি থাকোঁতে দেউতাই প্ৰশ্নবাণ এৰা আৰম্ভ কৰি দিলে। এনেয়ে ৰাস্তাত লগ পোৱা বন্ধু বুলি কৈ চিঠিখন হাত কৰিলোঁ। পঢ়ি চালোঁ, একদম প্ৰেম পত্ৰ টাইপ, মাজে মাজে আঁহতৰ পাত আঁকিছে। উফফফফ! মনটো কিবা কিবা লাগি গ’ল। শেষত দেখিলোঁ বেচেৰাই বৰ দুখত লিখিছে……”তুমি দিয়া নম্বৰে একটু ভুল ছিলোঁ।” বাকীখিনি মনত নাথাকিল কি লিখিছিল।

এতিয়াও তাৰ সেই কথাষাৰ মনত পৰিলে হাঁহি উঠে। বেচেৰাই কিমানবাৰ বা চেষ্টা কৰিছিল ফোন লগাবলৈ। আচলতে লেণ্ডলাইনৰ জিলাৰ কোড নম্বৰটো দিয়ায়ে নহ’ল, সি চাগে বৰপেটা জিলাৰ কোড নম্বৰেৰে ফোন লগাই আছিল।

ৰিপ্লাই-চিপ্লাই দি চিঠি দিবলৈ সাহস নহ’ল, সেয়ে সেই প্ৰেম তাতেই কলিতে মৰহি গ’ল। যি নহওক, কেতিয়াবা ভাবোঁ কোচবিহাৰ গ’লে তাক বিচাৰি মোৰ মোবাইল নম্বৰটো দি থৈ আহিম। আৰু এইবাৰ শুদ্ধ কৰিয়ে দিম। তাক নাপালেও তাৰ ল’ৰা-ছোৱালীৰ হাততে দি আহিম গৈ।

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    ইচ ইচ। ৰেলৱে প্ৰেম পূৰা মানে ন বা।

    Reply
  • AURAVINDA GOSWAMI

    কৃষ্ণ ! প্ৰথম প্ৰেম, বাঙালী যুৱক, থাকে তুফানগঞ্জ নে হাৱাগঞ্জত, নিজে পঢ়িছিল ক্লাছ এইটত……আকৌ এতিয়া গ’লে ল’ৰা-ছোৱালীক পত্ৰ দি আহিব…..এয়াই আচল প্ৰেম দেই।কবুতৰ এটাকে পঠাই দিবা নহলে ,গানটোও গাই দিবা কবুতৰ যা যা…ওচকে বেটেক’ দে আ আ…😂

    ভাল লাগিল।ব্যতিক্ৰম।

    Reply

Leave a Reply

Your email address will not be published.